মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্য সাধনাত যোগ ব্যায়াম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্য সাধনাত যোগ ব্যায়াম :

সুস্বাস্থ্য সাধনাত যোগ ব্যায়ামৰ বিষয়ে লিখা হৈছে ।

 

‘যোগ’ শব্দটোৰ মূল তাৎপৰ্য হৈছে শৰীৰ আৰু মনৰ মিলন। দুয়োটাৰে একত্ৰীকৰণ আৰু শৰীৰ-মনৰ সমতা স্থাপন কৰা। সেয়েহে আমাৰ শৰীৰটো নিৰোগী সুস্থ-সবল আৰু কৰ্মঠ কৰি ৰাখিবলৈ হ’লে আমি ব্যায়াম বা যোগ সাধনা কৰিবই লাগিব।

তাহানি ঋষি-মুনিসকলে যোগ বা ব্যায়াম কৰিছিল একমাত্ৰ শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ। তদুপৰি আৰ্যুবেদ শাস্ত্ৰ অনুসৰি শৰীৰ সুস্থ ৰখাৰ বাবে যোগ আৰু ব্যায়ামৰ দ্বাৰা শৰীৰ সুস্থ-সবল হয় বুলি কোৱা হয়।

বৰ্তমান ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত যোগচৰ্চা কৰিবলৈ বিধিব্যৱস্থা কৰিছে। অবিশ্বাস্য হ’লেও এই কথাটো সত্য ব্যায়ামে শৰীৰ আৰু মনত ঔষধৰ দৰে ক্ৰিয়া কৰে।

ইয়াৰ উপৰি যোগ বিশ্বাসীসকলে যোগ আঠ প্ৰকাৰৰ বুলি কৈছে-

১)যম,

২)নিয়ম,

৩)ধ্যান,

৪)ধাৰণা,

৫)আসন,

৬)প্ৰণায়াম,

৭)প্ৰত্যাহাৰ,

৮)সমাধি।

তদুপৰি আৰু কেইবা প্ৰকাৰৰ যোগ আছে বুলি কৈছে। ইয়াৰ ভিতৰত ৰাজযোগ, কৰ্মৰোগ, জ্ঞান যোগ, ভক্তিযোগ আদি যোগৰ বলতে ব্ৰহ্মাণ্ড চলি আছে। ইয়াৰ উপৰি প্ৰেমৰ আন এটা নাম মিলন। দিন-ৰাতি, চন্দ্ৰ-সূৰ্য, প্ৰকৃতি-পুৰুষ জোন-তৰা, আকাশ-বতাহ, শিক্ষক-ছাত্ৰৰ এই মিলতে জগত চলি আছে। সেইদৰে এই মিলতে জগত চলি আছে। শৰীৰ আৰু মনৰ মিলন হ’লে আমাৰ সুস্বাস্থ্য সম্ভৱ হ’ব।

সুস্থ ব্যক্তি এজনে পুৱা-গধূলি আৰু স্নান কৰাৰ আগত আসন বা যোগ কৰা উচিত। আসন মানে হৈছে শৰীৰৰ বিভিন্ন ভংগিমা। যি ভংগিমাত শৰীৰ-মনৰ সংযত আৰু স্থিৰতাপ্ৰাপ্তি হয়। ইয়াৰ ফলতে মানুহে দম্ভ-অহংকাৰ, দ্বেষ-বিদ্বেষ, খং-মনৰ উত্তেজনা-আৱেগ আদি বশ কৰি এই প্ৰশান্তি লাভ কৰিব পাৰে।

যোগ সাধনৰ যোগেদি দি মানুহ সুন্দৰ মনৰ অধিকাৰী হ’ব পাৰে। ই হৈছে এটা বিজ্ঞানসন্মত জীৱন-দৰ্শন। মানৱ জাতিৰ বাবে মূল্যৱান সম্পদ। মানৱ জাতিৰ বাবে মূল্যৱান সম্পদ। মানুহৰ সুস্থ শৰীৰৰ বাবে তিনিটা সমষ্টি আছে। ইয়াৰ ভিতৰত শৰীৰ, মন আৰু সত্তা। এইকেইটাৰ সমন্বয়তে সাধন আৰু সংগতিপূৰ্ণ হ‘লে দেহ-মনৰ বিকাশ হয়। যোগে শৰীৰৰ লগতে মনকো শান্ত কৰে আৰু বিভ্ৰান্তিৰ পৰা মুক্ত কৰি ৰাখে।

যোগ আৰু ব্যায়ামে মানুহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰ্হণ কৰে। যোগ ব্যায়ামৰ সুফলবোৰ এনে ধৰণৰ-

*দেহ-মনক বিকাশ কৰে।

*ইতিবাচক চিন্তা কৰাৰ বাবে মন প্ৰস্তুত হয়।

*আত্মা আৰু পৰআত্মাৰ সংযোগ স্থাপনত সহায় কৰে।

*উশাহ-নিশাহ আৰু শ্বাস-প্ৰশ্বাস ভাল হয়।

*হাঁওফাঁও আৰু তেজৰ অম্লজান পৰিবাহী ধমনী সুন্দৰ কৰি তোলে।

*শৰীৰৰ পৰা যথেষ্ট পৰিমাণে কাৰ্বন-ডাই অক্সাইড বাহিৰ কৰি শৰীৰৰ বাবে ক্ষতিকাৰক পদাৰ্থ উলিয়াই দিয়ে।

*নিদ্ৰা নিয়মিত হয়।

*মনৰ উৎকন্ঠা আঁতৰ হয়।

*সিৰা-উপসিৰাসমূহ সুস্থিৰ হয়।

*ৰক্ত সঞ্চালন বৃদ্ধি কৰে।

*যোগাসন প্ৰক্ৰিয়াৰ বাবে মানুহৰ স্মৃতিশক্তি বৃদ্ধি হয়।

*কাম-কাজত কৰ্মস্পৃহা বৃদ্ধি হয়।

*মনোবিজ্ঞানীয়ে মতে, ৮০ শতাংশ লোকৰ মানসিক অশান্তি দূৰ হয়।

*পতঞ্জলিৰ মতে, মানৱ শৰীৰটো কাৰ্যক্ষম কৰি ৰাখিবলৈ যোগ বা ধ্যান কৰিলে সুফল পাব।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top