মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সৌন্দৰ্য চৰ্চা আৰু বিকল্প চিকিৎসা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য চৰ্চা আৰু বিকল্প চিকিৎসা:

 

চুলিৰ গঠন:

 

সৌন্দৰ্যৰ বাবে ছালৰ যেনেদৰে যত্ন ল’ব লাগে, ঠিক তেনেদৰে চুলিৰো যত্ন লোৱা উচিত। অন্যথা চুলিৰ নানা ধৰণৰ সমস্যা হ’ব পাৰে। প্ৰথমেই আমি চুলিৰ গঠন সম্পৰ্কে আলোচনা কৰি লওঁ। চুলি হ’ল ‘কেৰাটিন’ নামৰ এবিধ প্ৰ’টিন পদাৰ্থ। আমি দেখা চুলিখিনি মূৰৰ ছালৰ তলৰ অংশত থকা ফলিকলবোৰৰ পৰা বৃদ্ধি হৈ ওলায়। ফলিকলবোৰত তৈলগ্ৰন্থি বা চেবাচিয়াছ গ্ৰন্থি থাকে, যিয়ে চুলিক শুকান হোৱাৰ পৰা ৰক্ষা কৰে আৰু চুলি মিহি, উজ্জ্বল কৰে।

যিসকলৰ চুলিৰ আকাৰ ঘূৰণীয়া হয় সেই চুলিবোৰ পোন হয়। যাৰ চুলিৰ আকাৰ চেপেটা ধৰণৰ হয় সেই চুলিবোৰ কেঁকোৰা বা পাক খোৱা হয় আৰু যদিহে চুলিৰ আকাৰ ঘূৰণীয়া আৰু চেপেটাৰ মাজত হয় তেন্তে সেই চুলিবোৰ সামান্য ভাঁজ থকা হয়।

চুলিৰ ৰঙো ছালৰ নিচিনাকৈ মেলানিনৰ বাবে হয়। যদিহে মেলানিনৰ পৰিমাণ বেছি হয়, তেন্তে চুলি ক’লা ৰঙৰ হয় আৰু মেলানিন নাথাকিলে বগা ৰঙৰ হয়। চুলিৰ গাত কিছুমান সৰু সৰু বিন্ধা থাকে, যাৰ বাবে চুলিত ৰং কৰিলে ৰঙীন হয়। সেয়েহে ক্ষতিকাৰক ৰঙীন সামগ্ৰী চুলিত ব্যৱহাৰ কৰিলে চুলিৰ গঠনত ক্ষতি কৰিব পাৰে।

চুলিৰ ফলিকল অংশত ৰক্ত সঞ্চালন হয় আৰু ইয়াৰ দ্বাৰাই চুলিৰ পোষণ হয়। সেয়েহে ৰক্ত সঞ্চালন আৰু খদ্যৰ ওপৰতো চুলিৰ গঠন বা সুস্বাস্থ্য নিৰ্ভৰ কৰে। ঠিক সেইদৰে মানসিক অৱসাদ বা চিন্তায়ো চুলিৰ বৃদ্ধি আৰু গঠনত বাধা দিব পাৰে।

চুলিৰ তৈলাক্ত গুণৰ ওপৰত নিৰ্ভৰ কৰি চুলিক দুই ভাগত ভগোৱা হয়। শুকান চুলি আৰু তৈলাক্ত চুলি।

শুকান চুলিৰ পৰিচৰ্যা:

 

