মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সহজলভ্য বনৌষধি উদ্ভিদ আৰু ইয়াৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সহজলভ্য বনৌষধি উদ্ভিদ আৰু ইয়াৰ প্ৰয়োজনীয়তা

সহজলভ্য বনৌষধি উদ্ভিদ আৰু ইয়াৰ প্ৰয়োজনীয়তা লিখা হৈছে

প্রাকৃতিক সম্পদত চহকী ৰাজ্য অসম-

 

প্রাকৃতিক সম্পদত চহকী ৰাজ্য অসমখন বিভিন্ন প্রকাৰৰ উদ্ভিদেৰে ভৰি আছে। এই উদ্ভিদসমূহৰ প্রায়ভাগেই ঔষধি গুণসম্পন্ন। এনে ঔষধিগুণ সম্পন্ন সহায়তে অতীতৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময় কৰি আহিছে। অতীততে মানুহে এনে উদ্ভিদৰ পৰা বনদৰৱ তৈয়াৰ কৰিছিল, যিবোৰে বিভিন্ন ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছিল। আজিও সমাজত এনে দৰৱ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। দুখৰ বিষয় যে বর্তমান এনে ঔষধি উদ্ভিদসমূহৰ সংৰক্ষণৰ অভাৱত আমাৰ ৰাজ্যৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে।

অসমত সহজতে উপলব্ধ কেইবিধমান ঔষধি গছৰ গুণাগুণ সম্পর্কে তলত আলোকপাত কৰা হ’ল—

 

(১) তুলসী: অসমৰ যিকোনো ঠাইতে উপলব্ধ এবিধ চিনাকি বনৌষধি হৈছে তুলসী। তুলসী বহুবর্ষজীৱী বনৌষধি উদ্ভিদ। বন তুলসী, ৰাম তুলসী,ক’লা তুলসী আদি কেইবা প্রকাৰৰো তুলসী অসমত পোৱা যায়। তুলসীৰ পাত বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কাহ, কফ, জ্বৰ, পেটৰ অসুখৰ ঔষধ হিচাপে তুলসী পাতৰ ৰস সেৱন কৰা হয়। তুলসী যিকোনো ৰোগৰ বীজাণুনাশক। ইয়াৰ ৰস, গোন্ধই সংক্ৰামক ৰোগ প্রতিৰোধ কৰিব পাৰে। তুলসী পাত খালে শৰীৰৰ তেজো পৰিষ্কাৰ হয়। শৰীৰত বসন্ত ৰোগ হ’লে ক’লা দাগ ৰৈ যায়। এই দাগসমূহত তুলসী পাতৰ ৰস সানিলে ভাল হয়।

(২) মছন্দৰী : মছন্দৰী এবিধ বহুবর্ষজীৱী বনৌষধি। সাধাৰণতে ছাঁ পৰা, চেঁচুক অঞ্চলত এইবিধ বন গজি উঠে। মছন্দৰী ৰস ২/৩ টা জালুকৰ লগত খালে পেটৰ বিষ নিৰাময় হয়। পোৰা ঘাঁ, কটা আদিৰ ক্ষেত্ৰতো মছন্দৰী ব্যৱহাৰ হয়।

(৩)মানিমুনি : মানিমুনি এবিধ বহুবর্ষজীৱী ঔষধি বন। ইয়াক দুই প্ৰকাৰে পোৱা যায়। সৰু মানিমুনি আৰু বৰ মানিমুনি। এইবিধ বন সহজে ঘৰৰ দাঁতিকাষৰীয়া অঞ্চল; শাকনিবাৰীত গজি উঠে। সৰু মানিমুনিৰ পাত সৰু আৰু ১.৫ চেঃমি: ব্যাসৰ। অন্যহাতে বৰমানিমুনিৰ পাতৰ ব্যাস ২.৫ ছেঃ মিঃ হয়। দুয়োবিধ মানিমুনিৰে “চেণ্টেলিক এচিড’, ‘চেণ্টটিক এচিড', 'গ্লাইকচাইড্‌ছ, আদি ৰাসায়নিক পদার্থ পোৱা যায়। পাতৰ ৰস পেটৰ অসুখ, অজীর্ণ, দুর্বল স্মৃতিশক্তি আভোক, গ্ৰহণী আদিৰ ঔষধ হিচাপে ব্যৱহৃত হয়। পেট পোৰণিত সৰুমানিমুনি, বৰমানিমুনি ৰস দিনে ৫ চামুচকৈ খাব লাগে। পিত্ত ৰোগৰ ক্ষেত্ৰতো সৰুমানিমুনি অতি উপযোগী। সৰুমানিমুনি, বৰমানিমুনিৰ ৰস মিচিৰি বা মৌৰ লগত খালে সঞ্চিত গ্ৰহণী নিৰাময় হয়।

