মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য আৰু টক্সিনৰ পৰা মুক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য আৰু টক্সিনৰ পৰা মুক্তি

সুস্বাস্থ্য আৰু টক্সিনৰ পৰা মুক্তিৰ বিষয়ে লিখা হৈছে ।

আমাৰ শৰীৰত সময়ে সময়ে কেতবোৰ টক্সিন(toxins), অৰ্থাৎ বিষাক্ত পদাৰ্থ জমা হয়। এই টক্সিনবোৰে শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। ঘাইকৈ খোৱাপানী, আহাৰ আৰু উশাহৰ যোগেদি আমাৰ শৰীৰত টক্সিনবোৰ সোমায়।

শৰীৰে প্ৰাকৃতিকভাৱে শৌচ, প্ৰস্ৰাৱ, নিশ্বাস আৰু ঘামৰদ্বাৰা সকলো প্ৰকাৰৰ টক্সিন বাহিৰ কৰি দিয়ে।

কিন্তু এইবোৰে যদি শৰীৰৰপৰা নিয়মীয়াকৈ ওলাই নাযায়, তেন্তে এইবোৰ শৰীৰৰ ভিন্ন অংগত জমা হয় আৰু বিভিন্ন ৰোগৰ সৃষ্টি কৰে।

শৰীৰত টক্সিন জমা হ’লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে?

  • শৰীৰ দুৰ্বল,
  • ভাগৰ লগা,
  • সঘনাই চৰ্দি-কাহ হোৱা,
  • ছালৰ দাগ বা অন্য ৰোগ,
  • মুখৰ দুৰ্গন্ধ,
  • পেটৰ অসুখ,
  • বদহজম,
  • কোষ্ঠকাঠিন্য(constipation),
  • বিষ-গাঁঠিৰ বিষ,
  • শালমইনা,
  • ওজন বঢ়া ইত্যাদি বিভিন্ন লক্ষণৰ আঁৰত থাকে শৰীৰত টক্সিনৰ সঞ্চয়।
  • টক্সিনৰ আধিক্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা(immune power) হ্ৰাস কৰে,
  • দেহৰ মুখ্য অংগবোৰক দুৰ্বল কৰে,
  • প্ৰজনন ক্ষমতা কমায়,
  • বাৰ্দ্ধক্য খৰকতীয়া কৰে,
  • আনকি কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে।

আজিৰ যুগত মানৱ সমাজৰ বাবে টক্সিনৰ ভয়াৱহতা ব্যাপক হাৰৰ বৃদ্ধি পাইছে। টক্সিনজনিত ৰোগত আক্ৰান্ত হ’লে দৰৰ খোৱাতকৈ টক্সিন নিৰ্গমনৰ ব্যৱস্থা হাতত লোৱাৰ লগতে উপযুক্ত পুষ্টিকৰ খাদ্য(nutrition) গ্ৰহণ কৰাত অধিক গুৰুত্ব আৰোপ কৰা উচিত।দেহৰ টক্সিন কিদৰে আঁতৰাব পাৰি? শৰীৰক টক্সিনমুক্ত কৰাৰ ক্ষেত্ৰত পৰিষ্কাৰ পানী বেছ উপকাৰী। নিয়মীয়াকৈ পানী খালে দেহৰ টক্সিনবোৰ সহজে বাহিৰ হয়। সাধাৰণ পানীৰ উপৰি ডাবৰ পানী, গ্ৰীণ টী আদিও টক্সিন আঁতৰ কৰাৰ দিশত যথেষ্ট উপকাৰী।

আঁহযুক্ত(fibrous) খাদ্য টক্সিন আঁতৰ কৰাত অন্যতম উপযোগী উপাদান। ফল-মূল, শাক-পাচলি, ঢেঁকীত বনা চাউল ইত্যাদিত প্ৰচুৰ পৰিমাণে আঁহযুক্ত দ্ৰব্য থাকে।

আঁহ জাতীয় খাদ্যই আমাৰ শৰীৰৰ আন্ত্ৰিক নলীত(intestine) জমা হোৱা মলয়াবোৰ পৰিষ্কাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে।

তেল জাতীয় খাদ্য কমাই খোৱা উচিত। বিশেষকৈ একেখিনি তেলত বাৰম্বাৰ ভজা খাদ্য নোখোৱাই ভাল। ই টক্সিনৰ পৰিমাণ বৃদ্ধি কৰে। কফি, এলকহল আৰু ধঁপাত জাতীয় খাদ্য পাৰ্যমানে কমাই খোৱা মংগলজনক।

ভেজাল খাদ্যবস্তু, যেনে- অধিক সাৰ-কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা শাক-পাচলি, বিষাক্ত ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল-মূল, ৰংযুক্ত মিঠাই, বেকাৰীৰ বস্তু, জাম-জেলী আৰু সংৰক্ষণকাৰী(preservatives) দ্ৰব্য ব্যৱহৃত খাদ্য, প্ৰচেছড ফুড, জাংক ফুড ইত্যাদি গ্ৰহণত সাৱধান হোৱাৰ চেষ্টা কৰক।

শৰীৰক টক্সিনমুক্ত কৰাৰ দিশত অন্যতম উপকাৰী হ’ল- টোপনি আৰু ব্যায়াম। নিয়মীয়াকৈ ভাল টোপনি মৰাৰ অভ্যাস কৰাৰ লগতে যোগ-প্ৰাণায়াম-ব্যায়াম নিতৌ কৰিলে শৰীৰত টক্সিন জমা হোৱাৰ আশংকা কমে।

বৰ্তমান সময়ৰ আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল মানসিক চাপ(stress)। মানসিক চাপৰ ফলতো শৰীৰত টক্সিনৰ মাত্ৰা বাঢ়ে। আনকি মানসিক চাপে আমাৰ দেহৰ হৰম’নৰ কাৰ্যকাৰিতাত ব্যাঘাত জন্মায়। সেয়েহে মানসিক চাপ কমোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নিতান্ত জৰুৰী। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে টক্সিন আঁতৰ কৰাৰ ক্ষেত্ৰত বজাৰত বহুতো দৰব তথা পৰিপূৰক দ্ৰব্য(food supplement) পোৱা যায়। আনকি এনে ছাপ্লিমেন্টো বৰ্তমান পোৱা যায় যি একেলগে শৰীৰত হোৱা পুষ্টিৰ(nutrition) অভাৱ দূৰ কৰাৰ লগতে শৰীৰক টক্সিনমুক্তও কৰে।

লেখক: ধনজিৎ মেধি(দৈনিক অসম)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top