চিকিৎসাৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপী এটা বিশেষ আৰু অতি প্ৰয়োজনীয় চিকিৎসা। এগৰাকী ৰোগীয়ে সক্ৰিয়ভাৱে যাতে আকৌ চলা-ফুৰা কৰি পাৰে, এইক্ষেত্ৰত ফিজিঅ’থেৰাপীৰ অৰিহণা অপৰিসীম। ফিজিঅ’থেৰাপীৰ অৰিহণা অপৰিসীম। ফিজিঅ’থেৰাপী বুলিলে বহুতে কেৱল ব্যায়াম বুলি ভাবে, কিন্তু কেৱল ব্যায়ামৰ উপৰি ইলেক্ট্ৰ’থেৰাপী দিয়া হয়। সকলোবোৰ নিৰ্ভৰ কৰে ৰোগীৰ ৰোগৰ লক্ষণৰ ওপৰত। কিছুমান ৰোগৰ লক্ষণ দেখাত একেই হ’লেও হয়তো সকলোবোৰ চিকিৎসা একে নহ’বও পাৰে। বিষ বেছি থকা পৰ্যায়ত ৰোগীক প্ৰথমে বিশেষ ইলেক্ট্ৰ’থেৰাপীৰে চিকিৎসা কৰা হয় আৰু বিষ কিছু পৰিমাণে কমাৰ পিছতহে ৰোগ সাপেক্ষে ব্যায়াম কৰিবলৈ দিয়া হয়। ৰোগী এগৰাকী যেতিয়া পোন প্ৰথমে চিকিৎসাৰ বাবে ফিজিঅ’থেৰাপিষ্টৰ কাষ চাপে, তেতিয়া থেৰাপিষ্টে ৰোগীগৰাকীক ভুগি থকা অসুবিধাসমূহৰ বিশেষ তথ্য, যেনে- মুখ্য অসুবিধা, ৰোগটো কিমান পুৰণি, দিনটোৰ কোন ভাগত বেছি হয়, অতীত বুৰঞ্জী, পৰিয়ালৰ বুৰঞ্জী, বৃত্তি, বয়স, লিংগ ইত্যাদি জানি লয়। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিম যে ফিজিঅ’থেৰাপী ৰোগীয়ে দুই-তিনি দিনতে সম্পূৰ্ণৰূপে পৰিত্ৰাণ নাপায় অথবা আৰোগ্য নহয়। সেয়েহে ৰোগীসকলে থেৰাপিষ্টে বান্ধি দিয়া নিৰ্দিষ্ট দিনকেইটা আওকাণ নকৰি চিকিৎসা অব্যাহত ৰখা উচিত। নহ’লে ৰোগৰপৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱা নাযায়। প্ৰত্যেক চিকিৎসকৰে মূলমত্ৰ হৈছে ৰোগীক পুনৰ সুস্থ জীৱন দিয়া। এইক্ষেত্ৰত কেৱল চিকিৎসকে চিকিৎসা কৰিলেই নহব, ৰোগীগৰাকীয়ে নিজেও সঁহাৰি জনাব লাগিব। ফিজিঅ’থেৰাপিষ্টৰ কাষ চাপিবলগীয়া ৰোগসমূহ, যেনে- গাঁঠিৰ বিষ, চাৰ্ভাইকেল স্প’ণ্ডাইলিটিছ, ছাইটিকা, একাংগী, ডিস্ক শ্লিপ, চেৰিব্ৰেল পালছি, ফ্ৰ’জেন ছ’লডাৰ ইত্যাদি। বহু ক্ষেত্ৰত ৰোগীসকল নিজেই দায়ী, যেনে- অধিক চাপৰি চাপৰি কাম কৰাৰ ফলত, গধুৰ বস্তু দঙাৰ ফলত কঁকালৰ বিষ, আঁঠুৰ বিষ ইত্যাদিয়ে লগ দিব পাৰে। বহুতৰ ক্ষেত্ৰত টেবুল-চকীৰ উচ্চতাৰ লগত নিজৰ উচ্চতা খাপ নোখোৱাৰ বাবে দীঘলীয়া সময় যদি একেলেথাৰিয়ে বহি লিখা পঢ়া কৰে, কম্পিউটাৰ চলাই থাকে, তেতিয়া ডিঙিৰ বিষত ভূগিব পাৰে। দেহৰ ওজন বেছি হ’লেও বিভিন্ন ৰোগ হ’ব পাৰে। তথাপি বহু ক্ষেত্ৰত এই অসহ্যৰ আগজাননীত চিকিৎসকৰ কাষ চাপিবলগীয়া হয় আৰু কোনো এটা ৰোগে বেছি বেয়া পৰ্যায়লৈ নাযাওঁতেই চিকিৎসাধীন হৈ পুনৰ সুস্থ হ’ব পৰা যায়। সেয়েহে আমি সুস্বাস্থ্যৰ স্বাৰ্থত কেতিয়াও বিষক অৱহেলা কৰিব নালাগে।
লেখক: জুলী বৰুৱা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 11/1/2023