মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ বাবে এৰ’বিক্স :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে এৰ’বিক্স :

সুস্বাস্থ্যৰ বাবে এৰ’বিক্সৰ বিষয়ে লিখা হৈছে ।

 

এৰ’বিক্স হৈছে এটা শাৰীৰিক ব্যায়াম, যি সংগীতৰ তালৰ সৈতে শক্তি প্ৰশিক্ষণ আৰু সু-স্বাস্থ্য হোৱাত সহায় কৰাৰ এটা উপাদান । এৰ’বিক্স  ব্যায়াম এনেধৰণৰ শাৰীৰিক কাৰ্যকলাপ, য’ত দেহৰ ডাঙৰ মাংসপেশীৰ চৰ্বিবোৰ কমি দেহটো সুস্থ কৰি ৰাখে । সাঁতোৰা, খোজকঢ়া, দৌৰা, এৰ’বিক্স  নৃত্য , চাইক্লিং ইত্যাদি এইবোৰ এৰ’বিক্স  ব্যায়ামৰ উদাহৰণ ।

এৰ’বিক্স  নৃত্য কি ?

এৰ’বিক্স  মানে হ’ল অক্সিজেনৰ সৈতে । কিন্তু এৰ’বিক্স  সাধাৰণতে এক ধৰণৰ কাৰ্যকলাপ, য’ত হৃৎযন্ত্ৰ পাম্পিং হয় আৰু অক্সিজেন ব্যৱহাৰ হয় । এৰ’বিক্স  নৃত্যক এক প্ৰকাৰৰ ব্যায়াম, য’ত সংগীতৰ তালত দেশ-বিদেশৰ সকলো ধৰণৰ নৃত্যকে অন্তৰ্ভুক্ত কৰা হৈছে ।

এই  ব্যায়ামৰ পৰা হ’ব পৰা লাভ:-

১) এই ব্যায়ামৰ জৰিয়তে মানুহে নিজৰ হৃৎপিণ্ড আৰু হাওঁফাওঁ সুস্থ কৰি ৰাখিব পাৰে ।

২) এই ব্যায়ামৰ জৰিয়তে শৰীৰৰ চৰ্বিবোৰ পুৰি যায় আৰু শৰীৰৰ চৰ্বি কমি যায় । যাৰ ফলত মানুহৰ ওজন হ্ৰাস হয় ।

৩) দৈনিক ব্যায়ামৰ ফলত মানুহৰ দেহত এনড্ৰ’ফিনছ নামৰ হ’ৰমন প্ৰস্তুত হয়, যিয়ে প্ৰাকৃতিকভাৱে পেইন কিলাৰৰ কাম কৰে । যাৰ ফলত মানুহৰ মানসিক হেঁচা, চাপ অৰু বিষণ্ণতা কম হয় ।

৪) দৈনিক ব্যয়ামৰ ফলত সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ে ।

৫) এই ব্যায়ামৰ ফলত কলেষ্টেৰল, মধুমেহ আৰু ৰক্তচাপ আদি সকলো নিয়ন্ত্ৰণত থাকে ।

৬) ব্যায়াম কৰাৰ পিচতে সাধাৰণতে মানুহৰ ভাগৰ লাগে কিন্তু এই ব্যায়ামৰ ফলত মানুহৰ দেহৰ শক্তি বৃদ্ধি হয় ।

৭) মানুহৰ দেহত অক্সিজেনৰ ক্ষমতা বৃদ্ধি হয় ।

৮) গ্লুক’জ আৰু মেটাবলিজম উন্নত কৰে ।

৯) তেজত ভাল এইচ ডি এল কলেষ্টেৰল লেভেল উন্নত কৰে ।

১০) মানুহৰ টোপনি ভাল হয় ।

জানিবলগীয়া কথা -

খোজকঢ়া (প্ৰতি ঘণ্টাত)= ৩০০-৪০০ কেলৰি হ্ৰাস হয়

দৌৰা (প্ৰতি ঘণ্টাত)= ৬০০ কেলৰি হ্ৰাস হয়

চাইক্লিং (প্ৰতি ঘণ্টাত) = ৬০০ কেলৰি হ্ৰাস হয়

সাঁতোৰা (প্ৰতি ঘণ্টাত) =৬০০ কেলৰি হ্ৰাস হয়

ৰছীৰ সৈতে জঁপিওৱা (প্ৰতি ঘণ্টাত)= ১০০০ কেলৰি হ্ৰাস হয় ।

লেখক : নৱজ্যোতি বৈশ্য

উৎস: দেওবৰীয়া সম্ভাৰ

2.76923076923
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top