শুকান চুলিত তেলজাতীয় সামগ্ৰী কম থাকে বাবে ইয়াক শুকান আৰু অস্বাস্থ্যকৰ যেন দেখা যায়। ইয়াৰ বাবে এনে চুলিক পোষণ আৰু যত্নৰ দৰকাৰ হয়। এনেধৰণৰ চুলিৰ বাবে ব্যৱহাৰ কৰা শ্বেম্পুত বা তেলত পোষণৰ বাবে বিভিন্ন বনৌষধি, যেনে- আমলখি, বাদাম, এলমণ্ড, কণী আদি থকা উচিত। তদুপৰি তৈলাক্ত কৰি ৰাখিবৰ বাবে ভেচলিন, লেম’নিন আদি থকা উচিত। চুলিত বনৌষধিযুক্ত কণ্ডিচনাৰ ব্যৱহাৰ কৰা উচিত। সামান্য গৰম তেল, বিশেষকৈ অলিভ তেলেৰে মালিচ কৰিলে এনে চুলিৰ বাবে অত্যন্ত লাভদায়ক। মাজে মাজে ভাপ স্প্ৰে’ কৰিবও পাৰি। ইয়ে চুলি আৰু মূৰৰ ওপৰৰ ছালৰ ৰন্ধ্ৰবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে।

যদিহে চুলিবোৰ অত্যন্ত শুকান হয় তেন্তে ভাপ স্প্ৰে’ কৰাৰ আগতে চুলিত অলপ তেল সানিলে ভাল হয়। চুলি শ্বেম্পু কৰাৰ সময়ত হাতেৰে ভালদৰে মালিচ কৰি ল’ব লাগে। ঠিক সেইদৰে চুলিত তেল সানোতেও মালিচ কৰিব লাগে। মালিচ কৰিলে চুলিৰ গুৰিবোৰ পৰিষ্কাৰ হয় আৰু ৰক্ত সঞ্চালন বৃদ্ধি হয়।

দিনত কমেও চাৰি-পাঁচবাৰ চুলি ফণিয়াব লাগে। ফণিয়ালে চুলিৰ গুৰিত থকা তৈলগ্ৰন্থিবোৰ উত্তেজিত হয় আৰু ইয়ে চুলি তৈলাক্ত হোৱাত সহায় কৰে। উন্নত মানৰ হেয়াৰ ব্ৰাছ ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত।

শুকান চুলিত তিনিটামান পকা কলৰ লগত মৌ মিহলি কৰি সানিলে ভাল ফল পাব পাৰি।

তৈলাক্ত চুলিৰ পৰিচৰ্যা:

 

তৈলাক্ত চুলিৰ যতন লোৱা পদ্ধতি শুকান চুলিতকৈ পৃথক। তৈলাক্ত চুলিবোৰ বেছিকৈ ফণিওৱা ভাল নহয়। এনে কৰিলে তৈল গ্ৰন্থিবোৰ উত্তেজিত হৈ বেছি তৈলাক্ত হোৱাৰ সম্ভাৱনা থাকে।

তৈলাক্ত চুলিবোৰ সপ্তাহত কমেও তিনিবাৰ শ্বেম্পুৰে ধুব লাগে। নহ’লে ধূলি-মাকতি লাগি চুলিৰ ওপৰ আৰু গুৰি অংশ লেতেৰা হ’ব পাৰে। ইয়াৰ বাবে চৰ্ম ৰন্ধ্ৰ আৰু চুলিৰ ৰন্ধ্ৰবোৰ্ বন্ধ হৈ যায় আৰু চুলি সৰিবলৈ আৰম্ভ কৰে। পুৰুষৰ ক্ষেত্ৰত ই চুলি সৰাৰ অন্যতম কাৰণ।

চুলিৰ সমস্যা:

 

উফি:

চুলিত হোৱা সমস্যাৰ ভিতৰত এক অন্যতম সমস্যা হ’ল উফি। এই সমস্যা হ’লে মূৰৰ খজুৱতি হয় আৰু মৃত ছালবোৰ উৰি যায়। ইয়াৰ মূল কাৰণবোৰৰ ভিতৰত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণ অন্যতম। কম পৰিমাণৰ উফি হ’লে প্ৰায়ে বিশেষ চিকিৎসা লোৱা নহয়, কিন্তু ইয়ে পিছত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ বাবে চুলি সৰে আৰু খজুৱতি হয়। উফি সমস্যাৰ স্থায়ীভাৱে নিবাৰণৰ বাবে নিয়মিত চুলিৰ যতন অতি আৱশ্যক।

