মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সাধাৰণতে হোৱা কিছুমান ৰোগৰ ঘৰুৱা দিহা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাধাৰণতে হোৱা কিছুমান ৰোগৰ ঘৰুৱা দিহা

সাধাৰণতে হোৱা কিছুমান ৰোগৰ ঘৰুৱা দিহাৰ বিষয়ে লিখা হৈছে ।

বদহজম -

  • খাদ্যবস্তু লাহে লাহে ভালকৈ চোবাই খাওক।
  • একেলগে বেছি পৰিমাণে নাখাব।
  • ভাত খোৱাৰ সময়ত পানী নাখাই এক-ডেৰঘন্টা পিছত খাওক।
  • খোৱাৰ পিছতে বিছনালৈ নাযাব। কিন্তু সময় বিশ্ৰাম লওক অথবা খোজকাঢ়ক।
  • বেছি চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰক।
  • ধূমপান, মদ্যপান নিষেধ। কফি, চাহ, ক’লডড্ৰিংকচ বেছি নোখোৱা ভাল।
  • শোৱাৰ সময়ত বাওঁফালে কাটি হৈ শোৱক।
  • শোৱাৰ আগতে কাপোৰ ঢিলাকৈ পিন্ধক।

চুলি সৰা -

  • প্ৰচুৰ পানী খাওক। প্ৰতিদিনে ৮-১০ গ্লাচ।
  • সপ্তাহত তিনিদিন নাৰিকল তেল সানক।
  • শ্বেম্পু সপ্তাহত দুদিন কৰক।
  • অহেতুক চিন্তা-ভাৱনা, উদ্বেগ পৰিহাৰ কৰক।
  • খাদ্য তালিকাত শাক-পাচলি, ফলমূল নিয়মিত ৰাখক।
  • উফি থাকিলে তাৰ চিকিৎসা লওক।

উচ্চ ৰক্তচাপ -

  • অতিৰিক্ত ওজন কমাওক।
  • প্ৰতিদিনে দুই গ্ৰামৰ বেছি নিমখ নাখাব।
  • নিয়মীত ব্যায়াম কৰক।
  • ধুমপান, মদ্যপান নিষেধ, অতিৰিক্ত চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰক।
  • অহেতুক চিন্তা-ভাৱনা, উদ্বেগ দূৰত ৰাখক।
  • পঠাৰ মাংস মুঠেও নাখাব, মুৰ্গীৰ মাংস কম পৰিমাণে খাব পাৰে।
  • দিনে এটাৰ বেছি কণী নাখাব।
  • মিনাৰেল ৱাটাৰ মুঠেও নাখাব।

কলেষ্টেৰল -

  • সৰিয়হৰ তেল, সূৰ্যমুখী বা ৰেপচিড তেল খাওক।
  • অতিৰিক্ত চৰ্বিজাতীয় খাদ্য, মাংস, ঘিউ, মাখন, কণীৰ হালধীয়া অংশ পৰিহাৰ কৰক।
  • অধিক তন্তুজাতীয় খাদ্য, শাক-পাচলি, ফলমূল নিয়মিত খাদ্য তালিকাত ৰাখক।
  • মদ্যপান, ধূমপান নিষেধ। চাহ, কফি কমকৈ খাওক।
  • মানসিক চাপ কমাওক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • নিয়মিত ব্যায়াম কৰক।
  • কেঁচা পিঁয়াজ নিয়মিত খাদ্য তালিকাত ৰাখক।
  • নিতৌ ৩-৪ ফোঁটা নহৰু খালে কলেষ্টেৰলৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পায়।
  • বেছি পৰিমাণে চয়াবিন খোৱাৰ অভ্যাস গঢ়ি তোলক।
  • কলেষ্টেৰল বাঢ়িলে গাখীৰ বা দুগ্ধজাত দ্ৰব্য নোখোৱা ভাল।

আলচাৰ -

  • খালীপেটত বেছিসময় নাথাকিব।
  • গৰম খাদ্য মুঠেও নাখাব।
  • চাহ, কফি, মদ্যপান, ধূমপান নিষেধ।
  • বিষৰ বড়ি জধে-মধে নাখাব।
  • তেল, জলা, ভজা, মছলাজাতীয় খাদ্য নোখোৱা ভাল।
  • সময়মতে নিয়মিত খাদ্য খাওক।
  • কোষ্ঠ পৰিষ্কাৰ ৰাখক, খাদ্য তালিকাত শাক-পাচলি, ফলমূল ৰাখক।
  • প্ৰচুৰ পানী খাওক, গাখীৰ মুঠেও নাখাব।
  • চৰ্বিজাতীয় খাদ্য যিমানপাৰে এৰাই চলক।
  • বুকু জ্বলা-পোৰা কৰিলে পিঠিৰ ফালে গাৰুৰ সহায়ত ওখকৈ শোৱাৰ অভ্যাস কৰক।
  • অহেতুক উত্তেজনা-ভয়, চিন্তা, উদ্বেগ পৰিহাৰ কৰক।

