মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিত দৌৰিবলৈ অভ্যাস কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিত দৌৰিবলৈ অভ্যাস কৰক

সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিত দৌৰিবলৈ অভ্যাস কৰক, সেই বিষয়ে লিখা হৈছে ।

খোজকাঢ়িবলৈ শিকাৰ পিছতে আমি দৌৰিবলৈ শিকো। সৰুতে দৌৰা-দৌৰি কৰিলেও পিছলৈ দৌৰাৰ অভ্যাস একেবাৰে নোহোৱা হৈ যায়। আকষ্মিকভাৱে বিপদ-আপদত নপৰিলে কুকুৰ-লৰ এটা দিয়াও মনত নপৰে।

পিছে খেলুৱৈসকলৰ কথা সুকীয়া। কিছুমান খেল-ধেমালিত দৌৰা কথাটোৱে মুখ্য হৈ পৰে। ফুটবল, হকী আদি খেলিলে অহৰহ দৌৰি থাকিবলগা হয়। ইয়াৰ উপৰি-

  • মাৰথন দৌৰ,
  • দুশ মিটাৰ,
  • চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ কথা আছেই।

অৱশ্যে স্বাস্থ্য ৰক্ষাৰ বাবে, ওজন কমোৱাৰ বাবে আৰু অন্যান্য বিভিন্ন কাৰণত কিছুমান লোকে নিয়মীয়াকৈ দৌৰে। আন কিছুমান এডভেন্সাৰৰ বাবেও দৌৰে।

কিশোৰ বা মধ্যবয়সীয়া বুলি কথা নাই- যিকোনো বয়সৰ লোকেই দৌৰাৰ অভ্যাস কৰিব পাৰে। দৌৰাৰ পৰা আমাক কোনো শাৰীৰিক প্ৰতিবন্ধকতাই বাধা দি ৰাখিব নোৱাৰে।

মূল সমস্যাটো হৈছে দৌৰাৰ প্ৰাথমিক নিয়মখিনি জানি লোৱা উচিত। কোকিলাবেন ধীৰুভাল আম্বানি হস্পিতালৰ ফিজিঅ’থেৰাপিষ্ট হেথ মেথিউছৰ মতে ‘Running is a natural form of exercise’ ।

দৌৰাটো অতি সহজ প্ৰক্ৰিয়া। দৌৰিবলৈ হ’লে কোনো ক্লাবৰ সদস্য হোৱাৰ প্ৰয়োজন নাই বা জিমলৈ যোৱাৰ প্ৰয়োজন নাই।

অকলে দৌৰাৰ সলনি কোনো এজন লগৰীয়াৰ সৈতে বা কেইজনমান লগ হৈ দৌৰিব পাৰে।

দৌৰা কামটো অতি আনন্দদায়ক। কিন্তু দৌৰাৰ নিয়ম মানি নচলিলে আঘাত পোৱাৰ সম্ভাৱনা থাকে। কিছুমান মানুহে সহজে দৌৰিব পাৰে, আনসকলে আঘাত পোৱাৰ ভয়ত দৌৰিব নিবিচাৰে। এই সকলো কথা মানুহজনে কিদৰে দৌৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে।

বিশেষ কিছুমান উপায় অৱলম্বন কৰিলে আঘাত কমাই আনিব পাৰি। দৌৰাৰ সময়ত গোৰোহাটো মাটিত প্ৰথমে পেলোৱাৰ বিপৰীতে ভৰিৰ মধ্য অংশ পেলাব।

ইয়াৰ উপৰি ‘বাৰ-ফুট ৰাণিং’, ‘হীল টো ৰাণিং’ আদিৰ দ্বাৰাও উপকাৰ পোৱা যায়। বৰ্তমান সময়ত ‘পোজ ৰাণিং’ কৌশল বহুতে অনুসৰণ কৰে।

কিন্তু আঘাতৰ পৰা হাত সাৰি থাকিবলৈ তেনে কোনো সঠিক ষ্টাইল নাই। বহু মানুহে নজনাকৈ ভুল পদ্ধতিৰে দৌৰি থাকে।

দৌৰাৰ সময়ত আঘাতৰ পৰা হাত সাৰি থাকিবলৈ হ’লে মানুহজনে কিদৰে দৌৰিছে- ইয়াৰ ওপৰত সকলো নিৰ্ভৰ কৰে।

