মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য আৰু সুখাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য আৰু সুখাদ্য :

সুস্বাস্থ্য আৰু সুখাদ্যৰ বিষয়ে লিখা হৈছে ।

পুৱা গা ধুই উঠি ঈশ্বৰ সেৱা কৰা কাৰ্যত নিজকে আত্মনিয়োগ কৰক। প্ৰাৰ্থনাই মানুহৰ মনলৈ শান্তি আৰু শৰীৰটোক এক জীয়াই থকাৰ শক্তিৰ যোগান ধৰে।

জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধেই শ্ৰেষ্ঠ। মানুহৰ মন-মগজু আৰু দেহটোক আকৌ পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু পাঁচটা কৰ্মেন্দ্ৰিয়ই পৰিচালনা কৰি থাকে। মানুহৰ মনটো সদায় চঞ্চল আৰু সেইবাবেই মানুহে নিজৰ আভ্যন্তৰীণ দিশ্বোৰৰ বিষয়ে উপলব্ধি বা ভাবি চাবলৈ সক্ষম নহয়।

আকৌ ধৰ্মশাস্ত্ৰৰ মতে যিজন ব্যক্তিয়ে ব্ৰহ্মতত্ত্বৰ লগতে নিজৰ দেহৰ শাৰীৰিক আৰু মনস্তাত্ত্বিক দিশেৰে সকলো কথা উপলব্ধি কৰিব পাৰে, তেনেজনৰে দিব্যজ্ঞান প্ৰাপ্তি হয় বা তেনেজনকেই মহৰ্ষি বুলি আমি আখ্যা দিব পাৰোঁ।

গোলকীয় বিশ্বায়নে সমগ্ৰ বিশ্ববাসীকে চিন্তা কৰিবলৈ বাধ্য কৰাইছে। ইতিমধ্যে বিশ্বৰ বহুতো সুসভ্য ৰাষ্ট্ৰই সাম্প্ৰতিক সময়ৰ পৰিৱেশৰ লগত যুঁজিবলৈ তেওঁলোকৰ জনসাধাৰণক সকলো প্ৰকাৰে সজাগ কৰোৱাৰ প্ৰয়াস কৰিছে। অৱশ্যে আমাৰ ভাৰতবৰ্ষও তাৰ ব্যতিক্ৰম নহয়।

বিশ্বৰ প্ৰায়বিলাক দেশেই এতিয়া মানুহৰ সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ বিশেষভাৱে উঠিপৰি লাগিছে। মানুহৰ শৰীৰটো প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল। কাৰণ প্ৰকৃতিৰ উপাদানবোৰক ওলাই কৰি মানুহে বসবাস কৰি থাকিব নোৱাৰে। সেইদৰে খাদ্যৰ দিশেৰে চাবলৈ গ’লে জীৱৰ ভাগ চাৰিটা।

মানুহৰ খাদ্য আৰু স্বাস্থ্য দেহটোক সুস্থ-সবল কৰি ৰাখিবৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। ইংৰাজীত এষাৰ কথা আছে Heath is wealth। কিন্তু আমি নিজৰ শৰীৰটোক সুস্বাস্থ্য আৰু সুখাদ্যৰে কেনেকৈ সুন্দৰ কৰি ৰাখিম, এই বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনা কৰাৰ নিশ্চয় প্ৰয়োজন আছে।

সুস্বাস্থ্য

সুস্বাস্থ্য বুলিলে সাধাৰণতে আমি সুন্দৰ দেহৰ হৃষ্ট-পুষ্ট, বগা, দেখিবলৈ ধুনীয়া ইত্যাদি দিশেৰে গঠিত শাৰীৰিক অৱয়বৰ এজন মানুহৰ ছবিকে মনলৈ আনো। অৱশ্যে এনেধৰণৰ ধাৰণা সম্পূৰ্ণ ভুল।

কাৰণ সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ মানুহৰ দেহৰ আভ্যন্তৰীণ আৰু বাহ্যিক দিশত যথেষ্টভাৱে টনকিয়াল হ’ব লাগিব। মানুহৰ দেহটোক সুস্থ-সবল কৰি ৰাখিবলৈ আমি প্ৰতিদিনে এনেধৰণৰ ব্যৱস্থা ল’ব লাগিব-

