মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ বাবে দৈনিক ৩০ মিনিটৰ ব্যায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে দৈনিক ৩০ মিনিটৰ ব্যায়াম

সুস্বাস্থ্যৰ বাবে দৈনিক ৩০ মিনিটৰ ব্যায়ামৰ বিষয়ে লিখা হৈছে ।

 

সামাজিক আৰু ব্যক্তিগত পৰ্যায়ত মানুহৰ জীৱনলৈ অহা অভাৱনীয় পৰিৱৰ্তনৰ পৰিপেক্ষিতত সাম্প্ৰতিক কালত প্ৰায় সমগ্ৰ বিশ্বজুৰি মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ প্ৰভৃতি জীৱন-শৈলীজনিত ৰোগ(lifestyle disease)ৰ প্ৰাদুৰ্ভাৱ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।

এই ক্ষেত্ৰত আমাৰ দেশৰ অৱস্থা আৰু বেছি গুৰুতৰ বুলি ক’ব পাৰি। সমীক্ষাৰপৰা লাভ কৰা তথ্যৰ ভিত্তিত চিকিৎসা বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে ২০২৫ চনলৈ ভাৰত ডায়েবেটিছৰ ৰাজধানীত পৰিণত হ’ব।

জীৱন-শৈলীজনিত ৰোগৰ সৰ্বগ্ৰাসী আগ্ৰাসন প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতা সৃষ্টি তথা জীৱন-শৈলী পৰিৱৰ্তনৰ আন্দোলন গঢ়ি তোলাটো সময়ৰ দাবী হৈ পৰিছে।

যিসকলে সক্ৰিয় তথা কৰ্মব্যস্ত জীৱন-যাপন কৰে তথা নিয়মিতভাৱে কিবা নহয় কিবা ব্যায়াম কৰে, তেওঁলোকক জীৱন-শৈলীজনিত ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে। আনহাতে, অলস জীৱন-যাপন কৰা তথা শাৰীৰিক শ্ৰম বা ব্যায়াম নকৰা লোকসকল এনে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট বেছি।

যিসকলে বৃত্তিগত কাৰণত একেৰাহে বহু সময় বহি বহু সময় কাম কৰিবলগীয়া হয়(sedentary job), তেওঁলোকৰ ক্ষেত্ৰতো জীৱন-শৈলীজনিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আপেক্ষিকভাৱে বেছি।

সাম্প্ৰতিক কালৰ তীব্ৰ প্ৰতিযোগিতামুখী তথা অৰ্থ-সৰ্বস্ত জীৱন-যাত্ৰাত বেছিভাগ মানুহেই অধিকাংশ সময় অতিবাহিত কৰিবলগীয়া হয় লিখা-পঢ়া কৰি অথবা কম্পিউটাৰত কাম কৰি। নিজৰ স্বাস্থ্যৰ কথা ভাবিবলৈ তথা নিয়মিতভাৱে ব্যায়াম কৰিবলৈ এতিয়াৰ বেছিভাগ মানুহৰে আহৰি নাই।

তদুপৰি ৰাতি বহু দেৰিলৈকে উজাগৰে থকা আৰু প্ৰচুৰ পৰিমাণে জাংক-ফাষ্ট ফুড খোৱাও আজিকালি বহুতৰে অভ্যাসত পৰিণত হৈছে। কাজেই ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন জীৱন-শৈলীজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ।

এনে ‘ছুইচাইডেল লাইফষ্টাইল’ৰ পৰা পৰিত্ৰাণ লাভৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা তথা দিনটোৰ ভিতৰত যিকোনো উপায়ে অন্ততঃ ৩০-৪০ মিনিট সময় উলিয়াই ব্যায়াম কৰাৰ গত্যন্তৰ নাই।

এইখিনি সময়ত যথেষ্ট পৰিমাণে শৰীৰৰ কেল’ৰি দহন(calorie burn) হোৱা ব্যায়াম কৰা উচিত। এনেদৰে প্ৰতি সপ্তাহত ছয় বা পাঁচ দিনকৈ ব্যায়াম কৰিব লাগে। নিয়মিত ব্যায়াম কৰিলে শৰীৰৰ মেদ তথা ওজন হ্ৰাস পায়।

ওজন হ্ৰাস পোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো সহজসাধ্য হৈ পৰে। ব্যায়াম কৰাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰ’ল(low-density lipoprotein)ৰ মাত্ৰা হ্ৰাস পোৱাৰ বিপৰীতে ভাল কলেষ্টেৰ’ল(high density lipoprotein)ৰ মাত্ৰা বৃদ্ধি পায়, ইয়াৰ পৰিপ্ৰেক্ষিতত হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে হ্ৰাস পায়।