১৯৮৪ আৰু ১৯৮৫-৮৬ চনত ছিংগাপুৰ আৰু হংকঙত মাৰাথন দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ছেভিঅ’ ডিছুজাৰ মতে দৌৰাৰ সময়ত আমি আমাৰ দেহটোৰ কথা শুনিব লাগে, অৰ্থাৎ হঠাতে যদি দৌৰা আৰম্ভ কৰে, তেতিয়া পেশীবোৰত চাপ পৰাৰ বাবে দেহটোৱে বিদ্ৰোহ কৰিব পাৰে।

যদি লাহে লাহে আৰম্ভ কৰে, তেতিয়া পেশীবোৰৰ ওপৰত হঠাতে চাপ নপৰে আৰু পেশীবোৰ শক্তিশালী হোৱাৰ লগে লগে আঘাত পোৱাৰ সম্ভাৱনাও কমি যায়।

যদি আপুনি স্প্ৰিন্টাৰ হয়, তেতিয়াহ’লে সন্মুখলৈ সামান্য হাউলি দিব। যদি বহু দূৰলৈ দৌৰে তেতিয়াহ’লে পোন হৈ থাকিব।

যিসকল লোকে দৌৰিবলৈ পৰিকল্পনা কৰে, তেওঁলোক দৌৰৰ আগতে এমাহ-দুমাহমান জগিং কৰাৰ অভ্যাস কৰিব লাগে। তেতিয়াহ’লে লগে লগে ভাগৰ অনুভৱ নহয়।

দৌৰাৰ সময়ত মানুহজনৰ দেহৰ ভংগীমা ভুল হ’লে পিঠিত আঘাত পোৱাৰ সম্ভাৱনা থাকে। এজন মানুহে যদি গোৰোহা পেলাই বহুদূৰ দৌৰে, তেতিয়াহ’লে তেওঁৰ ভৰিৰ গাঁঠি আঘাতপ্ৰাপ্ত হয়।

তীব্ৰ বিষ হয়। সাধাৰণতে আমি সাঁতোৰা, টেনিছ, বাস্কেটবল বা হকী আদি খেলিবলৈ যোৱাৰ আগতে ইয়াৰ প্ৰাথমিক নিয়মবোৰ জানি লওঁ। কিন্তু দৌৰাৰ ক্ষেত্ৰত আমি কোনো নিয়ম জানিব নিবিচাৰো। ভুলকৈ দৌৰিলে দেহৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

দৌৰাৰ সময়ত ‘জইন্ট ৰিয়েকচন ফৰ্চ’ আমাৰ দেহৰ ওজনৰ তিনিগুণ হয়। ‘জইন্ট ৰিয়েকচন ফৰ্চ’ হৈছে দেহৰ ওজন, মধ্যাকৰ্ষণ শক্তি আৰু পেশীৰ সংকোচনৰ সমন্বয়।

যদি আপোনাৰ ওজন ৫০ কেজি, দৌৰিলে প্ৰতিবাৰ ভৰিখন মাটিত পৰাৰ লগে লগে আপোনাৰ ওজন বাঢ়ি হয়গৈ ১৫০ কেজি।

আপোনাৰ ওজন একেবাৰে কম হ’লেও জইন্ট ৰিয়েকচন ফৰ্চ কিন্তু বহু বেছি হয়। ইয়াৰ কাৰণ হৈছে ভৰিৰ পতাখন মাটিত খুব জোৰকৈ পেলাই দিয়া হয়।

আমি যেতিয়া খোজকাঢ়ো, আমাৰ ভৰি দুখন মাটিতে লাগি থাকে, কিন্তু দৌৰিলে দেহৰ সম্পূৰ্ণ ওজন এখন ভৰিৰ ওপৰত পৰে। এই ওজন চম্ভালিবলৈ ভৰিৰ পেশীবোৰ তীব্ৰভাৱে সংকুচিত হয় আৰু গাঁঠিৰ ওপৰত সাংঘাতিক চাপ পৰে।

সপ্তাহটোত এজন মানুহে সালসলনিকৈ তিনিধৰণে দৌৰিব পাৰে। ধৰক এদিন বহু দূৰলৈ দৌৰিলে। পিছদিনা প্ৰথম ২০০ মিটাৰ খুব জোৰকৈ দৌৰিব, ইয়াৰ পিছত এক মিনিট সময় ৰৈ আকৌ দৌৰিব। এইদৰে ৪৫ মিনিট সময়ৰ ভিতৰত প্ৰতি ২০০ মিটাৰ দৌৰি ১২ বাৰ ৰৈ দিব।

