মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা:

সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা লিখা হৈছে

 

সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা অপৰিসীম। দাঁত অবিহনে সৌন্দৰ্যৰ সূত্ৰ আধৰুৱা হৈ ৰয়। মুখমণ্ডলতেই এগৰাকী ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য তথা সৌন্দৰ্য প্ৰতিফলিত হয়। কপাল, নাক, চকু, চেলাউৰি, ওঁঠ আৰু দুপাৰি সুগঢ়ী দন্তবিন্যাসৰ সমাহাৰত ব্যক্তিৰ সৌন্দৰ্যই এক অনন্য মাত্ৰা লাভ কৰে। চিকমিকীয়া বগা মুকুতাৰ দৰে দুপাৰি ডালিমগুটীয়া দাঁতে ব্যক্তিৰ সৌন্দৰ্যত সুৱগা চৰায়। দুপাৰি সুস্থ, সমান, সবল, পৰিষ্কাৰ বগা দাঁতৰ গৰাকী হ’ব পৰাটো সঁচাকৈয়ে সৌভাগ্যজনক। কিন্তু বিভিন্ন সৌন্দৰ্য সম্পৰ্কীয় দাঁতৰ আসোঁৱাহৰ বাবে সকলো লোকৰে এই সৌভাগ্যপ্ৰাপ্তি নঘটে। সেয়েহে এই লিখনিত দাঁতৰ সৌন্দৰ্য সম্পৰ্কীয় সমস্যাবোৰৰ লগতে সেইবোৰৰ প্ৰতিকাৰৰ বিষয়ে থূলমূলকৈ এটি আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

দাঁতৰ সৌন্দৰ্য সম্পৰ্কীয় আসোঁৱাহবোৰ:

 

বেঁকা-বেঁকি বা উচলা দাঁত:

সৌন্দৰ্য সম্পৰ্কীয় সমস্যাবোৰৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে বেঁকা-বেঁকি, অসমান, উচলা দাঁত। দাঁতৰ আকাৰ, আকৃতি আৰু মুখৰ হনুৰ হাড়ৰ মাজত যদি সামঞ্জস্য নাথাকে, তেতিয়াহ’লে স্থায়ী দাঁতবোৰ বেঁকা-বেঁকি হ’ব পাৰে। কিছুমান বদ অভ্যাস, যেনে- আঙুলি চোহা, ওঁঠ কামুৰি থকা, পেন, পেঞ্চিল বা নখ কামুৰি থকা, জিভা চুহি থকা, মুখেৰে উশাহ-নিশাহ লোৱাৰ ফলতো দাঁত উচলা বা বেৰীয়া হ’ব পাৰে। গাখীৰ খোৱা বা প্ৰাথমিক দাঁতবোৰ নিৰ্দিষ্ট সময়ৰ আগতে বা পিছত সৰিলেও স্থায়ী দাঁতবোৰ অসমান হ’ব পাৰে। কেতিয়াবা কিছুমান জন্মগত দোষ, যেনে- ক্লেফটলিপ বা পেটেল, ফটা ওঁঠ বা তালুৰ কাৰণে নতুবা কেতিয়াবা দুৰ্ঘটনাজনিত কাৰণতো দাঁত বেঁকা-বেঁকি বা উচলা হ’ব পাৰে।

দাঁতৰ গঠন, আকাৰ আৰু দন্তবিন্যাসে সৌন্দৰ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দাঁতৰ গঠন যদি সুগঠিত নহয় আকাৰ মুখমণ্ডলৰ লগত সাদৃস্য নথকা ডাঙৰ ডাঙৰ বা অতি সৰু আকাৰৰ হয়, নাইবা দাঁতবোৰ বেঁকা-বেঁকি বা বেৰীয়া হয়, উচলা বা উজলা হয়, তেন্তে তেনে দন্তবিন্যাসে মুখৰ সৌন্দৰ্য হানি কৰে। তদুপৰি এনে দাঁত থাকিলে দাঁত বা মুখৰ ৰোগ বেছিকৈ হোৱা দেখা যায়। কিয়নো, এনে দাঁত ভালদৰে ব্ৰাছ কৰি পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰি। অপৰিষ্কাৰ মুখগহ্বৰ দাঁত আৰু মুখৰ ৰোগৰ প্ৰধান কাৰক।

