মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সমকামিতাৰ বিষয়ে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমকামিতাৰ বিষয়ে কিছু কথা

সমকামিতানো কি? আধুনিক যুগ সমগ্ৰ বিশ্বতে, সমগ্ৰ দেশত, লগতে আমাৰ অসমতো ন-ন চিন্তাধাৰাই খোপনি পুতিব ধৰিছে৷ সেই সূত্ৰে

চমু বিৱৰণি:-

সমকামিতানো কি? আধুনিক যুগ সমগ্ৰ বিশ্বতে, সমগ্ৰ দেশত, লগতে আমাৰ অসমতো ন-ন চিন্তাধাৰাই খোপনি পুতিব ধৰিছে৷ সেই সূত্ৰে সমকামিতাৰ বিষয়ে কিছু লাগতিয়াল কথা চিকিৎসকৰ দৃষ্টিৰে দাঙি ধৰিব লৈছোঁ৷ আস্তিকতা-নাস্তিকতা, নৈতিকতা, যৌনতা  আদিৰ  সংজ্ঞা  দিনে দিনে সলনি হ’ব ধৰিছে৷ বিবাহৰ ঠাই লিভ-ইন-টুগেদাৰ জাতীয় চিন্তাধাৰাই লোৱাটো আৰু বিবাহ-বিচ্ছেদ তেনেই সাধাৰণ কথা হৈ পৰাতো সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি যেন হোৱাৰ পথত অগ্ৰসৰ হৈছে৷ ফাষ্ট ফুড, ফাষ্ট লাইফ ষ্টাইলৰ সৈতে নতুন ব্যতিক্ৰমী চিন্তাধাৰাক নতুন প্ৰজন্মৰ এচামে অনায়াসে  গ্ৰহণ কৰিবলৈ  লোৱা পৰিলক্ষিত হৈছে৷

ইয়াৰ ফলত হ'ব পৰা স্বাস্থ্য জনিত বিপদ সমূহ:-

এতিয়া  স্বাস্থ্য জনিত  বিপদ সমূহৰ  বিষয়ে  উল্লেখ  কৰাৰ  আগতে  দুটিমান প্ৰাসংগিক কথা  কৈ  লওঁ৷ সমকামিতা  পুৰুষ পুৰুষৰ   মাজত  হ’লে  গে বুলি  কোৱা  হয় আৰু মহিলা  মহিলাৰ  মাজত  হ’লে  তাক লেচবিয়ান বুলি  কোৱা  হয়৷  কিন্তু  দেখা যায় এই  সম্বন্ধ  সাধাৰণতে  মাত্ৰ  দুজন  পুৰুষ  বা  দুগৰাকী মহিলাৰ  মাজতে  সীমাবদ্ধ হৈ নাথাকে৷  এবছৰৰ  পৰা  ৫ বছৰৰ  ভিতৰত  তেওঁলোকৰ  ৯০ শতাংশৰো অধিকেই  বহুগামী  হৈ  পৰে৷ আনকি   এজনী  সমকামী  নাৰীৰ  জীৱন কালত শতাধিক  নাৰীৰ  সৈতে সম্পৰ্ক  ঘটে৷  আকৌ বহু সংখ্যক  সমকামীয়েই  উভয় লিংগৰ  সৈতে  যৌন  কৰ্মত  লিপ্ত  হয়৷  এনে অনিয়ন্ত্ৰিত স্বচ্ছন্দ  যৌন  সম্ভোগৰ ফলতেই  স্বাস্থ্য জনিত  ৰোগ সমূহ  বিস্তাৰিত  হয়৷  মেডিকেল পৰিভাষা ব্যৱহাৰকাৰী সকলে  এই  দুটা  শব্দ  সততে  ব্যৱহাৰ  কৰে- MSM (পুৰুষে পুৰুষে যৌন  সম্বন্ধ কৰিলে),WSM (মহিলাই মহিলাই যৌন  সম্বন্ধ  কৰিলে)৷ইউৰোপ,  আমেৰিকা, অষ্ট্ৰেলিয়া  আৰু চীনৰ অধিকাংশ অঞ্চলত  MSM আৰু    WSM ব্যক্তিৰ ৰক্ত দানত বাধা   আৰোপ  কৰা আছে৷ অনায়াসে সমকামীৰ  মাজত  বিয়পা  যৌন ব্যাধিসমূহ  হ’ল- গ’নৰিয়া,  চিফিলিচ,   চালমাইডিয়া,   হাৰপিজ, এইচ আই  ভি৷ ইয়াৰ  ওপৰি  ৯৯ শতাংশই   আক্ৰান্ত  হয়  হিউমেন  পেপিলমা  ভাইৰাচৰ দ্বাৰা৷ কমেও  ৭০ বিধ  এনে  ভাইৰাচে  জননেন্দ্ৰিত  আচিনাই  বা  ৱাৰ্ট  উৎপন্ন  কৰে৷ ইয়াৰে  ২৫ বিধ  ভাইৰাচৰ কোনো    চিকিৎসা   নাই৷  কেতিয়াবা  ৰোগাক্ৰান্ত  ব্যক্তিৰ লক্ষণ সমূহ  সুপ্ত  হৈ  থাকে৷ গুহ্যদ্বাৰৰ  কেঞ্চাৰ আৰু চাৰভিক্সৰ  কেঞ্চাৰৰ  উৎপত্তি হিউমেন  পেপিলমা   ভাইৰাচৰ  পৰাই  হয়৷   হেপাটাইটিচ   বি    আৰু হেপাটাইটিচ    চি  ৰোগত  সমকামী  সহজে   আক্ৰান্ত  হয়৷  এই  দুই  ৰোগৰ    নিৰাময়  নহ’লে লিভাৰ কেঞ্চাৰলৈ   পৰিবৰ্তিত  হোৱাৰ  সম্ভাৱনা  থাকে৷ আকৌ   যিকোনো  ভাইৰাচ বা  বেক্টেৰিয়াৰ  দ্বাৰা সমকামী সকল  সহজে  আক্ৰান্ত  হয়৷

