সু-স্বাস্থ্য হৈছে মানুহৰ জীৱনৰ পৰম সম্পদ। কিয়নো, সু-স্বাস্থ্য অবিহনে মানুহে জীৱনৰ কোনো এটা দিশতে সফল হ’ব নোৱাৰে। সেইবাবে সকলো মানুহেই সু-স্বাস্থ্য কামনা কৰে। গুৰুত্বপুৰ্ণ কথাটো হৈছে সকলো মানুহেই সু-স্বাস্থ্য কামনা কৰিলেও বেছিভাগ মানুহেই কিন্তু সু-স্বাস্থ্য লাভ কৰিব নোৱাৰে আৰু ৰুগীয়া জীৱন আঁকোৱালি লৈ কম বয়সতে জীৱন সামৰিব লগা হয়। প্ৰশ্ন হৈছে মানুহে সু-স্বাস্থ্য লাভ কৰাৰ উপায়টো কি?
পুৰণি কালৰে পৰা মানুহে স্বাস্থ্য ৰক্ষাৰ নিমিত্তে বা বিভিন্ন ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি নানা চিন্তা-চৰ্চা অব্যাহত ৰাখিছে আৰু এনে ধাৰাবাহিক চিন্তা-চৰ্চাৰ ফলতে বৰ্তমানৰ আধুনিক চিকিৎসা বিজ্ঞানৰ জন্ম হোৱাটো সম্ভৱ হৈ উঠিছে। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলস্বৰুপে মানুহৰ প্ৰায় সকলো ৰোগৰে চিকিৎসা সম্ভৱ হৈ উঠিছে, যাৰ বাবে মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন গৱেষণা আৰু চিন্তা-চৰ্চাৰ জৰিয়তে বিভিন্ন ৰোগৰ কাৰণ উদ্ভাৱন কৰিবলৈ সক্ষম হৈ উঠিছে আৰু ইয়াৰ ফলস্বৰুপে ৰোগসমুহৰ চিকিৎসাও সম্ভৱ কৰি তুলিছে। চিকিৎসা বিজ্ঞানীসকলৰ মতে মানুহৰ বিভিন্ন ৰোগ বা স্বাস্থ্য সমস্যাৰ মুল কাৰণ হৈছে বিভিন্ন জীৱানুৰ সংক্ৰমন আৰু শৰীৰ কাৰ্যৰ বিসংগতি। গতিকে বিজ্ঞানীসকলে উদঘাটন কৰা মানুহৰ বিভিন্ন ৰোগৰ কাৰণসমুহৰ বিষয়ে জানিব পাৰিলেহে ৰোগসমুহৰ পৰা হাত সাৰি থকাটো বা প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব।
মানুহৰ শৰীৰৰ অন্তৰ্ভাগৰ কলা-কোষসমুহত জীৱনী শক্তি উৎপাদন কৰাৰ নিমিত্তে অনবৰতে কিছুমান শৰীৰ কাৰ্য চলি থাকে আৰু এই শৰীৰ কাৰ্যসমুহ সঠিকভাৱে চলিলেহে সু-স্বাস্থ্য ৰক্ষা হয় বা জীৱনটো সঠিকভাৱে আগবাঢ়ে। শৰীৰৰ অন্তৰ্ভাগত চলা এই শৰীৰ কাৰ্যসমুহ সঠিকভাৱে চলাৰ ক্ষেত্ৰত যিবোৰ কাৰকৰ প্ৰভাৱ পৰে সেই কাৰকসমুহৰ বিষয়ে ভালদৰে জানিলেহে মানুহে সু-স্বাস্থ্য ৰক্ষা কৰিব পাৰে। শৰীৰৰ বিভিন্ন কলা-কোষত অনুজীৱ বা বীজানুৰ সংক্ৰমন ঘটিলেও শৰীৰ কাৰ্যত ব্যাঘাত জন্মি বিভিন্ন ৰোগ বা স্বাস্থ্য সমস্যাই দেখা দিয়ে। গতিকে মানুহৰ বিভিন্ন ৰোগ বা স্বাস্থ্য সমস্যাৰ মুল কাৰণবিধেই হৈছে শৰীৰ কাৰ্যত ঘটা বিসংগতি।