ক)প্ৰতিদিনে প্ৰাতঃসময়ত অতি কমেও দুই-তিনি কিলোমিটাৰ খোজ কাঢ়িব লাগে। যুৱসকলৰ খোজ কঢ়াৰ মাত্ৰা খৰ হোৱাৰ পৰিৱৰ্তে বয়সস্থসকলৰ খোজ কঢ়াৰ মাত্ৰা অলপ লাহে লাহে ধীৰ গতিত হোৱা বাঞ্ছনীয়। অৱশ্যে পুৱা নোৱাৰিলে আবেলিৰ ভাগত কমেও দুই কিলোমিটাৰ খোজ কঢ়া ভাল।

খ)নিতৌ-

  • যোগাসন,
  • প্ৰাণায়াম,
  • ধ্যান আদি কৰিব লাগে।

সম্ভৱ হ’লে শৰীৰ চৰ্চা কেন্দ্ৰ আদিলৈও যাব পাৰে।

গ)নিজস্ব মানসিক দিশটোক যোগাত্মক ভাব-ধাৰণাৰ জৰিয়তে শান্ত কৰি ৰাখিব লাগে। পুৱাই চাহ-জলপান খাই নিয়মীয়াকৈ খবৰ কাকত, আলোচনী, আৱশ্যকীয় গ্ৰন্থ আদি পঢ়াৰ অভ্যাস ৰাখিব লাগে।

পৰাপক্ষত পুৱাৰ সময়খিনি দূৰদৰ্শনৰ পৰা নিজকে আঁতৰাই ৰাখি খা-খবৰ বা গ্ৰন্থ আদি পঢ়া অভ্যাসটোৱে মানুহৰ মগজুৰ বিকাশ শক্তিৰ লগতে শ্ৰৱণ শক্তি বৃদ্ধি কৰে।

ঘ)প্ৰতিদিনে পুৱাই গা ধোৱা, স্নান কৰাৰ পৰিৱেশ এটা গঢ়ি তোলক। ই মানুহক পৰিষ্কাৰ হোৱাৰ লগতে দেহটোলৈ এক শান্ত-সমাহিত অৱস্থাৰ পৰিৱেশ কঢ়িয়াই আনে।

ঙ)পুৱা গা ধুই উঠি ঈশ্বৰ সেৱা কৰা কাৰ্যত নিজকে আত্মনিয়োগ কৰক। প্ৰাৰ্থনাই মানুহৰ মনলৈ শান্তি আৰু শৰীৰটোক এক জীয়াই থকাৰ শক্তিৰ যোগান ধৰে।

চ)পুৱা শুই উঠি চাহ, ন-দহ বজাৰ ভিতৰত ৰাতিপুৱাৰ আহাৰ, দুপৰীয়া এক বজাৰ ভিতৰত একাপ চাহ, আবেলি দুই-তিনি বজাৰ ভিতৰত সামান্য আহাৰ(ৰুটী, সেউজীয়া শাক-পাচলি), সন্ধিয়া একাপ চাহ আৰু ন-দহ বজাৰ ভিতৰত ৰাতিৰ আহাৰ(কম পৰিমাণে) গ্ৰহণ কৰিব।

সাধাৰণতে চাহকাপ গ্ৰীন টী, ব্লেক টী, লেমন টী নতুবা ৰেড টী(ৰঙা চাহ) হোৱাটো ভাল। যদিওৱা আমি সৰহসংখ্যকেই গাখীৰ চাহ খাওঁ, আচলতে গাখীৰ চাহ স্বাস্থ্যৰ বাবে উপযোগী নহয়।

ছ)সুস্বাস্থ্যৰ বাবে আমি ওচৰ-চুবুৰীয়াৰ লগত একগোট হৈ আমাৰ চাৰিওফালৰ পৰিৱেশটো স্বচ্ছ, সেউজীয়া, প্ৰদূষণমুক্ত কৰি ৰখা উচিত।