বনৌষধি চিকিৎসাত জেতুকা, চিকাকাই, ৰিথা আৰু আমলখি আদি অতি লাভদায়ক। উফি অতি বেছি হ’লে চেলেনিয়াম ছালফাইড লোচন কিছুদিনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে সৌন্দৰ্য বিশেষজ্ঞ বা চৰ্মৰোগৰ বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন।

উফি থাকিলে নাৰিকল তেল বা অলিভ তেল সামান্য গৰম কৰি মূৰত মালিচ কৰিব লাগে। এনে মালিচ ৰাতিপুৱালৈ ভালদৰে ধুই পেলালে ভাল। শ্বেম্পুৰে ধোৱাৰ আগতে অলপ নেমুৰ ৰস ঘঁহিলে ভাল। এই চিকিৎসাটো সপ্তাহত এবাৰ কৰিব লাগে।

চুলিত সপ্তাহত এবাৰকৈ বনৌষধিযুক্ত জেতুকা লগাব লাগে। এনে হেনাত আমলখি, ৰিখা, চিকাকাই আদি মিশ্ৰণ হৈ থাকে। চুলিৰ উফি সমস্যাৰ স্থায়ী সমাধানৰ বাবে ফণী, টাৱেল, গাৰুৰ ক’ভাৰ, বিছনা চাদৰ, টুপী আদিও নিয়মিত পৰিষ্কাৰ কৰা দৰকাৰ। অন্যথা এইবোৰৰ পৰা পুনঃসংক্ৰমণৰ ভয় থাকে।

উফিৰ বাবে ছালৰ সমস্যাও হয়। যেনে- শালমইনা, খজুৱতি আদি।

চুলি সৰা:

চুলি সৰা এটা মানুহৰ খুব বেছিকৈ দেখা পোৱা সমস্যা আৰু ই ক্ৰমে বেছিকৈ বৃদ্ধি হোৱা দেখা গৈছে। চুলি সৰি তপা হোৱাটো এজন মানুহৰ সৌন্দৰ্যৰ এক বৃহৎ ক্ষতি। ইয়ে মানুহজনৰ মানসিক অশান্তিৰ কাৰণো হ’ব পাৰে। সৌন্দৰ্যৰ বাবে ছালৰ লগতে চুলিৰো ভূমিকা অপৰিহাৰ্য।

চুলি সৰাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত উফি, বদহজম, গেছট্ৰাইটিছ, কোষ্ঠকাঠিন্য, মানসিক অশান্তি, চুলিৰ পৰিষ্কাৰহীনতা, ওকণী আদিয়েই প্ৰধান। কেতিয়াবা পুষ্টিহীনতাৰ বাবেও চুলি সৰে।

সেয়েহে চুলিসৰা ৰোগৰ আৰম্ভণি হ’লে চুলি বিশেষজ্ঞৰ লগত আলোচনা কৰি তাৰ মূল কাৰণ নিৰ্ণয় কৰি চিকিৎসা কৰিব লাগে। বজাৰৰ পৰা যিকোনো তেল বা শ্বেম্পু আদি লগাব নালাগে।

মানুহৰ মূৰৰ চুলি যিমানল সৰে ঠিক তেনেকৈ গজেও। কিন্তু সৰাৰ পৰিমাণ অধিক হ’লেহে ইয়াক ৰোগ বুলি ভাবিব লাগে। বংশগত কাৰণত পুৰুষৰ ক্ষেত্ৰতো চুলি সৰে। যেনে- যদিহে দেউতাকৰ চুলি কম, তেন্তে সন্তানৰ ক্ষেত্ৰতো চুলি কম বা চুলি সৰিব পাৰে।

মহিলাসকলৰ গৰ্ভাৱস্থাত আৰু প্ৰসৱৰ পিছত নাইবা ৰজোঃনিবৃত্তিৰ সময়ত হৰম’নৰ তাৰতম্যৰ বাবে চুলি সৰিব পাৰে। কিন্তু ই সাময়িক। দৈনন্দিন ব্যৱহাৰ কৰা পানীত বেছিকৈ আয়ৰন থাকিলে বা লেতেৰা হ’লেও চুলি সৰিব পাৰে। কেতিয়াবা তালু অংশত ভেঁকুৰ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ হ’লেও চুলি সৰিব পাৰে।

