মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ বাবে ব্যায়াম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে ব্যায়াম

সুস্বাস্থ্যৰ বাবে ব্যায়ামৰ বিষয়ে লিখা হৈছে

প্ৰতিজন মানুহে স্বাস্থ্য-সচেতন হোৱাৰ প্ৰয়োজন-

 

স্বাস্থ্য-সচেতন হ’লে জীৱনশৈলীজনিত ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি।ঘৰুৱাভাৱে ব্যায়াম,যোগাসন,খোজ কঢ়া,চাইকেল চলোৱা বা সাঁতোৰাৰ জৰিয়তে স্বাস্থ্যৰ যতন ল’ব পাৰি।এনেধৰণেৰে স্বাস্থ্যৰ যত্ন ল’লে কোনো যন্ত্ৰৰ প্ৰয়োজন নহয়।আনহাতে স্বাস্থ্যৰ যত্ন লোৱাৰ কোনো নিৰ্দিষ্ট বয়সনাই।যদিহে আপোনাৰ বয়স ৭০ বছৰ আৰু আপুনি এতিয়া অনুভৱ কৰিছে যে স্বাস্থ্যৰ যত্ন লোৱা উচিত,তেনেহ’লে তাৰ বাবে আপুনি আগবাঢ়িব পাৰে।কেৱল এজন চিকিৎসকৰ দ্বাৰা আপুনি কি ধৰণৰ ব্যায়াম বা স্বাস্থ্যৰ যত্ন ল’ব বিচাৰিছে সেই বিষয়ে জনাই পৰামৰ্শ গ্ৰহণ কৰি ল’ব।সকলো বয়সতে সকলো ব্যায়াম উপযোগী নহ’বও পাৰে।সাধাৰণতে সকলো বয়সৰ মানুহে খোজ কাঢ়িব পাৰে।আৰম্ভণিতে কম সময়ত খোজ কঢ়াৰ অভ্যাস কৰি পিছলৈ সময়ৰ পৰিমাণ বঢ়াই যাব।এই কথাও জনা উচিত যে স্বাস্থ্যৰ যতন ল’লেই স্বাস্থ্যৰ অস্বাভাৱিক পৰিৱৰ্তন নহয়।চকুত পৰাকৈ স্বাস্থ্যৰ পৰিৱৰ্তন হ’বলৈ কমেও ছমাহ সময় লাগে।স্বাস্থ্যৰ যতন ল’লে মনটো ভালে থাকে আৰু মানসিক চাপ হ্ৰাস পায়।

যদিহে আপোনাৰ বয়সে ৪০ ৰ ডেওনা পাৰ কৰিছে,তেন্তে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ উপযুক্ত সময় আহি পৰিছে।স্বাস্থ্যৰ যতন লওঁতে খাদ্যাভ্যাসৰো কিছু পৰিৱৰ্তন কৰা উচিত।ঘৰৰ চোতালত কিছুমান ব্যায়াম সহজতে কৰিব পাৰি।তেনে কিছু ব্যায়াম ছবিত দেখুওৱা হৈছে।প্ৰথমে লাহে লাহেকৈ কৰি পিছলৈ ইয়াৰ পৰিমাণ বঢ়াই যাব।এনেধৰণৰ ব্যায়াম এফালে দহবাৰ কৰিব।এবাৰ কৰি দুই ছেকেণ্ডৰ কাৰণে জিৰণি ল’ব।এইধৰণৰ ব্যায়াম নিয়মীয়াকৈ কৰিলে পেশী সবল হোৱাৰ লগতে দেহাটো আটিল হ’ব।শৰীৰৰ অতিৰিক্ত চৰ্বি কিছু পৰিমাণে হ্ৰাস পাব।বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ শৰীৰলৈ জঠৰতা আহে।সেয়ে কাৰ্ডিঅ’ ব্যায়াম কৰাটো জৰুৰী।কাৰ্ডিঅ’ ব্যায়াম কৰোতে আঁঠুৰ বিষ নাথাকিলে জঁপিয়াবও পাৰে।জঁপিয়াওঁতে টান মজিয়াত জাঁপ নামাৰিব।এযোৰ ভাল ধৰণৰ জোতা পিন্ধি ঘাঁহনি বা মজিয়াত এখন কাৰ্পেট পাৰি জঁপিয়াব পাৰিলে ভাল।

বহুতে ব্যায়াম আৰম্ভ কৰোতে শৰীৰৰ ওজনৰ মাপ লয়।আৰু সেই মাপ সপ্তাহৰ মুৰে মুৰে পৰীক্ষা কৰে।এনে কৰা অনুচিত।শৰীৰৰ ওজনৰ মাপ লোৱাতকৈ এডাল ফিতাৰে শৰীৰৰ জোখ লওক।এই জোখ পুনৰ এমাহৰ পিছতহে মাপ কৰিব।আপুনি যদি শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিছে আৰু আহাৰৰ ক্ষেত্ৰতো চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰিছে তেনেহ’লে নিশ্চিতভাৱে এমাহত তাৰ প্ৰমাণ পাব।ম্নত ৰাখিব কেৱল চৰ্বি আহাৰহে কমাব লাগিব,আহাৰৰ প্ৰ’টিনৰ পৰিমাণ নকমাব।অতি বেছিও শৰীৰৰ বাবে ক্ষতিকাৰক।ইয়াৰ লগতে ফল-মুল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব।