গে ব’ৱেল চিণ্ড্ৰোম:-

সমকামী সকলে ভোগা ক’লাইটিচ, প্ৰক্টাইটিচ, এন্টাৰাইটিচ আদি আন্ত্ৰজনিত ৰোগ| শাৰীৰিক  অপকাৰিতা সমূহ- বেক্টেৰিয়েল  মেনিজাইটিচ,  জননেন্দ্ৰিয়- গুহ্যদ্বাৰৰ  জখম,  ফেৰিন্সত   হোৱা   গ'নৰিয়া,   জিয়াৰডিয়া  বা আন পৰাশ্ৰয়ী   জীৱই  কৰা  ৰোগ৷ মানসিক  ৰোগ - ডিপ্ৰেচন,  হিংসাবৃত্তি,   আত্মহননৰ মনোভাৱ,   মাদক   দ্ৰব্য  বা  অইন     ড্ৰাগছৰ  সেৱন৷  লেচবিয়ান  মহিলাৰ  ক্ষেত্ৰত মানসিক  ৰোগৰ সম্ভাৱনা  তিনি গুণ  বেচি  দেখা  যায়৷  জীৱনৰ  আয়ু  কমেও কুৰি বছৰ  হ্ৰাস পোৱা -  ইন্টাৰনেশ্বনেল জাৰ্ণেল  অৱ  ইপিডেমিঅ'লজিৰ তথ্য মতে  ইয়াৰ ঘাই  কাৰণ  শৰীৰ  ৰোগ  প্ৰতিৰোধ  ক্ষমতা (ইমিউনিটি) হ্ৰাস  পোৱা৷

