আইজাক এছিমোভ নামৰ মনীষীজনে মানুহৰ খাদ্যৰ প্ৰসংগত এষাৰ বৰ উল্লেখযোগ্য কথা কৈ গৈছে| কথাষাৰৰ মৰ্মাৰ্থ হ’ল- ‘যি আহাৰ যিমানেই মুখৰোচক বা সুস্বাদু, সি তোমাৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ (…If it tastes good, It’s bad for you) আধুনিকতাৰ প্ৰভাৱত আজি আমাৰ দেশত বিভিন্ন মুখৰোচক খাদ্য-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, যিবোৰ পৌষ্টিক মূল্য তেনেই নগণ্য বা শূন্য| আধুনিক ভাষাত এই মুখৰোচক খাদ্য-সামগ্ৰী সমূহক আজিকালি ‘জাংক ফুড’ বুলি অভিহিত কৰা হৈছে, যাৰ অৰ্থ হৈছে মূল্যহীন বা আৱৰ্জনামূলক খাদ্য|
এই খাদ্য-সামগ্ৰী সমুহৰ ভিতৰত গৰমকালি বহুলভাৱে প্ৰচলিত বিভিন্ন প্ৰকাৰৰ শীতল পানীয়, আইচক্ৰিম, প’টেটো চিপছ্, বিভিন্ন ভজা সামগ্ৰী, কেক, কেণ্ডি, মিঠাই, চকলেট, পপকৰ্ণ, ‘ইনষ্টেণ্ট কফি’, পে’ষ্ট্ৰ, বাৰ্গাৰ, পিজ্জা, কাটলেট, কুকিজ, ছিঙৰা, চাউমিন, ভেলপুৰি, কচুৰি, ব্ৰেড, অমলেট, পাওভাজি আদিকে ধৰি অসংখ্য সামগ্ৰী আছে|
এইবোৰৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান বোৰে এই সামগ্ৰী সমুহত মাত্ৰাধিক পৰিমাণে ‘ট্ৰেন্সফেট’যুক্ত তেল ব্যৱহাৰ কৰে| কাৰণ ট্ৰেন্সফেট যুক্ত সামগ্ৰী সমুহ বেছিদিনলৈ ভালে থাকে| ব্যৱসায়িক দিশত ই লাভজনক হোৱা বাবে মুখৰোচক খাদ্য-সামগ্ৰীসমুহত ইয়াৰ অত্যধিক ব্যৱহাৰ হয়| ফলত এই ধৰণৰ খাদ্য গ্ৰহণকাৰী সকলৰ দেহত সহজে চৰ্বি হয় আৰু তেওঁলোক মেদবহুলতাৰ চিকাৰ হৈ কম বয়সতে নানা দৈহিক বিকাৰত ভুগিবলগীয়া হয়| এইবোৰ ষোল্লাঅনাই সুস্বাস্থ্যৰ শত্ৰু| উক্ত মুখ্ৰোচক খাদ্য-সামগ্ৰী সমুহত উপকাৰী উপাদান সমুহৰ বিপৰীতে অপকাৰী উপাদান সমুহৰ আধিক্যৰ বাবে দেহত নানা ধৰণৰ ৰোগ ব্যাধিৰ সৃষ্টি হয়|এই শ্ৰেণীৰ খাদ্য-সামগ্ৰীত দেহৰ বাবে আৱশ্যকীয় ‘এনজাইম্’ প্ৰস্তুত কৰিব পৰা খাদ্যপ্ৰাণ অতি কম পৰিমাণে থাকে আৰু ‘কেলৰি’ অধিক পৰিমাণে থাকে| এই খাদ্য গ্ৰহণকাৰী সকলৰ দেহত বৰ্দ্ধিত ‘কেলৰি’ শক্তিলৈ ৰুপান্তৰিত কৰিবৰ বাবে দেহৰ কোষবোৰত অতিৰিক্ত হেঁচা বা বোজাৰ সম্মুখীন হৈ ৰোগাক্ৰান্ত হ’বলগীয়া হয়| এইবোৰ সামগ্ৰীত থকা অতিৰিক্ত নিমখে উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ সৃষ্টি কৰে| অতিৰিক্ত চৰ্বি জাতীয় পদাৰ্থসমুহে ‘কলেষ্টেৰল’ৰ পৰিমাণ বঢ়াই মধুমেহ, দন্তক্ষয় আদিৰ সৃষ্টি কৰে| আঁহজাতীয় পদাৰ্থৰ অভাৱে কোষ্ঠকাঠিন্য, পেটৰ আলচাৰ, অন্ত্ৰৰ কৰ্কট, গ্ৰহণী, হাৰ্ণিয়া, পাথৰি ৰোগ আদিৰ সৃষ্টি কৰে| কৃত্ৰিম ৰং আৰু ‘প্ৰিজাৰভেটিভ্’ বোৰেও দেহত বিৰুপ প্ৰভাৱ পেলায়| সেয়ে সুখৰোচক খাদ্যৰ জুতিয়ে যাতে দেহত বিজুতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে আমি সদা সতৰ্ক হৈ থকাটো নিতান্তই বাঞ্ছনীয়| আমি জনা উচিত যে আমাৰ আহাৰেই আমাৰ ঔষধি আৰু আমাৰ আহাৰতেই লুকাই থাকে সুস্বাস্থ্যৰ সাংঘাতিক শত্ৰু, মাৰাত্মক বিহ!
লেখক:- ভুৱনেশ্বৰ ডেকা
উৎস:- দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 12/11/2018