জ)নিজকে সামাজিক কাম-কাজত আত্মনিয়োগ কৰিবলৈ যত্ন কৰক। নিজৰ মনটোক সক্ৰিয় কৰি ৰাখিবলৈ সাহিত্য-সংস্কৃতি, খেলা-ধূলা, শিক্ষা-দীক্ষা, সমাজসেৱা, উৎসৱ-পাৰ্বণ ইত্যাদি দিশবোৰত অংশগ্ৰহণ কৰাৰ লগতে আপোনাৰ লুকাই থকা বহুমুখী প্ৰতিভা প্ৰকাশ কৰিবলৈ যত্ন কৰক।

ঞ)আমি সততে প্ৰতিবেশী বা কথা-বতৰা পতা ব্যক্তিজনৰ চৰিত্ৰ সজ হোৱাৰ লগতে তেওঁৰ কথাবোৰ গঠনমূলক আৰু ইতিবাচক দৃষ্টিভংগীৰ হোৱাটো প্ৰয়োজন।

যদি আপোনাৰ প্ৰতিবেশী বা বন্ধুজনৰ কথাৰ বিষয়বোৰ নেতিবাচক হয়, তেন্তে তৎক্ষণাত তেনে ব্যক্তিৰ সংগ পৰিহাৰ কৰক। আমাৰ কথা-বতৰাৰ বিষয়বস্তুৱেও মানসিক দিশত প্ৰভাৱ পেলায়।

এই সাধাৰণ কামবিলাকৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰিবলৈ নিজৰ মনে-প্ৰাণে ভালপোৱা নিজৰ লগতে সমাজৰ উন্নতি হোৱা কামবিলাক কৰিবলৈ অগ্ৰসৰ হওক।

সুখাদ্য

বৰ্তমান আমি একৈশ শতিকাত বাস কৰা আধুনিক মানুহ, তথাপি খাদ্য আহৰণ কৰা আৰু গ্ৰহণ কৰা এই প্ৰক্ৰিয়াটোক উলাই কৰি চলিব নোৱাৰোঁ। এই কথা আনকি চিকিৎসা শাস্ত্ৰ বা খাদ্য বিশেষজ্ঞই বাৰে বাৰে উনুকিয়াই আহিছে।

এতিয়া কথা হ’ল সুখাদ্য মানে কি? খাদ্যবিলাক দেখিবলৈ সুন্দৰ-সুঠাম হোৱাই নেকি সুখাদ্য? এই প্ৰশ্ন আমাৰ সকলোৰে মাজত জাগ্ৰত হয় নিশ্চয়। তেনেহ’লে আমি জনাটো প্ৰয়োজন যে প্ৰকৃতিৰ কৰা আহৰণ কৰি অনা খাদ্য দ্ৰব্য সম্পূৰ্ণ বিশুদ্ধ আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হ’ব নোৱাৰিব।

দ্বিতীয়তে, সেই খাদ্যক সঠিক ৰূপত স্বাস্থ্যৰ উপযোগীকৈ ৰন্ধনশালত প্ৰস্তুত কৰিব লাগিব। তেতিয়াহে সেই খাদ্যক আমাৰ সুখাদ্যৰ ভিতৰত ধৰিব পাৰিম। কিন্তু বৰ্তমান আমাৰ খাদ্য দ্ৰব্যবোৰত প্ৰচুৰ পৰিমাণে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ব্যৱসায়িক মুনাফা লাভৰ বাবে বজাৰত বিক্ৰী কৰা হৈছে।

সেইবোৰৰ অত্যধিক বিষাক্ত প্ৰভাৱ আমাৰ জনসাধাৰণৰ দেহত পৰিছে। বজাৰত উপলব্ধ দেখাত ধুনীয়া খাদ্য সামগ্ৰীবোৰ দেখিলেই আমাৰ কিনিবলৈ মন যায় আৰু তাৰ পিছতেই সেইবোৰ খোৱাৰ পিছত চিকিৎসকৰ ওচৰলৈ তাঁতবাতি কাঢ়িবলগীয়া হয়।

আচলতে দোষবোৰ আমাৰেই নহয় জানো? আমি সঁচাকৈয়ে ইমান আধুনিক হৈ গ’লো নেকি যে আমাৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীবোৰৰ বিষয়ে চিন্তা কৰিবলৈ বা সিবিলাকক আমি নিজেই উৎপাদন কৰিবলৈ পাহৰি গ’লো।

