মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সন্তানৰ সুস্থ বিকাশত শাসনৰ প্ৰয়োজন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সন্তানৰ সুস্থ বিকাশত শাসনৰ প্ৰয়োজন

সন্তানৰ সুস্থ বিকাশত শাসনৰ প্ৰয়োজনৰ বিষয়ে লিখা হৈছে ।

 

আপুনি কাপোনাৰ সন্তানক কিদৰে ডাঙৰ-দীঘল কৰিছে বা প্ৰতিপালন কৰিছে? আপুনি জানেনে- আপোনাৰ সন্তানৰ ব্যৱহাৰেই আপোনাৰ সন্তান পালনৰ পৰিচয়?

হয়, আপুনি আপোনাৰ সন্তানক কটকটীয়া শাসন কৰিছিল, নে মৰম আৰু শাসনৰ মাজেৰে প্ৰতিপালন কৰিছিল, নে অতিপাত মৰমত সন্তানে কৰা ভুলসমূহ ঢাকিবলৈ চেষ্টা কৰিছিল, আপোনাৰ সন্তানক অলপো গুৰুত্ব দিয়া নাছিল, তাৰ পৰিচয় আপোনাৰ শিশুটিৰ ব্যক্তিত্ব আৰু স্বভাৱে দাঙি ধৰে। আৰু ইয়াৰ বিষয়ে মনোবিজ্ঞানৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰি।

মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান। বিজ্ঞানৰ দৰে ই সত্য আৰু গৱেষণাৰ ওপৰত নিৰ্ধাৰিত। ইয়াৰ দ্বাৰা মানুহৰ বিচাৰ, বিবেচনা আৰু মনে নিৰ্ধাৰিত কৰা ব্যৱহাৰৰ প্ৰতি জ্ঞান লাভ কৰিব পাৰি।

মাত্ৰ এয়া নহয়, মানুহৰ মগজুৰ বিভিন্ন অংশৰ গঠন, কৰ্ম আৰু তাৰ ফলত হোৱা মানৱ ব্যৱহাৰৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয়। সৰুৰে পৰা মাৰ মুখত শুনি আহিছো যে, চেকনিৰ আগত বিদ্যা। কথাষাৰ কিমানদূৰ সত্য বুজি পোৱা নাছিলো।

অলপ ডাঙৰ হোৱাত দেউতাই কৈছিল যে, ঘৰুৱা পৰিৱেশে ল’ৰা-ছোৱালীৰ অভ্যাস গঠন কৰে। তেতিয়াও সেই কথাষাৰ বুজি পোৱা নাছিল। কিন্তু এতিয়া মনোবিজ্ঞান অধ্যয়ন আৰু জীৱনৰ অভিজ্ঞতাই সেই সকলোবোৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে।

পিতৃ-মাতৃৰ শাসন আৰু ঘৰুৱা পৰিবেশে এজন মানুহৰ স্বভাৱ গঠন কৰে। এগৰাকী মাতৃ বা পিতৃয়ে নিজৰ ল’ৰাটো বা ছোৱালীজনীক অলপ গালি পৰা বা চেকনিৰে কোবোৱাটো আসুৰিক বা অৱহেলাৰ পৰিচয় নহয়, বৰঞ্চ নিজৰ ল’ৰাটো বা ছোৱালীজনীক শুদ্ধ পথে পৰিচালিত কৰা এক ক্ষুদ্ৰ প্ৰচেষ্টাহে।

মনোবিজ্ঞানত Baumrindয়ে চাৰি ধৰণৰ সন্তান প্ৰতিপালনৰ বিষয়ে কৈছে। প্ৰথমটো হৈছে, Authoritative Parenting Style যি সৰ্বসন্মতক্ৰমে গৃহীত। ওপৰত উল্লেখ কৰা উদাহৰণটিক এই ধৰণৰ প্ৰতিপালন বুলি কোৱা হয়।

এগৰাকী মাতৃয়ে নিজৰ জন্ম দিয়া সন্তানক এছাট মাৰিবলৈ নিজকে হাজাৰবাৰ মাৰিব লগা হয়। কিন্তু সেই সন্তানেহে নিজৰ ভুল শুধৰাই জীৱন সংগ্ৰামত জয়যুক্ত হোৱাৰ হাঁহি মাৰে আৰু সেইগৰাকী মাতৃক গৌৰৱান্বিত কৰে। এনে পিতৃ-মাতৃয়ে শাস্ন কৰাৰ লগতে মৰমো কৰে।

যাৰ ফলত সন্তানে বেয় কাম কৰিবলৈ ভয় কৰে, মাক-দেউতাকৰ সন্মানৰ কথা চিন্তা কৰে আৰু তাৰ লগতেগ মাক-দেউতাকৰ লগত ঘনিষ্ঠ আৰু ভাল সম্পৰ্কৰ সৃষ্টি কৰে।

তেনে সন্তানৰ বিকাশ হোৱাৰ লগতে বুজিও পায় যে, তেওঁৰ বিকাশৰ বাবেই তেওঁৰ পিতৃ-মাতৃয়ে সেই শাসন কৰিছে।

সেইবুলি শাসন বুলি কোৱাত ইয়াৰ কঠোৰ শাসন বুজোৱা হোৱা নাই। কিছুসংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানক বাটৰ কুকুৰৰ দৰে মাৰ-পিট কৰে আৰু সন্তানটিৰ প্ৰত্যেকটো সিদ্ধান্ত মাক-দেউতকৰ ইচ্ছাসাপেক্ষে হয়।