তৃতীয় দিনা হেলনীয়া পথেৰে দৌৰিব পাৰে। দৌৰাৰ পিছত ষ্ট্ৰেছিং ব্যায়াম কৰিলে পেশীবোৰ শিথিল হোৱা বাবে ডিহাইড্ৰেচনৰ ফলত শিৰামূৰি ধৰাৰ সম্ভাৱনা নাথাকে।

আমি যেতিয়া ব্যায়াম কৰো, আমাৰ দেহত লেকটিন এচিড উৎপন্ন হয় আৰু ডিহাইড্ৰেচন হ’লে এই এচিডবিধ দেহৰ ভিতৰৰ পৰা ওলাই যাব নোৱাৰে। কিন্তু দৌৰাৰ পিছত ষ্ট্ৰেছিং ব্যায়াম কৰিলে লেকটিক এচিডৰ পৰিমাণ কমি আহে।

নিয়মীয়াকৈ দৌৰি থকা লোকসকলে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে -

  • দিনে ৭-৮ ঘন্টা সময় শুব।
  • নিয়মীয়াকৈ পুষ্টিকৰ আহাৰ খাব আৰু
  • নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস কৰিব।

যেনি-তেনি দৌৰিলেই নহয়, ইয়াৰ নিয়মবোৰ মানি চলিব লাগে। এজন মানুহে দৌৰাৰ আগতে ফল-মূল আদি খাই ল’ব লাগে। আৰু হাইড্ৰেট হৈ থাকিব লাগে।

হাইড্ৰেচন মানে অকল পানী খোৱাকে নুবুজায়, দেহটোৱে -

  • ছ’ডিয়াম,
  • পটাছিয়াম,
  • কেলচিয়াম আৰু
  • ক্ল’ৰাইড দেহটোৱে পাব লাগে।

একেদৰে দৌৰি উঠাৰ পিছত কিবা এবিধ খাদ্য খালে ক্ষয় হোৱা শক্তি পুনৰ ঘূৰাই পোৱা যায়। সেয়ে দৌৰি উঠাৰ পিছত বা ব্যায়াম কৰাৰ পিছত এজন মানুহক কাৰ্বোহাইড্ৰেট আৰু প্ৰোটিন ৪:১ অনুপাতত প্ৰয়োজন হয়।

দৌৰিবলৈ শিকা লোক এজনৰ বাবে বা প্ৰফেচনেল দৌৰবিদ এজনৰ বাবেও এই অনুপাত একে যদিও কেলৰি গ্ৰহণৰ পৰিমাণ বেলেগ বেলেগ হয়। কিন্তু ‘অভাৰ হাইড্ৰেচন’ হ’লে ‘হাইপোনেট্ৰিমিয়া’ হোৱাৰ সম্ভাৱনা থাকে।

অতি উৎসাহ আৰু উপযুক্ত প্ৰশিক্ষণ নোপোৱাকৈ দৌৰিলে আঘাত পোৱাৰ সম্ভাৱনা থাকে। একেদৰে ভৰিত খাপ নোখোৱা জোতা পিন্ধিলে বা পকী ৰাস্তাত দৌৰিলে আঘাত পোৱাৰ সম্ভাৱনা থাকে। উপযুক্ত তথা আৰামদায়ক স্প’ৰ্টছ জোতা এযোৰ কিনি ল’ব।

বেছিভাগ লোকেই দুদিনমান দৌৰাৰ পিছত আঁঠুৰ বিষ হোৱা বুলি কয়। আঁঠুৰ কাৰ্টিলেজ দুৰ্বল হ’লে এইদৰে বিষ অনুভৱ হয়। যদি এইদৰে বিষ হোৱাৰ পিছতো চিকিৎসকৰ পৰামৰ্শ নলয়, তেতিয়াহ’লে আথ্ৰাৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে।

ইয়াৰ উপৰি ভৰিৰ পিছ অংশ উখহি উঠে, গোৰোহা বিষায়, ভৰিৰ হাড়ৰ বিষ, তপিনাৰ পেশীবোৰত বিষ হয়।

এইবোৰ সমস্যা আঁতৰ কৰিবলৈ দৌৰাৰ সময়ত সাৱধান হ’ব আৰু এজন প্ৰশিক্ষকৰ দ্বাৰা দৌৰাৰ প্ৰশিক্ষণ লৈ হ’ব।

