মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ বাবে কেইটামান উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে কেইটামান উপায় :

সুস্বাস্থ্যৰ বাবে কেইটামান উপায়ৰ বিষয়ে লিখা হৈছে ।

আমি প্ৰত্যেকেই নিজক ভাল পাওঁ। ৰোগবিহীন স্বাস্থ্যবান শৰীৰ সকলোৰে কাম্য। প্ৰায়বোৰ ৰোগীয়ে চিকিৎসকক সোধা সাধাৰণ প্ৰশ্ন কিছুমান হৈছে যেনে কি কি কৰিলে, কি কি খালে তেওঁলোক স্বাস্থ্য বান হৈ থাকিব পাৰিব, কেনেকৈ যৌৱনাৱস্থা অটুট ৰাখিব পাৰিব ইত্যাদি ইত্যাদি।

চিকিৎসকেও পাৰ্যমানে বুজাই দিয়ে কথাবোৰ। কিন্তু আমি নিজে সজাগ নহ'লে আন নালাগে চিকিৎসকেও আমাক সহায় কৰিব নোৱাৰে।

আমি আমাৰ দৈনন্দিন জীৱনত কেতবোৰ খুটিনাটি বা ভুল কাম কৰি থাকো যিবোৰ স্বাস্থ্যৰ বাবে হানিকাৰক।

কিন্তু এইবোৰ হয়তো আমাৰ দৃষ্টিগোচৰ নহয়, মানে আমি এইবোৰ লৈ ইমানেই অভ্যস্ত যে এইবোৰৰ প্ৰতি আমাৰ চকু সততে নেযায়েই। আজি তেনেকুৱা কেইটামান প্ৰশ্ন কৰিম যাৰ উত্তৰ আপোনালোকে আত্মবিশ্লেষণ কৰিলেই পাব। কাৰণ 'স্বাস্থ্য ধন পৰম ধন' বুলি কথা এষাৰ আছে।

আমি নিজে সচেতন হ'লে, সঠিক আহাৰ গ্ৰহণ কৰিলে আধা বেমাৰ এনেয়ে কমি যাব কাৰণ বহুত ৰোগৰ কাৰণ হৈছে অহিত আহাৰ, বিৰুদ্ধ আহাৰ গ্ৰহণ আদি। আয়ুৰ্বেদে বহুত হাজাৰ বছৰ আগতেই এই বিষয়ে আমাক সকীয়নি দি থৈছে।

ইয়াৰ উপৰিও আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হৈছে যিও বহু ৰোগৰ কাৰণ। ইতিমধ্যে গ্ৰুপত স্বাস্থ্য সজাগতা মূলক কেইবাটাও লেখা প্ৰকাশ হৈছে।

সকলোৰে সুবিধাৰ্থে কেইটামান দিহা পৰামৰ্শ আগবঢ়াইছো। আশাকৰো আপোনালোক উপকৃত হ'ব।

  • চিপচ, কুৰকুৰে বেয়া পোৱা কোন কোন আছে আৰু এইবোৰ নোখোৱা কিমান আছে বাৰু? প্ৰশ্নটো নিজেই নিজকে সুধি চাওক। ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ বহুতেই চিপচৰ প্ৰেমত ভালকৈয়ে পৰিছে। উপকাৰটো নায়েই বাৰু কিন্তু ইয়াৰ পৰা হোৱা ক্ষতিহে বেছি।

চিপচ নিয়মীয়াকৈ খালে ইয়াত থকা অতিৰিক্ত ফেট আৰু কেলৰিৰ বাবে মেদবহুলতা, উচ্চ ৰক্তচাপ, কলেষ্টৰলৰ সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। এইবোৰত পুষ্টি বুলি বিশেষ একো নাই, কেৱল মুখৰ জুতিহে।

উক্ত ৰোগ বা সমস্যাত ভুগি থকা লোক সকলে চিপচ, কুৰকুৰে খাই ভাল পাইছিল যদি এতিয়াৰ পৰা বন্ধ কৰক লাহে লাহে। কাৰণ ঔষধি খাই থাকিলেও যদি আপুনি এইবোৰ খাই থাকে তেন্তে সি সুফল নিদিব। ল'ৰা ছোৱালীকো যিমান পাৰে কমাই খুৱাওক এইবোৰ। সিহঁতৰ বাবেও এইবোৰ বৰবিহ স্বৰূপ।

  • পিজ্জা, ফ্ৰেন্স ফ্ৰাই কোনে কোনে ভাল পায় বাৰু? চহৰত থকা সকলে নতুনকৈ পিজ্জা, বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাইজ, ফ্ৰাইড চিকেন আদি খোৱাৰ অভ্যাস গঢ়ি তুলিছে।

