অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সু-স্বাস্থ্য

সু-স্বাস্থ্যক সংজ্ঞাবদ্ধ কৰাৰ অসুবিধা সমূহৰ বিষয়ে আলোচনা

 

 

স্বাস্থ্য মানে কি-

 

আগৰ এটা লেখাত আলোচনা কৰিছিলোঁ  আৰু সু-স্বাস্থ্যক সংজ্ঞাবদ্ধ কৰাৰ অসুবিধা সমূহৰ বিষয়েও আলোচনা কৰিছিলোঁ । তাৰ পাছতো এইবাৰ আকৌ প্ৰায় একে বিষয়কে উত্থাপন কৰিবলৈ ওলাইছোঁ । অৱশ্যে এটা বেলেগ দিশৰপৰা । সেইবাৰ আমি স্বাস্থ্যক আলোচনা কৰিছিলোঁ ৰোগৰ পৰিপ্ৰেক্ষিতত, এইবাৰ আমি সু-স্বাস্থ্যক আন কেইটামান দিশৰপৰাহে আলোচনা কৰিবলৈ বিচাৰিছোঁ ।

এটা প্ৰশ্ন উঠিব পাৰে যে এনে আলোচনা এটা বিদ্যায়তনিক তৰ্কৰ বাহিৰে আন কিবা প্ৰকাৰে লাভজনক হ’ব জানো ? সাধাৰণ লোকৰ বাবে এনে আলোচনাৰ মূল্য কিমান ? মোৰ উত্তৰটো সহজ  আৰু কিছু পৰিমাণে সোঁতৰ বিপৰীত । সাধাৰণতে এনে আলোচনা চিকিৎসকৰ দৰ্শন জাতীয় আলোচনীৰ প্ৰবন্ধতে সীমাবদ্ধ হৈ থাকে। আনকি চিকিৎসক সকলেও বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ নিবিচাৰে । কিন্তু এই আলোচনাটোৰ মূল বিষয় হৈছে সাধাৰণ মানুহ আৰু তেওঁলোকে কি ভাবে সেইটোহে এই তৰ্কৰ মূল আধাৰ ।সেয়ে মই অকল চিকিৎসা শাস্ত্ৰই কি কয় সেইখিনিহে আপোনালোকক জনাম । বাকী আপোনালোকৰ মতামতহে এই আলোচনাৰ মূল বিষয় হ’ব । সাধাৰণ মানুহ বুলি মই চিকিৎসা শাস্ত্ৰৰ অধ্যয়নৰ লগত জড়িত নথকা যিকোনো লোককে বুজাইছোঁ ।

সু-স্বাস্থ্যৰ অতি সহজ সংজ্ঞাটো আহে পৰিসংখ্যা বিজ্ঞানৰপৰা । আমি সাধাৰণতে স্বাস্থ্য বুলিলে যিটো বুজোঁ, ভালকৈ চালে দেখিব যে সেইটো এটা পৰিসংখ্যাৰ বাহিৰে আন একো নহয় । যেনে, ৰক্ত-চাপ এটা সীমাৰ ভিতৰত থাকিলে ঠিক, সেই সীমাৰ বাহিৰলৈ গ’লে ৰোগ ।তেজত শৰ্কৰাৰ পৰিমাণ বেছি হোৱা মানে মধুমেহ  বা কোনো এটা অংগই প্ৰয়োজনাধিক বা কমকৈ(এটা গড় হিচাপতকৈ বেছি বা কম)কাম কৰা ইত্যাদি এশ এবুৰি উদাহৰণ দিব পাৰি। কিন্তু এই প্ৰকল্পটোত এটা বুনিয়াদী অসুবিধা আছে ।সেইটো হৈছে যদিও আমি মানি লওঁ যে এই সংখ্যাবোৰ কোনো ৰোগৰ সূচক, সেইটো আচলতে কিমান সঠিক ? উদাহৰণ স্বৰূপে তেজত শৰ্কৰাৰ পৰিমাণ ১২০ মি.গ্ৰা./ডেচি লি. নহৈ ১২২ মি.গ্ৰা./ডেচি হ’লেই আমি ৰোগ বুলিম নেকি ? বা ৰক্তচাপ ১৪৪ মিমি. পাৰা হ’লেই উচ্চ-ৰক্তচাপ বুলি কম জানো ? আৰু আমোদজনক কথা, তেজত বিলিৰুবিনৰ সাধাৰণ উচ্চতম পৰিমাণ(Bilirubin) হৈছে ১.২ মি.গ্ৰা./ডেচি লি.; কিন্তু ৰোগ বুলি ধৰা হয় সেইটো ২ মি.গ্ৰা./ডেচি লি. পাৰ হ’লেহে । তেনেকৈ আন কেইবাটাও এনে পৰিমাণ আছে, যিটোৰ মানৰ হেৰফেৰ মানেই ৰোগ নহয়।