চমু ইতিহাস:-

এতিয়া অলপ  ইতিহাস  আৰু  আন  পৌৰাণিক  নথি  খুচৰি চাওঁ৷ ভাৰতীয়  গ্ৰন্থ সমূহত হিজৰা  বা নপুংসক,  শিৱৰ  অৰ্ধনাৰীশ্বৰ  ৰূপ,  বিষ্ণুৰ  মোহিনী  ৰূপ  ধাৰণ, ইন্দ্ৰৰ ঋষি  পত্নীৰ ধৰ্ষণ,  কৃষ্ণৰ ৰাসলীলা,  মহাভাৰতৰ  কুন্তীকে  ধৰি  অনেক  পাত্ৰ-পাত্ৰীৰ অবৈধ যৌন সম্পৰ্কৰ  বিষয়ে  কাহিনী  পোৱা গলেও সমকামিতাৰ  বৰ্ণনা  চকুত  পৰা নাযায়৷ বংশৰক্ষাৰ  হেতু  কৃত্ৰিম  প্ৰজননক  মান্যতা  দিয়াতো প্ৰমাণিত  হ’লেও ভাৰতীয়  সভ্যতাই  সমকামীক  প্ৰশ্ৰয়  দিয়া  জনা নাযায়৷  ইয়াৰ  বিপৰীতে  ইজিপ্ত আৰু চীন দেশত  খৃষ্ট জন্মৰ  বহু  বছৰ  আগৰ  পৰাই   সমকামিতাৰ প্ৰচলন  থকাৰ তথ্য  পোৱা  যায়৷  আজি ইজৰাইলৰ  ৰাজধানী  তেল  আভিভ  হ'ল  গে লোকসকলৰ অঘোষিত  ৰাজধানী৷  ইয়াৰ  বিপৰীতে  চৌডি আৰব,  ইৰাণ,   চুডান,  নাইজেৰিয়া,  য়েমন  আদি মুছলিম  দেশত  সমকামীক  মৃত্যুদণ্ডৰে  দণ্ডিত  কৰা হয়৷ আইনৰ দৃষ্টিত  পোলেণ্ড,  নেডাৰলেণ্ড, চুইডেন, কিউবেক  আৰু  ব্ৰিটেইন  সমকামী সকলৰ প্ৰতি অতি সদয়৷  পশ্চিমীয়া দেশ  আৰু   অষ্ট্ৰেলিয়াৰ সমাজ   ব্যৱস্থাই   সমকামী সকলক সহজভাবে  গ্ৰহণ  কৰাৰ বিপৰীতে  এচিয়াৰ  দেশসমূহে বিশেষকৈ  ভাৰতবৰ্ষ  আৰু আফ্ৰিকাৰ  কিছুমান  দেশে  সমকামী সকলৰ  প্ৰতি বিৰূপ  মনোভাৱ পোষণ  কৰে৷ ১৮৬৯ চনত  কাৰ্ল  মেৰিয়া  কেৰ্টবেনিৰ  জাৰ্মান  উপন্যাসত  পোন  প্ৰথম বাৰৰ বাবে সমকামীৰ বৰ্ণনা  প্ৰকাশলৈ  আহে৷  ইয়াৰ  পিছত ১৮৮৬ চনলৈ  ভিন্ন  ভিন্ন কেইবাজনো   পশ্চিমীয়া লিখকৰ  লিখনিত  সমকামিতাৰ  কথা  লিপিবদ্ধ হয়৷  ৰিচাৰ্ড ভন  ক্ৰাফ্ট- এবিংগ  নামৰ চেস্কোলজিষ্ট  এজনে  দুই  শতাধিকৰ  অধিক  ৰোগীৰ তথ্য  দাখিল  কৰি  ১৮৮৬ চনত  সমকামিতাক পোন প্ৰথমবাৰৰ  বাবে  এবিধ জন্মগত  ৰোগ  বুলি মতামত  ব্যক্ত  কৰে৷  মনোবিজ্ঞান  জগতৰ  পুৰোধা ব্যক্তি চিগময়ুণ্ড  ফ্ৰয়েডৰ  (১৮৫৬- ১৯৩৯) মতে  সমকামিতা  হ'ল  এক  মানসিক  ভ্ৰম অৱস্থা৷ ১৯৫২চনত আমেৰিকাৰ (ডায়েগন’ষ্টিক এণ্ড ষ্টেটিছটিকেল মেনুৱেল অব্‌ মেণ্টেল ডিছঅৰ্ডাৰ) সমকামিতাক এক মানসিক ব্যাধি  বুলি  লিপিবদ্ধ  কৰা  হয়৷ কিন্তু  ১৯৭৩  চনত  ব্যাপক  হেঁচাৰ  সন্মুখীনহৈ ব্যাধি শব্দটো আতৰাই ইয়াক  'ভুল নিৰ্ণয়'  বুলি  ঠাৱৰ  কৰা  হয়৷  বিশ্ব  স্বাস্থ্য সংস্থাই  ১৯৭৭ চনত (আই চি ডি-৯) সমকামিতাক  মানসিক  ব্যাধি  বুলি  লিখি  ১৯৯০ চনত (আই চি ডি-১০) লিষ্টৰ পৰা  আঁতৰাই দিয়ে৷ হিটাৰোসেক্সুৱেল-হ’ম’ছেক্সুৱেল ৰেটিং স্কেল (কিনছে স্কেল)- ১৯৫৩ চনত  ডাক্তৰ  আলফ্ৰেড কিনচেই ০ ৰ পৰা  ৬ লৈ  এক  যৌনতা  নিৰ্ণায়ক মানদণ্ড  নিৰুপন কৰে৷  বিপৰীত  লিংগৰ  প্ৰতি  পূৰ্ণ আসক্তি থকা সকল  ০  আৰু  একে  লিংগৰ  প্ৰতি  পূৰ্ণ আসক্তি  থকা সকল  ৬  শ্ৰেণীত পৰে৷ কোনো যৌন আসক্তি নথকা সকল X  শ্ৰেণীত  পৰে৷

