এটা সুস্থ জীৱনশৈলীৰ বাবে টোপনি অপৰিহাৰ্য। টোপনিৰ সময়ছোৱাত দেহৰ দৈনন্দিন শাৰীৰিক আৰু মানসিক চাপমুক্ত হোৱাৰ সৰ্বোত্তম সময়। টোপনিৰ সময়ত দেহত কিছুমান বিশেষ হৰম’ন নিঃসৰণ হয়, যিয়ে চাপমুক্ত কৰিব পাৰে। গতিকে দৈনিক ৬ৰ পৰা ৮ ঘন্টাৰ টোপনিৰ প্ৰয়োজন। টোপনিৰ নিৰ্দিষ্ট সময় বান্ধি নিয়মিত একে সময়তে শোৱা আৰু উঠাৰ অভ্যাস কৰিব লাগে।
স্বাস্থ্য শিক্ষাৰ সজাগতা সুস্থ জীৱনশৈলীৰ প্ৰধান আহিলা। সু-স্বাস্থ্যৰ শিক্ষা আৰু সজাগতা সৰুৰে পৰাই ল’ৰা-ছোৱালীক দিব লাগে। সেই শিক্ষা এবাৰ অভ্যাসত পৰিণত হ’লে আজীৱন তেওঁলোকে এটা সুস্থ জীৱনশৈলী উপভোগ কৰিব পাৰিব। এইক্ষেত্ৰত অভিভাৱকৰ সজাগতাৰ প্ৰয়োজন আছে।
মানুহ সামাজিক প্ৰাণী। এটা সুস্থ জীৱনশৈলী উপভোগ কৰাৰ বাবে পাৰস্পৰিক, সামাজিক সমৰ্থন আৰু সুস্থ সামাজিক সম্পৰ্ক অতিকৈ প্ৰয়োজন। সমাজখনত ইজনে সিজনক বিপদে-আপদে অহায়-সমৰ্থন কৰাৰ প্ৰয়োজন। সমাজত প্ৰতিজন ব্যক্তিয়েই পাৰস্পৰিক সু-সম্পৰ্ক ৰক্ষা কৰি চলিলেহে সুস্থ সামাজিক পৰিৱেশ এটা গঢ় দিব পৰা যাব।
সুস্থ জীৱনশৈলীৰ প্ৰথম আৰু সবাতোকৈ দৰকাৰী উপাদান হ’ল খাদ্য। আমাৰ দেহক যিবোৰ খাদ্যপ্ৰাণ যি পৰিমাণ আৰু অনুপাতত লাগে, আমাৰ খাদ্যত তেনেধৰণে উপলব্ধ হোৱা উচিত। একে বহাতে বহুত খোৱা বা এবাৰ খাই লৈ আৰু বহু সময় নোখোৱাটো সু-স্বাস্থ্যৰ পৰিপন্থী। আমি নিয়মিত অলপ পৰিমাণৰ আহাৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খোৱা উচিত। দিনটোৰ প্ৰ’টিন, কাৰ্বহাইড্ৰেট অৰু চৰ্বিৰ প্ৰয়োজনীয় জোখৰ সমান্তৰালভাৱে ৫ বা ৬টা ভাগত ভগাই লৈ সমান সময়ৰ(২ ১/২ৰ পৰা ৩ ঘন্টা) ব্যৱধানত খালে উপকৃত হোৱা দেখা যায়। জন্তুৰ পৰা পোৱা, শস্যৰ পৰা পোৱা, ফল-মূল আদি খাদ্যৰ বিভিন্ন উৎসৰ খাদ্যৰ সংমিশ্ৰণ কৰি খাদ্য তালিকা প্ৰস্তুত কৰি ল’ব লাগে।
সুস্থ জীৱনশৈলীৰ বাবে ব্যক্তিগত চাফ-চিকুণতাৰ খুবেই প্ৰয়োজন। ইয়াক দুই ভাগত ভগাব পাৰি। বাহ্যিক আৰু আভ্যন্তৰীণ। বাহ্যিক চাফ-চিকুণতা, যেনে- দাঁত ঘঁহা, গা ধোৱা, ব্যৱহৃত কাপোৰ-কানি চাফাকৈ ধুই লোৱা, ঘৰ আৰু সদায় ব্যৱহাৰ কৰা বাচন-বৰ্তন চাফাকৈ ৰখা ইত্যাদি দৈনিক মানি চলা উচিত। আভ্যন্তৰীণ চাফ-চিকুণতা বুলিলে দেহৰ ভিতৰখন চাফা কৰি ৰখাটো বুজায়। ইয়াৰ বাবে শৰীৰৰ হানিকাৰক দ্ৰব্য বৰ্জন কৰা, বিভিন্ন শাৰীৰিক চাফাই ক্ৰিয়া তথা শাৰীৰিক চাফাই ক্ৰিয়া তথা শৰীৰক দোষমুক্ত কৰি ৰাখিব পৰা দ্ৰব্য সেৱন কৰা প্ৰয়োজন।