ব্ৰংকাইটিচ -

  • ঠাণ্ডা নলগাব।
  • প্ৰদূষণৰ পৰা দূৰত থাকক।
  • বেছি ৰ’দত ঘূৰা-ফুৰা নকৰিব।
  • মুক্ত নিৰ্মল বতাহত প্ৰাতঃভ্ৰমণ উপকাৰী।
  • ৰাতি ভাল টোপনি হোৱা উচিত।
  • ইষদুষ্ণ পানীৰে গা ধুব।
  • সময়মতে খাদ্য গ্ৰহণ কৰিব।
  • ক’লডড্ৰিংকচ, আইচক্ৰীম, ধূমপান সমূলি বৰ্জন কৰক।
  • সেমেকা ঘৰত নাথাকিব। ৰ’দ-বতাহ সোমাব পৰা ঘৰত থাকক।

চৰ্দি-জ্বৰ-কাহ:

  • তৰলজাতীয় পুষ্টিকৰ খাদ্য বেছিকৈ খাওক। কিন্তু ভাত বন্ধ নকৰিব।
  • পৰ্যাপ্ত বিশ্ৰাম লওক। প্ৰচুৰ পানী খাওক।
  • গৰম ভাপ লওক।
  • নেমুৰ ৰস, মৌ মিহলাই খাওক। আদা বা আমলখিও খাব পাৰে।
  • বেলেগ বিছনাত শুৱক যাতে বেমাৰ আনলৈ সংক্ৰমণ নঘটে।
  • চিকিৎসকৰ পৰামৰ্শমতে বন্ধ নাক খুলিবলৈ নেজেল ড্ৰপ ব্যৱহাৰ কৰিব পাৰে।
  • ডিঙিৰ বিষ থাকিলে নিমখ গৰম পানীৰে কুলকুলি কৰক।
  • দুৱাৰ-খিৰিকি খোলা ৰান্ধিব যাতে পৰ্যাপ্ত ৰ’দ-বতাহ সোমাব পাৰে।
  • বেছি জ্বৰত পেৰাচিটামল খাব পাৰে। কিন্তু সাতদিনৰ বেছি হ’লে চিকিৎসকৰ পৰামৰ্শমতে এন্টিবায়োটিক খাওক।

ব্ৰণ:

  • প্ৰচুৰ পানী খাওক। নিতৌ ৮-১০ গ্লাচ।
  • প্ৰতিদিনে ভিটামিন-চি সমৃদ্ধ খাদ্য নেমু, শাক পাচলি, ফলমূল খাওক।
  • উফি থাকিলে তাৰ চিকিৎসা কৰাওক।
  • চুলিত তেল নিদিয়াই ভাল।
  • ৰাতি টোপনি ভাল হোৱা উচিত, অনিদ্ৰাত ভুগিলে তাৰ চিকিৎসা কৰাওক।
  • ৰ’দত নোলাব।
  • কোষ্ঠ পৰিষ্কাৰ ৰাখক। ভজা-পোৰা, চৰ্বিজাতীয় খাদ্য এৰাই চলক।
  • ক’লডক্ৰীম নহয়, পাতল মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰক।
  • ৰাতিপুৱা, দুপৰীয়া, গধূলি বেচন নাইবা পাতল চাবোনেৰে মুখ পৰিষ্কাৰ কৰক।
  • চিকিৎসকে দিয়ে ঔষধৰ ক’ৰ্চ(৪-৬ সপ্তাহ) পূৰ্ণ কৰিব। আধা খাই বন্ধ নকৰিব।
  • ষ্টেৰয়েডজাতীয় ঔষধ বা গৰ্ভনিৰোধক বড়িৰ বাবে ব্ৰণ হ’লে চিকিৎসকৰ পৰামৰ্শ মতে তেনে ঔষধ বন্ধ কৰিব পাৰি।
  • চাহ-কফি দিনত একাপ বা দুকাপ খাব।

অৰ্শ:

  • প্ৰতিদিনে প্ৰচুৰ পানী খাওক।
  • শাক-পাচলি, ফলমূল খাদ্য তালিকাত ৰাখক।
  • টোপনি খতি নকৰিব।
  • প্ৰতিদিনে নিৰ্দিষ্ট সময়ত মলত্যাগৰ অভ্যাস কৰক।
  • ডায়েৰিয়া বা অমাশয় থাকিলে ভালদৰে চিকিৎসা কৰাওক।
  • এটা ডাঙৰ পাত্ৰত ইষদুষ্ণ পানী লৈ তাত কেইটোপালমান পটাচিয়াম পাৰমেংগানেট বা বিটাডিন লোচন মিহলাই কঁকালটো পানীত ডুবাই বহিব, যাতে মলদ্বাৰ পানীত ডুবি থাকে। ইয়াৰ দ্বাৰা অৰ্শৰ বিষ উপশম হয়।

