মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সাধাৰণ ৰোগৰ ঘৰুৱা উপসম -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাধাৰণ ৰোগৰ ঘৰুৱা উপসম -

সাধাৰণ ৰোগৰ ঘৰুৱা উপসমৰ বিষয়ে লিখা হৈছে ।

 

(১) বৰল, মৌমাখি বা কোদোৱে বিন্ধিলে বৰকৈ বিষায়। পিয়াঁজ পিহি প্ৰলেপ দিলে বিষ কমে।

(২) ৰসগোলা খালে কেতিয়াবা খাদ্যনলীত সোপামাৰি লাগিধৰে বাবে কথা ক'ব নোৱাৰে আনকি শ্বাস-প্ৰশ্বাস লব নোৱাৰা হয়। সেয়েহে ৰসগোলা খোৱাৰ আগতে পানী খাব আৰু অলপ অলপকৈ ৰসগোলা খাব।

(৩) সৰু লৰা-ছোৱালীয়ে বগৰী, জলফাই ,শিলিখা , খেজুৰ আদি খাওঁতে কেতিয়াবা গুটি গিলি দিয়ে আৰু কন্ঠনলীত লাগিধৰে। ভৰি দুটাত ধৰি মূৰটো তললৈ ৰাখিব আৰু এজনে পিঠিত জোৰেৰে চপৰিয়াই দিব। গুটি মুখেৰে ওলাই আহিব।

(৪) নাকৰ পৰা হঠাতে তেজ ওলালে পিয়াঁজৰ ৰস কেইটোপালমান নাকৰ ফুটাত দিলে তেজ ওলোৱা বন্ধ হয় । শৰীৰৰ আন অংশৰ পৰা তেজ ওলালেও পিয়াঁজৰ ৰস ব্যৱহাৰ কৰিব পাৰে।

(৫) পুৰণি ডিছেন্ট্ৰী , ডায়েৰীয়া, কলাইটিচ ৰোগীয়ে প্ৰতিদিনে এটাকৈ পকা বেলৰ চৰ্বত১০-১৫ দিন খালে এই ৰোগ ভাল হয়।

(৬) জিভা কামোৰ খোৱা অথবা মুখৰ ভিতৰত হোৱা যিকোনো ধৰণৰ ঘাঁ সোনকালে শুকুৱাৰ লগতে বিষ উপসমৰ কাৰণে মৌ ৪ ঘন্টাৰ অন্তৰত লগাব।

(৭) গৰ্ভৱতীয়ে সদায় ৫-৬ টা খেজুৰ খালে প্ৰসৱোত্তৰ কালীশ ৰক্তস্ৰাৱ হোৱাৰ সম্ভাৱনা নাথাকে।

(৮) ৰাতিপুৱা খালিপেটত ৪-৫ ফুটা নহৰু বাকলি সহ গিলি খালে , ২ কাপ চাহ খালে আৰু ২ টাকৈ কল খালে উচ্চ ৰক্তচাপ, হৃদৰোগ হব নোৱাৰে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top