(৪) পদিনা : পদিনা বহুবর্ষজীৱী ঔষধি বন। নদীকাষৰীয়া ঠাই, শীতল সেমেকা অঞ্চলত এইবিধ বন গজি উঠে। এইবিধ বন অতি সহজে বৃদ্ধি হয়। পেটৰ বিষ, অজীর্ণ, বুকুৰ বিষ, আভোক আদিৰ ঔষধ হিচাপে পদিনা গ্রহণ কৰা হয়।

(৫) ভেদাইলতা : ভেদাইলতা এবিধ বহুবৰ্ষজীৱী ঔষধিলতা। সাধাৰণতে পেটৰ অসুখৰ ক্ষেত্ৰত ভেদাইলতা পাতৰ ৰস সেৱন কৰা হয়। তদুপৰি, পাত পিহি চাটনি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। অসমৰ সকলো ঠাইতে এইবিধ লতা সহজলভ্য। শিপাৰ ৰস আৰু গুটি খালে কেচুমুৰীয়া ৰোগ ভাল হয়। বাতবিষ, বুকুৰ বিষৰ ক্ষেত্ৰত ভেদাইলতাৰ ৰস সেৱন কৰিলে উপশম পাব পাৰি। ভেদাইলতাৰ পাতত কেৰটিন আৰু ভিটামিন ‘চি’ থাকে।

(৬) ব্ৰাহ্মী : ব্রাহ্মী বর্ষজীৱী ঔষধি বন। ইয়াৰ পুষ্প আৰু পাতৰ আকাৰ সৰু হয়। পাত সাধাৰণতে তিতা, ‘ব্ৰহ্মীণ’ আৰু ‘হাৰপিষ্টান’ নামৰ দুবিধ এলকেলয়ডব্রাহ্মী বনত পোৱা যায়।

স্মৃতিশক্তিবর্ধক হিচাপে ব্রাহ্মীৰ পাতৰ ৰস অতীতৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্রীৰ কাৰণে ব্ৰাহ্মী এক লাগতিয়াল বনৌষধি।

অসমৰ বনৌষধি উদ্ভিদসমূহ মানৱ জাতিৰ কাৰণে অতি লাগতিয়াল আৰম্ভ উপযোগী ঔষধ। হোমিওপেথিক চিকিৎসাৰ ক্ষেত্ৰতো অসমৰ বনৌষধি বিভিন্ন ৰোগৰ নিৰাময়ক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। এনে পদ্ধতিত পাৰ্শ্বক্ৰিয়া নাথাকে আৰু ই সম্পূর্ণ জৈৱিক পদ্ধতি। ঔষধি গছসমূহৰ উপকাৰিতা আৰু প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এনে উদ্ভিদৰ খেতি কৰাৰ আঁচনি ল’ব পৰা যায়। অসমৰ জীপাল মাটিত এইবোৰ উদ্ভিদ বিভিন্ন অঞ্চলত নিজে নিজে গজি উঠা দেখা গৈছে। বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি এইবোৰ উদ্ভিদৰ খেতি কৰিব পাৰিলে আমাৰ ৰাজ্যখনে বনৌষধিৰ দিশত অভিলেখ সৃষ্টি কৰিব পাৰিব আৰু তাৰ জৰিয়তে ঔষধ প্রস্তুতিৰ উদ্যোগ গঢ়ি তুলিব পৰা যাব। ৰাজ্যখনৰ যুৱক-যুৱতীসকলে এনে প্রচেষ্টা হাতত ল’লে নিবনুৱা সমস্যা সমাধানৰ সুগম পথ মুকলি হোৱাৰো সম্ভাৱনা আছে।

 

লিখক: বেদান্ত বিকাশ চুতীয়া, দৈনিক জনমভূমি।

 

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top