মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুন্দৰ ভৰিৰ বাবে ৮ টা যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুন্দৰ ভৰিৰ বাবে ৮ টা যতন :

সুন্দৰ ভৰিৰ বাবে ৮ টা যতনৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতিজন মানুহে নিজৰ ভৰি দুখন ধুনীয়া আৰু মসৃণ হোৱাটো বিচাৰে । বিশেষকৈ শীতকাল পাৰ হৈ যোৱাৰ লগে লগে মানুহে চেণ্ডেল পিন্ধিবলৈ লয় । এই সময়ছোৱাত ভৰি দুখনৰ যতন বেছিকৈ লোৱাৰ প্ৰয়োজন হয় । আমাৰ সৰ্বশৰীৰ ওজন যিহেতু ভৰি দুখনেই কঢ়িয়াই লৈ ফুৰিব লাগে , সেয়েহে ভৰি দুখনৰ যতন লোৱাটো যুক্তিসংগত । যদিহে আপুনি নিয়মীয়াকৈ ভৰি দুখনৰ যতন লয় , তেতিয়াহ’লে সামান্য কষ্ট কৰিলেও দুখন সুন্দৰ ভৰিৰ গৰাকী হ’ব পাৰিব।

১) ভৰিৰ আকাৰ অনুযায়ী জোতা পিন্ধক :-

কিছুমান মানুহে জোতা কিনোতে এনেদৰে কিনিব বিচাৰে যে ভৰিখন সামান্য ডাঙৰ হ’লেও যাতে জোতাযোৰ সৰু হৈ নাযায় । কেতিয়াবা আকৌ জোতা সামান্য টান হ’লেও কষ্ট কৰি হ’লেও জোতাযোৰ পিন্ধি থাকে । এনে কৰাটো অনুচিত । জোতা সদায় ভৰিৰ জোখত পিন্ধাটোহে স্বাস্থ্যসন্মত । ভৰিৰ তলুৱাত ঘা হোৱা বা তলুৱাৰ বিভিন্ন ধৰণৰ চৰ্মৰোগ হোৱাৰ সম্ভাৱনাৰ কাৰক কেৱল জোতাযোৰ  । বেছি ওখ জোতা অথবা একেবাৰে চেপেটা জোতাও পিন্ধা অনুচিত।

২) ভৰি দুখন খহিব :-

ভৰিৰ ছালবোৰ ঘনাই শুকাই যায় । শৰীৰৰ অন্য অংগৰ ছালৰ লগত ভৰিৰ তলুৱাৰ ছালৰ তুলনা নহয় । ভৰিৰ ছাল ঘনাই সলনি হয় । সেইবাবেই ভৰিৰ পৰা পুৰণি শুকান ছাল আঁতৰাই দিয়াটো জৰুৰী । এনে কৰিবলৈ সামান্য গৰম পানীত ভৰি দুখন ১০ মিনিট ডুবাই লৈ এটা পিউমিছ ষ্টোনেৰে ভৰি দুখন ঘঁহিব লাগে। ভৰিত মাজে মাজে অলিভ অইল অথবা যিকোনো তেল ঘঁহাটো ভাল । মনত ৰাখিব যে আপোনাৰ সুস্বাস্থ্যৰ বাবেহে ভৰি দুখনৰ যত্ন লৈছে । প্ৰতিদিনে ১০-১৫ মিনিট সময় ভৰি দুখনৰ যত্ন লোৱা উচিত ।

৩) স্কাৰ্ব কৰক :-

বজাৰত বিভিন্ন তেল আৰু ক্ৰীমৰ দৰে ফেচিয়েল স্কাৰ্বো কিনিবলৈ পোৱা যায় । সম্প্ৰতি ভৰিৰ বাবে সুকীয়াকৈ ফুট স্কাৰ্বো উপলব্ধ হৈছে । দুয়োখন ভৰি অকণমান সময় পানীত তিয়াই লৈ এই স্কাৰ্ব হাতত অলপমান লৈ ক্ৰীমৰ দৰে ঘঁহিব লাগে । এনে কৰিলে ভৰিৰ পৰা শুকান ছাল সহজতে আঁতৰি যায় । আপুনি দেখিব আপোনাৰ ভৰি দুখনো দেখাত ধুনীয়া হৈছে ।

