মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুক্ষ্ম যোগ ব্যায়াম প্ৰক্ৰিয়া (প্ৰথম ভাগ)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুক্ষ্ম যোগ ব্যায়াম প্ৰক্ৰিয়া (প্ৰথম ভাগ)

সুক্ষ্ম যোগ ব্যায়াম প্ৰক্ৰিয়া (প্ৰথম ভাগ)ৰ বিষয়ে লিখা হৈছে ।

 

এজন খেতিয়ক বন্ধুক যোগব্যায়াম প্ৰাণায়াম আদিৰ বিষয়ে কব বিচাৰোতে তেওঁ কলে :-- " আমাৰ সেইবোৰ কৰিবৰ দৰকাৰেই নাই । পুৱাৰ পৰা গ'ধুলিলৈ পথাৰতেই আমাৰ ব্যায়াম হৈ থাকে ।
কেইমাহমান পিচত একেজন বন্ধুৱে মোৰ ওচৰলৈ আঠুৰ বিষ , ককালৰ বিষ , কান্ধৰ বিষ আদি নানা বিষৰ বোজা লৈ আহি কলে -" দে ভাই কিবা এটা কৰি দে । ডক্তৰৰ এসোপা পৰীক্ষা নিৰিক্ষা ঔষধ পাতি আদি খাই একোৱেই ফল নাপালো ....।
আজিৰ আধুনিক ব্যস্ত যুগত কিছুসংখ্যক লোকৰ বাহিৰে বহুতেই যোগাসন ব্যায়াম ,প্ৰানায়াম আদিৰ প্ৰ্য়োজনবোধ নকৰে , কৰবাত শিকিলেও নিয়মিত নকৰে বা সময়ৰ অপচয় বুলি ভৱা লোকো নথকা নহয় ।
অন্যান্য জীৱ -জন্তু,চৰাই চিৰিকতি বা পোহনীয়া হাঁহ -পাৰ ,কুকুৰ- মেকুৰী আদিলৈ লক্ষ কৰিলে দেখা যায় -প্ৰকৃতিৰ প্ৰতিটো জীৱই দেহচৰ্চাৰ বাবে সময়ে সময়ে নিজে নিজেই ব্যায়াম কৰি দেহক নিৰোগী আৰু সক্ৰিয় কৰি ৰাখে । অৱশ্যে মানুহেও - ভাগৰত দীঘলকৈ উশাহ লোৱা ,শুই উঠি ভৰিহাত টনাটনিকৈ হুমনিয়াহ কঢ়া বা লৰালী কালত চতফতী্যা হোৱ, দৌৰা ঢপৰা কৰা আদিবোৰো প্ৰাকৃতিক ভাৱে কৰা ব্যায়াম, প্ৰাণায়াম আদিৰে অংশ বিশেষ বুলিব পাৰি । এইবোৰক সঠিক আৰু বিধিসন্মত নিয়মিত ভাবে কৰিলে অন্যান্য জীৱৰ দৰে আমিও নিজৰ দেহমনক সুস্থ্য সৱল নিৰোগী হিচাবে ৰাখিব পাৰোহঁক ।
আমি যি কামেই নকৰো কিয় সকলো কামতে আমাৰ দেহৰ সকলো অংগ বা বিভিন্ন তন্ত্ৰসমুহৰ সঠিক চালনাৰ অভাৱত শৰীৰ জঠৰ বা বিভিন্ন ৰোগাক্ৰান্ত হব পাৰে । সেয়ে প্ৰতিদিনে নিয়মিত যোগাভ্যাস কৰাতো অত্যন্ত প্ৰয়োজন :-
ব্যস্ততা বা অইন কোনো কাৰনৰ বাবে যোগাভ্যাস কৰক বা নকৰক কিছু সৰুসুৰা ব্যায়াম ৰাতিপুৱা শুই উঠি বা সুবিধা বুজি য'তে ত'তে দিনটোৰ যিকোনো সময়ত কৰি নিজৰ মৰমৰ দেহটোৰ তেজ মাংস ,স্নায়ু ধমনী শিৰা,উপশিৰা সমুহক সক্ৰিয়(active)নমনীয় (flexible), আৰু নিৰোগীকৈ ৰাখিব পাৰোহঁক ।
তেনে কিছু অতি সহজ সুক্ষ্ম ব্যায়ামৰ নমুনা তলত দিয়া হ'ল । যিকোনো বয়সৰ সকলো বন্ধু বান্ধৱীয়ে নিজে নিয়মিত অভ্যাস কৰাৰ লগতে লৰা-ছোৱালীকো নিশ্চয় শিকাব -
সুক্ষ্ম ব্যায়াম পদ্ধতি নং:- ১
ক) হাঁতৰ আঙুলী আৰু পেশীৰ বাবে:-
সুস্থিৰে বহি বা থিয় হৈ , দুয়োখন হাঁত সমুখৰ ফালে সমান্তৰালকৈ মেলি দিয়ক । এইবাৰ দীঘলকৈ উশাহ লোৱাৰ লগে লগে বুঢ়া আঙুলি মাজত ৰাখি জোৰকৈ মুঠি মাৰক আৰু উশাহ এৰাৰ লগে লাহে লাহে লগে মুঠি এৰক । আঙুলি পোনাই ৰাখিব । পুনৰ একেদৰে ৫-১০বাৰ কৰক ।