স্বাস্থ্য বিজ্ঞানীসকলৰ মতে মানুহৰ শৰীৰ কাৰ্য সঠিকভাৱে চলিবলৈ হ’লে মানুহে সঠিক জীৱন শৈলী গ্ৰহণ কৰিব লাগে। মানুহৰ জীৱন শৈলী বা জীৱন ধাৰণ পদ্ধতি বুলিলে খাদ্যাভ্যাস , শাৰীৰিক পৰিশ্ৰম, চিন্তাধাৰা, টোপনি আৰু জিৰণি, নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, আধ্যাত্মিকতা ইত্যাদি জীৱনৰ অংগ বা উপাদানসমুহৰ ব্যৱহাৰ বা মানি চলাকে বুজোৱা হয়। মানুহে জীৱন ধাৰণত জীৱনৰ এই উপাদানসমুহে সঠিকভাৱে ব্যৱহাৰ কৰিলেহে সু-স্বাস্থ্য লাভ কৰিব পাৰে। সকলো প্ৰাণীৰে এক নিৰ্দিষ্ট জীৱন ধাৰণ পদ্ধতি থাকে যদিও অন্য প্ৰাণীৰ জীৱন ধাৰণ পদ্ধতিৰ সৈতে মানুহৰ জীৱন ধাৰণ পদ্ধতিৰ পাৰ্থক্য আছে। কিয়নো মানুহৰ দীৰ্ঘম্যাদী চিন্তা শক্তিৰ লগতে বিবেক গুণ বা মানৱীয় গুণ আছে, অন্য প্ৰাণীৰ নাই। দীৰ্ঘম্যাদী চিন্তাশক্তি তথা বিবেক গুণ থকা হেতুকে মানুহে জীৱশ্ৰেষ্ঠ হিচাপে জীৱন ধাৰণ কৰে আৰু এনে জীৱন ধাৰণ পদ্ধতিয়েই মানুহক জীৱনৰ চৰম বিকাশত বা সু-স্বাস্থ্য প্ৰদান কৰে। এইফালে চিন্তা শক্তি আৰু বিবেক গুণে মানুহক অন্য প্ৰাণীৰ পৰা পৃথক কৰা হেতুকে মানুহৰ সু-স্বাস্থ্যত ইয়াৰ প্ৰভাৱ অপৰিসীম। খাদ্যই প্ৰাণী আৰু মানুহৰ শৰীৰত জীৱনীশক্তি উৎপাদন কৰি জীৱনটো আগবঢ়াই লৈ যায়। আধুনিক স্বাস্থ্য বিজ্ঞানৰ জনক ‘হেপোক্ৰেটছ’ৰ মতে মানুহৰ খাদ্যতে সু-স্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। স্বাস্থ্য বিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ জৰিয়তে সিদ্ধান্তত উপনীত হৈছে যে মানুহৰ সু-স্বাস্থ্যৰ বাবে ছয় প্ৰকাৰৰ খাদ্যৰ প্ৰয়োজন যেনে-প্ৰটিন, কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, বিভিন্ন ধাতৱ মৌল, ভিটামিন আৰু পানী। এই ছয় প্ৰকাৰৰ খাদ্যই বেলেগে বেলেগে ক্ৰিয়া কৰি মানুহৰ সু-স্বাস্থ্য ৰক্ষা কৰে। তেনেদৰে শাৰীৰিক পৰিশ্ৰমে মানুহৰ সু-স্বাস্থ্য গঠনত এক বিশেষ ভুমিকা পালন কৰে। শাৰীৰিক পৰিশ্ৰম বা অংগ সঞ্চালনে মানুহৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ লগতে কলাকোষসমুহৰ বিকাশ সাধন কৰি সু-স্বাস্থ্য প্ৰদান কৰে। চিন্তাশক্তি আৰু বিবেক গুণেই যিহেতু মানুহক জীৱশ্ৰেষ্ঠৰ পৰিচয় প্ৰদান কৰিছে, গতিকে মানুহৰ চিন্তাশক্তি যোগাত্মক দিশত ধাৱিত হ’লেহে সু-স্বাস্থ্য লাভ কৰিব পাৰি। ঠিক তেনেদৰে বিবেক গুণ বা মানৱীয় গুণসমুহক যেনে- মৰম, দয়া, সহনশীলতা আদিক জীৱন ধাৰণত আঁকোৱালি লৈ জীৱনৰ বাটত আগবাঢ়িলেহে মানুহে জীৱনৰ চৰম বিকাশ বা সু-স্বাস্থ্য লাভ কৰাটো সম্ভৱ। আনহাতে মানুহে জীৱন ধাৰণত নিয়মানুৱৰ্তিতা আৰু পৰ্ষ্কাৰ-পৰিচ্ছন্নতা মানি চলিলেহে জীৱনটো