৪) ভৰিক উশাহ ল’বলৈ দিয়ক :-

দীৰ্ঘসময় ধৰি জোতা পিন্ধি থকাৰ পিছত ঘৰলৈ গ’লে ভৰি দুখনক আৰাম দিবৰ বাবে ভৰিৰ পৰা জোতা-মোজা খুলি দিব লাগে । দীঘলীয়া সময় জোতা পিন্ধি থাকিলে ভৰি দুখন ঘামি উঠে আৰু তাৰ প্ৰভাৱ ভৰিৰ ছালত পৰে । সেয়ে জোতা- মোজা খুলিয়েই ভৰি দুখন পানীৰে ধুব লাগে আৰু আঙুলিৰ ফাঁকবোৰো হাতেৰে ঘঁহি দিব লাগে ।

৫) পুৰণি নেইল পলিছ আঁতৰাই পেলাওক :-

ভৰি দুখন ধুনীয়া হৈ উঠিবলৈ নখ সামান্য দীঘল কৰি সেই নখৰ ওপৰত ৰং বিৰিঙৰ পলিছ লগোৱাটো এটা নতুন ফেছন । এনে কৰোতে বহুতে আকৌ এটা ৰঙৰ ওপৰতে আনটো ৰং ঘঁহি দিয়ে । কিন্তু এনে কৰা অনুচিত । সদায় ভৰিৰ নখত পলিছ লগাওঁতে পুৰণি পলিছ আঁতৰাই ল’ব লাগে । তাৰ পিছত কে’বাঘণ্টাও নখ পলিছ নলগোৱাকৈ ৰাখিব লাগে । এটা দিন পলিছ নলগোৱাকৈ ৰাখি পুনৰ পলিছ লগালে ভৰিৰ নখ ভালে থাকে । অন্যথা নখবিলাক বেছি শুকান আৰু খৰখৰীয়া হৈ যায় ।

৬) নখ সুন্দৰকৈ কাটক :-

বহুতৰে অভ্যাস আছে হাতৰ নখ কাটোতে যিমান গুৰুত্ব দিয়ে সিমান গুৰুত্ব ভৰিৰ নখে নাপায় । সেয়ে জধে-মধে নখবিলাক কটাৰ কাৰণে ভৰিৰ নখ ভালদৰে নাবাঢ়ে আৰু ভাগি যায়।ভৰিৰ নখ সুন্দৰকৈ কাটিব লাগে আৰু বেছি দীঘলকৈ ৰাখিব নালাগে ।

৭) ক্ৰীম লগাওক :-

আপুনি যদি আপোনাৰ ভৰি দুখন কোমল আৰু মসৃণ হৈ থকাটো বিচাৰে, তেতিয়াহ’লে পুৱা গা ধুই উঠিয়েই ভৰিত ক্ৰীম লগাবলৈ নাপাহৰিব । ভৰিৰ ক্ৰীম সুকীয়াকৈ কিনিব পাৰি । সাধাৰণতে মুখত বা হাতত ঘঁহা ক্ৰীমতকৈ ভৰিত ঘঁহা ক্ৰীম বেছি ডাঠ হয় । ভৰিৰ কাৰণে ভিটামিন –ইযুক্ত ক্ৰীম কিনিব পাৰে । মাজে মাজে নাৰিকল তেল বা অলিভ অইলেৰে ভৰি দুখন মালিচ কৰিব । ভৰি দুখন বেছিকৈ কোমল কৰি ৰাখিব বিচাৰিলে তেলেৰে মালিচ কৰাৰ পিছত দুঘণ্টামান কপাহী মোজা পিন্ধি থাকিব । ভৰি লেতেৰা হ’লে ধুবলৈ এলাহ নকৰিব ।

৮) চাফা পানীৰে ভৰি ধুব :-

আইৰনযুক্ত পানীৰে ভৰি বেছিকৈ ধুলে ভৰিৰ ছা ল শুকান হয় । শুকান ছালৰ ভৰিত গোৰোহা ফাটে । সেয়ে সদায় ৰাতি শুবৰ সময়ত ফিল্টাৰ পানীৰে ভৰি দুখন ধুবলৈ নাপাহৰিব। বিশুদ্ধ পানীয়েও ভৰি দুখন কোমল কৰি ৰখাত সহায় কৰে ।

উৎস – জি এনআৰচি স্বাস্থ্য

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top