দাঁতৰ ৰং বা বৰণ:

দাঁতৰ নিকা বগা ৰঙে সৌন্দৰ্যত অৰিহণা যোগায়। প্ৰথম দন্তবিন্যাস মানে অস্থায়ী দন্তবিন্যাস বা গাখীৰ খোৱা দাঁতবোৰ সাধাৰণতে নীলা ৰেশ থকা বগা বৰণৰ হয় আৰু দ্বিতীয় দন্তবিন্যাস বা স্থায়ী দাঁতবোৰ ঈষৎ হালধীয়া বৰণৰ বগা ধৰণৰ হয়। দাঁতৰ প্ৰাকৃতিক ৰং নিৰ্ভৰ কৰে দাঁতৰ প্ৰথম স্তৰ, কঠিন কলাভাগ, এনামেনৰ স্বচ্ছতা আৰু ঘনত্বৰ ওপৰত আৰু দ্বিতীয় স্তৰ ডেন্টিনৰ ৰং আৰু ঘনত্বৰ গাঢ়তাৰ ওপৰত।

দুটা কাৰণত দাঁতৰ ৰং বা বৰণ সলনি হ’ব পাৰে-

 

১)সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়াৰ কাৰণে আৰু

২)শৰীৰতন্ত্ৰৰ আসোঁৱাহ বা বেমাৰৰ কাৰণে।

যি কাৰণতে নহওক কিয়, দাঁতত দুই ধৰণে ৰং ধৰিব পাৰে-

১)দাঁতৰ পৃষ্ঠভাগত বা বাহ্যিক ধৰণে আৰু

২)অন্তঃ বা আভ্যন্তৰীণ গাঁথনি, মানে দাঁতৰ কঠিন কলা এনামেল বা ডেন্টিনত ৰং সংযোজিত হৈ।

খোৱা বস্তুত থকা বিভিন্ন ধৰণৰ ৰঙীন পদাৰ্থই দাঁতত ৰং ধৰাত সহায় কৰে। তামোল, বিড়ি, চিগাৰেট, চাহ, কফি বা ৰঙীন পানীয় ইত্যাদিয়ে দাঁতত ৰঙীন দাগ বহায়। শৰীৰৰ কিছুমান বেমাৰৰ বাবেও দাঁতৰ বৰণ সলনি হয়। কেতিয়াবা কিছুমান ঔষধ সেৱন কৰাৰ ফলতো দাঁতত ৰং ধৰা দেখা যায়।

দাঁতৰ ফাঁক:

সন্মুখৰ ছেদক বা আগদাঁতবোৰৰ মাজত থকা ফাঁকবোৰক দন্ত চিকিৎসা বিজ্ঞানত ডায়েষ্টেমা বোলা হয়। ডায়েষ্টেমা বা দাঁতৰ ফাঁকবোৰ দেখাত বৰ দৃষ্টিকটু। ই এজন ব্যক্তিৰ সামগ্ৰিক সৌন্দৰ্যত নেতিবাচক প্ৰভাৱ পেলায়। তদুপৰি এই ফাঁকবোৰত খাদ্যবস্তু সোমাই ৰৈ অস্বস্তি বা আহুকালৰ সৃষ্টি কৰাৰ লগতে দাঁতৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

