মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য আৰু নিদ্ৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য আৰু নিদ্ৰা :

সুস্বাস্থ্য আৰু নিদ্ৰাৰ বিষয়ে লিখা হৈছে ।

আমি সকলোৱে জানো যে যিকোনো শাৰীৰিক বা মানসিক পৰিশ্ৰমৰ পিছত জিৰণিৰ প্ৰয়োজন হয়।

নিয়মিতভাৱে টোপনি যোৱাটো স্বাস্থ্যৰ বাবে নিতান্ত প্ৰয়োজন।

বয়স সাপেক্ষে নিৰ্দ্ধাৰিত সময়তকৈ কম বা বেছি টোপনি হ’লে স্বাস্থ্য হানি হোৱাটো স্বাভাৱিক।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গঢ় হিচাপে এটি নৱজাত শিশুৰ ১৯ৰ পৰা ২১ ঘন্টাসময় টোপনিৰ আৱশ্যক।

কিশোৰ অৱস্থাত ৭/৮ ঘন্টা টোপনি যোৱা দৰকাৰ আৰু প্ৰাপ্ত বয়স্ক লোকৰ ৮ৰ পৰা ৯ ঘন্টা সময় টোপনি স্বাস্থ্যসন্মত আৰু ৬১ বছৰৰ ওপৰৰ জ্যেষ্ঠ লোকৰ বাবে বিশেষে এই সময়ৰ তাৰতম্যও দেখিবলৈ পোৱা যায়।

প্ৰতিজন লোকে নিজেও এটা অনুমান কৰি ল’ব লাগে যে কিমান সময় ভালদৰে শুলে তেওঁ দিনটো সপ্ৰতিভ অনুভৱ কৰে আৰু সেই সময়খিনি তেওঁ নিয়মিতভাৱে শুবলৈ চেষ্টা কৰা উচিত।

কেতিয়াবা আকৌ দেখা যায় যে যদি কোনোবা ব্যক্তিৰ আগদিনাখন টোপনি কম হৈছিল, তেতিয়া সেইদিনা তেওঁক আগদিনাতকৈ বেছি সময় শোৱাৰ প্ৰয়োজন হয় ক্ষতিপূৰণ কৰিবলৈ।

টোপনি নিয়ন্ত্ৰিত হয় মগজুৰপৰা। এবিধ বিশেষ ধৰণৰ কোষৰপৰা নিৰ্গত হোৱা ৰাসায়নিক সংকেত মগজুৰ এক নিৰ্দিষ্ট স্থানলৈ গ’লে আমি সাধাৰণতে টোপনি যাওঁ।

নিদ্ৰা অৱস্থাত আমাৰ মগজুৰ কাম-কাজ বাহিৰৰ জগতৰ লগত সম্পৰ্ক ৰক্ষা স্নায়ুৰ লগত হ্ৰাস পায়।

সেয়েহে আমি এই অৱস্থাত কোনোবাই স্পৰ্শ কৰিলে বা কিবা ক’লে একো গম নাপাও।

কাৰণ আমাৰ আত্মসচেতন অৱস্থাৰপৰা অৱচেতনলৈ গতি কৰে।

নিদ্ৰাহীনতাই আমাৰ শৰীৰত বিভিন্ন ৰোগৰ উক দি আমাক অসুবিধাত পেলাব পাৰে।

তাৰে কিছুমান লগে লগে দেখা দিয়ে আৰু বাকীবোৰ দীৰ্ঘদিনীয়া নিদ্ৰাহীনতাৰ বাবে হয়।

লগে লগে দেখা দিয়াবিলাকৰ ভিতৰত-

  • শৰীৰ দুৰ্বল,
  • অভোক-অভোক লগা,
  • দৈনন্দিন কৰ্মত নিস্প্ৰেতিভ অনুভৱ কৰা,
  • বৰকৈ কথা পাহৰা,
  • মানুহৰ লগত কথা পাতোতে খিংখিঙীয়া হোৱা,
  • সামাজিক কামত ওলাই যাবলৈ বা মানুহৰ লগত মিলামিছা কৰিবলৈ মন নোযোৱা আৰু মনটো সপ্ৰতিভ হৈ নথকাৰ বাবে সতৰ্কতা কমি যান-বাহনৰ দুৰ্ঘটনা আদি ঘটোৱাৰ আশংকা বৃদ্ধি হোৱা ইত্যাদি।

দীৰ্ঘদিন ধৰি টোপনি ব্যাঘাত হ’লে বহু গুৰুতৰ উপসৰ্গই দেখা দিব পাৰে, তাৰ ভিতৰত-

  • উচ্চ ৰক্তচাপ,
  • মধুমেহ ৰোগ,
  • হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ,
  • হাৰ্টএকেট আদি ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

টোপনি লগত সুষম খাদ্য আৰু শাৰীৰিক পৰিশ্ৰমৰ ওতপ্ৰোত সম্বন্ধ আছে-

১)আমি যদি ৰাতি বেছি পৰিমাণৰ কেফেইন থকা পানীয় আহাৰ যেনে-

  • কফি আৰু নিকোটিন থকা দ্ৰব্য বিশেষকৈ চিগাৰেট,
  • বিড়ি আৰু
  • ধঁপাত আদি সেৱন কৰো,

তেনেহ’লে টোপনি অহাত বাধা দিব পাৰে।

গতিকে এনে জাতীয় বস্তু বেছিকৈ খোৱাৰ পৰা বিৰত থকা উচিত।

২)এটা নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰিলে ভাল।

যত্ন কৰিব লাগে যাতে কেতিয়াবা বিশেষ কিবা কাৰণত খেলিমেলি হ’লেও সদায় একেটা সময়তে বিচনাই যোৱা হয়।

৩)শোৱাৰ আগতে দহ বা পোন্ধৰ মিনিটৰ বাবে সৰু-সুৰা যোগাভ্যাস কৰিব পাৰিলে ৰাতি টোপনি ভাল হয়।

৪)দিনত অলপ সময়ৰ বাবে শোৱাটো স্বাস্থ্যৰ বাবে ভাল, কিন্তু দিনত বেছি সময় শুই থাকি কিছুমান ব্যক্তি ৰাতি বিচনাত ছটফটাই থকাও দেখা যায়।

সেয়েহে দিনত বেছি শুব নালাগে আৰু অলপ হ’লেও যদি ৰাতি টোপনি নাহে, তেন্তে দিনত শোৱা একেবাৰে বাদ দিয়া উচিত।

৫)ভাল টোপনিৰ বাবে শোৱা কোঠাটো আৰামদায়ক হোৱা প্ৰয়োজন।

বেছি পোহৰ, বাহিৰৰ হুলস্থূল আদিয়ে টোপনিত ব্যাঘাত জন্মাব পৰা কাৰকবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

৬)দৈনিক শাৰীৰিক কষ্ট বা ব্যায়াম কৰা মানুহৰ টোপনি ভাল হয়।

সেয়েহে নিয়মিত ব্যায়াম কৰাৰ অভ্যাস গঢ়া ভাল।

৭)অত্যধিক ম’বাইল ফোনৰ ব্যৱহাৰৰ ফলতো নিদ্ৰাহীনতা দেখা দিয়ে।

আজিকালি বহুতে টোপনি নহালৈকে ম’বাইলটো চাই থাকে।

পিছে ই টোপনি অহাত আৰু দেৰিহে কৰে।

সেয়েহে বিচনাত পৰাৰ আগেয়ে ম’বাইল ফোনটো আঁতৰাই ৰখাই শ্ৰেয়।

লেখিকা: অপৰাজিতা ভূঞা(দৈনিক অসম)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top