এইবোৰ খাদ্যত থকা ট্ৰান্স ফেতে কলেষ্টৰল, উচ্চ ৰক্তচাপ, মেদবহুলতা, ফেটি লিভাৰ আদি সমস্যা দুগুণে বৃদ্ধি কৰিছে।

আজিৰ দিনত গৰিষ্ঠসংখ্যক লোকেই স্বাস্থ্যজনীত এইবোৰ সমস্যাৰ চিকাৰ হৈ পৰিছে। কেতিয়াবা টেষ্ট কৰি চাওক বাৰু কিন্তু ইয়াক অভ্যাসত পৰিণত নকৰিব।

অন্যথা ফল আপুনি নিজেই ভোগ কৰিব। আমি আমাৰ থলুৱা জলপান যেনে চিৰা, সান্দহ, কোমল চাউল আদি পাহৰি গৈছো নেকি?

ঝতপত ৰেডি কৰি খাব পৰা এইবোৰ অসমীয়া থলুৱা জলপান ফাষ্ট ফুডতকৈ বহুগুণে উচ্চ, পৰিপুষ্টিৰ ফালৰ পৰা। আমাৰ এই থলুৱা জলপানসমূহ সকলোৱে আদৰি লওক আৰু ল'ৰা ছোৱালীকো চিনাকি কৰাই দিয়ক।

আন এটা সহজ বিকল্প হৈছে এইবোৰৰ মুখৰোচক খাদ্য ঘৰতে স্বাস্থ্যসন্মত উপায়েৰে বনাই খাব পাৰি। ঘৰতে বনোৱা আলু ভাজিখনৰ সোৱাদ কিনো বেয়া?

  • গৰমৰ দিনত পাৰ্টি এটা হ'লে বা পৰিয়ালৰ লগত ফুৰিবলৈ গলে ক'কা ক'লা, পেপচি আদি কোল্ড ড্ৰিংক্স, বিভিন্ন জুইচ আদি খোৱাটো আজিকালি প্ৰত্যেকৰে এটা অভ্যাসত পৰিণত হৈছে। বিশেষকৈ আজিৰ যুৱ প্ৰজন্মই প্ৰায়েই এইবোৰ খাবলৈ ভাল পায়।

কিন্তু ইতিমধ্যে বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে এইবোৰ শীতল পানীয়ত বেয়া নহ'বৰ বাবে দিয়া প্ৰিজাৰভেটিভ আৰু কীটনাশক দ্ৰব্যবোৰ প্ৰয়োজনীয় অনুপাততকৈ বেছি দিয়া থাকে। নিয়মীয়াকৈ খালে ই নিসন্দেহে আমাৰ শৰীৰৰ বাবে হানিকাৰক।

তদুপৰি কোল্ড ড্ৰিংক্সত অত্যাধিক পৰিমাণে চেনি দিয়া থাকে বাবে কেলৰিৰ পৰিমাণ অতি বেছি। মেদবহুলতাৰ সমস্যাৰ পৰা আন বহুতো সমস্যা সৃষ্টিৰ কাৰণ এই কোল্ড ড্ৰিংক্স বোৰ। জিমত গৈ অনুশীলন কৰি আহি কোল্ড ড্ৰিংক্স দুটামান খাই দিয়ক বচ।

যিখিনি কষ্ট কৰিছিল সেইখিনি অথলে গ'ল আৰু। গৰমৰ দিনত যদি এগিলাচ থেকেৰাৰ চৰবত বা নেমুৰ চৰবত খোৱা হয় ই আমাৰ শৰীৰৰ ক্লান্তি দূৰ কৰাৰ উপৰিও বহুতো উপকাৰ কৰে।

  • চিংৰা, জেলেপী, নানা তৰহৰ মিঠাই আমাৰ পছন্দৰ খাদ্য। ময়দাৰ  refined flour) খাদ্য, চেনি (refined sugar) যিমান পাৰে কমাই খাওক। এই ৰিফাইণ্ড শব্দটো বহু কাৰণত আমাৰ শৰীৰৰ বাবে অপকাৰী।

এটা বয়সৰ পিছত আমি চেনি, নিমখ জোখতকৈ বেছি নাখালে ভাল। ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি বেমাৰবোৰ জানি বুজি কিয় নিমন্ত্ৰণ দিওঁ নহয় জানো?