এনেধৰণৰ আসোঁৱাহৰ চিকিৎসাৰ আগতে চিকিৎসকে দাঁতৰ মাজৰ ফাঁকবোৰ কিয় বা কি কাৰণে হৈছে সেইটো সঠিককৈ নিৰ্ণয় কৰি ল’ব লাগে। বহুতো কাৰণত দাঁতৰ মাজত ফাঁকৰ সৃষ্টি হয়। সন্মুখৰ আগদাঁত দুটা গজি থকা সময়ত যদি দাঁতৰ মাৰি বা আলু আৰু ওপৰ ওঁঠৰ ভিতৰভাগ সংযোগী লেবিয়েল ফ্ৰেনাম নামৰ ইলাষ্টিক ধৰণৰ আঁহখিনি ওলাই অহা বা আগবঢ়া ধৰণৰ হয়, তেতিয়া সাধাৰণতে সন্মুখৰ দাঁত দুটাৰ মাজত ফাঁক থকা দেখা যায়। তদুপৰি দুই হনুত যদি জন্মগতভাৱে কিছুমান দাঁত নগজাকৈ থাকে, দাঁতৰ আকাৰ যদি সৰু হয়, গঠন যদি সঠিক নহয়, মুখৰ হনুত বিশেষকৈ ওপৰৰ হনুৰ সন্মুখভাগত যদি অতিৰিক্ত দাঁত থাকে, তেতিয়া দাঁতৰ মাজত ফাঁকৰ সৃষ্টি হয়। কেতিয়াবা আকৌ একো কাৰণ নথকাকৈ বংশগতভাৱে দাঁতৰ মাজত ফাঁক থকা দেখা যায়। জিভা চুহি থকা, দাঁতে দাঁতে ভালদৰে লগ নলগা, দাঁতৰ মাৰি বা আলুৰ ৰোগৰ বাবেও দাঁতবোৰ ফাঁক ফাঁক হয়।

ভগা দাঁত:

মানুহৰ মুখত ভগা দাঁত থাকিলে দেখিবলৈ অশুৱনি লাগে। যদিওবা এনামেল কঠিন কথা, কিন্তু ই বৰ ঠুনুকা। সেয়েহে আঘাতপ্ৰাপ্ত হ’লে বা খুন্দা লাগিলে, বল বা হেঁচাৰ ফলত দাঁত ভাগি যাব পাৰে। কেতিয়াবা আকৌ টান খোৱাবস্তু জোৰেৰে কামুৰি চোবালেও অতিৰিক্ত বল প্ৰয়োগৰ ফলত দাঁত ফাটি যোৱা বা ভাগি যোৱা দেখা যায়। বিভিন্ন কাৰণত দাঁত ভাগিব পাৰে- খুন্দা খাই, ক্ৰিকেট বল লাগি, দমকলৰ হেণ্ডেল লাগি, পথ দুৰ্ঘটনা, কাজিয়া-পেচাল বা মাৰপিটৰ ফলত, ঘুচিয়াঘুচিৰ কাৰণে, কিছুমান খেল খেলোতে দুৰ্ঘটনাগ্ৰস্ত হৈ আৰু কেতিয়াবা কিছুমান বেমাৰত আকস্মিকভাৱে মূৰ ঘূৰাই বা জ্ঞান লোপ পাই- ক’ব নোৱাৰা হৈ পৰি গৈ মুখমণ্ডল বা দাঁতত দুখ পালে।

মানুহৰ দাঁত আকৌ কেইবাটাও স্তৰত ভাগিব পাৰে। দাঁতবোৰৰ পৃষ্ঠভাগ বা এনামেল ভাগিব পাৰে, এনামেল আৰু ডেন্টিল দুয়োবিধ কলা সামৰি ভাগিব পাৰে, এনামেল ডেন্টিল ভগাৰ লগতে দাঁতৰ মজ্জা অংশ ওলাই আহিব পাৰে বা হাড়ৰ ভিতৰলৈ সোমাই যাব পাৰে, নাইবা কেতিয়াবা হাড়ৰ ভিতৰত দাঁতৰ ৰূট অংশ ভাগিব পাৰে। সাধাৰণতে চুটি ওঁঠৰ, মানে যাৰ ওঁঠ দুটি লগ নালাগে, তেনেকুৱা ব্যক্তিৰ দাঁত বেছিকৈ ভগা দেখা যায়। উচলা বা উজলা দাঁত সততে দুৰ্ঘটনাগ্ৰস্ত বা আঘাতপ্ৰাপ্ত হয়।

