অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কিটিপ

স্বাস্থ্য কিটিপ লিখা হৈছে

চাইকেল চলালে হ্ৰাস পায় কৰ্কটৰ আশংকাঃ

 

অতি ব্যস্ততাপূৰ্ণ জীৱনত গন্তব্যস্থান সহজেই পোৱাৰ বাবে যান-বাহনৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ মাজতো জনপ্ৰিয়তা হেৰুওৱা নাই চাইকেলে। চাইকেল চলোৱাৰ ফলত কেৱল খৰচ ৰাহিয়েই নহয়, শৰীৰো লাভান্বিত হয়। শৰীৰ সুস্থ ৰখা, মেদ হ্ৰাস কৰা নাইবা শ্বাসকষ্টৰ সমস্যাৰ সমাধানত চাইকেল চলোৱাৰ অভ্যাসে যথেষ্ট সহায় কৰে। চাইকেল চলোৱাৰ অভ্যাস শৰীৰৰ বাবে কিমাঅন সুফলদায়ক সেই সন্দৰ্ভত ব্ৰিটেইনৰ এদল গৱেষকে শেহতীয়াভাৱে চলাইছে ব্যাপক গৱেষণা। গৱেষকসকলৰ মতে, নিতৌ চাইকেল চলোৱাৰ ফলত কৰ্কট আৰু হৃদৰোগৰ শংকা বহু পৰিমাণে হ্ৰাস পায়। পাঁচ বছৰ ধৰি এই গৱেষণা আঢ়ৈ লাখ লোকৰ ওপৰত চলোৱা হৈছিল। এইসকল লোকৰ যিসকলে নিতৌ চাইকেল চলায় তেওঁলোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৪৫ শতাংশ আৰু হৃদৰোগৰ শংকা ৪৬ শতাংশ হ্ৰাস পায়। গৱেষকসকলৰ মতে, এইসকল লোকে সপ্তাহত গড়ে ৩০ মাইল দূৰত্ব চাইকেলেৰে অতিক্ৰম কৰিছিল। গৱেষণাৰ এই প্ৰতিবেদন ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশ পাইছে।

 

বিস্কুটৰ সলনি মুড়ি খাওকঃ

 

বিস্কুট অবিহনে একাপ চাহৰ কল্পনা আমাৰ বহুতেই কৰিব নোৱাৰে। শিশুসকলৰো অতি প্ৰিয় এই বিস্কুট। ইখনৰ পাছত সিখন বিস্কুট হাতত নল’লে হাহাকাৰ লগায় শিশুৱে। কিন্তু আপুনি জানেনে মাত্ৰাধিক বিস্কুট খোৱাৰ ফলত এজন লোক মেদবহুলতাৰ স্বীকাৰ হোৱাৰ লগতে ডায়েবেটিছত ভুগিব পাৰে। পুৱা চাহকাপৰ পৰা নিশালৈকে ব্যৱহাৰ হোৱা বিস্কুট প্ৰস্তুত কৰা হয় ময়দাৰে। আচলতে এই বিস্কুট বনোৱাৰ সময়ত ভিটামিন সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। আঁহৰ পৰিমাণ কমি যোৱাৰ ফলত আৰম্ভ হয় কোষ্ঠকাঠিন্য। লাহে লাহে বৃদ্ধি পায় শৰীৰৰ ওজন। বিস্কুটত ট্ৰেন্স ফেট অধিক পৰিমাণে থাকে। ইয়ে শৰীৰৰ বেয়া কলেষ্টেৰল বৃদ্ধি কৰে। ডায়েবেটিছ আৰু হৃদৰোগৰ শংকা বৃদ্ধি পায়। বিস্কুটত প্ৰচুৰ পৰিমাণে চেনি থাকে। নিতৌ অধিক পৰিমাণে বিস্কুট খোৱাৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণো বৃদ্ধি পায়। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, নিয়মিত বিস্কুট খোৱাৰ ফলত শিশুসকলৰ এলাৰ্জি হ’ব পাৰে। চেনিৰ পৰিমাণ বেছি থকাৰ বাবে দাঁতৰো ক্ষতি হয়। সেয়ে বিস্কুটৰ সলনি কম কেলৰিযুক্ত মুড়ি খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী বুলি ব্যক্ত কৰিছে চিকিৎসকসকলে। যিসকল লোকে অফিচ নাইবা ঘৰত বহি বহি কামত ব্যস্ত হৈ থাকে, তেওঁলোকৰ শৰীৰত কেলৰিৰ চাহিদা কম আৰু তেনে লোকৰ বাবে মুড়ি অতি উপযুক্ত খাদ্য বুলি চিকিৎসকসকলে মন্তব্য কৰিছে। এক কাপ মুড়ি অৰ্থাৎ ১৪ গ্ৰাম মুড়িত ৫৬ কেলৰি, ১২.৬ গ্ৰাম কাৰ্ব’হাইড্ৰেট, ১ গ্ৰাম প্ৰ’টিন, ফেট মাত্ৰ ০.১ গ্ৰাম, ফাইবাৰ ০.২ গ্ৰাম, পটাছিয়াম ১৬ মিলিগ্ৰাম, আয়ৰন ৪.৪৪ মিলিগ্ৰাম, মেগনেছিয়াম ৪ মিলিগ্ৰাম, ফছফৰাছ ১৪ মিলিগ্ৰাম, থিয়ামাইন ০.৩৬ মিলিগ্ৰাম আৰু নিয়াচিন ৪.৯৪ মিলিগ্ৰাম পোৱা যায়। ছ’ডিয়াম অতি কম মাত্ৰাত থকাৰ বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top