অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুন্দৰ ছালৰ বাবে :

সুন্দৰ ছালৰ বিষয়ে লিখা হৈছে ।

ছাল -

ছালে আমাৰ সমগ্ৰ শৰীৰক আৱৰি ৰাখি, বাহিৰৰ যিকোনো হেঁচা, শীত-তাপ, বিভিন্ন জীৱাণু আৰু অন্যান্য ক্ষতিকাৰক পদাৰ্থৰ প্ৰভাৱৰ পৰা শৰীৰটোক মুক্ত কৰি ৰাখে।

আমাৰ ছালখনৰ দুটা তৰপ আছে। বাহিৰৰ তৰপটোক বহিঃত্বক বা এপিডাৰ্মিছ(Epidermis) আৰু ভিতৰৰ তৰপক অন্তঃত্বক বা ডাৰ্মিছ(Dermis) বোলা হয়।

এপিডাৰ্মিছনামৰ ওপৰৰ তৰপটোত মোলান’ছাইট নামৰ এবিধ বিশেষ কোষ থাকে। এই কোষবোৰে মেলানিন নামৰ এবিধ পিগমেন্ট তৈয়াৰ কৰে আৰু এই পিগমেন্টৰ বাবেই ছালৰ ৰং ঈষৎ হালধীয়া হয়।

ছালৰ এপিডাৰ্মিছ অংশ পুৰি গ’লে, লগতে মেলান’ছাইট কোষবোৰো পুৰি নষ্ট হয় বাবে পোৰা ঘা শুকোৱাৰ পিছতো বগা ৰঙৰ পৰিৱৰ্তন নহয়।

এপিডাৰ্মিছৰ তলত থকা ডাৰ্মিছ তৰপটো সংযোগী কলাৰে গঠিত। এই তৰপতে-

  • ঘৰ্মগ্ৰন্থি,
  • স্নায়ু,
  • ৰক্তবাহী নলিকা,
  • চেবেচিয়াছ গ্ৰন্থি আৰু নোমৰ গুৰি অংশ সোমাই থাকে।

এই অংশৰ লগত সংযুক্ত হৈ থকা চুলি, নোম আৰু নখবোৰ কেৰাটিন জাতীয় কোষেৰে গঠিত।

ছালখনে আমাৰ অংগ-প্ৰত্যংগবোৰ ঢাকি ৰখাৰ উপৰি শৰীৰৰ ভিতৰত উত্তাপ আৰু পানী সৰবৰাহতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

শৰীৰৰ অভ্যন্তৰত উৎপন্ন হোৱা উত্তাপ ছালত থকা ৰন্ধ্ৰবোৰেৰে বাহিৰ ওলাই শৰীৰৰ উত্তাপ স্বাভাৱিক কৰি ৰাখে।

ইয়াৰ বিপৰীতে ঠাণ্ডা পৰিৱেশত ছালৰ ছালত থকা পেশীবোৰ সংকুচিত হৈ ৰন্ধ্ৰবোৰ বন্ধ কৰি দিয়ে, যাৰ ফলত শৰীৰৰ অভ্যন্তৰৰ উত্তাপ বাহিৰলৈ ওলাই আহিব নোৱাৰে।

আনহাতে, ছালত থকা ৰন্ধ্ৰবোৰেৰে ঘামৰ ৰূপত শৰীৰৰ বাবে অলাগতিয়াল পদাৰ্থ কিছুমান বাহিৰ হৈ যায়।

তদুপৰি ছালখন সংবেদী হোৱা বাবে আমি সহজেই শীত-তাপ, বিষ আদি বিভিন্ন সংবেদন অনুভৱ কৰিব পাৰোঁ।

শৰীৰৰ অন্যান্ত অংগৰ দৰে ছালতো বিভিন্ন ৰোগ তথা সমস্যা উদ্ভৱ হয়। বিভিন্ন প্ৰকাৰৰ ভেঁকুৰ, বেক্টেৰিয়া আদি জীৱাণুৰ সংক্ৰমণৰ ফলত ছালত ঘা, ফোঁহা, খৰকে ধৰি বিভিন্ন প্ৰকাৰৰ ৰোগৰ উদ্ৰেক হয়।

আনহাতে, ছালত পোৱা বিভিন্ন প্ৰকাৰৰ আঘাত(যেনে- কটা-ছিগা, পোৰা আদি), ছাল অত্যধিক মাত্ৰাত সূৰ্যৰ তাপৰ সংস্পৰ্শত থকা, অত্যন্ত গৰম পৰিৱেশ আদিৰ বাবেও ছালত সৰু-বৰ বিভিন্ন সমস্যাই দেখা দিয়ে।