খ) ভৰিৰ আঙুলি আৰু পতাৰ বাবে-
মাটি বা বিচনাত ভৰিদুখন আগপিনে পোণকৈ মেলি দিয়ক । দুহাতৰ পতা পিচফালে ভেজা দি ৰাখক। এইবাৰ ভৰিৰ আঙুলিবোৰ কিছু টানকৈ ৩- ৫ মিনিট মেলা জপোৱা কৰক ।
পদ্ধতি নং ২
ক) ভৰিৰ গোৰোহা আৰু স্নায়ু পেশীৰ বাবে-
১নং খ পদ্ধতি্ৰ নিচিনাকৈ ভৰিদুখন অকনমান ফাক ৰাখি বহিব । এইবাৰ ভৰিৰ গোৰোহাক কেন্দ্ৰ কৰি ভৰিৰ পতা এবাৰ সোঁফালে ,এবাৰ বাওঁফালে , সমুখ আৰু পিচলৈ আৰু ব্ৰত্তাকাৰে দুয়োপিনে লাহে লাহে ঘুৰাওক (৩-৫ মিনিট)
খ) হাতৰ মনিবন্ধ স্নায়ু পেশীৰ বাবে -
সুস্থিৰে ভৰি দুখন আগফালে ৰাখি বহক আৰু হাত দুখন আগলৈ কান্ধৰ সমান্তৰালকৈ পোণকৈ মেলি মুঠি বান্ধক । হাতৰ মুঠি মুখামুখিকৈ লগ লগাই ৰাখক আৰু চিত্ৰত দেখুৱাৰ দৰে বৃত্তাকাৰে ওলত পালত দিশত ঘুৰাওক । হাত পোনকৈ ৰাখিব আৰু মুঠি দুটা লগ লগাই ৰাখিব ।
পদ্ধতি নং ৩ -
বাহু কিলাকুটি আৰু হৃদযন্ত্ৰৰ বাবে -
ক) ২নং খ- ৰ নিচিনা বহি মুঠিবদ্ধ হাত আগলৈ পোণাই ৰাখক । উশাহৰ লগে লগে হাতৰ মুঠি কান্ধৰ ফালে আনক আৰু উশাহ এৰি পুনৰ হাত আগলৈ পোণ কৰক । কিলাকুটি একে ঠাইতে থাকিব ।( ২-৪ মিনিট )
খ) আগৰ অৱস্থাত থাকি হাত কোচাই আনি আঙুলি কেইতা কান্ধত ৰাখক । এইবাৰ উশাহৰ লগে লগে কিলাকুটি দুয়োটা দুইপিনে বৃত্তাকাৰে ২-৪বাৰ ঘুৰাওক আৰু উশাহ এৰি জিৰমি লওক। পুনৰ একেদৰে ওলোটা দিশত ঘুৰাওক ।
গ) হাত মুঠিবদ্ধ কৰি বুকুৰ মাজভাগত ৰাখক । দুয়ো মুঠিৰ আঙুলিভাগ স্পৰ্শ কৰাই ৰাখিব । এইবাৰ শ্বাস গ্ৰহনৰ লগে লগে মুঠি দুটা সমুখৰ ফালে আগুৱাই হাত পোনাই দিয়ক । মুঠি লগ লগাই ৰাখিব । শ্বাস এৰাৰ লগে লগে মুঠি পুনৰ বুকুৰ ফালে আনক । ২-৪ মি : এনেদৰে কৰক ।
পদ্ধতি নং ৪
পেট পিঠি আৰু ককালৰ বাবে-
ক) দুইহাত দুয়োপিনে কান্ধৰ সমান্তৰালকৈ বহলকৈ মেলি বহক । সমুখলৈ দুয়োফালে বহলাই মেলি দিয়ক । দীঘলকৈ শ্বাস লওক । এৰাৰ সময়ত সোঁহাতেৰে বাওঁভৰিৰ আঠু বা বুঢ়া আঙুলি চুবলৈ চেষ্টা কৰক । মুৰ ,কান্ধ আৰু আনখন হাত পিচলৈ ঘুৰাই সেই হাতলৈ দৃষ্টি ৰাখক। । শ্বাস এৰাৰ লগে অগৰ অৱস্থালৈ আহক । পুনৰ বিপৰীত দিশত অৰ্থাত বাওঁহাতেৰে সোঃভৰিৰ আঠু বা আঙুলি চুৱক ।
খ) ভৰিদুখন লগলগাই আগলৈ মেলি বহক-
হাতৰ দুয়ো মুঠি মুখামুখীকৈ লগলগাই আগলৈ পোণাই ৰাখিব । এইবাৰ বৃত্তাকাৰে ভৰি আৰু বুকুৰ ওপৰেৰে হাতৰ মুঠি দুয়োটা লাহে লাহে শুন্যতে ঘুৰাওক । (ডাঙৰ চকৰী ঘুৰোৱাৰ দৰে ) খুব লাহে লাহে কৰিব । হালি যাওতে শ্বাস এৰিব আৰু পিছলৈ হালোতে বা পোন হওতে শ্বাস গ্ৰহন কৰিব । কিছু সময়ৰ পিচত পুনৰ বিপৰীত দিশত কৰিব । যথাসম্ভৱ ২-৫মি: অভ্যাস কৰিব ।

লেখক – যতীন দাস

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top