পিতিকা, চাটনিত কেঁচা নিমখ ব্যৱহাৰ হয়। বহুতে ভাতসাজ খাওঁতে নিতৌ জলকীয়া নেমুৰ লগত কেঁচা নিমখ অকণমান খায়। সেয়েহে যাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিচ, কিডনিৰ সমস্যা আদি আছে তেওঁলোকে এনেকুৱা খাদ্য পৰিহাৰ কৰা উচিত।

লগতে ডাক্তৰৰ পৰামৰ্শ লৈ খাদ্য খাওক। এটা কথা চাবচোন আমাৰ পৰম্পৰাগত থলুৱা জলপানসমূহত গুড়ৰহে ব্যৱহাৰ হয়, চেনিৰ নহয়। বহু ক্ষেত্ৰত গুণগত দিশত গুৰ চেনিতকৈ ভাল।

  • আয়ুৰ্বেদ শাস্ত্ৰমতে আমাৰ খাদ্য সমূহ মধুৰ (sweet), অম্ল(sour), লৱন(salty), কটু (জ্বলা বা pungent), তিক্ত (তিতা বা bitter), কষায় (astringent বা কেঁহা) আদি ছটা ৰসযুক্ত।

আমাৰ দৈনন্দিন খাদ্যত এই ছটা ৰসৰ সাম্য অৱস্থাত (balance) ৰখাটো অতি প্ৰয়োজনীয়। একেবিধ বা ততোধিক ৰসৰ অধিক্য হলে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

যেনে অত্যাধিক তিতা, কেঁহা খালে বায়ু বিকাৰ, টেঙা, তিতা, জ্বলা বেছি খালে পিত্ত বিকাৰ, মধুৰ, অম্ল, লৱন বেছি খালে কফ বিকাৰ হয়।

ঠিক তেনেকৈ খাৰ বা টেঙাও নিৰ্দিষ্ট পৰিমাণত ৰাখিহে খোৱা উচিত। স্বাস্থ্য ৰক্ষাৰ কিটিপ এইবোৰৰ মাজতে লুকাই আছে।

  • ডায়েটৰ নামত বহুতেই ব্ৰেকফাষ্ট নাখায় যিটো শৰীৰৰ বাবে অতি হানিকাৰক। ব্ৰেকফাষ্ট পেট ভৰাই খাব লাগে আৰু সুষম, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। আমাৰ প্ৰায়বোৰ মানুহে কৰা এটা ভুল হৈছে যে আমি ৰাতিৰ আহাৰ কিন্তু মাছে মাংসৰে দকচি খাওঁ।

ৰাতিৰ আহাৰ পাতল হোৱা উচিত কাৰণ ৰাতি আমাৰ শৰীৰে বিশ্ৰাম লয় আৰু পাঁচনতন্ত্ৰইও বিশ্ৰাম বিচাৰে। ৰাতি বিপাকীয় ক্ৰিয়া মন্থৰ হৈ পৰে। সেয়েহে ৰাতি গুৰুপাকী খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰে কষ্টহে পায়।

ৰাতি চৰ্বি যুক্ত খাদ্য গ্ৰহণ কৰিলে অতিৰিক্ত কেলৰি শৰীৰত জমা হৈ মেদবহুলতা, কলেষ্টৰল, ট্ৰাই গ্লিচাৰাইড আদি সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সুস্বাস্থ্যৰ বাবে ৰাতি লঘুপাকী আহাৰ খাওক।

  • অভিজাত্যৰ ধং বা অন্য কাৰণতেই হওক আমি বজাৰৰ আমদানিকৃত পাচলি, ফলমূল আদি কিনাৰ প্ৰতি বেছি আগ্ৰহী। তাৰ বিপৰীতে থলুৱা পাচলি, ফলমূলৰ প্ৰতি উদাসীন মনোভাব যাৰ কুফল আমি বহুতেই ভূগিছো।

আজিকালি বজাৰৰ পাচলি, ফলমূল বোৰ সতেজ, ৰংচঙীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ হয় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি বিষাক্ত।

চালানি মাছৰ কথা কবই নালাগে বাৰু। এইবোৰ খাদ্য খাই থাকিলে বাৰু আমাৰ স্বাস্থ্য ক'ত অটুট থাকিব? সেয়েহে যিমান পাৰে থলুৱা শাক পাচলি, ফলমূল আদি সেৱন কৰক আৰু স্বাস্থ্যবান হৈ থাকিবলৈ চেষ্টা কৰক।

  • বিৰুদ্ধ আহাৰ গ্ৰহণৰ পৰা দূৰত থাকক। যেনে ধৰক টেঙা ফল খাই গাখীৰ এগিলাচ যদি খোৱা হয়, মাছৰ লগত গাখীৰ সেৱন কৰা হয়, মৌ ঘিঁ সমপৰিমাণে খোৱা হয় সেয়া বিৰুদ্ধ আহাৰৰ ভিতৰত পৰে।