ডেন্টেল কেৰিজ বা দন্তক্ষয় ৰোগ:

ডেন্টেল কেৰিজ বা দন্তক্ষয় ৰোগ দাঁতৰ কঠিন কলা অংশ, যেনে- এনামেল বা ডেন্টিল বা চিমেন্টামত হোৱা এবিধ ৰোগ। এই ৰোগ সংক্ৰামক আৰু কিছুমান বেমাৰ সংক্ৰমিত কৰিব পৰা সূক্ষ্ম জীৱাণু বা বেক্টেৰিয়াৰ পৰা হয়। ডেন্টেল কেৰিজ হ’লে দাঁতৰ কঠিন অংশৰ অজৈৱিক পদাৰ্থসমূহ গলি যায়। ফলস্বৰূপে দাঁতৰ ওপৰত কিছুমান সৰু সৰু গাঁত বা ছিদ্ৰৰ সৃষ্টি হয়। যাক দন্ত চিকিৎসা বিজ্ঞানত কেভিটী বোলা হয়।

দন্তক্ষয় ৰোগ হ’লে দাঁতৰ কোনো অংশৰ বৰণ সলনি হৈ স্বচ্ছ বগা বা ক’লা বৰণৰ হয়। এই ৰোগৰ দ্বাৰা আক্ৰান্ত দাঁত দেখাত অশুৱনি হয়। দন্তক্ষয় ৰোগ হ’লে দাঁতৰ পৃষ্ঠত গাঁত বা ফুটাৰ সৃষ্টি হয়। আৰু দাঁতবোৰ ভাগি যায়। ভগা-ছিগা, ক’লা পৰা দাঁতবোৰে মুখৰ সৌন্দৰ্য হানি কৰে।

দাঁতৰ মাৰি বা আলুৰ ৰোগ:

দাঁতৰ মাৰি বা আলুৰ ৰোগক পৰ্যায়ক্ৰমে জিঞ্জিভাইটিছ, পেৰিয়ডন্টাইটিছ বা পায়েৰিয়া বুলিও কোৱা হয়। মুখগহ্বৰত থকা বেমাৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰৰ সংক্ৰমণৰ ফলত দাঁতৰ মাৰি বা আলুৰ ৰোগ হয়। অপৰিষ্কাৰ মুখগহ্বৰ, হৰম’নৰ তাৰতম্য আৰু কিছুমান শৰীৰৰ আভ্যন্তৰীণ ৰোগ, যেনে- ডায়েবেটিছ, পেটৰ ৰোগ, শ্বাস-প্ৰশ্বাসৰ ৰোগ, কিডনীৰ ৰোগ আদিত ভুগি থাকিলে দাঁতৰ মাৰি আৰু আলুৰ ৰোগ সততে হোৱা দেখা যায়। এই ৰোগত দাঁতৰ মাৰি ফুলি উঠে, দাঁতৰ মাৰিৰ পৰা তেজ ওলায় আৰু ;মুখ গোন্ধায়। দাঁতৰ লগতে দাঁতৰ মাৰি বা আলুৰ গঠনেও সৌন্দৰ্য ৰক্ষাত অৰিহণা যোগায়। মুখগহ্বৰ লেতেৰা বা অপৰিষ্কাৰ হ’লে দাঁতৰ গুৰিত পাথৰ বা টাৰ্টাৰ জমা হয়। দাঁতৰ গুৰি বা আলুবোৰ ফুলি উঠে। কেতিয়াবা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাও দেখা যায়। মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ নকৰাৰ ফলত দাঁতত ৰং ধৰে। সবল, সতেজ, পাতল গুলপীয়া বৰণৰ দাঁতৰ মাৰি বা আলুৱে মুখৰ সৌন্দৰ্য বৰ্ধন কৰে। কিছুমান মানুহে হাঁহিলে দাঁত দুপাৰিৰ লগতে আলুৰ বহু অংশ ওলাই পৰে। ইয়াক গামী স্মাইল বোলা হয়। গামী স্মাইল বৰ দৃষ্টিকটু।