সমকামী  হোৱাৰ  কাৰণ :-

বিজ্ঞানী সকলে  সমকামী  হোৱাৰ  কাৰণ  জানিবলৈ  নিৰন্তৰ  প্ৰয়াস  কৰি  আহিছে৷ এতিয়ালৈকে জ্ঞাত হোৱা তথ্য খিনি  তলত  দিয়া  হ’ল ৷

.মানুহৰ  ওপৰিও  ভেড়া  ছাগলি, গাহৰি,  সিংহ,  ৰাজহাঁহ,  পেংগুইণ  আদি  জীৱৰ  মাজতো  সমকামিতা বিজ্ঞানী সকলৰ  চকুত  ধৰা  পৰিছে৷

.জেনেটিক  বা  বংশ গতিৰ  ওপৰিও  আন  কাৰকো  নিশ্চিত ভাবে  জড়িত৷ 
.সমকামী লেচবিয়ানে  পিতৃৰ  পৰা  বংশগতি  লাভ  কৰে৷
.সমকামী   গে  পুৰুষে  মাতৃৰ  পৰা  বংশগতি  লাভ  কৰে|

.দুজন  যঁজা  সন্তানৰ  দুয়োটি  সন্তানৰ  যৌন  ৰুচিবোধ  পৃথক-পৃথকো  হ’ব  পাৰে৷

.প্ৰসিদ্ধ  জীৱ বিজ্ঞানী  ৱিলিয়াম  ৰাইচৰ  মতে (এপি-জেনেটিক্স থিয়ৰী) মাতৃগৰ্ভত সন্তান  থকা  সময়ত ডি  এন  এত  পৰিবৰ্তন  নঘটাকৈ,  টেষ্ট’ষ্টেৰন   হৰমোনৰ প্ৰভাৱত  সন্তানৰ  যৌন স্বভাৱৰ  নিৰূপণ  হয়৷ পিতৃৰ  টেষ্ট'ষ্টেৰন লেভেল  কম  হ’লে নাইবা  মাতৃৰ  টেষ্ট'ষ্টেৰন  লেভেল  অধিক  হ’লে  গৰ্ভস্থ সন্তান সমকামী হৈ  ওপজাৰ সম্ভাৱনা৷

.১৯৩৩ চনৰ  এটা  থিয়ৰি মতে  X  ক্ৰমচমত Xq28  নামৰ  জেনেটিক  মাৰ্কাৰ  থাকিলে  সন্তান  গে   হৈ ওপজে৷  সেয়ে  সময় মতে  এই  জিন  ধৰা  পৰিলে  গে  সন্তান  প্ৰসৱ  দিয়াৰ  সলনি  গৰ্ভপাত কৰাব পাৰি৷

.১৯৯১ চনৰ পৰা  ২০০১ চনলৈ  হোৱা  বিভিন্ন  প'ষ্টমৰ্টেমত  দেখা  গৈছে যে সমকামী সকলৰ হাইপোথেলামাচৰ নাইবা মস্তিষ্কৰ এন্টিৰিয়ৰ কমিচৰ অইনৰ তুলনাত ডাঙৰ৷ এইটো সকলোৰে জ্ঞাত যে হাইপোথেলমাচে  পিটিওটৰিৰ মাধ্যমেৰে শৰীৰৰ হৰম'নৰ ওপৰত নিয়ন্ত্ৰণ  কৰে৷

