মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য-ভাল টোপনিৰ বাবে হালধি-গাখীৰৰ গুণাগুণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য-ভাল টোপনিৰ বাবে হালধি-গাখীৰৰ গুণাগুণ:

সুস্বাস্থ্য-ভাল টোপনিৰ বাবে হালধি-গাখীৰৰ গুণাগুণৰ বিষয়ে লিখা হৈছে।

 

১)গৰম গাখীৰত হালধি মিহলাই খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। আচলতে গাখীৰত থকা কেলচিয়াম আৰু মিনাৰেলৰ বাবে শৰীৰ স্বাস্থ্যৱান হোৱাৰ লগতে ই ওজন হ্ৰাস হোৱাত বিশেষ সহায় কৰে।

২)যিসকল লোকৰ নিশা সাধাৰণতে টোপনি নাহে, তেওঁলোকৰ বাবে হালধি মিহলোৱা গাখীৰ খালে যথেষ্ট উপকাৰী। হালধিত এমিন’ এচিড থাকে। যাৰকাৰণে গাখীৰত মিহলাই খালে ভাল টোপনি আহে। নিশা শুবলৈ যোৱাৰ ৩০ মিনিটমানৰ আগতে গৰম গাখীৰ হালধি মিহলাই খোৱাৰ এক অভ্যাস গঢ়ি তোলক। ভাল টোপনি আহিব।

৩)কিছুমান লোকৰ খুব সহজে এলাৰ্জি, ভাইৰেল সংক্ৰমণৰ ফলত চৰ্দি, জ্বৰ, কাহ হয়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এনে লোকে পুৱাৰ ভাগত অথবা নিশা শোৱাৰ আগত এক কাপ হালধি মিহলোৱা গাখীৰ সেৱন কৰিলে এইক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰিব। হালধিত এন্টিভাইৰেল আৰু এন্টি বেক্টেৰিয়েলযুক্ত গুণ নিহিত থাকে। এই গুণে শৰীৰৰ ইনফেকচন প্ৰতিৰোধ কৰাত সহায় কৰে।

উৎস: সম্ভাৰ

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top