দৌৰিলে আমাৰ শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় -

  • দৌৰিলে হৃদযন্ত্ৰৰ সৈতে ৰক্ত সঞ্চালন তন্ত্ৰৰ ৰোগ ভাল হোৱাত সহায় কৰে। ই অনিষ্টকাৰী কলেষ্টেৰলৰ পৰিমাণ কমাই অনাৰ লগতে উপকাৰী কলেষ্টেৰলৰ পৰিমাণো বৃদ্ধি কৰে।
  • দৌৰিলে হৃদযন্ত্ৰৰ পেশীবোৰ শক্তিশালী হয়।
  • ৰক্তচাপ কমাই আনে।
  • তেজত শৰ্কৰাৰ পৰিমাণ ঠিকে থকাত সহায় কৰে। টাইপ-২ ডায়েবেটিছ থকা যিসকল লোকে নিয়মীয়াকৈ ঔষধ খাই আছে, তেওঁলোকে দৌৰিলে উপকাৰ পায়।
  • সপ্তাহত পাঁচদিন দৌৰিলে মানসিক চাপৰ পৰিমাণ কমি আহে।
  • ওজন কমাই অনাত সহায় কৰে।
  • দৌৰিলে মানসিক বিষণ্ণতা আঁতৰ হয়।
  • স্নায়ুকোষৰ বৃদ্ধি ঘটাই আমাৰ স্মৃতিশক্তি অটুট ৰখাত সহায় কৰে।
  • দৌৰিলে তেজৰ চলাচল বৃদ্ধি পায়। ইয়াৰ ফলত বয়সৰ চাপ নপৰে আৰু আয়ুসো বাঢ়ে।
  • দৌৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • জেটলেগৰ সমস্যা কমাই আনে।
  • সিৰ সম্বন্ধীয় ৰোগ থাকিলে কমাই আনে।
  • দৌৰিলে আত্মবিশ্বাস বাঢ়ে। মনলৈ যোগাত্মক ভাব আহে।

কি ধৰণৰ আহাৰ খাব লাগে -

দৌৰাৰ আগত:

দৌৰা বা ব্যায়াম কৰাৰ এঘন্টা বা আধাঘন্টা আগত কাৰ্বোহাইড্ৰেট থকা আহাৰ খাব লাগে। কিন্তু-

  • আঁহ,
  • চৰ্বি আৰু
  • প্ৰোটিনযুক্ত আহাৰ নাখাব।
  • ফল বা কম চৰ্বি থকা গাখীৰৰ সৈতে মিঠা আলু,
  • আলু,
  • কৰ্ণফ্লেক্স খাব পাৰে।

কিন্তু-

  • কল,
  • তৰমুজ,
  • চিৰাল,
  • শুকান ফল আদি নাখাব।

দৌৰাৰ সময়ত:

  • পানী,
  • অ’.আৰ.এছ.,
  • এনাৰজেল আদি খাব।

দৌৰাৰ পিছত:

দৌৰাৰ পিছত আমাৰ দেহটোৱে গ্লাইকোজেন বিচাৰে। সেয়ে সুমথিৰা, তৰমুজৰ ৰস বা কল আদি খাব। দৌৰাৰ ৪৫ মিনিটৰ ভিতৰত আহাৰ খাব লাগে। আহাৰত প্ৰচুৰ পৰিমাণে প্ৰোটিন থকা উচিত।

  • কণীৰ বগা অংশ,
  • মুৰ্গীৰ মাংস,
  • মাছ,
  • ৱেট,
  • ট্ৰেইনিং ছাপ্লিমেন্ট খাব পাৰে।

যদি বহু সময়লৈ আহাৰ নাখায়, তেতিয়াহ’লে পেশীত থকা সাৰ পদাৰ্থৰ পৰা শৰীৰে শক্তি আহৰণ কৰি লয়। ফলত দ্বিতীয়বাৰৰ বাবে ব্যায়াম কৰিবলৈ ল’লে কষ্ট অনুভৱ হয়।

দৌৰাৰ সময়ত কি কি সামগ্ৰীৰ প্ৰয়োজন -

জোতা:

পিন্ধা জোতাযোৰ ভৰিত ভালকৈ খাপ নোখোৱাৰ বাবে সাধাৰণতে আঘাত পাব লগা হয়। আপোনাৰ ভৰিত খাপ খাই ধৰা আৰু আৰামদায়ক জোতা এযোৰ কিনি ল’ব। খালী ভৰিৰে খোজকঢ়া লোকসকলেও কিছু সাৱধানতা অৱলম্বন কৰিব লাগে।

