মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সূৰ্যস্নানেৰে সুস্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সূৰ্যস্নানেৰে সুস্বাস্থ্য

সূৰ্যস্নানেৰে সুস্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

গ্ৰীকসভ্যতাৰ আৰম্ভণিৰে পৰা সৌৰ চিকিৎসাই বহুতকে আৰোগ্য কৰি ৰখাত সহায় কৰিছিল । এই চিকিৎসা পদ্ধতিক বৰ্তমানো হেলিওথেৰাপী বুলি জনা যায় । বিগত সময়ত ভিন্ন গৱেষণাই যদিও প্ৰমাণ কৰিছে যে শৰীৰত অধিক সূৰ্যৰ ৰশ্মিৰ প্ৰয়োগৰ ফলত কেন্সাৰ জাতীয় ৰোগ, ডিএনএ  ডেমেজ হয় অথবা ছাল বেয়া হয় । তথাপি সূৰ্যস্নানৰ লাভ সুকীয়া বুলিও প্ৰমাণিত হৈ আহিছে ।

ভাৰতবৰ্ষতো অতীতৰে পৰা সূৰ্যৰ ৰশ্মি ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি আহিছে । বৰ্তমানো ভিটামিন-ডিৰ প্ৰয়োজনীয়তা আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱৰ বিষয়ে জনসাধাৰণ সজাগ ।

কিন্তু সূৰ্যস্নানৰ বিধি তথা ইয়াৰ আন ভাল প্ৰভাৱবোৰৰ বিষয়ে অধিক লোক জ্ঞাত নহয় । সেয়ে সূৰ্যস্নানেৰে সুস্বাস্থ্য আহৰণৰ সজাগতাৰ বাবে লিখনিটো যুগুতালো ।

প্ৰথমে জানো আহক সূৰ্যস্নানৰ বিধিবোৰ । কিমান সময় বা কিদৰে সূৰ্যৰ ৰশ্মি শৰীৰত পেলাব লাগে ই নিৰ্ভৰ কৰে স্বাস্থ্য কেনেকুৱা, ছালৰ প্ৰকাৰ আৰু ঠাইৰ ওপৰত । উদাহৰণ স্বৰুপে, এজন বগা ছালৰ মানুহে আধাঘণ্টা সূৰ্যৰ ৰশ্মি আহৰণ কৰি ১.২৫ মি.গ্ৰা (৫০,০০০ আই ইউ ) ভিটামিন- ডি প্ৰস্তুত কৰিব পাৰে ।

আনহাতে কম ক’লা ৰঙৰ ছালৰ মানুহে আধাঘন্টাত ২০,০০০ ৰ পৰা ৩০,০০০ আই ইউ পৰ্যন্ত আৰু অধিক ক’লা ৰঙৰ মানুহে ৮,০০০ ৰ পৰা ১০,০০০ আই ইউ পৰ্যন্ত ভিটামিন- ডি প্ৰস্তুত কৰিব পাৰে ।

তীক্ষ্ণ ৰ’দতকৈ পুৱাৰ কোমল ৰ’দটোহে লাভদায়ী । পুৱা আঠ বজাৰ আগতে বুকু আৰু পিঠিত ৰ’দ লগাব লাগে ।

ভিটামিন- ডিয়ে শৰীৰৰ বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াত আগভাগ লৈ নিৰোগী কৰি ৰখাত সহায় কৰে ।

ভিটামিন-ডিৰ মাত্ৰা শৰীৰত দৰ্কাৰী পৰিমাণতকৈ অধিক কমি গ’লে হৃদৰোগ, প্ৰোষ্টেট কেন্সাৰ, ডিমেনচিয়া ইত্যাদি ৰোগৰ আক্ৰমণৰ শংকা অধিক হৈ পৰে । সূৰ্যৰশ্মিৰ দ্বাৰা শৰীৰত হোৱা উপকাৰবোৰ হ’ল :-

সূৰ্যৰ ৰশ্মি কেন্সাৰ প্ৰতিৰোধত সহায়ক হ’ব পাৰে -

যদিও অধিক আল্ট্ৰাভায়োলেট ৰশ্মি থকা সূৰ্যৰ ৰশ্মিয়ে ছালৰ কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে বুলি বিজ্ঞানীসকলে কয়, তথাপি এই ধাৰণা অধিক বিক্ষত অ’জন লেয়াৰ থকা ঠাইতহে বেছিকৈ প্ৰযোজ্য হয় ।

