মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্থ-সবল জীৱনশৈলীৰ শাৰীৰিক ব্যায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্থ-সবল জীৱনশৈলীৰ শাৰীৰিক ব্যায়াম

সুস্থ-সবল জীৱনশৈলীৰ শাৰীৰিক ব্যায়ামৰ বিষয়ে লিখা হৈছে ।

 

ব্যায়াম কৰোতে আপোনাৰ অধিক সময় লাগে নেকি ? আৰু কষ্ট অনুভৱ কৰে নেকি? নিশ্চিতভাৱে ইয়াৰ উত্তৰটো হ’ব ‘হয়’ । কাৰণ বহু লোকে দৈনিক ব্যায়াম কৰাৰ ক্ষেত্ৰত অস্বস্তিত পৰা দেখা যায় । সি যি কি নহওক সুস্থ জীৱনশৈলীত ব্যায়াম এক অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈ আহিছে । দৈনিক ব্যায়ামৰ ফলত গুৰুতৰ ৰোগ, যেনে- হৃদৰোগ, ষ্ট্ৰ’ক, টাইপ- ২ ডায়েবেটিছ আৰু কেন্সাৰৰ দৰে ৰোগ হোৱাৰ আশংকাও ৫০ শতাংশলৈ হ্ৰাস পায় আৰু অস্বাভাৱিক মৃত্যুৰ আশংকাও ৩০ শতাংশলৈ হ্ৰাস পায় । ব্যায়াম এক অতি বিস্ময়কৰ চিকিৎসা । যি আমি সদায় কৰি আহিছো । কিন্তু বহু সময়লৈ বা দীৰ্ঘ সময় ধৰি ইয়াক যদি এৰাই চলো, ইয়াৰ পৰিণতিত আমাৰ স্বাস্থ্যই দুৰ্ভোগ ভুগিব লগা হয় । উল্লেখযোগ্য যে আপোনাৰ বয়স যিমানেই নহওক কিয় বিজ্ঞানে প্ৰতিপন্ন কৰিছে যে যদি শাৰীৰিকভাৱে সুস্থ বা সক্ৰিয় হৈ থাকে, তেন্তে এটা সুস্থ জীৱনশৈলী যাপনত ই সহায়ক হ’ব ।

আচলতে যিসকল লোকে নিয়মিত ৰুপত ব্যায়াম কৰে, তেওঁলোকৰ হৃদৰোগ, টাইপ টু ডায়েবেটিছ, ষ্ট্ৰ’ক আৰু কিছুমান কেন্সাৰৰ দৰে পুৰণি ৰোগ বিকাশ হোৱাত বাধা প্ৰদান কৰিব । গৱেষণা অনুসৰি জানিব পৰা গৈছে যে শাৰীৰিক গতি-বিধিয়ে আত্মসন্মান, মনোদশা, টোপনিৰ মান আৰু শক্তি বৃদ্ধি কৰাৰ লগতে ছাপ, অৱসাদ, ডিমেনচিয়া আৰু এলজাইমাৰ দৰে ৰোগৰ ভয়াৱহতা হ্ৰাস কৰে । এইটো কোৱাটো নিশ্চয় ভুল নহয় যে প্ৰভাৱশালী ঔষধৰ ক্ৰিয়াতকৈ দৈনিক ব্যায়াম কৰাটো অতি ফলপ্ৰসূ ।

স্বাস্থ্যৰ উপকাৰিতা -

উল্লিখিত ব্যাখ্যাসমূহৰ পৰা প্ৰতীয়মান হ’ল যে আমি সকলোৱে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো জৰুৰী । আপুনি যদি বৃদ্ধ বয়সতো সুস্থ হৈ জীৱন যাপন কৰিব বিচাৰে, তেন্তে শাৰীৰিক ব্যায়াম কৰাটো অতি আৱশ্যকীয় । চিকিৎসা বিজ্ঞানেও এই কথা স্বীকাৰ কৰিছে যে যিসকল লোকে শাৰীৰিক ব্যায়াম কৰে, তেওঁলোক শাৰীৰিকভাৱে সদায় সক্ৰিয় হৈ ৰয় ।

শাৰীৰিক ব্যায়াম কৰিলে -

১) ক’ৰ’নেৰী হৃদৰোগ আৰু ষ্ট্ৰ’কৰ দৰে ৰোগ হোৱাৰ আশংকা ৩৫ শতাংশতকৈও হ্ৰাস পায় ।

২) টাইপ টু ডায়েবেটিছ ৫০ শতাংশলৈ হ্ৰাস পায় ।

৩) কলেন কেন্সাৰ ৰোগ ৫০ শতাংশলৈ হ্ৰাস পায় ।

৪) স্তন কেন্সাৰ ৰোগ ২০ শতাংশলৈ হ্ৰাস পায় ।

৫) হিপ ফেকচাৰ হোৱাৰ আশংকা ৬৮ শতাংশলৈ হ্ৰাস পায় ।

৬) অস্বাভাৱিক মৃত্যু হোৱাৰ আশংকা ৩০ শতাংশলৈ হ্ৰাস পায় ।

৭) অষ্টিঅ’আৰ্থাইটিছৰ দৰে ৰোগ হোৱাৰ আশংকা ৮৩ শতাংশলৈ হ্ৰাস পায় ।

৮) ডিমেনচিয়া ৰোগত পৰাৰ আশংকা ৩০ শতাংশলৈ হ্ৰাস পায় ।

৯) প্ৰাপ্তবয়স্ক লোক পিছলি পৰাৰ আশংকা ৩০ শতাংশলৈ হ্ৰাস পায় ।

১০) অৱসাদত ভোগাৰ আশংকা ৩০ শতাংশলৈ হ্ৰাস পায় ।

লেখক :- আব্দুল ৰেকিব

উৎস :- দেওবৰীয়া সম্ভাৰ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top