চুলি সৰাৰ বহু প্ৰকাৰ আছে। কেতিয়াবা গোটেই মূৰৰ পৰা চুলি সৰে, কেতিয়াবা কপালৰ ওচৰৰ অংশৰ পৰা চুলি সৰে। কেতিয়াবা আকৌ মাজৰ কোনো কোনো অংশৰ পৰা চুলি সৰা আৰম্ভ হয়। ইয়াক চুলিত টাক পৰা বুলি কোৱা হয়। কাৰণ যিয়েই নহওক চুলি সৰা ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাতকৈ বনৌষধিৰ দ্বাৰা চুলিৰ চিকিৎসা অতি ফলপ্ৰসূ হয়। চুলি সৰাৰ কাৰণ যিয়েই নহওক হেনা, চিকাকাই, ৰিথা, আমলখি, বেল আদি বনৌষধি চুলিত ব্যৱহাৰ কৰিলে চুলি সৰাটো বহু পৰিমাণে নিয়ন্ত্ৰিত হয়। ইয়ে চুলিৰ স্বাস্থ্য উন্নত কৰে।

জেতুকাৰ পাত মিঠাতেলত উতলাই লৈ ঠাণ্ডা কৰি চুলিত সানিলে চুলি সৰা বা অকালপক্বতা ৰোগ নাশ নহয়। মহাভৃঙ্গৰাজ তেল চুলি সৰা ৰোধ কৰাৰ বাবে উত্তম।

বেলপাত, তুলসী পাত আৰু নিমপাত সমান পৰিমাণে লৈ কুহুমীয়া পানীত ৰাতিটো তিয়াই থৈ পুৱা চুলি সেই পানীৰে ধুলে চুলি সৰে নিবাৰণ হয় আৰু চুলি মিহি হয়।

তিল, আমলখি, শিলিখা, বেল আদি খোৱাটো চুলিৰ বাবে উত্তম। Alopcia areataৰ বাবে সৰু পিঁয়াজৰ ৰস চুলি সৰা ঠাইত লগালে ভাল ফল পোৱা যায়। ধঁতুৰা পাতৰ ৰসো এই ৰোগত লগাব পাৰি।

নিমপাত উতলাই সেই পানীৰে মূৰ ধুলেও চুলি সৰাৰ বাবে ভাল। জবা ফুলৰ পাতৰ ৰস তিলতেলৰ সৈতে লগালেও চুলি সৰা বন্ধ হয় আৰু চুলি গজাত সহায় কৰে।

চুলিৰ বাবে পৰিপোষণ অতি দৰকাৰী। ইয়াৰ বাবে ভিটামিন এইচ, বায়’টিন, কেলচিয়াম, পেন্টথেনেট, প্ৰ’টিন খাদ্য অতি প্ৰয়োজনীয়।

চুলিৰ অকালপক্বতা:

চুলিৰ ৰং ক’লা হোৱাৰ মূল কাৰক হ’ল চুলিত থকা মেলানিন নামৰ পদাৰ্থবিধ। ইয়াৰ পৰিমাণৰ ওপৰতেই চুলিৰ ৰং নিৰ্ভৰ কৰে। পৃথিৱীৰ বিভিন্ন জনগোষ্ঠী আৰু ঠাইৰ মানুহৰ চুলিৰ ৰং বিভিন্ন ধৰণৰ হয়। ভাৰতীয় মানুহৰ চুলিৰ ৰং সাধাৰণতে ক’লা হয়। চুলিৰ ৰং বগা হোৱাটোৱে চুলিত মেলানিনৰ পৰিমাণ হ্ৰাস হোৱাটোকে সূচায়। প্ৰত্যেক মানুহৰে বৃদ্ধাৱস্থাৰ লগে লগে চুলিৰ ৰং বগা হোৱা বা চুলি পকিবলৈ আৰম্ভ কৰে। ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰাটোহে অস্বাভাৱিক। ইয়াৰ বহুতো কাৰণ থাকে। যেনে- প্ৰদূষণ, অপুষ্টি, মানসিক চিন্তা বা অস্বাস্থ্যকৰ চুলি। হজম শক্তিৰে অভাৱৰ বাবেও চুলিয়ে পৰিপোষণ নোপোৱাৰ বাবে চুলি বগা হ’বলৈ আৰম্ভ কৰে। চুলিৰ অকালপক্বতাৰ বাবে মানসিক অশান্তি হয় আৰু সৌন্দৰ্য হ্ৰাস হোৱাৰ বাহিৰে শৰীৰৰ ওপৰত ইয়াৰ আন প্ৰভাৱ নাই বুলিবই পাৰি। কিন্তু সোনকালে এই অকালপক্বতাৰ চিকিৎসা কৰালে নিৰ্ণয়ৰ দ্বাৰা ইয়াক ৰোধ কৰিব পাৰি।

বনৌষধি চিকিৎসাত ইয়াৰ ফলপ্ৰসূ চিকিৎসা আছে। যেনে-

 

১)নিমগছৰ ফলৰ বীজ গুড়ি কৰি শুদ্ধ নাৰিকল বা তিলতেলৰ লগত চুলিত লগালে অকালপক্বতা ৰোগ নাশ হয়।

২)আমৰ কোমল ফল বা কেঁচা ফল ৫ গ্ৰাম আৰু শুকান আমলখি থেঁতেলিয়াই লোৰ পাত্ৰত তিয়াই থৈ পিছদিনা লগালে চুলিৰ অকালপক্বতা ৰোগ নাইকিয়া হয়।

৩)আমৰ কুঁহি ৫ গ্ৰাম, শিলিখা ১টা আৰু শুকান আমলখি ২ টুকুৰা গাখীৰৰ লগত ভালদৰে মিহলাই লগালে চুলি সৰা, পকা আৰু খজুৱতি ৰোগ নাইকিয়া হয়।

৪)মহাভৃঙ্গৰাজ পাতৰ ৰস ২৫ গ্ৰাম আৰু তিল নাইবা বিশুদ্ধ নাৰিকলৰ তেল ৭৫ গ্ৰামৰ লগত মিহলাই লগালে চুলি সৰা আৰু পকা ৰোগ নাশ হয়।

৫)তিল, আমলখি, শিলিখা আৰু ব্ৰাহ্মী, হৰীতকী আদি খোৱাটো চুলিৰ বাবে উত্তম।

নিয়মিতভাৱে জেতিকা মূৰত লগালেও চুলি পকা বন্ধ হয়।

চুলি পকা সমস্যাৰ নিৰাময় নহ’লে চুলি ৰং কৰাটোৱে উত্তম আৰু সহজ পদ্ধতি। ইয়াৰ বাবে জেতুকা ৰং আটাইতকৈ উত্তম। ৰাসায়নিক ৰং পৰিহাৰ কৰিব লাগে। এই ৰংবোৰ চুলিৰ ৰন্ধ্ৰবোৰেৰে চুলিৰ ভিতৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰাৰ লগতে চুলি বেছিকৈ পকাত অৰিহণা যোগায়। আমলখি থকা শ্বেম্পুৰে মূৰ ধুব লাগে।

জেতুকা বা হেনাৰ লগত বিভিন্ন বনৌষধি যেনে- ৰিথা, চিকাকাই, আমলখি, কফি আদি মিহলাই বিভিন্ন ৰং কৰিব পাৰি। আজিকালি বজাৰত বনৌষধি মিহলোৱা জেতুকা পাউদাৰ পোৱা যায়।

চুলিৰ যতন ল’বৰ বাবে চুলি নিয়মিতভাৱে কণ্ডিচনাৰ কৰিব লাগে। ইয়াৰ বাবে এৰোমা থেৰাপীৰ তেল ব্যৱহাৰ কৰিব পাৰি। কণ্ডিচনিং কৰিবৰ বাবে ঘৰতে তৈয়াৰ কৰি ল’ব পৰা মিশ্ৰণ এটি উল্লেখ কৰা হ’ল-

