মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সু-স্বাস্থ্যৰ অধিকাৰী হৈ আনন্দৰে থাকক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সু-স্বাস্থ্যৰ অধিকাৰী হৈ আনন্দৰে থাকক

সু-স্বাস্থ্যৰ অধিকাৰী হৈ আনন্দৰে থকাৰ উপায় লিখা হৈছে

শীতত আমি আমাৰ ছালক মইশ্ব’ কৰি ৰাখিব লাগে। এই বতৰত আমাৰ ছাল ফাটে আৰু শুকান হয়।

আমাৰ দেহক শোটোৰা অৱস্থাৰ পৰা মইশ্ব’ কৰি ৰখাৰ বাবে ৰাতি এটা মিশ্রণ লগাব। বিশেষকৈ ৪০ উৰ্ধ্বৰ মহিলাসকলে।

অলিভ অয়ল আধাকাপ, নাৰিকলৰ তেল আধাকাপ, তিল তেল আধাকাপ, কৰ্ক ৱাটাৰ আধাকাপ সকলোখিনি মিহলাই এটা এয়াৰ টাইট বটলত থৈ দিব। ৰাতি শোৱাৰ আগেয়ে নিতৌ লগাব। বিশেষকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটাত।

এইকেইদিনত আমাৰ বহুত উফি হয়। তাৰ বাবে আপেল ৰুকি ল’ব। তাৰ লগত মিনাৰেলৰ পানী আৰু চাহপাত সিজাই লৈ আপেলখিনিও মিহলাই সিজাই ল'ব। ঠাণ্ডা হোৱাৰ পাছত চুলিৰ গুৰিত লগাই ১০ মিনিটমান ৰাখিব। পাছত ঘঁহি ঘঁহি ধুই দিব।

পদিনাৰ পেষ্ট আৰু ত্রিফলাৰ গুড়ি মিহলায়ো চুলিৰ গুৰিত লগাব। ২০ মিনিটমান ৰখাৰ পাছত ঘঁহি ঘঁহি ধুই দিব।

যিমানেই ক্ষাৰ থকা শ্বেম্পু ব্যৱহাৰ কৰিব সিমানেই উফি হ’ব। কাৰণ চুলিৰ গুৰিত শ্বেম্পুৰ মালিকলছসমূহ থাকি যায়। ফলত উফি হোৱা দেখা যায়। ক্ষাৰ বিহীন শ্বেম্পুৰেও নিতৌ ধুলে চুলিত উফি নাথাকে।

বয়সৰ চাপ কমাবলৈ চফ গুটি এমুঠি ধুই গোলাপৰ পানীত তিয়াই পাছদিনা পেষ্ট কৰিব। তাৰ লগত চাউলৰ গুড়ি আৰু পাউডাৰ গাখীৰ সমানে মিহলাই মুখত আৰু ডিঙিত লগাব।

ভৰিৰ গেৰুৱা নফটাৰ বাবে তিল তেল আৰু অলিভ অইলত সিজাই মালিচ কৰিব; কিন্তু তাৰ আগেয়ে সুন্দৰকৈ গেৰুৱা পৰিস্কাৰ কৰি ল’ব।

তিব্বতৰ মহিলাসকলৰ ছালখন বগা আৰু মিহি হয়। তেওঁলোকে কোনো ধৰণৰ বজাৰৰ ক্ৰীম ব্যৱহাৰ নকৰে। কেৱল গাখীৰৰ সতেজ ক্ৰীম, দৈ আৰু মৌ মিহলাই লয়। তাৰ লগত পাহাৰত হোৱা বগা ৰঙৰ ফুল মিহলাই পেষ্ট কৰি নিতৌ দুবাৰকৈ লগায়। ফলত বগাও হয় আৰু ছালখন সতেজো হয়। গতিকে আমিও শীতত এনে কৰি ছালক মসৃণ আৰু বগা কৰি ৰাখিব পাৰো।

তেওঁলোকে কণবিলাহী আৰু গাখীৰ, কুহুমীয়া চাহ বেছিকৈ খায়। ইও ছালক মইশ্ব’ কৰি ৰাখে।

এই সময়ছোৱাত আমাৰ চুলিখিনিও খুব শুকান হয়। ৰ’দত বেছি সময় থাকিলে, গৰম পানী ব্যৱহাৰ কৰিলে, খুব বেছিকৈ ড্রায়াৰ ব্যৱহাৰ কৰিলে, শুকান বতাহত থাকিলে, পুষ্টিকৰ খাদ্যৰ অভাৱত আৰু থাইৰয়ড হ’লে চুলি শুকান হয়।

এনে শুকান চুলিৰ বাবে চকলেট স্পা কৰাব। ই চুলিক মইশ্ব' আৰু মিহি কৰে। চুলি ধুই সদায় কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। খুব বেছিকৈ ষ্টাইলিং সামগ্রী ব্যৱহাৰ নকৰিব। নিয়মিত চুলি ট্রিম কৰাব। ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰিব। নিয়মিত তেল ব্যৱহাৰ কৰি শ্বেম্পু ব্যৱহাৰ কৰিব। দুচকীয়া বাহনত গ’লে স্কাৰ্ফ মাৰিব। চুলিৰ বাবে নিয়মিত অলিভ অইল আৰু মহাভৃংগৰাজ মিহলাই লগাব।

হাত আৰু ভৰিত নিয়মিত চাবোনৰ সলনি মচুৰ দাইলৰ গুড়ি, আলুৰ ৰস, নেমুৰ ৰস আৰু কমলাৰ ৰস বা কৰ্দৈৰ ৰস মিহলাই লগাব। চুলিৰ বাবে বাদাম, মাছ, মাছৰ তেলৰ টেবলেট, ছয়াবিন, সেউজীয়া শাক আদি নিতৌ খাব।

আমাৰ চুলি মানসিক আৰু শাৰীৰিক হেঁচাৰ বাবেও সৰে। গতিকে নিয়মিত মনক শান্ত কৰি ৰখাৰ বাবে মেডিটেছন, আসন, প্ৰাণায়াম আদি কৰিব। এইবোৰে মন শান্ত কৰি ৰখাৰ লগতে দেহৰ বিভিন্ন অসুবিধাও দূৰ কৰে। আমাৰ সুস্থ স্বাস্থ্যই সুন্দৰ ছাল, চুলিৰ অৱস্থা ধৰি ৰাখে।

দৈৰ পানী আৰু নাৰিকলৰ পানী নিতৌ খালে আমাৰ ঘামৰ লগত ওলাই যোৱা ভিটামিন আৰু মিনাৰেলখিনি পুনৰ পূৰণ কৰে।

তুলসীৰ ৰস আৰু ডালচেনিৰ পাউডাৰ মিলাই চুলিৰ গুৰিত  লগাব ই চুলিক সবল কৰে আৰু তৎক্ষণাত চুলি সৰা বন্ধ কৰে।

নিতৌ তুলসীৰ পাত এটা আৰু নিম পাত এখিলা খালে মনৰ আৰু শৰীৰৰ হেঁচা দূৰ হয়। ফলত চুলি সৰা বন্ধ হয়।

এইদৰে নিজৰ যত্ন লৈ নিজকে ধুনীয়া কৰি আনন্দেৰে জীৱন অতিবাহিত কৰিব। জীৱন সুখময় হ’ব।

 

লেখিকা: ভানু শৰ্মা, অসম বাণী।

 

3.025
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top