এইক্ষেত্ৰত কেৱল চৰকাৰ বা বিভাগীয় বিভাগবোৰক দোষাৰোপ কৰি একো লাভ নাই। কাৰণ ঔষধযুক্ত খাদ্য দ্ৰব্যবোৰক বিক্ৰী কৰি মানুহক মৃত্যুমুখলৈ ঠেলি দিয় বজাৰখন আচলতে আমাৰেই সৃষ্টি।

ক)ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি শাক-পাচলিৰ খেতি কৰা বন্ধ কৰিবলৈ আমি নিজেই সজাগ আৰু সচেতন হ’ব লাগিব। তাৰ পৰিৱৰ্তে আমি জৈৱিক পদ্ধতিৰে খেতি কৰি খাদ্য দ্ৰব্য উৎপাদন কৰিব পাৰিব লাগিব।

খ)বিশেষভাৱে আমি নিজৰ ঘৰখনৰ কাষতে প্ৰয়োজন অনুসাৰে শাক-পাচলিৰ বাগান বা অন্যান্য খাদ্য সামগ্ৰী উপলব্ধ হোৱাকৈ খেতি কৰা উচিত। আনহাতে চহৰৰ বাসিন্দাসকলে নিজস্ব সুবিধা হোৱাকৈ ছাদৰ ওপৰত বা ঘৰৰ কাষৰ সামান্য ভূমিতেই বহুধৰণৰ শাক-পাচলি বা ফলমূলৰ খেতি কৰিব পাৰে।

ফুলৰ খেতিৰ টাবকেইটাৰ সমান্তৰালভাৱে প্ৰতি পাঁচটা টাবৰ বিপৰীতে অতি কমেও দহোটা টাবত নানা ধৰণৰ শাক, সৰু-সুৰা ফলমূল ইত্যাদি ধৰণৰ খেতি কৰিব পাৰে। ফলত দেখিব ঘৰখন শুৱনি হোৱাৰ লগতে দেহটোও শুৱনি হ’ব আৰু প্ৰতিবেশীৰ বাবে আপোনাৰ কাৰ্য আদৰ্শৰ লগতে আদৰৰ হৈ উঠিব।

গ)জৈৱিক কৃষি পদ্ধতিৰে কৰা শাক-পাচলি কিনাৰ অভ্যাস গঢ়ি তোলক। বজাৰত পোৱা শাক-পাচলিৰ গুণাগুণ চাইহে কিনিব আৰু সিবিলাক ঘৰলৈ আনি ভালদৰে ধুই পাৰিলে উতলা পানীত জুবুৰিয়াই ৰাখি বা সামান্য বইল কৰি পানীখিনি পেলাই দি নিজৰ পছন্দৰ মতে ৰান্ধক।

ঘ)আমাৰ প্ৰধান খাদ্য হৈছে ভাত। অৰ্থাৎ আমি খোৱা চাউলৰ গুণগুণ ভালদৰে পৰীক্ষণ কৰা উচিত। বজাৰত উপলব্ধ সকলো চাউল আমাৰ স্বাস্থ্যৰ বাবে উপযোগী নহ’বও পাৰে।

ঙ)প্ৰ্চুৰ পৰিমাণে সেউজীয়া শাক-পাচলি খোৱা উচিত। প্ৰতিদিনে আমি শাক-পাচলিৰ চালাদ, সেউজীয়া শাকৰ আঞ্জা, গাজৰৰ ৰস ইত্যাদি ধৰণৰ সুখাদ্য আহাৰৰ তালিকাত ৰাখিব পাৰিলে ভাল।

চ)দাইল স্বাস্থ্যৰ পক্ষে অতি গুৰুত্বপূৰ্ণ। দাইলে আমাৰ দেহৰ ছাল সুস্থ আৰু সুন্দৰ কৰি ৰাখে। দাইলত অধিক পৰিমাণে প্ৰ’টিন পোৱাৰ লগতে ই আমাৰ দেহত শক্তি যোগায়। সেয়ে নিজৰ পছন্দ অনুযায়ী পৰ্যাপ্ত পৰিমাণে দাইল খোৱা উচিত।

ছ)মাছ-মাংসও আমাৰ স্বাস্থ্যৰ বাবে জৰুৰী যদিও মাংসই আমাৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাহে দেখা যায়। বিশেষকৈ বজাৰত উপলব্ধ ব্ৰইলাৰ মুৰ্গী, গাহৰিৰ মাংস, ছাগলী মাংস বা অন্যান্য ধৰণৰ মাংসবোৰে আমাৰ দেহত-

