মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সাধাৰণতে আমি অনুশীলন কৰা কেইবিধমান আসন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাধাৰণতে আমি অনুশীলন কৰা কেইবিধমান আসন

সাধাৰণতে আমি অনুশীলন কৰা কেইবিধমান আসনৰ বিষয়ে লিখা হৈছে ।

সৰ্বাঙ্গাসন -

এই আসন কৰিলে সকলো ৰোগৰ পৰা হাত সাৰি সৰ্বৰোগ দূৰ হয় কাৰণে ইয়াৰ নাম ‘সৰ্বাঙ্গাসন’। ‘থাইৰয়ড গ্লেণ্ড’ কন্ঠনলীৰ দুয়োফাষে অৱস্থিত।

এই গ্লেণ্ডৰ পৰা ‘হৰমোন’(এবিধ অৰ্ন্তমুখী ৰস) ওলাই আহি শৰীৰৰ বিভিন্ন কাৰ্যপ্ৰণালী নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ই শৰীৰৰ দূষিত পদাৰ্থসমূহ নাশ কৰে আৰু ৰোগৰ বীজাণু ধ্বংস কৰি স্বাস্থ্যৰক্ষা কৰে।

প্ৰণালী:

এই আসন কৰোতে ওপৰলৈ মুখ কৰি শুব। দুই হাত শৰীৰৰ দুই কাষে ৰাখি, আঁঠু দুটা ভাঁজ কৰি দুই ভৰি পেটৰ কাষলৈ আনি লাহে লাহে ওপৰলৈ উঠাব। থুতৰিৰে বুকু স্পৰ্শ কৰিব। দুই ভৰি সংলগ্ন থাকিব।

কিলাকুটি মাটিত ৰাখি হাতেৰে পিঠিত ধৰি থাকিব। দুৰ্বল হৈ পৰে আৰু হৃদস্পন্দন মাত্ৰাধিক হয়। আনহাতে হৰমোন যদি প্ৰয়োজনৰ তুলনাত কম পৰিমাণে ওলায়, তেতিয়াও বিভিন্ন ধৰণে শাৰীৰিক সমস্যা প্ৰকট হয়।

  • অলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা,
  • ধাৰণা শক্তি হ্ৰাস হোৱা,
  • হজম শক্তি কমি যোৱা,
  • কোষ্ঠকাঠিন্য হোৱা,
  • অনাৱশ্যক মেদ বৃদ্ধি,
  • শৰীৰৰ ৰক্তচাপ কমি যোৱা,
  • অকালতে চুলি পৰা,
  • দাঁত সৰা ইত্যাদি এশ এটা সমস্যাই জুৰুলা কৰে, এই আসন অভ্যাসৰ জতিয়তে উক্ত শাৰীৰিক সমস্যাবোৰ সম্পূৰ্ণভাৱে নাইকিয়া কৰি স্বাভাৱিক আৰু নিৰোগী স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি।

সূৰ্য নমস্কাৰ আসন -

সূৰ্যৰ শক্তিতে আমি সকলোবোৰ প্ৰাণী জীয়াই আছো। সূৰ্য নমস্কাৰ আসনৰ জৰিয়তে সূৰ্যৰ শক্তি অধিকভাৱে গ্ৰহণ কৰিবৰ বাবে পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে এই আসন অভ্যাস কৰিব লাগে।

প্ৰণালী:

দুই ভৰিৰ মাজত হয় ছেন্টিমিটাৰমান ব্যৱধান ৰাখি নমস্কাৰ ভংগীত থিয় হ’ব। ওপৰমুৱাকৈ ৰাখি শিৰৰ পিছলৈ নি যিমান পাৰে পিছলৈ হাউলিব।

উশাহ এৰি এৰি দুই ভৰি পোনকৈ ৰাখি দুই হাত মাটিত ৰাখিব। কপাল দুই আঁঠুৰ মাজত থাকিব।

হাতৰ তলুৱাৰ ওপৰত ভৰ দি আৰু বাওঁভৰি দুই হাতৰ মাজত ৰাখি সোঁভৰি পিছলৈ নিব। এইবাৰ আৰু সন্মুখলৈ চাব।

উশাহ গ্ৰহণ কৰি দুই ভৰি পিছলৈ নি দুই হাতৰ তলুৱাৰ ওপৰত ভৰ দি সন্মুখলৈ চাব। দুই হাতৰ তলুৱাৰ ওপৰত শৰীৰত ভৰ ৰাখি সন্মুখলৈ চাব।

সময়:

প্ৰতিবাৰতে ৩০ ছেকেণ্ডকৈ অৱস্থান কৰিব।

উপকাৰ:

হাড়ৰ সংযোগস্থলীবোৰৰ স্থিতিস্থাপকতা বাঢ়ে। বদহজম ভাল হয়। হাওঁফাওঁৰ কাৰ্যক্ষমতা বাঢ়ে। বদহজম ভাল হয়। হাওঁফাওঁৰ কাৰ্যক্ষমতা বাঢ়ে।

মেৰুদণ্ড নমনীয় হয়। মহিলাৰ শিথিল স্তন দৃঢ় হয়। সৰু স্তন ডঙৰ হয়। শৰীৰৰ সম্পূৰ্ণ ব্যায়াম হয়। শক্তি বাঢ়ে। সূৰ্য উদয় হোৱাৰ লগে লগে এই আসন অভ্যাস কৰিলে সূৰ্যৰ দৰে জ্যোতিস্মান হৈ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ’ব পৰা যায়।

চক্ৰাসন বা অৰ্ধচক্ৰাসন -

এই আসনত উপবিষ্ট হওঁতে শৰীৰৰ আকাৰে চক্ৰৰ আকাৰ ধাৰণ কৰে কাৰণে এই আসনৰ নাম চক্ৰাসন বা অৰ্ধচক্ৰাসন।

প্ৰণালী:

ওপৰমুৱা কৰি শুব। দুই হাত আৰু দুই ভৰি চপাই নি পেট ওপৰলৈ প্ৰসাৰ কৰিব।

সময়:

২০ ছেকেণ্ডকৈ  দিনে চাৰিবাৰ।

প্ৰয়োজন:

এই আসনৰ আগত সৰ্বাঙ্গাসন কৰি ল’ব।

নিষেধ:

গৰ্ভৱতীৰ বাবে।

উপকাৰ:

মহিলাৰ স্তনৰ শিথিলতা দূৰ হয়। একাধিক সন্তানৰ মাতৃয়েও যদি এই আসন কৰে, স্তন দৃঢ় হৈ থাকে। যৌৱনকাল দীৰ্ঘস্থায়ী হয়। শৰীৰৰ উচ্চতা বৃদ্ধি হয়।

  • জণ্ডিচ,
  • চায়েটিকা,
  • স্বপ্নদোষ আদি ৰোগৰ বাবে উপযোগী।

বীৰ্য ৰক্ষা হয় আৰু বিকাৰ দূৰ হয়। বৃদ্ধ বয়সতো কঁকাল নপৰে। পেটৰ অনাৱশ্যক চৰ্বি হ্ৰাস পায়। শৰীৰৰ সকলো অংগ মজবুত হৈ থাকে।

লেখক: দেৱজিত শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

4.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top