পোচাক:

দৌৰা লোকসকলে পলিপ্ৰপাইলিন বা ছিন্থেটিক ছিল্ক কাপোৰ পিন্ধিলে আৰাম পোৱা যায়। আৰু ঘামবোৰ শুহি লোৱাত সহায় কৰে। কপাহী কাপোৰ কেতিয়াও নিপিন্ধিব।

মোজা:

পলিষ্টাৰ কাপোৰৰ মোজা পিন্ধিব। কোনো কোনো লোকে আঘাতৰ পৰা হাত সাৰি থাকিবলৈ দুতৰপীয়া মোজা পিন্ধে।

ঘড়ী:

ঘড়ী এটা থাকিলে দৌৰাৰ সময় আৰু জিৰণি লোৱাৰ সময়খিনি হিচাপ কৰিবলৈ সুবিধা হয়।

পানী:

বহুতে দৌৰাৰ সময়ত কাৰ্বোহাইড্ৰেট থকা পানীয় খাই ভাল পায়। কিন্তু যিসকলে দৌৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ বাবে সাধাৰণ পানীহে ভাল। দৌৰাৰ সময়ত লগত পানীৰ বটল এটা ৰাখিব।

সূৰ্যৰ ৰশ্মিৰ পৰা হাত সাৰি থাকিব:

দৌৰাৰ সময়ত সূৰ্যৰ ৰশ্মিৰ পৰা হাত সাৰি থাকিবলৈ ৱাটাৰপ্ৰুফ ছানস্ক্ৰীণ লগাই হ’ব। তেতিয়া তেজষ্ক্ৰিয় ৰশ্মিৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। কোনো কোনো লোকে ছানগ্লাছ পিন্ধি লয়।

দৌৰাৰ সময়ত পোৱা আঘাত:

আঁঠুৰ বিষ:

আঁঠুৰ ঘিলাটো ইফাল-সিফাল হ’লে আঁঠুৰ সাংঘাতিক বিষ হয়। ইয়াৰ উপৰি আঁঠুৰ সন্ধি অংশত থকা কাৰ্টিলেজ তললৈ নামি আহিলে বিষ আৰম্ভ হয়।

ফ্ৰেকছাৰ:

ভৰিৰ হাড়ত সামান্যভাৱে ফাট মেলিব পাৰে। তেতিয়া জিৰণি লোৱা প্ৰয়োজন। এই অৱস্থাত দৌৰিলে আঘাত গুৰুতৰ হোৱাৰ সম্ভাৱনা থাকে।

পেশীৰ ওপৰত টান পৰিলে:

পেশীৰ ওপৰত চাপ পৰিলে সাংঘাতিক যন্ত্ৰণা অনুভৱ হয়। দৌৰা লোকসকলৰ এই আঘাত বেছিকৈ হয়।

ছিন স্পিলন্ট:

ভৰিৰ পতাৰ সন্মুখভাগত বা ভিতৰত বিষ হয়। সাধাৰণতে দৌৰাৰ ষ্টাইল সলনি হ’লে এই সমস্যা হোৱা সম্ভাৱনা থাকে।

গোৰোহাত হোৱা বিষ:

গোৰোহা ফুলি উঠাৰ বাবে সাংঘাতিক বিষ হ’ব পাৰে। বিশেষকৈ ৰাতিপুৱাৰ ভাগত এই বিষ বেছি হয়।

ব্লিষ্টাৰ:

দৌৰিলে জোতাযোৰত ঘঁহনি খাই পানীজোলা বান্ধিব পাৰে।

তাপমাত্ৰাৰ তাৰতম্যৰ বাবেও আঘাত পাব পাৰে:

তাপমাত্ৰাৰ তাৰতম্যৰ বাবে ছানবাৰ্ণ, হিট একজচন, হাইপোথাৰ্মিয়া হ’ব পাৰে।

দৌৰিলে কি উপকাৰ হয় -

দিনে ১০-১৫ মিনিট সময় দৌৰিলেই হাৰ্ট এটেক, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমি যায়। আয়ুস বৃদ্ধি কৰে। আমেৰিকান কলেজ অব কাডিঅ’ল’জিৰ জাৰ্ণেল এখনত এই কথা প্ৰকাশ পাইছে। গৱেষকসকলে ১৮ বছৰৰ পৰা ১০০ বছৰ বয়সৰ ৫৫,১৩৭ গৰাকী লোকৰ ওপৰত এক সমীক্ষা চলাইছিল।