নিয়মিত ব্যায়াম কৰাৰ ফলস্বৰূপে শৰীৰে ইনছুলিন যথাযথভাৱে কামত লগাব পাৰে আৰু তাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা সহজে বাঢ়ি যাব নোৱাৰে। ব্যায়ামে শৰীৰৰ পেশীবোৰৰ শক্তি তথা সামৰ্থ্য বৃদ্ধি কৰে আৰু সেয়েহে দৈনন্দিন কাম-কাজসমূহ কৰাৰ সময়ত ক্লান্তি বা অৱসাদ অনুভৱ নহয়।

ব্যায়াম কৰিলে হাড় মজবুত হোৱাৰ লগতে মাংসপেশীৰ স্থিতিস্থাপকতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন গাঁঠিৰ বিষ হোৱাৰ আশংকা বহুলাংশ কমি থাকে।

৩০-৪০ মিনিটৰ ভিতৰত শৰীৰৰ কেল’ৰি যথেষ্ট পৰিমাণে দহন কৰিব তথা স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী তিনিটা ব্যায়াম হ’ল খোজকঢ়া, সাঁতোৰা আৰু চাইকেল চলোৱা।

খোজকঢ়া -

খোজকঢ়াক ব্যায়ামৰ ৰজা বোলা হয়। বেগাই খোজকাঢ়িলে(brisk walking) সমগ্ৰ শৰীৰৰ ব্যায়াম হয়, শৰীৰৰ সকলো অংগ-প্ৰত্যংগলৈ খুব ভালদৰে তেজৰ সঞ্চালন হয়, শৰীৰে যথোচিতভাৱে ইনছুলিন কামত লগাব পাৰে।

হাড় আৰু মাংসপেশী মজবুত হয়। প্ৰতিদিনে ৩০-৪০ মিনিটকৈ সপ্তাহত অন্ততঃ পাঁচ দিন বেগাই খোজকাঢ়িব লাগে। খোজকঢ়াৰ আন কেতবোৰ উপকাৰিতা হ’ল-

*ওজন হ্ৰাস কৰাত সহায় কৰে,

*উপকাৰী কলেষ্টেৰ’ল বৃদ্ধি কৰে,

*হাড়ৰ ক্ষয় প্ৰক্ৰিয়া বিলম্বিত কৰে,

*উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে,

*হাৰ্ট এটেক হোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে,

*ডায়েবেটিছে সৃষ্টি কৰা শাৰীৰিক জটিলতাবোৰ নিয়ন্ত্ৰণাধীন কৰি ৰাখে,

*আৰ্থ্ৰাইটিছ ৰোগাক্ৰান্ত লোকসকলৰ অংগ সঞ্চালন ক্ষমতা বৃদ্ধি কৰে।

বিশিষ্ট লেখক হোমেন বৰগোহাঞিৰ মতে, খোজকঢ়াৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হ’ল ই মানুহক আলস্য জয় কৰাত আৰু জীৱনৰ প্ৰতি ইতিবাচক তথা আশাবাদী দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে।

সাঁতোৰা -

সাঁতোৰ এক অতি উৎকৃষ্ট ব্যায়াম। সাঁতোৰাৰ ফলত শৰীৰত তেজৰ সঞ্চালন বৃদ্ধি হৈ শৰীৰ সুস্থ-সবল হৈ উঠেফ। শৰীৰৰ বিভিন্ন গাঁঠিৰ বিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো সাঁতোৰ যথেষ্ট ফলপ্ৰসূ ব্যায়াম।

চাইকেল চলোৱা -

চাইক্লিং এনে এবিধ এৰোবিক ব্যায়াম, যিটো সকলোৱেই সফূৰ্তিৰে কৰিব পাৰে। কম বয়সীয়াসকলে যিদৰে বহু সময় অনায়াসে চাইকেল চলাব পাৰে, সেইদৰে বয়সিয়ালসকলেও প্ৰতিদিনে পৰিমিতভাৱে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলি, অনেক সুফল লাভ কৰিব পাৰে।

উল্লিখিত ব্যায়ামবোৰ নিয়মিতভাৱে কৰি থকাৰ জৰিয়তে ৰক্তচাপৰ লগতে তেজৰ শৰ্কৰা আৰু কলেষ্টেৰ’লৰ পৰিমাণ স্বাভাৱিক মাত্ৰাত ৰাখিব পৰা যায়, হৃদপেশী(heart muscle)ও সবল হৈ থাকিব। অৱশ্যে নিয়মিত ব্যায়াম কৰাৰ লগতে সুষম তথা পৰিমিত আহাৰ গ্ৰহণ তথা স্বাস্থ্যসন্মত জীৱন-যাপনো নিতান্তই প্ৰয়োজনীয়। তেতিয়াহে শৰীৰ সুস্থ-সবল আৰু জীৱন উপভোগ্য হৈ থাকিব।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top