তেনে পিতৃ-মাতৃয়ে সন্তানৰ দৃষ্টিভংগীৰে সন্তানৰ আৱশ্যকতাৰ বিষয়ে বুজি নাপায় যাৰ ফলত সন্তানটিৰ বিকাশত বাধা ওপজে। এনে সন্তানৰ পিতৃ-মাতৃৰ প্ৰতি খং আৰু ভয় হোৱাত জীৱনৰ সিদ্ধান্তবোৰ বা আৱশ্যকতাবোৰ সম্পন্ন কৰিবলৈ নোৱাৰে।

এনে শাসনক ‘Authoritarian Parenting Style’ বুলি কোৱা হয়। এনে শাসনে পাচলৈ বিভিন্ন ব্যক্তিত্ব ৰোগত ধৰা দিব পাৰে, যেনে-

*Dependent Personality Disorder,

*Obsessive Compulsive Personality Deisorder আদি।

এনে শাসন সাধাৰণতে ছোৱালী বা মহিলাক বেছিকৈ কৰা দেখা যায়।

আন এক প্ৰতিপালন আছে য’ত পিতৃ-মাতৃয়ে অতিপাত মৰমত সন্তানক অলপো শাসন নকৰে। এনে প্ৰতিপালন আমাৰ সমাজত ল’ৰা বা এটা বা একমাত্ৰ সন্তানক কৰা দেখা যায়।

এনে প্ৰতিপালনত মাতৃ এগৰাকীয়ে নিজৰ সন্তানক শাসন কৰোতে নিজে পোৱা আঘাতলৈ ভয় কৰাৰ ফলত বা সন্তানটিয়ে বেয়া পোৱাৰ ফলত কেতিয়াও সন্তানটিয়ে ভুল কৰাত টানকৈ কথা এষাৰ নকয় বা শাসন নকৰে।

ফলত সন্তানটিৰ এনে বিশ্বাসত ডাঙৰ হয় যে, তেওঁ লাগিলে যিমানেই ভুল নকৰক কিয়, কোনেও তেওঁক একো কৰিব নোৱাৰে কিয়নো তেওঁৰ পিতৃ-মাতৃয়ে সদায় তেওঁৰ হৈ মাত মাতিব।

আৰু প্ৰতি সঘনে দেখা যায় যে, এনে সন্তানে ডাঙৰ হৈ ভুল বা বেয়া কৰ্মত লিপ্ত হয়, মানসিক বিকাশত বাধা ঘটে আৰু অৱশেষত সন্তানৰ তেনে কুকৰ্মত পিতৃ-মাতৃ লজ্জিত হয়। এনে প্ৰতিপালনক Permissive Parenting Style বুলি কোৱা হয়।

আন এক প্ৰকাৰৰ প্ৰতিপালন আছে য’ত পিতৃ-মাতৃয়ে সন্তানক অৱহেলা কৰে বা গুৰুত্ব নিদিয়ে। এনে ধৰণৰ প্ৰতিপালন বিশেষকৈ ল’ৰা সন্তান সম্ভৱা ঘৰত ছোৱালী উপজিলে কৰা দেখা যায়।

এনে সন্তানে নিজৰ পিতৃ-মাতৃৰ মৰম আৰু ঘনিষ্ঠতাৰ পৰা বঞ্চিত হোৱাৰ ফলত অনুভৱ ক্ষমতা কম হয়। আৰু হয়তো আন বহুতো পাৰিবাৰিক সমস্যাৰ সন্মুখীন হয়।

এনে প্ৰতিপালনক Neglecful Parenting Style অথবা Uninvolved Parenting Style বুলি কোৱা হয়।

এনে পিতৃ-মাতৃয়ে নিজৰ সন্তানক খোৱা-বোৱা দিয়ে যদিও প্ৰতিপালনত কোনো সহায় আগবঢ়ায় আৰু জীৱনৰ সিদ্ধান্ত লোৱাত সহায় নকৰে। ফলস্বৰূপে সন্তানৰ হিত আৰু অহিত চিন্তা কৰিব পৰা ক্ষমতা কম হয়।

আপোনাৰ সন্তানেই হৈছে আপোনাৰ পৰিচয় আৰু ভৱিষ্যৎ, আপোনাৰ প্ৰকৃত সম্পদ। আপোনাৰ সন্তানক ভালদৰে গঢ় দিলেহে এজন দায়িত্বশীল ভালদৰে গঢ় দিলেহে এজন দায়িত্বশীল নাগৰিক হ’ব। সেয়েহে, পিতৃ-মাতৃসকললৈ মোৰ এই বিনম্ৰ অনুৰোধ যে, আপোনাৰ সন্তানৰ প্ৰতিপালন Authoritative Parenting Style ৰ দ্বাৰা কৰক, সন্তানক মৰম কৰক আৰু ভুল কৰাত শাসন কৰক।

এই এক্বিংশ শতিকাত ল’ৰা-ছোৱালীৰ মাজত ভেদ বিচাৰ নকৰি সকলো সন্তানক ভুলপথে বিচলিত হোৱাৰ পৰা ৰক্ষা কৰক আৰু দেশখনক আগুৱাই নিয়াত সহায় কৰক।

লেখিকা: শতৰূপা ডেকা(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top