এওঁলোকৰ এক তৃতীয়াংশ লোক নিয়মীয়াকৈ দৌৰিছিল। ইয়াৰে ৩,৪১৩ গৰাকী লোক সমীক্ষা চলাই থকাৰ মাজত মৃত্যু ঘটে। ১,২১৭ গৰাকীৰ মৃত্যু ঘটে হৃদৰোগৰ বাবে।

দৌৰাৰ অভ্যাস নথকা লোকৰ তুলনাত নিয়মীয়াকৈ দৌৰি থকা লোকসকল অন্যান্য কাৰণত মৃত্যু হোৱাৰ সম্ভাৱনা ৩০ শতাংশ কম আৰু হৃদৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা ৪৫ শতাংশ কম হয়।

দৌৰাৰ অভ্যাস নথকা লোকৰ তুলনাত নিয়মীয়াকৈ দৌৰি থকা লোক এজন তিনি বছৰৰ বেছি জীয়াই থাকে। ইয়াৰ লগতে মানুহজনে কিমান স্পীডত দৌৰিছে, কিমান সময় দৌৰিছে- এইবোৰ কোনো কাৰক নহয়।

সপ্তাহত এঘন্টাৰ কমকৈ দৌৰিলে বা তিনিঘন্টাৰ বেছি দৌৰিলেও একে উপকাৰ পোৱা যায়। অৱশ্যে নিয়মীয়াকৈ দৌৰি থকা লোকসকলে অধিক উপকাৰ লাভ কৰে।

দৌৰাৰ ষ্টাইল:

ফ’ৰফুট ষ্টাইল:

ভৰিখন মাটিত পৰাৰ লগে লগে সামান্য আগলৈ চোঁচোৰাই দিয়া হয়। খেলুৱৈসকলে এই কৌশল অৱলম্বন কৰে। এয়া দৌৰাৰ স্বাভাৱিক ষ্টাইল। ইয়াৰ ফলত কেতিয়াবা ভৰিৰ সিৰত বিষ হ’ব পাৰে।

হীল ষ্টাইল:

হীল ৰাণিং বৰ জনপ্ৰিয়। ভৰিখন মাটিত পেলোৱাৰ সময়ত গোৰোহাটি আগতে মাটিত পেলাই দিয়া হয়, ভৰিখন সামান্য পিছপিনে আনি ভৰিখন চোঁচোৰাই দিয়া হয়। এইদৰে দৌৰিলে হাড়ত সাংঘাতিক চাপ পৰে।

মিডফুট ষ্টাইল:

বহু দূৰলৈ দৌৰিলে মিডফুট ষ্টাইল অতি উপকাৰী। এই ষ্টাইলত দৌৰিলে আঘাত পোৱাৰ সম্ভাৱনা নাথাকে বাবে বহু দৌৰবিদে এই ষ্টাইল পছন্দ কৰে।

বাৰফুট ৰাণিং:

বহু লোকে খালী ভৰিৰে দৌৰে। খালী ভৰিৰে দৌৰিলে আঘাত কম পোৱা যায়। আনকি ভৰি দুখনৰ বাবেও উপকাৰী। গৱেষণাৰ পৰাও এই কথা জানিব পৰা গৈছে।

পোজ ৰাণিং:

ৰাছিয়ান বিজ্ঞানী নিকোলাছ ৰ’মানভে এই কৌশল উদ্ভাৱন কৰিছে। পোজ ৰাণিং কৰিলে ভৰিৰ গাঁঠিবোৰত বেছিকৈ চাপ নপৰে।

দৌৰবিদজনে ভৰিৰ মাজ অংশ মাটিত পেলায় আৰু মধ্যাকৰ্ষণ শক্তিৰ বলত সন্মুখলৈ আগবাঢ়ি যায়।

শ্বি ৰাণিং:

যোগাসন আৰু টাই শ্বিৰ পৰা এইবিধ ষ্টাইল আহৰণ কৰা হৈছে। এইদৰে দৌৰিলে ভৰি দুখনত বেছি চাপ নপৰে। দৌৰাৰ সময়ত দেহৰ ভংগী সঠিক হৈ থাকে।

লেখক: ডাঃ কৌশিক ভট্টাচাৰ্য(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top