মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুস্বাস্থ্যৰ শত্ৰু কলেষ্টেৰল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ শত্ৰু কলেষ্টেৰল :

সুস্বাস্থ্যৰ শত্ৰু কলেষ্টেৰলৰ বিষয়ে লিখা হৈছে ।

 

‘কলেষ্টেৰল’(Cholesterol) আমাৰ তেজত থকা এবিধ চৰ্বীজাতীয় পদাৰ্থ। শৰীৰৰ সুষম বিকাশ তথা সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে পৰিমিত ৰূপত ইয়াৰ আৱশ্যকতা যথেষ্ট গুৰুত্বপূৰ্ণ যদিও, অপৰিমিত বা মাত্ৰাধিক ৰূপত ইয়াৰ উপস্থিতি কিন্তু যথেষ্ট ক্ষতিকাৰক বা মাৰুক প্ৰকৃতিৰ। সেয়ে তেজত ক্ৰমান্বয়ে কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি গ’লে ৰক্তবাহী নলী বা ধমনীৰ ভিতৰফালে সেই চৰ্বীজাতীয় পদাৰ্থবোৰ জমা হ’বলৈ ধৰে। এনেদৰে ক্ৰমান্বয়ে কোনো বাধা নোপোৱাকৈ ৰক্তবাহী নলী, ধমনী বা সিৰাবোৰত কলেষ্টেৰল জমা হৈ গৈ থাকিলে, ধমনীৰ নলীৰ ভিতৰভাগ খহতা হৈ পৰে। এনেদৰে ধমনীৰ নলী বা ভিতৰভাগ লাহে লাহে ঠেক আৰু সৰু হৈ পৰিব পাৰে। ৰক্তবাহী নলীবোৰো স্বাভাৱিক স্থিতিস্থাপকতা গুণটো হেৰুৱাই ডাঠ আৰু টান হৈ পৰে। ফলত ধমনীৰ মাজেৰে সুকলমে বা স্বাচ্ছন্দ্যে তেজ চলাচল কৰাত ভীষণ বাধাৰ সৃষ্টি হয়। এই বাধাৰ ফলত ধমনীয়েদি হৃদপিণ্ডৰ মাংসপেশীলৈ তেজ আৱশ্যকীয় পৰিমাণে আহিব নোৱাৰা হয়, ফলত তেজৰ বাবে হাহাকাৰ কৰি উঠা হৃদপিণ্ডৰ মাংসপেশীক তেজৰ যোগান ধৰাৰ বাবে তেজৰ গতিবেগ বৃদ্ধি কৰিবলৈ হৃদপিণ্ডই অধিক শক্তি প্ৰয়োগ কৰিবলগীয়া হোৱাৰ ফলত ৰক্তচাপ বাঢ়ি যায় আৰু বুকুৰ বিষ, ষ্ট্ৰোক, থ্ৰম্বচিছ আদিকে ধৰি নানা ৰোগৰ সৃষ্টি হয় আৰু মানুহ বৰ কৰুণভাৱে মৃত্যুমুখত পৰিবলগীয়া হয়।

মাত্ৰাধিক কলেষ্টেৰল সদায় জীৱনৰ বাবে ভাবুকিস্বৰূপ। সেইবাবে আমাৰ আহাৰ তালিকাৰ অন্তৰ্গত খাদ্যদ্ৰব্যবোৰৰ ভিতৰত কোন কোন কোন সামগ্ৰীত কলেষ্টেৰলৰ পৰিমাণ বা মাত্ৰা কিমান তাক ভালদৰে জানিব লাগিব। সাধাৰণতে উদ্ভিদজাতীয় বা নিৰামিষ আহাৰত কলেষ্টেৰল প্ৰায় নাথাকেই। কিয়নো উদ্ভিদৰ দেহত কেতিয়াও কলেষ্টেৰলৰ সৃষ্টি নহয়। আনহাতে আমিষ শ্ৰেণীৰ খাদ্যপদাৰ্থ, বিশেষকৈ(জীৱ-জন্তুৰ উৎসৰ পৰা আহৰণ কৰা) মাংস, মাছ, কণী, ঘিউ, মাখন, গাখীৰ, চীজ আদি খাদ্যসম্ভাৰবোৰত কলেষ্টেৰল পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিবিলাক খাদ্যপদাৰ্থৰ গ্ৰহণে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতভাৱে বঢ়ায়।

সেয়ে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰি নিৰোগী তথা সুস্থ জীৱন যাপন কৰিবলৈ হ’লে সদায় সুষম আহাৰৰ প্ৰতি সচেতন বা সজাগ হ’ব লাগিব। এই ক্ষেত্ৰত আমি নিজৰ দেহৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ উদ্ভিদজাত খাদ্য-সামগ্ৰী অৰ্থাৎ বিভিন্ন শাক-পাচলি, ফল-মূল আদিক অগ্ৰাধিকাৰ দিব লাগিব। আমিষ আহাৰ, বিশেষকৈ মাংস, কণীৰ কুহুম, মাখন, ক্ৰীম, চীজ আদি নিয়ন্ত্ৰণ কৰিব লাগিব অথবা পৰিহাৰ কৰিব লাগিব। কাৰণ চৰ্বীজাতীয় আহাৰে দেহত কলেষ্টেৰল বঢ়াই তোলে।

পৰিমিত সুষম আহাৰ, নিয়মিত ব্যায়াম, ধূমপান আৰু সুৰাপান বৰ্জন, বয়সানুকূল খেল-ধেমালি আৰু শুদ্ধ-সাত্বিক চাপমুক্ত জীৱনশৈলীৰে নিঃসন্দেহে আমি সুস্থ-সবল হৃদপিণ্ডৰ অধিকাৰী হৈ সুন্দৰভাৱে শতাধিক শৰৎ প্ৰ্ত্যক্ষ কৰাৰ চেষ্টা কৰিব নোৱাৰোনে?

লেখক: ভুৱনেশ্বৰ ডেকা(অসম বানী)

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top