মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য আৰু সৌন্দৰ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য আৰু সৌন্দৰ্য :

স্বাস্থ্য আৰু সৌন্দৰ্যৰ বিষয়ে লিখা হৈছে ।

 

গৰমৰ দিনত আমি নিজেই নিজৰ সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁহক। এই সময়ত আমি যি পৰিমাণৰ পানী খাব লাগে, সেই পৰিমাণৰ পানী খোৱা নহয়। সেইবাবে আমাৰ ছাল আৰু চুলি শুকানে ৰয়। ছালত বয়সৰ ছাপ পৰা দেখা যায়। সেই বাবে এইকেইদিন ছালত পকা অমিতা এটুকুৰা কাটি ধুই লৈ দুই চাহ চামুচ পাউডাৰ গাখীৰৰ লগত মিহলাই মুখত, ডিঙিত অৰু হাতত লগাব। ১৫ মিনিটমান থকাৰ পাছত টেপৰ পানীৰেই ধুই দিব। পাছত গোলাপৰ পানী বা ট’নাৰ লগাব। ইয়াৰ ফলত ছালখন সতেজ আৰু বগা হ’ব। ৰ’দে পোৰাৰ চামনি নাইকিয়া হ’ব। এইকেইদিন মুখত ঠাণ্ডা মানে টেপৰ পানী ব্যৱহাৰ কৰিব।

ভিনেগাৰ চুপৰ লগত মিহলাই খালে স্বাস্থ্য আটিল হয় আৰু ই এন্টিবায়’টিকৰ দৰে কাম কৰে।

আইৰণ -

ইয়াৰ অভাৱত আমাৰ ছালত বৰণ শেঁতা পৰি যায় পৰী কৰি যদি হিম’গ্ল’বিনৰ অভাৱ দেখে, তেন্তে প্ৰতি দিনে এটাকৈ ডালিম খাব। মাজে-সময়ে পছলা, কাচকল, কলফুল, কচু আদি লৌহ পদাৰ্থসমৃদ্ধ খাদ্য খাব।

জাংক ফুড:

বগা পাউৰুটি, আলু, ক’লডডিংকছ আদি খোৱাৰ ফলত শালমইনা হয়। ইয়াৰ উপৰি ছালৰ কমনীয়তা নাথাকে। কেতিয়াবা খাবলগীয়া হ’লে চালাড বেছিকৈ খাব।

হাঁহি:

মন খুলি হঁহাটো আমাৰ স্বাস্থ্যৰ বাবে আৰু ছালৰ বাবে উত্তম ট’নিক। হঁহাৰ ফলত আমাৰ শৰীৰত অক্সিজেন প্ৰবাহিত হয়। অস্থায়ীভাৱে তেজৰ চাপৰ দ্বাৰা হৃদস্পন্দন বৃদ্ধি পায়। ফলত ছালত অক্সিজেন আৰু শোষণ ছালৰ কোষলৈ যায় আৰু ছালক স্বাস্থ্যৱান কৰি তোলে।

প্ৰসাধন:

বিছনালৈ যোৱাৰ আগেয়ে সদায় মুখখন ভালদৰে পৰিষ্কাৰ কৰি শুব লাগে। কাৰণ ই ছালৰ কোষসমূহ পৰিষ্কাৰ কৰে।

ব্যায়াম:

ব্যায়াম কৰাৰ ফলত ছালৰ উজ্জ্বলতা বাঢ়ে। বিভিন্ন বেমাৰ দূৰ কৰাৰ লগতে মানসিক আৰু শাৰীৰিক হেঁচা কমায়। শৰীৰৰ ভিতৰখন মালিচ হয়। অৰ্থাৎ শৰীৰৰ ভিতৰখন সবল হয়।

জিংক:

ই এবিধ ধাতু। আমাৰ ছালক সতেজ কৰাৰ লগতে ছালৰ স্বাস্থ্য বিকাশ হোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ। ঘাঁ শুকোৱাৰ বাবে আৰু কটা দাগ, শালমইনা আদি নাইকিয়া হোৱাত ই সহায় কৰে।

ৰ’দে পোৰাৰ বাবে:

ছালকুঁৱৰীৰ জুলীয়া অংশ নেমুৰ ৰসৰ লগত মিহলাই লগাব। ই ছালৰ ক’লা চামনি আঁতৰ কৰাত সহায় কৰে। ছালৰ কোষসমূহ সৰু কৰাত সহায় কৰে। তদুপৰি ছালক সতেজ কৰি ৰখাৰ বাবে পালেং শাক মিক্সিত পেষ্ট কৰি ক্ৰীমৰ লগত ১৫ মিনিটমান সময়ৰ বাবে লগাব।

বয়স:

কমাই ৰখাৰ বাবে পাচলি বা ফলৰ ৰস সদায় এগিলাছকৈ খাব। পাৰিলে ৫টা মানকৈ ফল-মূল সদায় খাব। তেলবিহীন খাদ্য খাব। চেনি কমাই খাব বা নাখাব, ই ক’লাজেন দুৰ্বল কৰে, বয়স বঢ়ায়। ব্যায়াম নকৰাকৈ খাব নাখাব। আমাৰ শাৰীৰিক আৰু মানসিক হেঁচা দূৰ কৰাৰ বাবে ব্যায়াম আৰু মেডিটেচন কৰিব। মনটো আনন্দেৰে ভৰি থাকিব।

যি খাদ্য খাব সেয়া ভিটামিনযুক্ত হোৱাটো উচিত। ফ্ৰীজত কেইবাদিনো থোৱা খাদ্য, প্ৰস্তুতীকৃত(processed) খাদ্য নাখাব। বেছি ভজা খাদ্য খাই লাভ নাই। পেটত শক্তিতকৈ জাবৰহে সৃষ্টি কৰে।

স্বাস্থ্যসন্মত ছালৰ বাবে গ্ৰীন টি, ব্লুবেৰী, জাম, গাজৰ, দৈ, মানিমুনি পাতৰ ৰস, বীটৰ ৰস ইত্যাদি উত্তম।

উৎস: অসম বাণী(ভানু শৰ্মা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top