১ ডাঙৰ চামুচ লেনলিন

১ ডাঙৰ চামুচ গ্লিচাৰিন

১ ডাঙৰ চামুচ এলমণ্ড তেল

৩ টোপাল ৰ’জমেৰী

বা ৩ টোপাল চামোমাইল আৰু এটা কণীৰ ভিতৰৰ অংশখিনি মিহলাই ল’লে ই এটা ভাল কণ্ডিচনাৰ ৰূপে কাম কৰে।

কণ্ডিচনাৰে চুলিৰ নমনীয়তা গুণ বৃদ্ধি কৰে। চুলি ডাঠ আৰু শুকান হোৱাৰ পৰা ৰক্ষা কৰে। বনৌষধিযুক্ত কণ্ডিচনাৰে চুলিৰ পোষণ কৰাত সহায় কৰে।

জেতুকা বা হেনা হ’ল এবিধ খুব ভাল কণ্ডিচনাৰ। হেনাৰ লগত দৈ, নেমুৰ ৰস, কণী আৰু কফি বা চাহ মিহলাই ল’লে এবিধ কণ্ডিচনাৰ হয়। শুকান চুলিৰ বাবে ইয়াৰ লগত নাৰিকল তেল বা অলিভ অইল মিহলাই ল’ব লাগে। হেনাই কণ্ডিচন কৰাৰ উপৰি উফি নাইকিয়া কৰে আৰু চুলিক পৰিপোষণ কৰাত সহায় কৰে।

হাতৰ যতন:

 

আমাৰ হাতখনো সৌন্দৰ্যৰ এক অঙ্গ। কাৰণ সকলো সময়তে আমাৰ হাতখন প্ৰদৰ্শন হৈ থাকে। সেয়েহে সুন্দৰ হাতযুৰিয়ে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে।

হাতৰ তলুৱাত কোনো তৈলগ্ৰনিথি সংলগ্ন নাথাকে বাবে ই শুকান হোৱাৰ প্ৰৱণতা থাকে। বিশেষকৈ শীতকালত ই শুকান হয়। ঠিক তেনেকৈ হাতৰ পিছফালৰ ছালখিনি খুব কোমল বাবে খুব সোনকালে শোটোৰা-শোটোৰ পৰাৰ সম্ভাৱনা থাকে৬।

আমি গা ধোৱাৰ পাছত হাতখন নেমু আৰু হালধি মিশ্ৰিত ক্ৰীমেৰে মালিচ কৰিব লাগে। ইয়ে হাত চাফা কৰে আৰু কোমল কৰে। হালধিয়ে হাতৰ আঙুলিৰ ফাঁকত হোৱা ভেঁকুৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। চাবোন বা ডিটাৰ্জেন্ট পাউদাৰে কৰা ছালৰ ক্ষতি ৰোধ কৰে।

ৰাতি শোৱাৰ আগতে Apricot base creamৰ দ্বাৰা হাত দুখন ভালদৰে মালিচ কৰিব লাগে। Apricotৰ প্ৰয়োগে ছালৰ শোটোৰা-শোটোৰ হোৱাটো ৰোধ কৰে।

ঠাণ্ডাৰ দিনত স্কুটাৰ বা বাইক চলালে হাতত গ্লোভছ বা হাতমোজা পিন্ধি ল’ব লাগে। তথাপি হাত খহটা হ’লে এলমণ্ড আৰু লেন’লিন ক্ৰীম লগাব লাগে।