সোলা বা সম্পূৰ্ণ দাঁত নথকা নতুবা আংশিকভাৱে দাঁত নথকা:

 

বহুতো কাৰণত মানুহৰ দাঁত সৰে বা সৰুৱাই দিবলগীয়া হয়। যদিও আধুনিক চিকিৎসা বিজ্ঞানে দেহৰ প্ৰাকৃতিক কলা সংৰক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে তথাপি কেতিয়াবা কিছুমান সংকটকালীন বা জৰুৰী পৰিস্থিতিত দাঁত উঠাই বা সৰুৱাই পেলাবলগীয়া হয়।

যি কাৰণতেই নহওক কিয় মানুহৰ দাঁত যদি আংশিকভাৱে বা সম্পূৰ্ণৰূপে সৰি যায় বা সৰুৱাই পেলাবলগীয়া হয়, তেন্তে মানুহে নানান অসুবিধা ভোগ কৰিবলগীয়া হয়। খোৱা বস্তু ভালদৰে চোবাই খাব নোৱাৰা হয়, ফলত হজম শক্তিৰ তাৰতম্য ঘটি পেটৰ বেমাৰ হয়। শব্দৰ শুদ্ধ বা স্পষ্ট উচ্চাৰণ কৰিব নোৱাৰা হয়। আৰু কথা কোৱাত অসুবিধা হয়। দাঁতে মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায়। দাঁত নাথাকিলে মানুহৰ সৌন্দৰ্য হানি হোৱাৰ লগতে ব্যক্তিত্বও বাধাপ্ৰাপ্ত হয়। দাঁত নথকাৰ ফলত মানুহ হীনমন্যতাত ভোগাও দেখা যায়।

সৌন্দৰ্য সম্পৰ্কীয় চিকিৎসাসমূহ:

 

সকলো সমস্যাৰ সমাধান আছে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই সকলোবোৰ সমস্যাৰে সৰল, সুচল আৰু স্থায়ী সমাধান ওলাইছে।

এস্থেটিক বা কছমেটিক ডেন্টিষ্ট্ৰী(Aesthetic or Cosmetic Dentistry)

দন্ত চিকিৎসা বিজ্ঞানৰ যিটো বিভাগত সৌন্দৰ্য সম্পৰ্কীয় এই আসোঁৱাহবোৰৰ চিকিৎসা কৰা হয়। সেই বিভাগক এস্থেটিক বা কছমেটিক ডেন্টিষ্ট্ৰী(Aesthetic or Cosmetic Dentistry) বোলা হয়। ‘লাইট কিউৰ ফিলিং’ পদ্ধতিৰ দ্বাৰা কম্প’জিট ৰেজিন(Composite resin) নামৰ দাঁতৰ লগত মিলা এবিধ পদাৰ্থৰ দ্বাৰা ভগা-ছিগা দাঁত, দন্তক্ষয়ৰ দ্বাৰা আক্ৰান্ত দাঁত, দাঁতৰ মাজত থকা ফাঁক আদিত সুন্দৰ দাঁতৰ আকাৰ দি তৈয়াৰ কৰি ল’ব পাৰি। সন্মুখৰ দাঁত ভগা হ’লে, দাঁতৰ আকাৰ যদি সেই ব্যক্তিৰ শৰীৰ তথা মুখৰ আকৃতি অনুপাতে জোখৰ বা সঠিক নহয় বা দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে দাঁতটোৰ কিমান অংশ আক্ৰান্ত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি তেনেকুৱা দাঁত প্ৰয়োজনীয় আকাৰ আৰু ৰং দি সুন্দৰ কৰি তুলিব পাৰি।

