অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে

সুস্বাস্থ্য অটুট ৰাখিবলৈ হ’লে আমি কিছুমান নীতি-নিয়ম

সুস্বাস্থ্য অটুট ৰাখিবলৈ হ’লে আমি কিছুমান নীতি-নিয়ম পালন কৰিব লাগে|

. নিশা সোনকালে শোৱা আৰু পুৱা সোনকালে উঠা স্বাস্থ্যৰক্ষাৰ বাবে অতি উত্তম| যদি সম্ভৱ হয় শুই উঠি প্ৰাত:ভ্ৰমণ কৰিলে গোটেই দিনটোৰ বাবে মনটো প্ৰফুল্লিত হৈ থাকে|

. সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে অতি কমেও আধা ঘণ্টা সময় উলিয়াই ব্যায়াম কৰিব লাগে|

. বিভিন্ন শাৰীৰিক কাম যেনে ঘৰ মচা, ঠাই সৰা, ফুলনিত কাম কৰা আদিৰ জৰিয়তেও শৰীৰ চৰ্চা কৰিব পাৰি| এনেধৰণৰ কামে দেহ-মন প্ৰফুল্লিত কৰাৰ লগতে শৰীৰৰ অতিৰিক্ত মেদ কমোৱাতো সহায় কৰে|

. সদায় পৰিমিত আৰু বিশুদ্ধ আহাৰৰ গ্ৰহণে স্বাস্থ্য ভালে ৰখাত সহায় কৰে|

. পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ল সুস্বাস্থ্যৰ অন্যতম উপায়| খোৱা-লোৱা, পিন্ধা-উৰা আদি সকলো ক্ষেত্ৰতে পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব পাৰিলে শৰীৰত বিজানুৱে আক্ৰমণ কৰিব নোৱাৰে|

. সুস্বাস্থ্যৰ বাবে শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ অতি প্ৰয়োজন| কিন্তু পৰিশ্ৰমো পৰিমিত হোৱা উচিত তথা পৰিশ্ৰমৰ মাজে মাজে জিৰণি লোৱা উচিত|

. সুস্বাস্থ্যৰ বাবে সংযমী হোৱাৰ আৱশ্যক|

. সুস্বাস্থ্যৰ বাবে হাঁহিবলৈ চেষ্টা কৰক| আমি যিমানেই মন খুলি হাঁহিব পাৰিম আমাৰ মন সিমানেই ফৰকাল লাগিব আৰু এইদৰে আমাৰ মানসিক স্বাস্থ্যৰো উত্তৰণ ঘটিব|

. সুস্বাস্থ্যৰ বাবে সুখাদ্য গ্ৰহণত অধিক গুৰুত্ব দিব লাগিব| দৈনন্দিন খাদ্যৰ তালিকাত সতেজ শাক-পাচলি, ফল-মূল, গজালি ওলোৱা বুট, মাহ, ভাপত সিজোৱা বস্তু আদি অন্তৰ্ভুক্ত কৰিব লাগে|

আমি সুখ প্ৰত্যাশিত মানুহ| কেৱল ধন ঐশ্বৰ্যই সুখ আনিব নোৱাৰে| তাৰ বাবে প্ৰয়োজন হয় সুস্বাস্থ্যৰ| কিয়নো আমি ভালদৰে জানো ‘অনুমান সুখ নাই চিৰ ৰুগীয়াৰ’ বুলি কোৱা কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি| স্বাস্থ্যৱান লোক এজন দুখীয়া হ’লেও তেওঁ অসুখী নহয়| মনত ৰখা উচিত সুস্বাস্থ্যৰ বাবে পৰিমিত খাৱন, শোৱন, জাগৰণ, বিশ্ৰাম আৰু ব্যায়ামৰ অতি প্ৰয়োজন|

লেখক:- নিতুমণি দাস

উৎস:- দৈনিক অসম

3.11538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top