*কলেষ্টৰেলৰ পৰিমাণ বেছি থকা খাদ্য যেনে- মাছ, কণী, ঘিউ মাখন, মিঠাই আদি খোৱাৰ পৰা বিৰত থাকিব।
*প্ৰতিদিনৰ আহাৰত চেনিৰ পৰিমাণ অতি কম হোৱা উচিত। যিমান পাৰে চেনিযুক্ত আহাৰ পৰিহাৰ কৰি চলিব।
*ময়দা আৰু চেনিজাতীয় খাদ্য এৰাই চলিব।
*প্ৰতি দিনৰ আহাৰত নিমখৰ পৰিমাণ তিনি গ্ৰামতকৈ বেছি হোৱা উচিত নহয়।
*একেবাৰতে সৰহ পৰিমাণৰ আহাৰ নাখাই কম পৰিমাণকৈ লাগিলে সঘনাই খাব লাগে। একেবাৰতে সৰহকৈ খালে পাকস্থলী আৰু হৃদপিণ্ডৰ ওপৰত হেঁচা পৰে।
*সহজে চোবাব পৰা আৰু সহজে হজম কৰিব পৰা মছলাবৰ্জিত সাধাৰণ আহাৰ খোৱা উচিত।
*প্ৰতিদিনৰ আহাৰত অন্তত ৩০ গ্ৰাম আঁহযুক্ত খাদ্য থকা উচিত।
*ভিটামিন আৰু পৰিপূৰক পুষ্টিকৰ আহাৰ খোৱাৰ আগেয়ে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।
লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)