অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্থ শৰীৰৰ সংজ্ঞা :

সুস্থ শৰীৰৰ সংজ্ঞাৰ বিষয়ে লিখা হৈছে ।

 

শাৰীৰিক কাৰ্যকলাপ -

দৈনন্দিন আমি কৰা কাম-কাজৰ ফলত শাৰীৰিক কাৰ্যকলাপ সাধন হয়। বৃত্তিগতই হওক বা খেলা-ধূলা, পৰিস্থিতিগত, ঘৰুৱা কাম-কাজ আৰু অন্যান্য বিভিন্ন কাম-কাজৰ ফলত শাৰীৰিক কাৰ্যকলাপসমূহ সাধন হয়। শাৰীৰিক গতি-বিধিক স্কেলিটেল মাংসপেশীৰ দ্বাৰা উৎপাদিত যিকোনো শাৰীৰিক গতি-বিধিৰ ৰুপত পৰিভাষিত কৰা হয়, যাৰ পৰিণামস্বৰুপে শক্তি ক্ষয় হয়। এই শক্তি ক্ষয়ক কিল’কেলৰিজেৰে পৰিমাপ কৰিব পাৰি।

ব্যায়ামৰ সংজ্ঞা -

শাৰীৰিক সুস্থিৰতাক সুন্দৰভাৱে অটুট ৰখাৰ লগতে স্বাস্থ্যৰ অধিক সমৃদ্ধি ঘটাত বিশেষ সহায় কৰে ব্যায়ামে।

শাৰীৰিক সুস্থিৰতাৰ সংজ্ঞা -

শাৰীৰিক সুস্থিৰতা হৈছে স্বাস্থ্য আৰু কৌশলৰ দ্বাৰা সম্বন্ধিত গুণৰ সমাহাৰ। এই সন্দৰ্ভত মই আপোনালোকক জনাওঁ যে সাধাৰণ স্বাস্থ্য আৰু মানসিক সুস্বাস্থ্যৰ সম্পূৰ্ণ লাভ আদায়ৰ একমাত্ৰ উপায় হৈছে শাৰীৰিক সুস্থিৰতাত সক্ৰিয় অংশগ্ৰহণ। ব্যায়ামৰ কাৰ্যকলাপ প্ৰস্তুত কৰাৰ সময়ত ক্লায়েণ্টছৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উদাহৰণস্বৰুপে যেতিয়া ষ্ট্ৰেংথ ট্ৰেইনিং প্ৰগেম বা ৰেজিষ্টন্স ব্যায়ামৰ পৰামৰ্শ আগবঢ়োৱা হয়, তেতিয়া ক্লায়েণ্টছসকলক তেওঁলোকৰ শাৰীৰিক শক্তি-সামৰ্থ্য পৰীক্ষাৰ বাবে এক বিশেষ সুস্থিৰতা পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ ভিত্তিত সঠিক ৱেট, ৰেপছ আৰু ব্যায়ামৰ পৰামৰ্শ আগবঢ়োৱা হয়। আমাৰ শৰীৰটো সাধাৰণতে মাছকিউল’ স্কেলিটেল ছিষ্টেম আৰু কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেম প্ৰণালীৰে গঠিত। ইয়াৰে মাছকিউল’স্কেলিটেল ছিষ্টেমৰ অন্তৰ্গত হৈছে হাড় আৰু মাংসপেশী। আৰু কাৰ্ডিঅ’ভাস্কুলৰ পদ্ধতিৰ ভিতৰত পৰে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ (শ্বাসতন্ত্ৰ)। এতিয়া এইখিনিতে প্ৰশ্ন হয় যে যিকোনো ব্যায়াম কৰিলে এই দুয়োটা শাৰীৰিক প্ৰণালীৰ বাবে লাভজনক হ’বনে। ইয়াৰ উত্তৰটো হৈছে নহয়। কাৰণ এই দুয়োটা শাৰীৰিক প্ৰণালীৰ বিকাশৰ বাবে ভিন্ন পদ্ধতিৰ ব্যায়ামৰ প্ৰয়োজন হয়। মাছকিউল’স্কেলিটেল প্ৰণালী বিকাশৰ বাবে ডাম্বেলছৰ, মেচিনৰ সহায় ৰেজিষ্টেন্স ট্ৰেইনিং বা ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব লাগে। ইয়াৰ কিছুমান লাভদায়ক দিশ হৈছে-

১) মাংসপেশী শক্তিশালী কৰে।

২) হাড় মজবুত হৈ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে।

৩) মেটাবলিজম বৃদ্ধি কৰি চৰ্বি কমোৱাত সহায় কৰে।

৪) আত্মবিশ্বাস বৃদ্ধি কৰে।

৫) পুৰুষৰ ক্ষেত্ৰত টেষ্টাষ্ট’ৰেনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে।

৬) তেজত গ্লুক’জৰ মাত্ৰা কম কৰাত সহায় কৰে।

কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়ামৰ উপকাৰিতা -

১) হৃদযন্ত্ৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে।

২) ষ্টেমিনা বৃদ্ধি কৰে।

৩) ৰক্তচাপ কম কৰে।

৪) ৰক্তবাহিকাৰ নমনীয়তা বৃদ্ধি কৰি সম্ভাব্য ষ্ট্ৰোকৰ পৰা ৰক্ষা পৰাত সহায় কৰে।

৫) হাওঁফাওঁৰ ক্ষমতা বিকাশ কৰাত সহায় কৰে। যাৰ জৰিয়তে অধিক অক্সিজেনৰ প্ৰয়োগ কৰিব পৰা যায়। যাৰ জৰিয়তে কোষৰ পুনৰ সৃষ্টিত সহায় হ’ব।

লেখক: বিভূমণি সিনহা

উৎস: দেওবৰীয়া সম্ভাৰ

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top