মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্থ জীৱনৰ বাবে সাতটা কৌশল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্থ জীৱনৰ বাবে সাতটা কৌশল

আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ ফালৰ পৰা পৰামৰ্শ হিচাপে আগবঢ়োৱা সুস্থ জীৱন যাত্ৰাৰ

চমু বিৱৰণি

আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ ফালৰ পৰা পৰামৰ্শ হিচাপে আগবঢ়োৱা সুস্থ জীৱন যাত্ৰাৰ সাতটা কৌশলে ব্যক্তি এজনৰ হৃদযন্ত্ৰকে অকল সুৰক্ষিত নকৰে, ই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস কৰে|

১৯৮৭ চনতে গৱেষক সকলে ১৩,২৫৩ গৰাকী পুৰুষ আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰিছিল| প্ৰায় কুৰি বছৰ পিছত ইয়াৰে ২৮৮০ গৰাকীৰ ক্ষেত্ৰত কৰ্কট ৰোগ চিনাক্ত হয়| ইয়াৰে ভিতৰত হাওঁ-ফাওঁ, পাকস্থলী বা খাদ্যনলী, প্ৰষ্টেট গ্ৰন্থি আৰু স্তনৰ কৰ্কটত আক্ৰান্তৰ সংখ্যাই অধিক| এই সমীক্ষাত সামৰি লোৱা সকলৰ যিসকলে সাতটা কৌশলৰ গোটেইকেইটা বা ছটা অনুসৰণ কৰিছিল তেওঁলোকৰ ক্ষেত্ৰত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৫১ শতাংশ কম আছিল| আনহাতে, মাত্ৰ এটা বা দুটা কৌশল অনুসৰণ কৰা সকলৰ ক্ষেত্ৰতো এই আশংকা ২১ শতাংশলৈ হ্ৰাস হোৱা পৰিলক্ষিত হয়|

এই সাতটা কৌশল হৈছে-

- শাৰীৰিক সক্ৰিয়তা,

- স্বাস্থ্যসন্মত ওজন বৰ্তাই ৰখা,

- স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ,

- কলেষ্টেৰল নিয়ন্ত্ৰণ,

- ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা,

- তেজত চেনিৰ পৰিমাণ কমাই ৰখা, আৰু

- ধূমপান বৰ্জন কৰা|

উৎস:- দৈনিক অসম

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top