মোখনি:-

এতিয়া  প্ৰশ্ন  হয়  পাৰি-পাৰ্শ্বিকতা,  পৰিয়াল-সমাজৰ  শিক্ষা- দীক্ষা  আদিৰ  কি একো ভূমিকা   নাথাকে এজন ব্যক্তিৰ যৌন স্বভাৱ নিয়ন্ত্ৰণ কৰাত? সমকামিতা প্ৰাচীনকালৰ পৰাই এক বিতৰ্কিত বিষয় হৈ আহিছে৷ সন্মানৰ বা আদৰৰ চকুৰে সমাজত সমকামীসকলক চোৱা নহয়৷ সমকামী সকলে নিজকে যিমান ‘নৰ্মাল’ বুজাবলৈ চেষ্টা নকৰক কিয় আগতে উল্লেখ কৰা হৈছে যে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সমস্যা প্ৰায় সকলৰ থাকেই৷ ৮০শতাংশ সমকামীয়ে নিজে বা অভিভাৱকৰ দ্বাৰা মনোচিকিৎসকৰ সহায় বিচাৰে৷ কিন্তু কুৰি শতাংশ সমকামী  হ’ল  বেপৰোৱা৷ এইডচত  আজিকালি সহজে  নমৰে  বুলি  জনাৰ  পিছত সমকামী সকলৰ  দ্বাৰাই এচিয়াত  এইচ  আই  ভি  পজিটিভ  লোকৰ সংখ্যা বাঢ়িছে  বুলি  ২০০৯ চনতেই বিশ্ব স্বাস্থ্য  সংস্থাই  সতৰ্কবাণী  শুনাই  থৈছে৷  প্ৰায় বেচিভাগ সমকামীয়েই  নিজৰ  এইচ আই  ভি  ষ্টেটাচ নিজৰ  যৌন  সংগীক  নজনায়৷ কন্ডোম, গ্লোভচ আদি ব্যৱহাৰ নকৰে৷ সমকামিতা  কোনো  গৌৰবৰ  বা আধুনিকতাৰ  পৰিচায়ক  নহয়৷  আনহাতে তেওঁলোক  কোনো কাৰণতে  পুতৌৰ  পাত্ৰ  হ’ব  নালাগিব৷ সমকামিতা এনে এক অৱস্থা যাক  বংশগতিৰ  ওপৰিও বাতাবৰণ আদিয়ে নিয়ন্ত্ৰিত কৰে৷ মদ, চিগাৰেট এৰিব পাৰিলে অবাধ যৌনাচাৰো ত্যাগ কৰাটো অসম্ভৱ নহয়৷ গে' বা লেচবিয়ান অৱস্থা ত্যাগ নকৰিলেও নিজৰ আৰু সমাজৰ স্বাস্থ্যৰ খাতিৰত এজন মাত্ৰ যৌনসংগীতেই জীৱন অতিবাহিত কৰক৷ কপিকেট চিনড্ৰমৰ বশবৰ্তীহৈ বলপূৰ্বক নিজকে সমকামী সজাবলৈ নাযাব৷ সুদীৰ্ঘ  ৩৫বছৰ  নিৰবিচ্ছিন্নভাবে মনোবিজ্ঞানৰ  চিকিৎসাত  জড়িত  এই চিকিৎসক জন  খৃষ্ট ধৰ্মাৱলম্বী লোক৷ খৃষ্টান ধৰ্মই সমকামিতাক সমৰ্থন নকৰে৷ কিন্তু তেওঁৰ  উল্লেখিত বক্তব্যসমূহ চিকিৎসা  বিজ্ঞানৰ দৃষ্টিত নিৰপেক্ষ  মন্তব্য৷ মোখনিত ইমানেই  কম  যে  এক  চমু  লিখনিৰ  মাধ্যমেৰে ইমান  বিতৰ্কিত বিষয় এটাত সকলো দিশ সামৰা সম্ভৱপৰ নহয়৷ তাৰোপৰি  মোৰ এই লিখনিৰ উদ্দেশ্য  কাৰো  মনত আঘাত  দিয়া  বা  কাকো  হেয়  প্ৰতিপন্ন  কৰা কাহানিও  নহয়৷

লেখক:- ডা° ভূপেন শইকীয়া

উৎস:- ই-আলোচনী জোনাকীৰ বাটেৰে

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top