আমি বাস কৰা পৰিবেশটো সুস্থ আৰু নিৰাপদ নহ’লে এটা সুস্থ জীৱনশৈলী পাব নোৱাৰি। ইয়াৰ বাবে সুস্থ পৰিবেশৰ নিয়ম-নীতিসমূহ নিয়মিত অভ্যাস কৰিব লাগিব। আমি বাস কৰা গৃহ আৰু চৌপাশটো সুস্থ আৰু নিকা হৈ থাকে, যাতে তাৰ প্ৰতি তৎপৰ হ’ব লাগে।
মানুহ মাত্ৰে আৱেগ-অনুভূতি থাকিবই। আমি প্ৰত্যেকেই আমাৰ আৱেগ-অনুভূতিবোৰক ধনাত্মক দিশত ব্যৱহাৰ কৰিব লাগে। আমাৰ আৱেগ, অনুভূতিয়ে যাতে আনৰ অপকাৰ কৰিব নোৱাৰে, তাৰ প্ৰতি সজাগ হোৱা উচিত।
সুস্থ জীৱনশৈলীৰ আন এটা উল্লেখযোগ্য উপাদান হ’ল শাৰীৰিক ব্যায়াম। আমাৰ শৰীৰটো আমি যিমানে কাৰ্যক্ষম কৰি ৰাখিম, সিমানেই সবল আৰু সুস্থ হৈ থাকিব আৰু যিমানেই আৰামত কোনো কাম-কাজ নকৰাকৈ ৰাখিম, সিমানেই অকামিলা হৈ পৰিব। আমাৰ পেশীবোৰৰ ক্ষেত্ৰত ‘ব্যৱহাৰ কৰক বা হেৰুৱাই পেলাওক’ নীতি প্ৰযোজ্য হয়। গতিকে প্ৰতিদিনেই এক প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক শাৰীৰিক ব্যায়ামৰ খুবেই প্ৰয়োজন। দৈনিক ব্যায়াম কৰাৰ ফলত পেশী মজবুত হয়, অস্থি আৰু সন্ধি হয়, স্নায়ুতন্ত্ৰ সবল হয়। হৰম’নৰ সঞ্চালন সঠিক হয়, হৃদয় আৰু হাওঁফাওঁ সুস্থ-সবল হয় ইত্যাদি।
এটা সুস্থ জীৱনশৈলীৰ বাবে ফিজিকেল ফিটনেছ অপৰিহাৰ্য। ইয়াৰ বাবে প্ৰাথমিক পাঁচটা উপাদানৰ সকলোৰে প্ৰয়োজন, যেনে- শাৰীৰিক সংগঠন। অৰ্থাৎ আমাৰ শৰীৰৰ ভৰটোত কিমান চৰ্বি আছে, মাংসপেশী আছে ইত্যাদি। শাৰীৰিক সংগঠনটো নিৰ্দিষ্ট উচ্চতা আৰু বয়স অনুপাতে যিমান হোৱা উচিত, সিমান হ’ব লাগে। তেনেদৰে পেশীৰ শক্তি, পেশীৰ ক্ষমতা, হাওঁফাওঁ আৰু হৃদপিণ্ডৰ ক্ষমতা আৰু পেশীৰ কোমলতা আদি নিৰ্দিষ্ট পৰিমাণৰ হোৱা উচিত আৰু ইয়াক নিয়মিত বঢ়াই যাবলৈ চেষ্টা কৰা উচিত।
সুস্থ জীৱনশৈলীৰ বাবে বদ অভ্যাস আৰু বেয়া বস্তুৰ প্ৰতি আসক্তি পৰিত্যাগ কৰাটো উচিত। মদ, ভাং আদি নিচাযুক্ত দ্ৰব্যৰ আসক্তি পৰিহাৰ কৰাটো খুবেই দৰকাৰ। এই দ্ৰব্যসমূহে স্নায়ুতন্ত্ৰ, খাদ্যতন্ত্ৰ, আভ্যন্তৰীণ অংগ-প্ৰত্যংগ, মস্তিষ্ক ইত্যাদি সকলো শাৰীৰিক প্ৰক্ৰিয়াৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। শৰীৰক আংশিক ক্ষতি কৰা বস্তুসমূহ, যেনে- কফি, বজাৰৰ ভজা-পোৰা বস্তু বেছিকৈ ব্যৱহাৰ কৰিলে সিও শৰীৰৰ ক্ষতি কৰিব পাৰে।
লেখক: ভাস্কৰ কৌশিক(সম্ভাৰ)
শেহতীয়া উন্নীতকৰণ: : 2/16/2024