তদুপৰি ভাটী বয়সত ছালত কেতবোৰ বয়সজনিত সমস্যাই দেখা দিয়ে। বয়স বঢ়াৰ লগে লগে পুৰুষ-মহিলা সকলোৰে ছাল ক্ৰমে খহটা আৰু নিস্তেজ হ’বলৈ ধৰে।

লাহে লাহে এনে অৱস্থাৰ অৱনতি ঘটি, এটা সময়ত ছাল শোটোৰা পৰে, ছালত ভাঁজ পৰিলক্ষিত হয়(Wrinkle) আৰু শৰীৰৰ কোনো কোনো অংশত ছাল ওলমি পৰে(Sagging)।

ছালৰ যথোচিত যত্ন লোৱা তথা কিছু নীতি-নিয়ম পালন কৰি চলাৰ জৰিয়তে আমাৰ ছাল নিৰোগী-সতেজ-নিমজ কৰি ৰাখিব পাৰোঁ।

আনহাতে, বয়সজনিত ছালৰ সমস্যাবোৰ আগতীয়াকৈ কেতবোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এনে সমস্যা উদ্ভৱ হোৱাটো বিলম্বিত কৰিব পৰা যায় আৰু বৃদ্ধ বয়সতো এনে ধৰণৰ সমস্যাৰ মাত্ৰা বহুলাংশে কমাই ৰখাটো সম্ভৱ হৈ উঠে।

সংক্ৰামক ৰোগৰপৰা ছাল মুক্ত কৰি ৰখাৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাত যথোচিত গুৰুত্ব দিব লাগে। মাজে মাজে মহানিমৰ পাত সিজোৱা পানীৰে গা ধোৱা ভাল।

ছালৰ খজুৱতি, এলাৰ্জী, ফুলি উঠা, আঙুলিৰ গাঁঠিবোৰৰ বাহিৰ ফালে খহটা বা ডাঠ হৈ অহা আদি লক্ষণে দেখা দিলে, গৰম পানীত কিছু পৰিমাণে নিমখ দি, সেই পানীত কাপোৰ তিয়াই প্ৰতিদিনে কেই ছেকণ্ডমানকৈ কেইদিনমান সেই কাপোৰৰ টোপোলাৰে আক্ৰান্ত ঠাইত সেক দিলে সাধাৰণতে এই ধৰণৰ অসুখৰ উপশম হয়।

মহানিমৰ পাত সিজোৱা পানী দৈনিক এগিলাচকৈ এসপ্তাহমান খোৱাৰ লগতে সেই পানীৰে আক্ৰান্ত ঠাই ধুলেও কেতবোৰ চৰ্মৰোগ নিৰাময় হয়।

অৱশ্যে এনে ধৰণৰ ঘৰুৱা উপায় অৱলম্বনৰ জৰিয়তে ৰোগ নিৰাময় নহ’লে অথবা ৰোগৰ প্ৰকোপ বেছি হ’লে বিলম্ব নকৰি, চিকিৎসকৰ ওচৰ চপাই শ্ৰেয়।

যিসকলে দিনটোৰ বেছিভাগ সময় ৰ’দত থাকিবলগীয়া হয়, তেওঁলোকৰ ছালৰ মসৃণতা আৰু উজ্জ্বলতা আপেক্ষিকভাৱে সোনকালে হ্ৰাস পাবলৈ ধৰে।

আনহাতে, বয়স বৃদ্ধিৰ লগে লগে ছালৰ তৈলগ্ৰন্থিবোৰ শুকাবলৈ ধৰাৰ ফলত এটা বয়সৰ পিছত ছাল খহটা হোৱাটো অৱধাৰিত হৈ পৰে।

তেনে পৰিস্থিতিত ছালত স্থিতিস্থাপকতা হ্ৰাস পাবলৈ ধৰে আৰু তাৰ ফলত ছালখন কোঁচ যাবলৈ আৰম্ভ কৰে।

এনে ধৰণৰ সমস্যা কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায় ছালত তেল ঘঁহা অথবা মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰাৰ জৰিয়তে।

আনহাতে, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ কু-প্ৰভাৱৰপৰা ৰক্ষা পোৱাৰ বাবে ছানস্ক্ৰীণ লোচন ব্যৱহাৰ কৰিব পৰা যায়।