দন্তক্ষয় ৰোগৰ দৰে আক্ৰান্ত হোৱা দাঁত, ভগা দাঁত, দাঁতৰ ফাঁক, আকাৰত সৰু দাঁত, বিকাশৰ খেলিমেলিৰ বাবে হোৱা দাঁতৰ আসোঁৱাহসমূহ এনেধৰণৰ ফিলিং পদ্ধতিৰ দ্বাৰা দূৰ কৰিব পাৰি। ‘লাইট কিউৰ কম্প’জিট ৰেজিন’ নামৰ এক বিশেষ মেটেৰিয়েলৰ সহায়ত এই ফিলিং কৰা হয়। কম্প’জিট ৰেজিন বিভিন্ন ৰঙত উপলব্ধ। বয়স, লিংগ, দাঁতৰ স্তৰ আৰু পৃষ্ঠৰ মসৃণতা তথা স্বচ্ছতাৰ ওপৰত নিৰ্ভৰ কৰি ৰোগীৰ দাঁতৰ লগত মিলি যোৱাকৈ ৰঙৰ বাছনি কৰা হয় আৰু দাঁতৰ আক্ৰান্ত অংশত উপযুক্ত আহিলা-পাতিৰ সহায়ত আঁতৰ কৰি ফিলিং মেটেৰিয়েলৰ সহায়ত পুনৰ সুন্দৰ দাঁতৰ আকাৰ দি বনাই ল’ব পাৰি। এই পদ্ধতিৰ বাবে ‘লাইট কিউৰ মেচিন’ নামৰ এক বিশেষ আহিলা বা যন্ত্ৰৰ প্ৰয়োজন। সময় আৰু খৰচৰ মাত্ৰা নিৰ্ভৰ কৰে দাঁতটোৰ কিমান অংশ আক্ৰান্ত হৈছে তাৰ ওপৰত।

ৰি-শ্বেপিং বা ৰি-কনটৰিং(Reshaping or Recontouring)

সামান্যভাৱে ভগা দাঁত, দাঁতৰ পৃষ্ঠ বা এনামেলত থকা আসোঁৱাহ, ধাৰাল দাঁত, ক্ষয় যোৱা দাঁতৰ আগ আদি উপৰিউক্ত পদ্ধতিৰে উপযুক্ত আহিলা-পাতি, যেনে- বাৰ(Bur), ষ্ট’ন(Stone), এব্লেছিভ পইন্ট বা ডিস্ক(Abrasive point or disc)ৰ সহায়ত সঠিক আকাৰ দি সুন্দৰ কৰি তুলিব পাৰি।

ভিনিয়েৰিং(Veneering):

দাঁতৰ সৌন্দৰ্য সম্পৰ্কীয় প্ৰায়বোৰ সমস্যাই ভিনিয়েৰিং পদ্ধতিৰ দ্বাৰা সমাধান কৰিব পৰা যায়। এই পদ্ধতিৰ প্ৰয়োজনীয় আহিলা-পাতিৰে দাঁতৰ সন্মুখফালৰ এনামেল ভাগ গুচাই পেলোৱা ফয় আৰু সেই খালী ঠাই উপযুক্ত মেটেৰিয়েলৰ সহায়ত ৰং আৰু আকাৰ মিলাই পুনৰ ভৰাই দিয়া হয়। ভিনিয়েৰিং পদ্ধতি দুই ধৰণৰ-