হাতৰ নখবোৰ পৰিষ্কাৰ ৰাখিব লাগে আৰু নখবোৰ চুটিকৈ কাটিব লাগে। দীঘলকৈ নখ ৰাখিলে তাক উপযুক্ত যত্ন কৰি পৰিষ্কাৰ ৰাখিব লাগে। নখত পচন্দ অনুসৰি নেইল পলিছ লগালে সৌন্দৰ্য বৃদ্ধি হয়। নখ কটাৰ পিছত নখৰ জোঙা অংশবোৰ পিউমিচ শিলত ঘঁহি মিহি কৰিব লাগে। ইয়াৰ পিছত এটা বাতিত কুহুমীয়া পানী লৈ তাত অকণমান নিমখ দি হাতখন জুবুৰিয়াই থ’লে হাতখন ভালদৰে চাফা হয়।

ভৰিৰ যতন:

 

ভৰি দুখন আমাৰ দেহৰ অতি দৰকাৰী অঙ্গ যদিও আমি প্ৰায়ে ভৰিৰ যত্ন নকৰো। সুন্দৰ ভৰি দুখন বা ভাল খোজ কঢ়াৰ অভ্যাসে সৌন্দৰ্য বৃদ্ধি কৰে। অন্যথা ই দেহৰ সৌন্দৰ্যহ হ্ৰাস কৰে আৰু মানুহৰ ব্যক্তিত্ব হ্ৰাস কৰে।

ভৰিৰ যত্নৰ প্ৰথম কথা হ’ল আমি সদায় ভাল চেণ্ডেল বা জোতা পিন্ধিব লাগে। সৌন্দৰ্য বৃদ্ধিৰ বাবে ওখ হিল লগোৱা চেণ্ডেল বা জোতাই কেতিয়াবা ভৰিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শৰীৰৰ ওজন বৃদ্ধি হ’লেও ভৰিৰ আকাৰ বেয়া হ’ব পাৰে। খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়াটো এটা ভাল ব্যায়াম। গ্ৰীষ্মকালত বেছি টান বা বন্ধ জোতা পিন্ধিব নালাগে। ভালধৰণৰ জোতা পিন্ধিব লাগে। ভালধৰণৰ জোতা পিন্ধিলে ভৰি দুখন শুকান হোৱাত বাধা দিব পাৰি।

পৰিষ্কাৰ আৰু ভাল মোজা পিন্ধাটো স্বাস্থ্যৰ বাবে ভাল। ভৰিৰো নখবোৰ ভালদৰে চুটিকৈ কাটিব লাগে আৰু নেমুৰ ৰস মিহলোৱা কুহুমীয়া পানীত ভৰিখন তিয়াই থ’ব লাগে। ইয়ে ভৰি পৰিষ্কাৰ হোৱাত সহায় কৰে।

ভৰিৰ মৃত কোষবোৰ আঁতৰাবৰ বাবে পিউমিচ শিলেৰে গোৰোহা আৰু তলুৱা ঘঁহিব লাগে। তাৰ পিছত ভৰিখন ধুই শুকান কৰি তাত ভাল ফুট ক্ৰীমেৰে মালিচ কৰিব লাগে। শীতকালত আৰু Lanolin base creamৰে ভৰি মালিচ কৰিব লাগে। এনে কৰিলে ভৰি ফটাটো ৰোধ কৰিব পাৰি।

সৌন্দৰ্য অটুট ৰখাৰ উপায়:

পৃথিৱীৰ প্ৰায় সকলো মানুহেই ধুনীয়া হৈ থাকিব বিচাৰে। যৌৱন কালছোৱাত মানুহৰ সৌন্দৰ্য বহুখিনি বৃদ্ধি হয়। কিন্তু এই সৌন্দৰ্যক দীৰ্ঘস্থায়ী কৰাটো দৰকাৰ। সৌন্দৰ্যৰ লগত স্বাস্থ্যৰ সম্পৰ্ক আছে। সুস্বাস্থ্যৱান লোক এজনেহে আজীৱন সৌন্দৰ্য ৰক্ষা কৰিব পাৰে।

সৌন্দৰ্যক দীৰ্ঘস্থায়ী কৰাৰ প্ৰথম পদক্ষেপ হ’ব লাগে শকত হোৱাৰ পৰা নিজকে ৰক্ষা কৰা। ইয়াৰ বাবে আমি খাদ্যাভ্যাসৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে। যেনে-