ডায়েবেটিচ -

  • প্ৰাতঃভ্ৰমণ নিয়মিত ২-৩ কিলোমিটাৰ কৰিব।
  • ব্যায়াম কৰক। সম্ভৱ হ’লে সাঁতোৰক।
  • কোনো আঘাত লগা বা কটা যোৱাৰ পৰা সতৰ্ক থাকক।
  • চিকিৎসকৰ পৰামৰ্শমতে নিয়মিত ঔষধ খাব।
  • মূল চিকিৎসা খাদ্য নিয়ন্ত্ৰণ। ভাত, ৰুটি, তেলেতীয়া মাছ, মাংস, তেল-মছলা কমকৈ খাব।
  • পকা অমিতা, বিলাহী, মৌচম্বী, তিঁয়হ, কমলা, আমলখি নিয়মিত খাব পাৰে।
  • কণীৰ কুহুম নহয়, ইচ্ছা হ’লে বগা অংশ খাব পাৰে।
  • কলেষ্টেৰল বঢ়াৰ সম্ভাৱনা থাকে বাবে গাখীৰ বা দুগ্ধদ্ৰব্য নোখোৱা ভাল।
  • চেনি, ক’লডড্ৰিংকচ, আইচক্ৰীম, মিঠাই এৰাই চলক।
  • মদ্যপান, ধূমপান বৰ্জন কৰক।
  • অহেতুক মানসিক চাপৰ পৰা দূৰত থাকক।
  • নিয়মিত ব্লাড চুগাৰ পৰীক্ষা কৰাওক।

কোষ্ঠকাঠিন্য:

  • পানী খাওক যথেষ্ট পৰিমাণে।
  • খাদ্য তালিকাত আঁহযুক্ত পাচলি, ফলমূল, চালাড নিয়মিত খাওক।
  • মলৰ বেগ দমাই নাৰাখিব। নিৰ্দিষ্ট সময়ত প্ৰতিদিনে মলত্যাগ কৰক।
  • খালীপেটত পানী খাওক।
  • প্ৰাতঃভ্ৰমণ নিয়মিত কৰক।
  • বেলৰ চৰবত উপকাৰী।
  • শুকান জলকীয়া, মছলাযুক্ত খাদ্য এৰাই চলক।
  • মাংস, কণী বেছি নোখোৱা ভাল।

জণ্ডিচ -

  • পৰ্যাপ্ত বিশ্ৰাম লওক।
  • গ্লুকোজ পানী খাওক।
  • সকলো সময়তে পানী উতলাই খাব।
  • সতেজ শাক-পাচলি আৰু ফল খাব।
  • তেল, চৰ্বি, মছলা খোৱা নিষেধ।
  • বাহিৰৰ খাদ্য একেবাৰে নাখাব।
  • টেঙা দৈ, কেঁচা-পকা অমিতা, নেমুৰ ৰস, চজিনা, মৰিচা, শিঙি-মাগুৰ মাছৰ পাতল জোতা খোৱা ভাল।
  • মাংস, কণী, মদ্যপান, ধূমপান নিষেধ।
  • সকলো সময়তে পৰিচ্ছন্ন হৈ থাকক।
  • হেপাটাইটিচ-বিৰ বাবে জণ্ডিচ হ’লে ৰোগ সম্পূৰ্ণ ভাল নোহোৱালৈকে বিবাহ কৰা অথবা বিবাহিত হ’লে সন্তান গ্ৰহণ কৰা উচিত নহয়। স্ত্ৰীৰ সৈতে যৌন সম্পৰ্ক এৰাই চলক।
  • পৰিয়ালৰ আন সদস্যই প্ৰতিৰোধক ছিটা লোৱা উচিত।
  • ৰোগ সম্পূৰ্ণ নিৰাময় হোৱাটো নিশ্চিত কৰিবলৈ তিনিমাহৰ পিছত পুনৰ তেজ পৰীক্ষা কৰাওক।