প্ৰতিদিনে যথেষ্ট পৰিমাণৰ পানী গ্ৰহণ কৰক।ছবিত দেখুওৱাৰ দৰে ভৰি দুখনৰ কাৰণে এই ব্যায়াম কৰিব পাৰে।সকলোৰে ঘৰত ডাম্বেল নাথাকিব পাৰে।তেওঁলোকে এক লিটাৰ পানীৰ বটলত বালি ভৰাই তাত সামান্য পানী মিহলাই ওজন বৃদ্ধি কৰি এই বটল দুটা ডাম্বেলৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

পেটৰ চৰ্বি কমাবৰ বাবে ছবিত দেখুওৱাৰ দৰে ছিট-আপৰ ব্যায়াম কৰিব।ভৰি দুখন চকী বা বিছনাৰ তলত সুমুৱাই লৈ মজিয়াত শুই লৈ এই ছিট-আপৰ অভ্যাস কৰিব।সদায় একেধৰণৰ অভ্যাস নকৰিব।কেতিয়াবা বেঁকাকৈ আৰু কেতিয়াবা পোনকৈ এই অভ্যাস কৰিব।আমাৰ শৰীৰত পেশী গঠনৰ বাবে সাধাৰণতে ৩৬ ঘণ্টাৰ প্ৰয়োজন হয়।সেয়ে যিকোনো এটা অভ্যাস কৰোতে সেই পেশীখিনি ৩৬ ঘণ্টাৰ বিৰতিৰ প্ৰয়োজন হয়।আপুনি নিজৰ পচন্দ মতে কোনদিনা কেনেধৰণৰ ছিট-আপৰ অভ্যাস কৰিব তাৰ এখন ৰুটিন বনাই ল’ব।সেই ৰুটিন মতে ছিট-আপৰ অভ্যাস কৰিলে পেটৰ চৰ্বি বহুখিনি হ্ৰাস পাব।

সুস্বাস্থ্যৰ বাবে খোজ কাঢ়ক

 

প্ৰতিদিনে ৩০ মিনিটকৈ বেগাই খোজ কাঢ়ক।আপুনি নিজকে নিৰোগী বুলি ভাবি লৈ এই কামৰ বাবে এলাহ নকৰিব।কেৱল ৰোগী হ’লেহে যে স্বাস্থ্যৰ যতন ল’ব লাগে তেনে নহয়।স্বাস্থ্যকৰ অভ্যাসবোৰ গঢ়ি তুলিবলৈ যত্ন কৰক।আৰু অস্বাস্থ্যকৰ অভ্যাসবোৰ পৰিত্যাগ কৰক।প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰীসকলেহে স্বাস্থ্যৰ যতন ল’ব পাৰে আৰু স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তুলিব পাৰে।চিকিৎসকসকলৰ মতে ভাৰতত সম্প্ৰতি ডায়েবেটিছ ৰোগে মহামাৰীৰ ৰুপ ধাৰণ কৰিছে।ইয়াৰ মুলতে হ’ল দ্ৰুত গতিত বৃদ্ধি পোৱা নগৰীকৰণ।ইয়াৰ ফলত আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হৈছে,শাৰীৰিক শ্ৰমৰ অভাৱ ঘটিছে আৰু মানসিক চাপ বৃদ্ধি পাইছে।সেয়ে আপুনি স্বাস্থ্যসন্মত অভাস গঢ়ি তুলি নিজকে এজন ডায়েবেটিছ ৰোগী হিচাপে গঢ়ি তোলাৰ পৰা আঁতৰত থাকক।

প্ৰতিদিনে দুই-তিনিবিধ ফল-মুল খাবলৈ চেষ্টা কৰক।এই ফল-মুলবোৰ খাবলৈ অভ্যাস কৰোতে কেৱল যে বজাৰৰ পৰা কিনি অনা আপেল-আঙুৰেই খাব লাগিব এনে নহয়।বাৰীত থকা শিলিখা,আমলখি,পনিয়ল,কৰ্দৈ আদি খোৱাৰ অভ্যাস কৰক।যথেষ্ট পৰিমাণৰ শাক-পাচলি খাবলৈ চেষ্টা কৰক।এই দুয়োটা অভ্যাসে আপোনাক হাৰ্ট এটেকৰ পৰা আঁতৰত ৰাখিব।কিয়নো,এইবোৰত কেলৰি কম থাকে।ফলত শৰীৰত তেজ গোট মৰাৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়।এই দুই অভ্যাসৰ লগত আপুনি যদি নিয়মীয়াকৈ খোজ কাঢ়ে,তেনেহ’লে বহু ৰোগৰ পৰা নিজকে বচাই ৰাখিব পৰাটো নিশ্চিত।খোজ কাঢ়িবলৈ লওঁতে বাটত চিনাকি মানুহ পালেও কথা পাতিবলৈ নল’ব।এনে কৰোতে আপোনাৰ উদ্দেশ্যত ব্যাঘাত জন্মে।নিজৰ শৰীৰটো ঘামি যোৱাকৈ খোজ কাঢ়ক।যোগগুৰু ৰামদেৱৰ মতে আমি শৰীৰটো দুবাৰ তিয়াব লাগে।এবাৰ পানীৰে গা ধোৱাৰ সময়ত আৰু আনবাৰ ঘামেৰে।

উৎস:জি এনআৰচি স্বাস্থ্য

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top