সু-শৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাব পাৰি আৰু সু-শৃংখলাবদ্ধ জীৱনেই হৈছে সু-স্বাস্থ্যৰ আধাৰ। স্বাস্থ্য বিজ্ঞানীসকলে উদ্ভাৱন কৰা মানুহৰ স্বাস্থ্য ৰক্ষাৰ এই তত্ত্বসমুহ অনুকৰণ কৰা বা মানি চলাকে সু-স্বাস্থ্যৰ সাধনা বুলি কোৱা হয় আৰু মানুহে সু-স্বাস্থ্য লাভ কৰিবলৈ হ’লে সু-স্বাস্থ্যৰ সাধনা নিতান্তই প্ৰয়োজন।
প্ৰায় পাঁচ হেজাৰ বছৰৰ পুৰ্বে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ভেটি নিৰ্মাতা ঋষি-মুনিসকলে মানুহৰ সু-স্বাস্থ্য ৰক্ষাৰ নিমিত্তে উদ্ভাৱন কৰি থৈ যোৱা কিছুমান স্বাস্থ্য ৰক্ষাৰ পদ্ধতি বৰ্তমান যুগতো অতি জনপ্ৰিয় হিচাপে প্ৰচলিত হৈ আছে। ঋষি-মুনিসকলে উপলব্ধি কৰিছিল যে মানুহ যিহেতু প্ৰকৃতিৰ সন্তান, গতিকে মানুহে প্ৰকৃতি মাতৃৰ সৈতে একাকাৰ হৈ জীৱন নিৰ্বাহ কৰিলেহে সু-স্বাস্থ্য লাভ কৰাটো সম্ভৱ হৈ উঠিব। মাতৃৰ মৰম অবিহনে সন্তানে যিদৰে জীৱন ধাৰণ কৰাটো সম্ভৱ নহয়, ঠিক তেনেদৰে মানুহেও প্ৰকৃতি মাতৃৰ মৰম অবিহনে জীৱন ধাৰণ কৰাটো সম্ভৱ নহয় আৰু প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকিলেহে প্ৰকৃতিৰ মৰম লাভ কৰিব পাৰি।এনে উপলব্ধিকে সাৰোগত কৰি ঋষি-মুনিসকলে প্ৰকৃতিৰ সৈতে একাকাৰ হোৱাৰ উদ্দেশ্যে প্ৰাত:স্নান কৰাৰ লগতে বিভিন্ন ফল-মুল খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ঋষি-মুনিসকলে বাৰুকৈয়ে উপলব্ধি কৰিছিল যে অংগ সঞ্চালন সঠিকভাৱে নহ’লে মানুহে সু-স্বাস্থ্য লাভ কৰিব নোৱাৰে। সেইবাবে তেওঁলোকে অংগ সঞ্চালনৰ নিমিত্তে কিছুমান যোগ-ব্যায়াম পদ্ধতিৰ উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে অনুভৱ কৰিছিল যে ৰিপুৰ প্ৰভাৱত মানুহৰ মনটো অস্থিৰ হৈ উঠে আৰু অস্থিৰ মনেই হৈছে মানুহৰ সকলো ৰোগ আৰু অশান্তিৰ কাৰক। সেইবাবে তেওঁলোকে ৰিপুসমুহক দমন কৰি অস্থিৰ মনক সুস্থিৰ কৰি ৰখাৰ উদ্দেশ্যে ধ্যান-প্ৰাণায়াম আদি যোগ পদ্ধতিৰ উদ্ভাৱন কৰিছিল। সেই তাহানিতে ঋষি-মুনিসকলে উদ্ভাৱন কৰি থৈ যোৱা যোগ পদ্ধতিসমুহ বৰ্তমানেও মানুহৰ মাজত স্বাস্থ্য ৰক্ষাৰ উপায় হিচাপে অতি জনপ্ৰিয়। গতিকে পুৰণি কালৰ ঋষি-মুনিসকলে মানুহৰ স্বাস্থ্য ৰক্ষাৰ নিমিত্তে উদ্ভাৱন কৰা উপায়সমুহ আৰু বৰ্তমান যুগৰ স্বাস্থ্য বিজ্ঞানীসকলে আগবঢ়োৱা উপায়সমুহৰ মাজত মুলগত পাৰ্থক্য নাই বুলিয়েই ক’ব পাৰি।
লেখক: গোপেশ মজুমদাৰ (ৰাইজৰ বাতৰি)
শেহতীয়া উন্নীতকৰণ: : 2/20/2024