মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সৌন্দৰ্যত ছালকুঁৱৰী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৌন্দৰ্যত ছালকুঁৱৰী

সৌন্দৰ্যত ছালকুঁৱৰী

সৌন্দৰ্য তথা স্বাস্থ্যৰ জগতখনত আজি কিছু বছৰ ধৰি বহলভাৱে ব্যৱহাৰ হৈ অহা এবিধ সামগ্ৰী হৈছে এলভিৰা অৰ্থাৎ ছালকুঁৱৰী। কেকটাছ সদৃশ আকাৰৰ পাতৰ এই উদ্ভিদৰ পাতখিলাতে থাকে এবিধ বিজলুৱা ৰস যি আমাৰ বাবে অনেক উপকাৰী।

সম্প্ৰতি সৌন্দৰ্যৰ জগতখনত বিভিন্ন প্ৰসাধন সামগ্ৰীত ই ব্যৱহৃত হৈছে। আনহাতে স্বাস্থ্যৰ বাবে এলভিৰাৰ ৰস বহু লোকে সেৱন কৰিবও ধৰিছে। এই এলভিৰাৰ ৰসৰ গুণাগুণ যথেষ্ট আছে।

  • কোনো ঠাইত হঠাৎ আঘাত লাগিলে, ঘা হ’লে, পুঁজ জমা হ’লে বা বেক্টেৰিয়া ৰোধ কৰিবলৈ ঠাই ডোখৰত এলভিৰাৰ ৰস লগালে সোনকালে আৰোগ্য হয়।
  • আঁঠু, গাঁঠিৰ বিষ আদিত এই ৰসেৰে মালিচ কৰিলে উপশম পোৱা যায়।
  • এই ৰসত ভিটামিন ‘বি’ আৰু ‘চি’ দুয়োবিধেই পৰ্যাপ্ত পৰিমাণে পোৱা যায়।
  • চুলিৰ গুৰিত এলভিৰাৰ ৰসেৰে মালিচ কৰিলে উফি, চুলি সৰা, ছিঙা আদি সমস্যাৰ পৰা বহুখিনি ৰেহাই পায়।
  • ৰ’দে পোৰা ছালত নেমুৰ ৰস আৰু এলভিৰা ৰস দুয়োবিধ সমপৰিমাণে মিহলাই সানক। পোন্ধৰ মিনিটমান পাছত ধুই পেলাওক।
  • গৰ্ভৱতী মহিলা আৰু শিশুক এলভিৰাৰ ৰস দিব নালাগে।
  • এলভিৰা কেৱল ছানবাৰ্নৰ বাবেই নহয় মুখত ক’লা দাগ পৰা আৰু নেপকিন পিন্ধাই ৰখা শিশুৰ কৰঙনত ৰঙা পৰি যোৱাৰ ক্ষেত্ৰতো এলভিৰাৰ ৰস লগাই ভাল কৰি তুলিব পাৰি।

উৎস: অসম বাণী।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top