মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ বাবে প্ৰাণ খুলি হাঁহকঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে প্ৰাণ খুলি হাঁহকঃ

হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। হাঁচি

হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। হাঁচি বা কাহৰ শব্দ শুনিলে যিদৰে আমি এজন লোক অসুস্থ বুলি গম পাওঁ, ঠিক সেইদৰে এমোকোৰা হাঁহিয়ে সুখ-আনন্দৰ বতৰা দিয়ে। এই হাঁহিতেই আছে নানা মনোদৈহিক উপকাৰিতা। কেৱল ধেমালিৰ বাবেই নহয়, হাঁহিয়ে আমাক বহুক্ষেত্ৰত সুস্থ ৰাখিব পাৰে। হাঁহি শক্তিদায়ক, হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ শক্তিক উজ্জীৱিত কৰে। হাঁহিয়ে বেথা লাঘব কৰে, মানসিক চাপৰ পৰা মুক্তি দিয়ে। মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিন ইন বাল্টিমোৰৰ গৱেষকসকলে হাঁহিৰ প্ৰভাৱক লৈ চলাইছে এক গৱেষণা। গৱেষকসকলৰ মতে, ৰোগ নিৰাময়ত হাঁহি উপকাৰী। তেওঁলোকৰ মতে, ক্ৰোধ, ঘৃণাভাৱে আমাৰ শৰীৰৰ প্ৰতিটো ব্যৱস্থা নিস্তেজ কৰি পেলায়। কিন্তু আনন্দই প্ৰতিৰোধ ব্যৱস্থাক উজ্জীৱিত কৰি ৰাখে। কেলিফৰ্নিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্ছিটীৰ স্কুল অৱ মেডিচিনৰ গৱেষকসকলৰ মতে, হাঁহিয়ে আমাৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা ‘টি’ কোষ সৃষ্টিত উদ্বুদ্ধ কৰে। ফলত ৰোগ প্ৰতিৰোধ শক্তি দৃঢ় হয়, নানা জীৱাণু সংক্ৰমণৰ বিৰুদ্ধে জয়ী হ’ব পাৰি। হাঁহিয়ে ৰক্তস্ৰাৱ হ্ৰাস কৰে। একেদৰে শ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰে হাঁহিয়ে। হাঁহি মৰাৰ ফলত গামা ইণ্টাৰফেৰন টি কোষ, বি কোষ বৃদ্ধি পায়। যাৰ বাবে অধিক পৰিমাণে এণ্টিবডী সৃষ্টি হয়। আমোদজনক কথা যে ১০০ বাৰ হাঁহি মৰাই ১০ মিনিট নাও চলোৱা নাইবা ১৫ মিনিট চাইকেল চালনাৰ সমান কাম কৰে। এইবোৰ কাৰণেই হাঁহিক শ্ৰেষ্ঠ প্ৰাকৃতিক ঔষধ বুলি কোৱা হয়। সেয়ে নিতৌ বেছিকৈ হাঁহি জীৱন আনন্দময় তথা সুন্দৰ জীৱন-যাপন কৰোঁ আহক।

উৎসঃ নিয়মীয়া বাৰ্তা

2.96153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top