মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সাপে খুটিলে বা কামোৰ মাৰিলে কি কৰিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাপে খুটিলে বা কামোৰ মাৰিলে কি কৰিব

সাপে খুটিলে বা কামোৰ মাৰিলে কি কৰিব

 

বৰ্তমান সময়ত জনস্বাস্থ্য সমস্যা বোৰৰ ভিতৰত আটাইতকৈ অৱহেলিত সমস্যা এটি হৈছে সাপে খুঁটা বা কামোৰ মৰা। সাপে কামোৰা মানেই মৃত্যু, এই ধাৰণা অনেক যুগ ধৰি আমাৰ মাজত বিয়পি ৰৈছে। অবাস্তৱ বা অলৌকিকতাক বিশ্বাস কৰাৰ ফলত আজিৰ তাৰিখতো বহু মানুহে অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে আৰু এইয়া সত্য। কিন্তু বিজ্ঞানৰ পোহৰে ধীৰে ধীৰে হলেও মানুহক এনেধৰণৰ কুসংস্কাৰ তথা অলৌকিকতাৰ পৰা আতৰাই অনাত আৰু মানুহ সচেতন হোৱাৰ ফলত বহু মানুহৰ মূল্যবান প্ৰাণ বাচিবলৈ ধৰিছে। তেনে আহকচোন আজি জানো সাপে খুঁটিলে বা কামোৰ মৰিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে আৰু কি কৰিব নালাগে

(A) কি কৰিব...

১) সাপে খুঁটা বা কামোৰ মৰাৰ লগে লগে দৌৰ দিয়া বা জাপ মৰাৰ দৰে কাৰ্য্যৰ পৰা ৰোগীক বাধা দিব। আৰু লৰচৰ নকৰাকৈ ৰোগীক এটি স্থানত শুৱাই দিব। এনে কৰিলে বিহ দেহৰ অন্য স্থানলৈ সোনকালে বিয়পি নপৰে।

২)সাপে খুঁটা বা কামোৰ মৰাৰ লগে লগে সাধাৰণতে আমি দেখোঁ দংশন স্থানৰ কিছু ওপৰত খুব জোৰকৈ(Tightly) ৰচি বা কাপোৰেৰে বান্ধা হয়। কিন্তু এনে নকৰিব, ইয়াৰ বিপৰীতে এনেকৈ বান্ধিব যাতে বান্ধটিৰ ভিতৰেৰে এটি আঙুলি পাৰ হব পাৰে, মানে অলপ ঢিলা ৰাখিব।মনত ৰাখিব বান্ধটি যাতে একে স্থানত ২০ মিনিটতকৈ বেছি সময় নাথাকে। প্ৰতি ১০ মিনিটৰ অন্তৰালত স্থানটি তল-ওপৰ কৰিব। বহু সময়ত এনেধৰণৰ কাৰ্য্যও দেখা যায় ভৰিত সাপে খুঁটিলে বা কামোৰিলে ৰোগী গৰাকীৰ কৰঙণু, কঁকাল, ডিঙি, মূৰত আদি স্থানত খুব জোৰকৈ বান্ধ দিয়া হয়, এনে নকৰিব।

৩) দংশিত স্থানত যেনে ধৰক আঙুলি আদিত যদি আঙঠি বা তেনে ধৰণৰ constricting items থাকে তেনে লগে লগে খুলি দিব।

৪) ঢিলাকৈ বান্ধ দিয়াৰ পাছত দংশিত স্থান পৰিষ্কাৰ পানী(running water) ৰে ধূব।

৫) সাধাৰণতে দেখা যায় দংশিত স্থানত বহুতে মূখ লগাই suck কৰি বিহ বাহিৰ কৰাৰ চেষ্টা কৰে।কিন্তু এনে কৰা একেবাৰে নিৰাপদ নহয়।ইয়াৰ বিপৰীতে ৰবৰৰ বা ইলেকট্ৰনিক sucker থাকিলে ব্যৱহাৰ কৰক।

৬) প্ৰাথমিক ভাৱে এনেধৰণৰ চিকিৎসা কৰাৰ পাছত যিমান পাৰে ততালিকে চিকিৎসালয় লৈ ৰোগীক প্ৰেৰণ কৰক।মনত ৰাখিব ৩০-৬০ মিনিট সময় ৰোগীৰ বাবে সোণালী সময়। সেয়েহে সময়ৰ অপব্যৱহাৰ নকৰি ৰোগীক এনে এখন চিকিৎসালয় লৈ আনক যত ৰোগীৰ বাবে সৰ্পবিষনাশী Antivenoum Serum ৰ ব্যৱস্থা থাকে।

(B) কি নকৰিব

১)দংশিত স্থানত বৰফৰ টুকুৰাৰ লেপন নিদিব।

২)মুখেৰে দংশিত স্থানৰ পৰা বিহ suck কৰাৰ চেষ্টা নকৰিব।

৩)বহু সময়ত দেখা যায় আঙুলিত বা দেহৰ অন্যান্য অংগত দংশন কৰাৰ লগে লগেই অংগটি কাটি পেলোৱা হয়, এনে নকৰিব‌।

৪) দংশন কৰাৰ পাছত ৰোগীক প্ৰাধান্য নিদি দংশিত সাপটি বিষাক্ত হয়নে নহয় বা সাপটি মৰাৰ উদ্দেশ্যে বিচাৰি চলাথ কৰি সময় নষ্ট কৰাও দেখা যায়। আকৌ কুসংস্কাৰ বোৰৰ কথাটিও ইয়াত যোগ কৰিব পাৰি। এনেবোৰ কাৰ্য্যৰ পৰা বিৰত থাকিব।

মনত ৰাখিব উপযুক্ত সময়ত আপোনাৰ বলিষ্ঠ পদক্ষেপত উপযুক্ত চিকিৎসালয় লৈ ৰোগী গৰাকী প্ৰেৰণ কৰাৰ ফলত এটি প্ৰাণ বাচি উঠিব।

লেখেক: খালিদ ইছলাম

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top