  • চৰ্বি,
  • কলেষ্টেৰল,
  • মেদবহুলতা,
  • হৃদৰোগ,
  • উচ্চ ৰক্তচাপ আদি ৰোগ হোৱাতহে সহায় কৰে।

সেইবাবে আমি এইক্ষেত্ৰত সজাগ হ’ব লাগে। কিন্তু মাছ আমাৰ স্বাস্থ্যৰ বাবে উপযোগী হ’লেও দৰাচলতে আমি স্থানীয় সৰু-সুৰা মাছ, বিল-পুখুৰী, নদীৰ আদি সতেজ মাছ খোৱাৰ পৰিৱৰ্তে বাহিৰৰ পৰা অহা চালানী মাছ, বৰফত ৰখা মাছ খোৱা একেবাৰেই অনুচিত।

জ)বজাৰত উপলব্ধ ফাষ্ট ফুড, অত্যধিক তেলযুক্ত খাদ্য, মছলযুক্ত খাদ্য, মুকলি ঠাইত ৰখা খাদ্য পৰিহাৰ কৰা উচিত। তাৰ পৰিৱৰ্তে নিজস্ব মন পছন্দৰ খাদ্য ঘৰতে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

প্ৰয়োজন অনুসৰি বাহিৰৰ পৰা আনিবলগীয়া খাদ্য সামগ্ৰী, মিঠাই আদিৰ দোকান বা ৰেস্তোৰাঁ ভালদৰে পৰ্যবেক্ষণ কৰি স্বাস্থ্যৰ উপযোগী হোৱা খাদ্য হ’লেহে কিনা উচিত।

ঝ)আমি পৰ্যাপ্ত পৰিমাণে-

  • বিশুদ্ধ পানী,
  • সতেজ ফলমূল,
  • ফলমূলক ৰস,
  • সেউজীয়া শাক-পাচলি নিতৌ খোৱাৰ অভ্যাস গঢ়িব লাগে।

ঞ)আমাৰ স্বাস্থ্যৰ বাবে খাদ্যৰ ভিতৰত প্ৰধান শত্ৰু-মিত্ৰ হৈছে তেল। আমি জনা উচিত যে সদায় ব্যৱহাৰ কৰি অহা আমাৰ তেলবিধৰ গুণাগুণ কেনেকুৱা। তাত থকা বিশেষকৈ প্ৰ’টিন, কলেষ্টেৰল, কাৰ্ব’হাইড্ৰেট, ফেট বা অন্যান্য গুণাগুণবোৰৰ সম্বন্ধে জানিব লাগে।

কাৰণ দেহত প্ৰ’টিন, কলেষ্টেৰল, কাৰ্ব’হাইড্ৰেট, ফেট আদিৰ গুণবিশিষ্ট তেল ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। তাৰ পৰিৱৰ্তে আমাৰ বাবে ৰাইচ ব্ৰেণ্ড অইল(চাউলৰ পৰা তৈয়াৰী তেল), অলিভ অইল, নাৰিকল তেল ইত্যাদি স্বাস্থ্যৰ বাবে বিশেষভাৱে উপযোগী। তথাপি আমি যিমান পাৰোঁ তেলৰহিত খাদ্য খাবলৈ যত্ন কৰা উচিত।

ওপৰত উল্লেখ কৰা কথাবোৰৰ উপৰি আমাৰ জীৱনত ব্যৱহৃত বহুতো সুখাদ্যৰ বিষয়ে আমি অৱগত নতুবা অৱগত হ’বলৈ চেষ্টা কৰিবই লাগিব।

সুস্বাস্থ্যৱান হ’বলৈ সুখাদ্যৰ দৰকাৰ। গতিকে আমি নিজৰ ল’ৰা-ছোৱালীক সৰুৰে পৰা এইধৰণৰ কথা-বতৰাবিলাক শিকাই সিঁহতৰ ভৱিষ্যতৰ জীৱনটো সুস্বাস্থ্য আৰু সবল কৰিবলৈ প্ৰেৰণা দিয়া উচিত।

লেখক: চিৰঞ্জীৱ বৰা(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top