মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সাধাৰণ ক’লা কচুৰো আছে ৰোগ নিৰাময় গুণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাধাৰণ ক’লা কচুৰো আছে ৰোগ নিৰাময় গুণঃ

ক’লা কচু সকলোৰে পৰিচিত এবিধ বনজাতীয় উদ্ভিদ। ই য’তে ত’তে গজে। ইয়াৰ বৈজ্ঞানিক নাম

চমু বিৱৰণ

ক’লা কচু সকলোৰে পৰিচিত এবিধ বনজাতীয় উদ্ভিদ। ই য’তে ত’তে গজে। ইয়াৰ বৈজ্ঞানিক নাম কককেচিয়া ইছকুলেৰটা(লিনন)স্কোট আৰু ই আৰ্কিয়া  গোত্ৰৰ। ইংৰাজীত ইয়াক ককয়াম  বোলা হয়। ইয়াৰ পাত বহল আৰু ঠাৰি দীঘল। ঠাৰি কাটিলে ৰস ওলায়। ইয়াৰ পাত, ঠাৰি আৰু থুৰ পাতত দি আঞ্জা কৰি নাইবা ভাজি খোৱা হয়। ক’লা কচুৰ ঠাৰিৰ পৰা আয়’ডিন পোৱা যায়। ক’লা কচুৰো ঔষধি গুণ আছে। ইয়াৰ পাত, ঠাৰি, থুৰ আৰু শিপা ঔষধ হিচাপেও ব্যৱহাৰ হয়।

ক’লা কচুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

v  ক’লা কচু সিজাই সেই পানী খালে জণ্ডিচ ৰোগত উপকাৰ পোৱা যায়।

v  প্ৰস্ৰাৱ নহ’লে ক’লা কচুৰ পাত আৰু ঠাৰি সিজাই চেঁচা কৰি সেই পানী খালে প্ৰস্ৰাৱ হয়।

v  টনচিল ৰোগীৰ বাবে ক’লা কচু খোৱাটো উপকাৰী।

v  ক’লা কচু কাটিলে যি আঠা ওলায়, সেয়া বীজাণুনাশক। সেয়ে যিকোনো কটা-ছিগাত ক’লা কচুৰ আঠা লগালে বীজাণু নাশ হোৱাৰ লগতে তেজ বন্ধ হয়।

v  ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ক’লা কচু খোৱাটো উপকাৰী। কাৰণ ইয়াত যথেষ্ট লৌহ পদাৰ্থ থাকে।

v  ক’লা কচুৱে গৰল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

v  গাৰ বিষ হ’লে জালুকেৰে ক’লা কচুৰ আঞ্জা ৰান্ধি খালে বিষ নাশ হয় আৰু আৰাম পোৱা যায়।

v  ক’লা কচু খোৱাটো কুকুৰীকণা ৰোগীৰ বাবেও উপকাৰী।

v  গৰ্ভৱতী মহিলাই ক’লা কচুৰ আঞ্জা খাব লাগে। ইয়াৰ ফলত গৰ্ভত থকা সন্তানৰ বিকাশৰ ক্ষেত্ৰত সুফল পোৱা যায়।

লেখিকাঃ ললিতা শৰ্মা লহকৰ

উৎসঃ অসমীয়া খবৰ

2.96296296296
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top