মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুন্দৰ ছালৰ বাবে কেইটামান প্ৰাকৃতিক উপকৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুন্দৰ ছালৰ বাবে কেইটামান প্ৰাকৃতিক উপকৰণ

কামৰ হেঁচা তথা যথেষ্ট ব্যস্ততাৰ বাবে মানুহে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান দিয়াত অৱকাশ নাপায়|

কামৰ হেঁচা তথা যথেষ্ট ব্যস্ততাৰ বাবে মানুহে নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান দিয়াত অৱকাশ নাপায়| মন কৰিবলগীয়া যে এনে ব্যস্ততাৰ মাজতো আপুনি মুখমণ্ডলৰ প্ৰতি কিছু সচেতন হোৱা দৰকাৰ| সাধাৰণতে ধূলি-মাকতি, প্ৰদূষিত বায়ুৰ দ্বাৰা ছালৰ ৰং অতি বিবৰ্ণ হৈ উঠে|

অমিতা

এটুকুৰা পকা অমিতা পিটিকি লৈ ইয়াৰ সৈতে কেইটোপালমান গোলাপ জল মিহলাই এই মিশ্ৰণৰ পেক মুখত ফে’চ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে| ২০ মিনিটৰ পিচত মুখখন ধুই পেলাব| মনত ৰাখিব আপুনি যিমানেই ব্যস্ততাত নাথাকক কিয় নিশা শোৱাৰ আগতে সদায় মুখখন ভালদৰে পৰিষ্কাৰ কৰিব|

বিলাহী

 

ছাল উজ্জ্বল আৰু সবল কৰি তোলাত বিলাহীৰ পেক অতি উপকাৰী| বিলাহীয়ে ছালত জাৰণ প্ৰতিৰোধী দ্ৰব্য হিচাপে কাম কৰে| এটা বিলাহী পিহি লৈ ইয়াক পেষ্ট হিচাপে মুখত লগাই ৰাখিব| ১৫ মিনিটৰ পিচত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব| পেক ব্যৱহাৰে কেৱল ছাল উজ্জ্বল কৰাই নহয়, মুখত থকা ক্ষতচিহ্ন বা শালমইনাৰ দাগো নিৰ্মূল কৰাত সহায় কৰিব|

আলু

ছালৰ পৰা মলিনতা দূৰ কৰাৰ ক্ষেত্ৰত আলু যথেষ্ট উপকাৰী| তদুপৰি ছালত হোৱা শালমইনা ৰোধ কৰাৰ ক্ষেত্ৰতো ই অতি ফলদায়ক| এটা কেঁচা আলু কাটি ইয়াক পেক হিচাপে ছালত ব্যৱহাৰ কৰিব পাৰে| এই কেঁচা আলু ৫ মিনিট মুখত ঘঁহিব| দেখিব ছালখনলৈ স্বাভাৱিকতে কিছু পৰিৱৰ্তন আহি পৰিছে|

 

লেখক:- জুৰি শইকীয়া

উৎস:- সম্ভাৰ

2.88461538462
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top