1)Direct Veneering বা ৰোগীৰ দাঁতত প্ৰত্যক্ষভাৱে ক্লিনিকত কৰা পদ্ধতি আৰু

2)Indirect Veneering ৰোগীৰ মুখৰ জোখ বা ইম্প্ৰেচন লৈ মডেল বনাই পৰোক্ষভাৱে মডেলৰ ওপৰত লেবৰেটৰীত কৰা পদ্ধতি।

লেবৰেটৰীত বনোৱা ভিনিয়েৰটো পিছত স্থায়ীভাৱে ৰোগীৰ দাঁতত লগাই দিয়া হয়।

ভিনিয়েৰ আকৌ দুই প্ৰকাৰৰ-

1)আংশিক(Partial) আৰু

2)সম্পূৰ্ণ(Full)।

সাধাৰণতে কম্প’জিট আৰু পৰ্চেলিন এই দুয়োবিধ মেটেৰিয়েল ব্যৱহাৰ কৰি ভিনিয়েৰ বনোৱা হয়।

কেপিং বা ক্ৰাউনিং(Capping or crowning):

দন্তক্ষয়ৰ দ্বাৰা বহুলাংশে আক্ৰান্ত দাঁত, দাঁতৰ অংশ বেছিকৈ ভগা, ৰূট কেনাল ট্ৰীটমেন্ট কৰা দাঁত আদি কেপিং বা ক্ৰাউনিং পদ্ধতিৰে সংৰক্ষণ কৰি কাৰ্যক্ষম কৰি তোলাৰ লগতে সৌন্দৰ্য বৰ্ধনো কৰা হয়। কেপিং বা ক্ৰাউনিঙৰ বাবে এক্ৰিলিক ৰেজিন, পৰ্চেলিন, ধাতু আৰু ধাতু সম্বলিত পৰ্চেলিন আদি মেটেৰিয়েল ব্যৱহাৰ কৰা হয়। কেপ বা ক্ৰাউন বনোৱা পদ্ধতিটো এটি লেবৰেটৰী পদ্ধতি।

ৰিপ্লেচমেন্ট বা পুনৰ্সংস্থাপন(Replacement)কৃত্ৰিম দাঁত:

মুখৰ হনুত আংশিক বা সম্পূৰ্ণৰূপে দাঁত নাথাকিলেও কৃত্ৰিম দাঁতৰ সহায়ত পুনৰ্সংস্থাপন কৰিব পাৰি। কৃত্ৰিম ইদাঁত দুই প্ৰকাৰৰ-

1)সম্পূৰ্ণ(Complete), যাৰ মুখৰ দুয়োপাৰি হনুত এটাও দাঁত নাথাকে আৰু

2)আংশিক(Partial), যাৰ মুখৰ হনুত কিছুমান দাঁত নাথাকে।

কৃত্ৰিম দাঁত দুই ধৰণৰ-

ফিক্সড আৰু ৰিম’ভেবল(Fixed and Removable)। ফিক্স পাৰ্চিয়েল ডেন্সাৰক কেতিয়াবা ব্ৰিজ(Bridge) বুলিও কোৱা হয়। এক্ৰিলিক ৰেজিন, পাৰ্চিয়েল, ধাতু বা মেটেল আদিৰ সহায়ত কৃত্ৰিম দাঁত বনোৱা হয়। এই সকলোবোৰ পদ্ধতি পৰোক্ষভাৱে লেবৰেটৰীত কৰা হয়। ইয়াৰোপৰি আধুনিক ‘ইমপ্লান্ট’ পদ্ধতিৰেও দাঁত পুনৰ্সংস্থাপন কৰিব পাৰি।

গাম ছাৰ্জাৰী(Gum surgery):