পেটৰ অসুখ -

  • খোৱা-বোৱা বন্ধ নকৰিব। চেনি নিমখৰ চৰবত, ডাবৰ পানী, চিৰা তিওৱা পানী, ফলৰ ৰস খাই শৰীৰৰ পানী আৰু নিমখৰ ঘাটি পূৰণ কৰিব পাৰি।
  • শিশুৰ মাকৰ গাখীৰ খুৱাই থাকক।
  • এটা গিলাচত(২০০ মিঃলিঃ) পানী লওক। এচিকুট নিমখ আৰু এক চাহ চামুচ চেনি ভালদৰে পানীখিনিত মিহলাই লওক। প্ৰতিবাৰ পায়খানা হোৱাৰ পিছত এই চৰবত খালে দেহ নিৰ্জলা নহয়।
  • বাহী, পচা, লেতেৰা বস্তু মুখলৈ নিনিব।
  • পানী উতলাই ঠাণ্ডা কৰি খাব।
  • বাহিৰৰ খাদ্যবস্তু নাখাব, মছলাযুক্ত, ভজা-পোৰা বস্তু এৰাই চলক।
  • অলপ আৰাম পালে সিদ্ধ ভাত, আলু, অমিতা, কাচকল আদিৰে সৰু মাছৰ পাতল জোল খাব পাৰে।
  • পায়খানাৰ লগত তেজ পৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক।

টাইফয়েড -

  • বিছনাত পৰ্যাপ্ত বিশ্ৰাম লওক।
  • জ্বৰ বেছি হ’লে জলপটি দিয়ক।
  • পানী উতলাই ঠাণ্ডা কৰি খাব।
  • তৰল পৰিষ্কাৰ খাদ্য, ফলৰ ৰস, নিমখ-চেনিৰ চৰবত খাব পাৰে।
  • অন্য কোঠাত থাকি আনৰ গালৈ সংক্ৰমণ প্ৰতিৰোধ কৰক।
  • পৰিষ্কাৰ কাপোৰ-কানি ব্যৱহাৰ কৰক। প্ৰতিদিনে বিছনা চাদৰ, গাৰুৰ কভাৰ সলাই দিয়ক।
  • নিৰ্দিষ্ট সময়ত চিকিৎসা আৰম্ভ কৰক যাতে জটিলতা নাবাঢ়ে।
  • পায়খানা ঢিলা কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ব্যতিৰেকে কোনো পাৰগেটিভ খাবলৈ নিদিব।

আঁঠুৰ বিষ:

  • আঁঠু ভাঁজ কৰি নবহিব। চকী, বিছনা আদিত বহক।
  • অতিৰিক্ত ওজন কমাই পেলাওক।
  • চিৰি বগোৱা যথাসম্ভৱ কম কৰক। অগত্যা বগাবলৈ হ’লে লাহে লাহে উঠক যাতে আঁঠুত বেছি জোৰ নপৰে।
  • আঁঠুৰ ব্যায়াম নিয়মিত কৰক। চকীত বহি গোৰোহাত এটা বা কোনো গধুৰ বস্তু ৰছীৰে বান্ধি লাহে লাহে ভৰিখন ওপৰলৈ তোলক। প্ৰতিদিনে ৰাতিপুৱা-গধূলি ২০.৩০ বাৰ এনে ব্যায়াম কৰিলে আৰাম পোৱা যায়।
  • প্ৰয়োজন হ’লে লাঠি ব্যৱহাৰ কৰক।
  • আঁঠুৰ বিষত গৰম পানীৰ সেক লওক।
  • ডায়েবেটিছ, উচ্চ ৰক্তচাপ ৰোগক আক্ৰমণ কৰিবলৈ নিদিব।

চিকেন পক্স:

  • ৰোগীক পৃথক কোঠাত আঁঠুৱাৰ ভিতৰত ৰাখক।
  • ফেনাইল বা ব্লিচিং পাউদাৰেৰে ৰোগীৰ ঘৰ বীজাণুমুক্ত কৰক।
  • ৰোগীক পোছাক-পৰিচ্ছদ, বিছনাৰ কাপোৰ গৰম পানী আৰু ডেটলেৰে ধুই বীজাণুমুক্ত কৰক।
  • নিয়মিত মগা ধোৱা, নখ পৰিষ্কাৰ ৰখা আদি কাম কৰিব লাগে। কিন্তু ফোঁহা খুচৰিব নালাগে।
  • পাতল সহজপাচ্য আহাৰ খোৱা উচিত।
  • প্ৰচুৰ পানী, চৰবত, ফলৰ ৰস, হৰলিক্স, গ্লুকোজ, বাৰ্লি, ডাবৰ পানী খাবলৈ দিব লাগে।
  • লিভাৰক আক্ৰমণ কৰে বাবে মাছ, মাংস, কণী, তেল বা চৰ্দিজাতীয় বস্তু নোখোৱা ভাল।
  • গুটিবোৰ শুকাবলৈ আৰম্ভ কৰিলে প্ৰোটিন জাতীয় খাদ্য মাছ, মাংস আদি বেছিকৈ খাবলৈ দিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top