অৱশ্যে অধিক সময়ৰ বাবে তীক্ষ্ণ সূৰ্যৰ ৰশ্মি শৰীৰত প্ৰয়োগে ছালৰ কেন্সাৰ ৰোগ কৰি পাৰে ।

তথাপি বিজ্ঞানীসকলে এয়াও প্ৰমাণ কৰি থৈছে যে কম সূৰ্যৰ ৰশ্মি পৰা ঠাইবোৰৰ লোকৰ বক্ষ, অণ্ডাশয়, ক’লন, প্ৰোষ্টেট, পেনক্ৰিয়াছৰ নিচিনা অংগবোৰত অধিক কেন্সাৰ হোৱা দেখা যায় ।

গতিকে ক’ব পাৰি যে পুৱাৰ কোমল ৰ’দে নিশ্চয়কৈ এইবোৰ ৰোগ প্ৰতিৰোধত সহায়ক হয় ।

ডায়েবেটিছ ৰোগত -

মেটাব’লিক ছিণ্ড্ৰম আৰু ইনছুলিন ৰেজিষ্টেণ্ট জাতীয় ৰোগৰ লগত ডি-ভিটামিন ওতপ্ৰোতভাৱে জড়িত হৈ থাকে । পেনক্ৰিয়াছত ভিটামিন-ডিৰ ৰিচিপ্টৰৰ উপস্থিতিয়ে ইনছুলিন হৰম’নৰ নিৰ্গমণত সহায় কৰে ।

পুৱাৰ কোমল ৰ’দে শৰীৰত ডি-ভিটামিন উৎপন্ন কৰাৰ উপৰি শৰীৰৰ ওজন কমোৱাত, গ্লুক’জ ইনটোলেৰেন্স আৰু ডায়েবেটিছ আদি ৰোগ প্ৰতিৰোধতো সহায় কৰে ।

হৃদৰোগ প্ৰতিৰোধত

৩০ শতাংশৰ পৰা ৫০ শতাংশলৈ হৃদৰোগীৰ সম্বন্ধ ভিটামিন- ডিৰ অভাৱৰ লগত জড়িত বুলি বিভিন্ন গৱেষণাই কয় ।

তাৰোপৰি সূৰ্যৰশ্মি শৰীৰত পৰাৰ ফলত দেহত নাইট্ৰিক অক্সাইড নামৰ ৰসায়নবিধ উৎপাদন বাঢ়ে ।

এই ৰসায়নৰ বৰ্ধিত মাত্ৰাই দেহৰ ৰক্তচাপ কমাই ৰাখে অথবা নিয়ন্ত্ৰিত কৰি ৰাখে । কেলচিট্ৰল আৰু ভিটামিন- ডিয়ে হৃদযন্ত্ৰ মাংসপেশীবোৰ সবল কৰি ৰখাত সহায় কৰে ।

প্ৰাকৃতিক বিষ নিবাৰক -

গৱেষকসকলৰ মতে ৮৮ শতাংশ ক্ৰ’নিক পেইনত ভোগা ৰোগীয়ে ভিটামিন- ডিৰ অভাৱত ভুগি থকা দেখা যায় ।

তাৰোপৰি সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ছালত উৎপন্ন হোৱা বিটা-এণ্ডৰফিন নামৰ ৰসায়নবিধে শৰীৰত প্ৰাকৃতিক বিষ নিবাৰক হিচাপে কাম কৰে ।

ডিপ্ৰেছন দূৰ কৰিব পাৰে

ক্লিনিকেলী প্ৰমাণ কৰা হৈছে যে ডিপ্ৰেছনত ভোগা লোকসকলৰ ভিটামিন-ডিৰ স্তৰ সুস্থ মানুহতকৈ ১৪ শতাংশ কম ।

সূৰ্যৰ ৰশ্মিয়ে এই স্তৰ বৃদ্ধি কৰিব পাৰে । তাৰোপৰি মগজুত চেৰোটোনিন, ড’পামিন নামৰ মানুহক সুখী কৰি ৰখা ৰসায়ন কিছুমান স্তৰ এই সূৰ্যস্নানৰ দ্বাৰাই বৃদ্ধি কৰিব পাৰি ।

যিবোৰ ৰসায়নে মুড ঠিক কৰি ৰাখ তথা ডিপ্ৰেছন আঁতৰাই জীৱনটো সুখী কৰি ৰখাত সহায় কৰিব পাৰে ।