সেয়ে এইটো সহজেই অনুমেয় যে পাৰিসাংখ্যিক সংজ্ঞা স্বাস্থ্যৰ এটা নিছিদ্ৰ পৰিমাপ নহয় । আৰু এটা উদাহৰণ দিওঁ,  প্ৰতিজন মানুহেই কেতিয়াবা কেতিয়াবা মূৰৰ বিষত ভোগে, কিন্তু মাহত কেইবাৰ মূৰৰ বিষ হ’লে তাক এটা বিশেষ ৰোগ বুলিব পাৰিম ? এনেকুৱা ক্ষেত্ৰত প্ৰায়েই কিছুমান নিৰ্ণায়ক মত মানি লোৱা হয় যে ইমান দিনত ইমানবাৰ হ’লে তাক আমি এবিধ ৰোগ বুলি ধৰিব পাৰোঁ । কিন্তু সেইটো এটা মানি লোৱা নিয়মহে, কোনো পানী-নসৰকা বিজ্ঞান নহয় ।

কিন্তু স্বাস্থ্যৰ এই সংজ্ঞাৰ বহুতো সুবিধা আছে, যাৰ বাবে প্ৰায়েই এইটোকে মানি চলা হয় । কাৰণ এই সংজ্ঞাই স্বাস্থ্যক এটা নিৰুপণ যোগ্য মান দিয়ে, যাৰ ওপৰত ভিত্তি কৰি ৰোগ থকা-নথকা নিৰুপণ কৰিব পাৰি । কিন্তু এই পদ্ধতিৰ আটাইতকৈ ডাঙৰ অসুবিধা হৈছে এইটো যে এই পদ্ধতিয়ে চিকিৎসাকো এটা সংখ্যা হিচাপেহে প্ৰস্তুত কৰে । উদাহৰণ স্বৰূপে,  আপোনাৰ মূৰৰ বিষ আগতে সপ্তাহত তিনিবাৰ হৈছিল । এতিয়া মাহত তিনিবাৰ হোৱা হৈছে,  চিকিৎসকৰ মাতে আপুনি আগতকৈ বহুত ভাল, কিন্তু আপোনাৰ মতে ?

সু-সাস্থ্যৰ আটাইতকৈ পুৰণি সংজ্ঞা হৈছে, ৰোগবিহীনতা । আমি আগৰ আলোচনাতে এই পদ্ধতিৰ সীমাবদ্ধতা আলোচনা কৰি থৈছোঁ । সেয়ে বিতং নকৈ মাত্ৰ এইখিনিকে ক’ব খোজোঁ যে এইটো আটাইতকৈ দুৰ্বল পদ্ধতি, কাৰণ ৰোগ মানে ঠিক কি (যি পদ্ধতিৰে ৰোগ উৎপন্ন হয় সেইটো নে ৰোগৰ পৰা হোৱা লক্ষণ সমূহ) সেইটো আমি এতিয়ালৈ ঠিক কৰিবই পৰা নাই ।

সু-স্বাস্থ্যৰ আন এটা আগ্ৰহজনক সংজ্ঞা-

 