দাঁতৰ আলু বা মাৰিৰ সমস্যাসমূহ, যেনে- ফুলা দাঁতৰ মাৰি, বহি যোৱা দাঁতৰ মাৰি, পেৰিয়ডেন্টেল পকেট আদি গাম ছাৰ্জাৰীৰ অন্তৰ্গত। জিঞ্জিভেক্টমী, ফ্লেপ ছাৰ্জাৰী, জি টি আৰ টুথ লেনথেনিং, ক্ৰায় ছাৰ্জাৰী, লেজাৰ ছাৰ্জাৰী আদিৰ দ্বাৰা চিকিৎসা কৰা হয়। গাম এব্ৰেজন পদ্ধতিৰ দ্বাৰা দাঁতৰ মাৰি বা আলুৰ বৰণৰ চিকিৎসা কৰা হয়।

মাইক্ৰ’এব্ৰেজন আৰু মেক্ৰ’এব্ৰেজন(Microabrasion and Macroabrasion):

শৰীৰৰ আভ্যন্তৰীণ কলাভাগ সংযোজিত হোৱা বৰ্ণকৰ কাৰণে দাঁতত ধৰা ৰং ‘মাইক্ৰ’এব্ৰেজন’ আৰু মেক্ৰ’এব্ৰেজন পদ্ধতিৰে আঁতৰ কৰিব পাৰি। পিউমিচ পাউদাৰ, বিভিন্ন প্ৰকাৰৰ পইন্ট, বাৰ বা ডিস্কৰ সহায়ত ঘৰ্ষণৰ দ্বাৰা এনামেল পৃষ্ঠৰ আসোঁৱাহবোৰ আঁতৰ কৰা হয়।

ব্লিচিং বা টুথ হোৱাইটেনিং(Bleaching or Tooth whitening):

দাঁতৰ আন্তঃগাঁথনিৰ আসোঁৱাহৰ বাবে দাঁতৰ বৰণ সলনি হ’লে ব্লিচিং বা টুথ হোৱাইটেনিং পদ্ধতিৰ দ্বাৰা বৰণ সলনি কৰা হয়। হাইড্ৰ’জেন পেৰক্সাইড(Hydrogen Peroxide), কাৰ্বামাইড পেৰক্সাইড, ছডিয়াম হাইপ’ক্লৰাইট, ছডিয়াম পাৰবৰেট আদি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি ব্লিচিং বা টুথ হোৱাইটেনিং কৰা হয়। চিকিৎসকৰ পৰামৰ্শক্ৰমে আজিকালি ৰোগীয়ে নিজে ঘৰতে দাঁত বগা পকৰিব পৰা ‘নাইট ব্লিচিং’(Night Bleaching) পদ্ধতিও উপলব্ধ।

অৰ্থডন্টিক ট্ৰাটমেন্ট:

উচলা, বেঁকা-বেঁকো বা অসমান দাঁত অৰ্থডন্টিক চিকিৎসাৰ দ্বাৰা চিধা, সমান আৰু সুগঢ়িত কৰি ল’ব পৰা যায়।

স্মাইল কনটৰিং বা লিপ কনটৰিং(Smile contouring or Lip contoring):

আজিকালি বিশেষ আৰু উন্নত ধৰণৰ চিকিৎসা পদ্ধতিৰে হাঁহিটোৰো পৰিৱৰ্তন ঘটাব পাৰি। কিছুমান মানুহে হাঁহিলে বেয়া দেখি, মুখখন বেঁকা দেখা যায় আৰু হাঁহিলে দাঁতৰ আলু পৰ্যন্ত ওলাই পৰে। তেনেকুৱা ক্ষেত্ৰত এই সকলোবোৰ আসোঁৱাহ দূৰ কৰিবলৈ প্ৰথমে এই বিষয়ত অভিজ্ঞো চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মুঠতে অকণমান সচেতনতা আৰু অকণমান যতনে দাঁত দুপাৰি সুন্দৰ, সুস্থ, সবল কৰি ৰখাত সহায় কৰাৰ উপৰি সৌন্দৰ্য ৰক্ষাত প্ৰভূত অৰিহণা যোগায়।

উৎস: জিএনআৰচি স্বাস্থ্য( ডাঃ ৰুবী কটকী)

 

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top