এইবিলাক খাদ্যই আমাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলায়। সুস্বাস্থ্যৰ বাবে খাদ্য সম্বন্ধে এইখিনি জনাটো অতি প্ৰয়োজনীয়।

  • সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰাটো অতি প্ৰয়োজনীয়। পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আমি বহুতেই শাৰীৰিক পৰিশ্ৰমৰ পৰা দূৰত থকাৰ দৰেই হৈছে। সুস্বাস্থ্যৰ বাবে অথবা যৌৱনাৱস্থা অটুট ৰাখিবলৈ হ'লে দৈনিক কিছু সময় শাৰীৰিক পৰিশ্ৰম কৰা উচিত।

পৰিশ্ৰম কৰিলে ঘাম ওলায় যাৰ ফলত শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ ওলায় যায় আৰু শৰীৰৰ অতিৰিক্ত কেলৰিৰ ক্ষয় হয়, শৰীৰৰ মাংসপেশী সবল হয়।

সেয়েহে প্ৰত্যেকেই যিমান পাৰে কাম কৰিবলৈ লওক, নাইবা ৰাতিপুৱা, সন্ধিয়া খোজ কঢ়া অভ্যাস গঢ়ি তোলক। সন্ধিয়া খোজ কাঢ়িলে বহুতো ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰি।

  • ৰাতি বিচনাত শুই শুই মোবাইলটো চাই থকাটো আমাৰ অভ্যাসত পৰিণত হৈছে। ইয়াৰ ক্ষতিকাৰক ৰশ্মিয়ে আমাৰ চকুত বিৰূপ প্ৰভাৱ পেলায়।

তদুপৰি এইটো অভ্যাসৰ বাবে বহুতেই ৰাতি দেৰিকৈ শোৱে যি স্বাস্থ্যৰ পক্ষে হানিকাৰক। এজন প্ৰাপ্তবয়স্ক লোকে গড় হিচাবত সাতৰ পৰা ন ঘণ্টা শুব লাগে। কিন্তু ৰাতি টোপনি ভালকৈ নাহিলে দিনটো গা অৱশ লাগে। ফলত দিনত এঘুমটি মাৰিলেহে শান্তি পোৱা যায়।

আয়ুৰ্বেদ অনুসৰি এই ৰাত্রি জাগৰণ আৰু দিবা নিদ্ৰা (day sleeping) বহু ৰোগৰ কাৰণ। ৰাত্রি জাগৰণ কৰিলে বায়ু প্ৰকুপিত হয়।

যাৰ শৰীৰৰ ওজন বেছি তেওঁলোকে দিনত বেছিকৈ শুব নালাগে। ৰাতিৰ টোপনি ব্যাঘাত হ'লে ই অন্য শাৰীৰিক মানসিক সমস্যা সৃষ্টি কৰে। সেয়েহে কোৱা হয় যে সুস্বাস্থ্যৰ বাবে সুনিদ্ৰাৰ প্ৰয়োজন।

ইয়াৰ অৰ্থ এইটো নহয় যে আমি ৰাতিক দিন কৰিম বা দিনক ৰাতি কৰিম। এখন ৰুটিন অনুসৰণ কৰা উচিত।

  • আমি খোৱা পানীখিনি বিশুদ্ধ হোৱা উচিত। হোটেল বা বাহিৰত য'ত ত'ত পানী খোৱা অনুচিত। কাৰণ জণ্ডিচ, টাইফয়ড, ডায়েৰীয়া আদি পেটৰ অসুখৰ অন্যতম কাৰণ দূষিত পানী সেৱন।

ফিল্টাৰ বা অন্য উপায়েৰে পানী বিশুদ্ধ কৰিব পাৰে। পানী উতলাই ঠাণ্ডা কৰি খালে ইয়াত থকা বীজাণু নাশ হয়।

সেয়েহে খোৱা পানীখিনি ভালকৈ খাওক। ৰাতিপুৱা কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰিলে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

  • আজিকালি কম বেছি পৰিমাণে সকলোৰে জীৱনত মানসিক দুশ্চিন্তা বা ষ্ট্ৰেছ থাকে। যিমান পাৰে নিজে ভাল পোৱা কাম বা হ'বি বোৰ কৰি নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগে, যোগ, প্রানায়ম অনুশীলন কৰিব লাগে।

যোগাত্মক মনোভাব ৰাখক (be positive)। এইবোৰে আমাৰ বয়স কম কৰি যৌৱনাৱস্থা অটুট ৰখাত সহায় কৰে।

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন 7399114617

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top