এটা গুৰুত্বপূৰ্ণ কথা এই যে অত্যধিক ৰ’দৰ তাপে আমাৰ ছালৰ নানা ধৰণে ক্ষতি কৰাৰ বিপৰীতে আমাৰ শৰীৰত নিয়মিতভাৱে কিছু পৰিমাণে ৰ’দৰ তাপ লগাটোও প্ৰয়োজনীয়।

কাৰণ ৰ’দ(বিশেষকৈ পুৱাৰ ৰ’দ)ৰ প্ৰভাৱত আমাৰ ছালৰ ডাৰ্মিছ স্তৰত ভিটামিন ‘ডি’ উৎপন্ন হয়। এইবিধ ভিটামিন ঘাইকৈ হাড়ৰ সুৰক্ষাৰ বাবে নিতান্তই প্ৰয়োজনীয়।

স্বাস্থ্য বিশেষজ্ঞ ব্ৰজনাথ শৰ্মাই তেওঁৰ ‘স্বাস্থ্য ৰক্ষাৰ চাবি-কাঠী’ শীৰ্ষক গ্ৰন্থখনত ছালৰ যতন সম্পৰ্কে লিখা কথাখিনিৰপৰা এটা দফা এইখিনিতে উদ্ধৃত কৰিলোঁ- ‘শৰীৰটো সুস্থকৈ ৰাখিবলৈ হ’লে, ছালখন নিৰোগীকৈ ৰাখিব খুজিলে, সৰ্বশৰীৰ ছাল কোমল ব্ৰাছ বা মোটা টাৱেলেৰে ঘঁহিব লাগে, গাৰ কাপোৰ খুলি লৈ ভালকৈ ঘঁহনি লগাকৈ মালিচ কৰিব লাগে। বজাৰত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা মিহি ব্ৰাছেৰেও মালিচ কৰিব পাৰি, কিন্তু ব্ৰাছ ব্যৱহাৰ কৰিলে যাতে ছালত আঘাত নালাগে, তালৈ লক্ষ্য ৰাখি লাহে লাহে ঘঁহিব লাগে আৰু মোটা টাৱেলেৰে ঘঁহিলে অলপ জোৰকৈ ঘঁহিব লাগে, যাতে ডাৰ্মিছত ইয়াৰ ঘঁহনি অনুভূত হয়। ছাল ঘঁহাটো এটা নিয়ম কৰি লৈ, বিশেষকৈ গা ধোৱাৰ আগেয়ে সদায় এটা সময়ত ছাল ঘঁহিব লাগে।

মূৰৰ ছালৰপৰা আৰম্ভ কৰি ভৰিৰ তলুৱালৈকে, ছালত ঘঁহনি দিব লাগে। ছালৰ ‘এক্সাৰচাইজ’ কৰাৰ এটা সময়সীমা(Duration) ঠিক কৰি লোৱা ভাল।

শৰীৰৰ কোমল অংগ-প্ৰত্যংগবোৰ ঘঁহোঁতে হাতৰ আঙুলিহে ব্যৱহাৰ কৰিব লাগে, বাকী অংশত টাৱেল আৰু অতি মোটা অংশ, ভৰিৰ তলুৱা আদিত বাছ ব্যৱহাৰ কৰিব পাৰি’।

ছাল ভালে ৰখাৰ বাবে -

  • পৰিপাক প্ৰণালী(Digestive System) সুস্থ-সবল কৰি ৰখা,
  • পুষ্টিকৰ তথা সুষম আহাৰ গ্ৰহণ কৰা,
  • নিয়মিত ব্যায়াম কৰা,
  • প্ৰতিদিনে পৰ্যাপ্ত সময় ভালদৰে টোপনি যোৱা,
  • মনটো প্ৰশান্ত-প্ৰফুল্ল কৰি ৰাখিবলৈ যত্ন কৰা প্ৰভৃতি স্বাস্থ্য-বিধি মানি চলাও নিতান্তই প্ৰয়োজনীয়।

নিয়মিতভাৱে পৰ্যাপ্ত মাত্ৰাত শাক-পাচলি আৰু ফল-মূল খাব লাগে। প্ৰতিদিনে পৰ্যাপ্ত মাত্ৰাত পানী খোৱাও জৰুৰী।

ভজা-পোৰা খাদ্য যিমান দূৰ সম্ভৱ কমাই খাই, সিজোৱা খাদ্য খোৱাত অধিক গুৰুত্ব দিব লাগে। ছাল নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যোগ-প্ৰাণায়ামো যথেষ্ট সহায়ক হ’ব পাৰে, বিশেষকৈ কপালভাতি প্ৰাণায়াম আৰু নৌকা আসন ছালৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অত্যন্ত ফলপ্ৰসূ।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top