মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সৌন্দৰ্য চৰ্চাত কণীৰ চোকোৰাৰ ব্যৱহাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য চৰ্চাত কণীৰ চোকোৰাৰ ব্যৱহাৰ :

সৌন্দৰ্য চৰ্চাত কণীৰ চোকোৰাৰ ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

 

কেৱল স্বাস্থ্য ৰক্ষাৰ বাবে বা শৰীৰটো শক্তিশালী কৰি ৰখাৰ কাৰণেই কণী ব্যৱহাৰ নহয়। কণী সৌন্দৰ্য ৰক্ষা কাৰণেও ব্যৱহাৰ কৰা হয়। কণীৰ কুহুম আৰু বগা বিজলুৱা অংশ দুয়োটাকে সৌন্দৰ্য চৰ্চাৰ উপাদান ৰূপে ব্যৱহাৰ কৰা হয়।

কিন্তু আপুনি কেতিয়াবা শুনিছিনে যে কণীৰ চোকোৰা বা বাকলিও মানুহৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণে ব্যৱহাৰ হয়। কণীৰ চোকোৰাৰ উপযুক্ত ব্যৱহাৰে ছালখন পৰিষ্কাৰ কৰে আৰু ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা আনে।

ব্যৱহাৰিক বিধি -

কণীৰ কুহুম আৰু বগা অংশৰ ব্যৱহাৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কৰাৰ নিয়ম বহু লোকে জানে যদিও কণীৰ চোকোৰাৰ ব্যৱহাৰ সৌন্দৰ্য চৰ্চাত কেনেকৈ কৰিব পাৰি, সেই কথা বহু লোকে নেজানে।

কাৰোবাৰ মুখত কণীৰ চোকোৰাব মুখৰ সৌন্দৰ্য ৰক্ষাত ব্যৱহাৰ কৰা হয় বুলি শুনিছে যদিও ইয়াৰ প্ৰকৃত ব্যৱহাৰ বিধি নজনাৰ কাৰণেও বহুতেই বিবুধিত পৰে।

সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কণীৰ চোকোৰাৰ ব্যৱহাৰৰ বিধি তেনেই সহজ। এই প্ৰণালীৰ বিষয়ে ইয়াত চমুকৈ দিহা দিয়া হ’ল।

*কণী এটা খোৱাৰ কাৰণে, বাকলি বা চোকোৰাটো ভাঙি দিয়াৰ পিছত চোকোৰাটো ভালদৰে ৰ’দত শুকুৱাই লওক। ভালদৰে শুকাই গ’লে এই চোকোৰা সৰু সৰুকৈ ভাঙি, সৰু খুন্দনাত দি একেবাৰে মিহিকৈ গুড়ি কৰি লওক। এই গুড়ি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক।

*কণীৰ বাকলিৰ গুড়ি ব্যৱহাৰ কৰাৰ কেইবাটাও নিয়ম আছে। শৰীৰৰ বিশেষভাৱে মুখমণ্ডলৰ ছালখন পৰিষ্কাৰ আৰু দাগ বিহীন কৰি তোলাৰ ক্ষেত্ৰত এই গুড়িৰ তুলনা নাই। কণীৰ চোকোৰাৰ গুড়িৰ লগত ভিনেগাৰ মিহলাই এটা পেষ্ট বনাই লওক।

এই পেষ্টটো দাগ থকা মুখমণ্ডলত সানি হাতেৰে লাহে লাহে মাছাজ কৰক। এনেদৰে সপ্তাহত তিনিদিনকৈ দুসপ্তাহত মাছাজ(মালিচ) কৰিলে দেখিব আপোনাৰ দাগ পৰা ছালখনৰ পৰা দাগবোৰ নাইকিয়া হৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিছে। মুখৰ ছালৰ ৰং উজ্জ্বল বগা হৈ পৰিব।

*কণীৰ চোকোৰাৰ গুড়িৰ লগত নেমুৰ ৰস মিহলাই এটা পেষ্ট(মগু) প্ৰস্তুত কৰি লওক। এই মগু মুখত সানি কিছু সময় ধৰি দিনত গা-ধোৱাৰ লাগতে এবাৰকৈ এই পেষ্টেৰে মালিচ কৰিলে ছালত থকা দাগ বা বিয়পি পৰা চেকা আদি খুব সোনকালে পৰিষ্কাৰ হৈ মুখমণ্ডল উজ্জ্বল আৰু বগা হৈ উঠিব। লগতে ছালত যিকোনো বীজাণুৰ সংক্ৰমণ নাইকিয়া হ’ব। শৰীৰৰ যিকোনো অংশত বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণো এই গুড়ি প্ৰয়োগ কৰি নিৰাময় কৰিব পৰা যায়।

*ছালখন আৰ্দ্ৰ কৰি ৰাখিবৰ কাৰণে কণীৰ চোকোৰাৰ গুড়িৰ লগত এলোভেৰাৰ জেল মিহলাই ছালত সানক। পোন্ধৰমিনিট ৰাখি পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এই ব্যৱস্থাৰে শুকান ছালৰ আৰ্দ্ৰতা বজাই ৰাখিব পাৰিব। লগতে ছালখন পৰিষ্কাৰো হৈ পৰিব।