১)সপ্তাহত এদিন উপবাসে থাকিব লাগে।

২)প্ৰতিদিনে পানী অথবা জুলীয়া আহাৰ খাব লাগে। এদিনত এজন মানুহে প্ৰায় ৫ লিটাৰ পানী বা আহাৰৰ ভিতৰত ফলৰ ৰস উত্তম।

৩)নিৰামিষ খাদ্যই সৌন্দৰ্য ৰক্ষাৰ লগতে ক্ষীণ হৈ থকাত সহায় কৰে। দৈনিক খাদ্যত শাক-পাচলি, ফল-মূল আদিক স্থান দিব লাগে।

৪)খাদ্যৰ পৰিমাণতকৈ গুণগত মানৰ ওপৰত গুৰুত্ব দিব লাগে। ফাষ্টফুড যেনে- বাহিৰত খোৱা মম’, চাওমিন, ৰোল, চিপচ, কলড্ৰিংকছ আদিৰ পৰা আঁতৰি থকা উচিত।

৫) ধূমপান, মদ, ড্ৰাগছ আদি লোৱাৰ পৰা আঁতৰি থাকক।

৬)নিজে ঔষধ কিনি খোৱাতকৈ চিকিৎসকৰ পৰামৰ্শ মতেহে ঔষধ খাওক।

৭)খাদ্য গ্ৰহণ কৰাৰ সময়ত আনন্দ মনেৰে আৰু মনোযোগেৰে খোৱা উচিত। ইয়ে খাদ্য হজম হোৱাত সহায় কৰে।

ক্ষীণাই থাকিবৰ বাবে দৈনিক কিছু খোজ কঢ়া, ব্যায়াম বা যোগাসন কৰা বা ঘৰুৱা কাম-কাজ কৰা দৰকাৰ।

শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে। সদায় আনন্দ মনেৰে থাকিব লাগে। খং পৰিহাৰ কৰিব লাগে। মানুহৰ সৈতে কথা কওঁতে সাৱধান হ’ব। বেছি অহংকাৰ কৰি কথা নক’ব, ইয়ে মানসিক সৌন্দৰ্য হ্ৰাস কৰে।

সৌন্দৰ্য ৰক্ষাৰ বাবে ভাল টোপনিৰ দৰকাৰ। দৈনিক ৬ৰ পৰা ৭ ঘন্টা শুব লাগে।

মানুহৰ সৌন্দৰ্য যদিও শৰীৰত থাকে বুলি ভবা হয়, প্ৰকৃততে মনৰ সৌন্দৰ্যই কুৎসিত মানুহকো ধুনীয়া কৰি তোলে। ভাল কথা-বতৰা, ব্যৱহাৰ আদিয়ে মানুহজনক সামাজিকভাৱে সুন্দৰ কৰি তোলে। সেয়েহে শাৰীৰিক সৌন্দৰ্য চৰ্চাৰ লগতে মানসিক সৌন্দৰ্য চৰ্চাৰো প্ৰয়োজন।

দৈনিক যোগাসন, প্ৰাণায়াম, এৰ’বিকছ আদিৰ অনুশীলন কৰিলে সৌন্দৰ্য বৃদ্ধিৰ লগতে স্বাস্থ্যৱান হ’ব পৰা যায়।

আমি সদায় সৰল জীৱন যাপন আৰু উচ্চ চিন্তা-ভাবনা কৰা দৰকাৰ। বস্তুবাদী জীৱন যাপনে মানুহৰ জীৱন নিৰস কৰি তোলে। কম্পিউটাৰ, টেলিভিছন আদিৰ লগত সময় পাৰ কৰাতকৈ ফুল, গছ, চৰাই, নৈ আদি প্ৰাকৃতিক পৰিৱেশৰ লগত সময় কটাওকো। দেখিব আপোনাৰ মন ভাল লাগি গৈছে। ইয়ে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব।

লেখক: হেমন্ত কলিতা(জিএনআৰচি স্বাস্থ্য)

 

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top