মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য গঢ়িবলৈ খোজ কাঢ়ক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য গঢ়িবলৈ খোজ কাঢ়ক

সুস্বাস্থ্য গঢ়িবলৈ খোজ কাঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে

১। আপোনাৰ যদি বয়স বাঢ়িছে ,তেনেহ’লে চিকিৎসকক দেখুৱাই নিজৰ দেহটো খোজ কঢ়াৰ বা ব্যায়াম কৰাৰ বাবে উপযুক্ত হয় নে নহয় চাই লওক।

২।খোজ কাঢ়োতে ভাল জোতা আৰু মোজা পৰিধান কৰক।

৩।ক্ৰমশ: খোজ কঢ়া বঢ়াই নিব লাগে।১৯ মিনিটত যদি ১ কিলোমিটাৰ খোজ কাঢ়িব পাৰে,তেনেহ’লে ভাল খোজৰ আগতীয়া লক্ষণ বুলি বিশেষজ্ঞই কয়।এনেদৰে খোজ কঢ়াৰ পিচত লাহে লাহে গতি বৃদ্ধি কৰিব লাগে।

৩।বিশেষজ্ঞৰ মতে খোজ কঢ়াৰ প্ৰাকমুহুৰ্তত কেতবোৰ লঘু ব্যায়াম কৰিব লাগে,যাতে মুৰৰ পৰা ভৰিলৈ মাংসপেশী আৰু লিগামেণ্টসমুহ শিথিল হয়।ডিঙি পোনকৈ ৰাখি মুৰ ঘুৰাব লাগে।কান্ধ জোকাৰি হাত ঘুৰাব লাগে।হাতেৰে ভৰি আৰু পিঠি চুব লাগে।

৪।এনে ব্যায়াম কৰাৰ পিচত পোনকৈ খোজ কাঢ়ক।গভীৰভাৱে শ্বাস-প্ৰশ্বাস লওক।

৫।সমগ্ৰ বিশ্বতে মানুহে বুজি পাইছে যে খোজ কাঢ়িলেহে স্বাস্থ্য ভালে থাকে।কঠোৰ শ্ৰম নকৰিলেও যদি মানুহে সপ্তাহত পাঁচ দিন খোজ কাঢ়ে তেতিয়া স্বাস্থ্যৰ বাবে উত্তম।

৬।বিশেষজ্ঞৰ গৱেষণাত ধৰা পৰিছে যে মানুহৰ হৃদস্পন্দন ৭০-৮০ শতাংশ বৃদ্ধি পায় যদি কামত ব্যস্ত থাকে।কিন্তু যদি দীৰ্ঘ সময়ৰ বাবে ব্যায়াম কৰা হয়,তেতিয়া হৃদস্পন্দন ৬০ শতাংশ হ’লেও হয়।

ব্যায়ামে যে দেহক সঠিকভাৱে ৰাখে এনে নহয়,দেহত সঞ্চিত অনাৱশ্যকীয় চৰ্বিসমুহৰ দহন হয়।ব্যায়াম কৰাৰ ১৫ মিনিটৰ পিচৰ পৰাই চৰ্বিৰ দহন হ’বলৈ আৰম্ভ কৰে।ইয়াৰ  অৰ্থ ২০ মিনিট গধুৰ কামৰ সফলতা মাত্ৰ ৫ মিনিটতে চৰ্বি দহনৰ উত্তম দক্ষতা প্ৰকাশ পায়।আনহাতে মধ্যমীয়া গতিৰে এঘণ্টা খোজ কঢ়াৰ অৰ্থ ৪৫ মিনিট চৰ্বি দহন হয়।যদি একে গতিৰে প্ৰায় ৬ কিলোমিটাৰ খোজ কঢ়া হয়,তেতিয়া ৩৯০ কেলৰি শক্তি দহন হ’ব।আকৌ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰায় ৫৩০ কেলৰি শক্তি দহন হ’ব।এতিয়া আপুনি নিজে স্থিৰ কৰিব কিমান দুৰ খোজ কঢ়া আপোনাৰ বাবে প্ৰয়োজন হ’ব।

বিশেষজ্ঞৰ মতে যিসকল লোকে বয়স হোৱালৈকে স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে,তেওঁলোকৰ কাৰণে খোজ কঢ়া এটা উত্তম ব্যায়াম।এনে ব্যায়ামে হাওঁফাওঁ ,ভৰি আৰু দেহৰ মাংসপেশীবোৰ শক্তিশালী কৰে।তদুপৰি হৃদৰোগৰ আশংকা কমি আহে আৰু হাৰ্ট অতি সবল,সুঠাম কৰি তোলে।বিশেষজ্ঞৰ মতে পৰিমিত খোজে দেহৰ ৰক্তচাপ নিম্নগামী কৰে আৰু সেইদৰে কলেষ্ট্ৰেৰলো হ্ৰাস পায়।

লেখক:ড° পৱিত্ৰ কুমাৰ পাটোৱাৰী(দেওবৰীয়া সম্ভাৰ)

2.89285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top