*কণীৰ চোকোৰাৰ গুড়িৰ লগত আধা চামুচ গুড়ি কৰি লোৱা চেনি মিহলাই লওক। ইয়াৰ লগত কণীৰ বিজলুৱা বগা অংশটো সপ্তাহত এবাৰকৈ নিজৰ মুখত সানক। এনেদৰে দুমাহমান লগোৱাৰ পিছত চাব, আপোনাৰ মুখৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিষ্কাৰ তথা কোমল ছালখনৰ উজ্জ্বলতা সকলোৰে কাৰণে আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে।

*মুখৰ সৌন্দৰ্যৰ লগতে দাঁতৰ সৌন্দৰ্যও চকুত পৰা হ’ব লাগে। যদি আপোনাৰ দাঁতবোৰ অকালতে হালধীয়া হৈ পৰিছে, তেনেহ’লে আপোনাৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান পৰিছে। এনে দাঁতৰ পৰা দাগ আঁতৰাবলৈ আপুনি সঘনাই ব্ৰাছ কৰিও সফল হ’ব পৰা নাই। তেনেহ’লে আপুনি কনীৰ চোকোৰাৰ শুকান গুড়ি আঙুলিৰ আগত লৈ প্ৰতিদিনে এবাৰকৈ সানকচোন। এসপ্তাহত এই গুড়িৰে দাঁত মজাৰ পিছত চাব, আপোনাৰ দাঁতৰ পৰা হালধীয়া দাগ উঠি গৈ দাঁতবোৰ উজ্জ্বল হৈ পৰিছে।

*কণীৰ চোকোৰাৰ এচামুচ গুড়িৰ লগত দুচামুচ মৌ মিহলাই এটা পেষ্ট বনাই লওক। এই পেষ্ট আপোনাৰ শুকান আৰু নিষ্প্ৰাণ ছালত সানি ৰাখক। অলপ শুকাই গ’লে ঠাণ্ডা পানীৰে ধুই পেলাওক। মাত্ৰ সপ্তাহৰ পিছত আপোনাৰ ছালখনৰ সৌন্দৰ্যৰ পাৰ্থক্য তুলনা কৰি চাওকচোন। এই ব্যৱস্থাৰে আপোনাৰ চেহেৰা উজ্জ্বল হৈ উঠাৰ লগতে ছালখনৰ আৰ্দ্ৰতাও অটুট থাকিব।

‘ব্লেকহেডছ’( মুখত ক’লা ফুটফুটীয়া দাগ কণীৰে নাইকিয়া কৰক)-

আজিকালি পৰিৱেশ প্ৰদূষিত হৈছে আৰু সকলো লোকেই প্ৰদূষিত পৰিৱেশতে দৈনন্দিন কাম-কাজ চলাই নিব লগা হৈছে। এনে পৰিৱেশত মহিলা আৰু যুৱতীসকলৰ সংবেদনশীল ছালত ‘ব্লেকহেডছ’ৰ সমস্যাই দেখা দিয়ে।

মুখমণ্ডলত ব্লেকহেডছ হ’লে মুখখনৰ সৌন্দৰ্য ম্লান পৰে আৰু ছালখনো অনুজ্জ্বল হৈ পৰে। যুৱতীসকলে এই সমস্যাৰ পৰা ৰেহাই পাবলৈ বিভিন্ন ধৰণৰ প্ৰসাধন আৰু সৌন্দৰ্যবৰ্ধক দ্ৰব্য ব্যৱহাৰ কৰে। এইবিলাক দ্ৰব্য ব্যৱহাৰৰ পৰিনতিত ছালখনৰ উপকাৰ নহৈ যথেষ্ট অপকাৰহে হয়। আজি আমি এই চুটি লেখাটিত এই সমস্যাটো সমাধানৰ কাৰণে এটি দিহা দিব খুজিছো যাক প্ৰয়োগ কৰিপুনি ব্লেকহেডছৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব।

*কণী ব্যৱহাৰ কৰি আপুনি ব্লেকহেডছৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি। এই ব্যৱস্থাৰ বাবে আপুনি কণী জেটাৰ বগা বিজলুৱা অংশটো উলিয়াই ল’ব লাগিব। এই অংশৰ লগত সামান্য মৌ মিহলাই ভালদৰে ফোট লৈ আপোনাৰ দাগ পৰা মুখত সানক।

মুখত লগাই প্ৰলেপটো কিছু পৰিমাণ শুকাবলৈ দিয়ক। পিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাওক। সপ্তাহত এবাৰ বা দুবাৰ এই ব্যৱস্থা প্ৰয়োগ কৰিলে আপোনাৰ মুখমণ্ডলৰ ব্লেকহেডছৰ সমস্যা নাইকিয়া হ’ব। লগতে আপোনাৰ মুখখনো উজলি উঠিব।

*ব্লেকহেডছ নিৰ্মূল কৰিবলৈ দালচেনি আৰু নেমুৰ ৰস প্ৰয়োগ কৰি সুফল পাব পাৰে। ইয়াৰ কাৰণে এচামুচ দালচেনি ভালদৰে গুড়ি কৰি লৈ তাৰ লগত আধা চামুচ নেমুৰ ৰস মিহলাই এটা পেষ্ট বনাই লওক। এই পেক ব্লেকহেডছ থকা মুখত সানি ২০ মিনিট সময় ৰাখক।

পিছত কুহুমীয়া গৰম পানীৰে ধুই পেলাওক। সপ্তাহত দুবাৰকৈ এমাহ ধৰি এই পেক ব্যৱহাৰ কৰিলে আপোনাৰ মুখমণ্ডল পৰিষ্কাৰ আৰু উজ্জ্বল হৈ পৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top