যৌন হৰম’ন বৃদ্ধি কৰে

গৱেষণাই কয় যে সূৰ্যৰ ৰশ্মিয়ে টেষ্টোষ্টেনৰ আদিৰ নিচিনা যৌন হৰম’নবোৰত বৃদ্ধিত সহায়ক হ’ব পাৰে । গৰমৰ দিনত এই হৰম’ন ২০ শতাংশলৈ হেনো শৰীৰত বৃদ্ধি পায় ।

মগজুৰ ক্ৰিয়া উন্নত কৰিব পাৰে -

স্কিজোফ্ৰেনিয়া, এলঝেইমাৰ, পাৰকিনছন্স, ডিমেনছিয়া আদিৰ নিচনা মগজুৰ ৰোগবোৰ শৰীৰত থকা ভিটামিন- ডিৰ পৰিমাণৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰশীল হয় ।

সূৰ্যস্নানৰ দ্বাৰা ডিপ্ৰেছন আদি দূৰ কৰি, ভিটামিন-ডি আৰু অতি প্ৰয়োজনীয় ৰসায়নৰ স্তৰ নিয়ন্ত্ৰিত কৰি ৰাখি মগজুৰ ক্ৰিয়া উন্নত কৰি ৰাখিব পাৰে ।

সূৰ্যৰ ৰশ্মি নপৰা মানুহৰ বয়স বৃদ্ধি হোৱালৈ অনেক মগজুৰ সমস্যাই আগুৰি ধৰিব পাৰে । সূৰ্যৰ ৰশ্মিত তথা নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যই মগজুক সক্ৰিয় কৰি ৰখাত সহায়ক হয় ।

শৰীৰৰ প্ৰতিৰোধক ব্যৱস্থাৰ বিজুতি আঁতৰাব পাৰে

আলট্ৰাভায়োলেট ৰশ্মিয়ে নিয়ন্ত্ৰিত পৰিমানে ৰোগ প্ৰতিৰোধ ক্ষমতাকো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । ডি-ভিটামিনৰ পৰিমাণৰ লগতে আলট্ৰাভায়োলেট ৰশ্মিৰ দ্বাৰা অট’ইমিউন ডিছঅৰ্ডাৰবোৰ প্ৰতিৰোধ কৰিব পৰা গুণ সূৰ্যৰ ৰশ্মিত আছে ।

দাঁত সুস্থ ৰখাত সহায়ক হয়

দাঁতৰ কেভিটী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ডি-ভিটামিনৰ অতিকে প্ৰয়োজন হয় । গতিকে সূৰ্যস্নান দাঁতৰ কেভিটী প্ৰতিৰোধতো সহায়ক হ’ব পাৰে ।

ছালৰ শালমইনা ঠিক কৰে -

শালমইনা এক বেক্টেৰিয়াজনিত চৰ্মৰোগ । P. Acnes   নামৰ এই বেক্টেৰিয়াবিধ নীলা ৰশ্মিৰ দ্বাৰা নাশ কৰিব পৰা যায় । ইনফ্ৰাৰেড লাইটো এইবিধ ৰোগ নিৰাময়ৰ বাবে উপকাৰী । সূৰ্যৰ ৰশ্মিত এই সকলোবোৰ ৰশ্মি সন্মিলিত হৈ থাকে বাবে ই ছালৰ শালমইনা ঠিক কৰাতো সহায় কৰিব পাৰে ।

বিভিন্ন ধৰণৰ ৰোগৰ লগতে আৰ্থ্ৰাইটিছৰ নিচিনা মুখ্যত: ভিটামিন-ডিৰ লগত জড়িত ৰোগবোৰ প্ৰতিৰোধ কৰাৰ বাবে সূৰ্যস্নান অতি দৰ্কাৰী । বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপোৰ্ট মতে প্ৰতিবছৰে পৃথিৱীত ৩.৩ বিলিয়ন লোক সূৰ্যৰ ৰশ্মিৰ স্পৰ্শৰ পৰা বিৰত থকা বাবে অনেক ৰোগৰ দ্বাৰা আক্ৰান্ত হয় ।

গতিকে প্ৰাকৃতিক হৈ থাকি সূৰ্যৰ ৰশ্মিৰ সজ প্ৰয়োগেৰে অনেক ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখক । মানি চলো আহক যে সজাগতাই সুস্বাস্থ্যৰ মূল আধাৰ ।

লেখক :- মুনিন হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top