সু-স্বাস্থ্যৰ আন এটা আগ্ৰহজনক সংজ্ঞা-হৈছে যে সু-স্বাস্থ্য এটা আদৰ্শ স্থিতিহে  অৰ্থাৎ সু-স্বাস্থ্যৰ কোনো নিৰ্ভৰযোগ্য সংজ্ঞা নায়েই । দেহ আৰু মন দুয়োটাই যেতিয়া ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক এই তিনিওটা পৰিস্থিতিৰ লগত এটা সুষম অৱস্থা স্থাপন কৰিব পাৰে,  সেইটোৱেই হয় সু-স্বাস্থ্য । কিন্তু এই প্ৰকল্পৰ মূল অসুবিধাটো আহে,  মানসিক স্বাস্থ্য যোগ দিয়াৰ লগে লগে ।পৃথিৱীত কিজানি খুব কম সংখ্যকেহে দাবী কৰিব পাৰিব যে তেখেতে এই তিনি্‌ওটা ক্ষেত্ৰতে সুষমাৱস্থাত অৱস্থান কৰিছে । তাৰ অৰ্থ এনেকুৱা হ’ব যে আমি সকলোৱেই একোজন ৰোগী ! সেয়ে এটা দাৰ্শনিক প্ৰকল্প হিচাপে এই সংজ্ঞা আদৰ্শ হ’লেও ব্যৱহাৰিক ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰাটো অসম্ভৱ

সদৌ শেষত কোৱা হৈছে যে সু-সাস্থ্য আচলতে এটা বিশেষ অৱস্থা নহয় । কেবাটাও স্বতন্ত্ৰ প্ৰক্ৰিয়াৰ ফলত উৎপন্ন শেষ ফলাফল হৈছে স্বাস্থ্য । এই প্ৰক্ৰিয়াবোৰ হ’ল, দৈহিক, পৰিবেশ, সমাজ, মানসিক স্থিতি ইত্যাদি ।ওপৰত উল্লেখ কৰা আদৰ্শ স্থিতিৰ লগত ইয়াৰ প্ৰধান পাৰ্থক্যটো হ’ল যে ইয়াত এই প্ৰক্ৰিয়া কেইটাৰ সমষ্টিহে স্বাস্থ্য ।এই প্ৰক্ৰিয়াকেইটাই একে সময়তে সঠিকভাবে কাম কৰি থাকিলেহে তাক সু-স্বাস্থ্য বোলা যাব । গতিকে এই সংজ্ঞা অনুসৰি স্বাস্থ্যক প্ৰক্ৰিয়াবোৰৰ অৱস্থা চাইহে নিৰ্ণয় কৰিব লাগিব । এটা বিশেষ সময়ত এটা শৰীৰে সুকলমে কাম কৰি থকাকেই স্বাস্থ্য বুলিব নোৱাৰি ।

মই আগতেই কৈছোঁ কথাখিনি মূলত: দাৰ্শনিক যুক্তি-তৰ্ক যেন লাগিব, কিন্তু আমি এই সত্যক উলাই কৰিব নোৱাৰোঁ যে চিকিৎসা বিজ্ঞানৰ মূল ভেঁটি এই প্ৰশ্নটোৰ ওপৰতে নিবদ্ধ । আৰু সময়ে সময়ে ইয়াৰে আটাইকেইটাকে মানি চলা হৈছে ।বৰ্তমান পৃথিৱীত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ে বিশেষকৈ জিনীয় চিকিৎসা আৰু ৰোগ-নিৰ্ণায়ক ব্যৱস্থাৰ বিস্ময়াতীত উন্নতিয়ে এই প্ৰশ্নবোৰ আকৌ উলিয়াই আনিছে ।কাৰণ চিকিৎসা এতিয়া মাত্ৰ ৰোগ নিৰুপণ আৰু তাৰ নিৰাময়তে শেষ হৈ থকা নাই । চিকিৎসা এতিয়া অৰ্থনীতি, ৰাজনীতি, আদিতো সোমাই পৰিছে । সেয়ে সাধাৰণ ৰাইজেও এই কথাবোৰৰ অলপ ভূ ৰখা ভাল ।

 

(স্বাস্থ্যৰ সংজ্ঞা সম্বন্ধীয় কথাখিনি মূলত: Synopsis of Psychiatry, ed. Sadock & Sadock, 10th edn. ৰপৰা লোৱা হৈছে ।)

 

উৎস:উদ্দীপ তালুকদাৰ,(সাহিত্য ডট অৰ্গ)

3.10810810811
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top