অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কিটিপ

মণিবন্ধৰ যন্ত্ৰণাও সাংঘাতিকঃ

 

মানুহৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হ’ল হাতৰ মণিবন্ধ। প্ৰায় সকলো কামতে মানুহে মণিবন্ধ ব্যৱহাৰ কৰিবলগীয়া হয়। সেই কাৰণেই স্বাভাৱিক কাৰণতে মণিবন্ধত প্ৰায়ে যন্ত্ৰণাও অনুভৱ কৰা যায়। বিশেষকৈ আমি যেতিয়া গধূৰ বস্তু দাঙো বা সেই স্থানত মাংসপেশীত আঘাত লাগে, তেতিয়াই মণিবন্ধত বিষ অনুভৱ কৰো। সেই বিষ তীব্ৰতৰ হৈ পৰাৰ পূৰ্বেই আমি মণিবন্ধৰ চিকিৎসা কৰোৱা উচিত। ইয়াৰ কাৰণে এনে কেতবোৰ ঘৰুৱা চিকিৎসা আছে, যাৰ সহায়ত আপুনি মণিবন্ধৰ যন্ত্ৰণাৰ পৰা সকাহ পাব পাৰে। প্ৰথমে আপুনি নিৰ্ণয় কৰিব কিহৰ কাৰণে আৰু মণিবন্ধৰ কোন দিশত যন্ত্ৰণা হৈছে। তাৰ পাছত নিম্ন উল্লিখিত উপচাৰসমূহ ভালদৰে পৰীক্ষা কৰি প্ৰয়োগ কৰিব। কিয়নো প্ৰতিকাৰৰ পৰামৰ্শ যদি ভুল হয়, তেন্তে হিতে বিপৰীত হোৱাৰো আশংকা থাকে।

  • মণিবন্ধৰ যন্ত্ৰণাৰ চিকিৎসাৰ মুখ্য উদ্দেশ্য হ’ল যন্ত্ৰণাৰ পৰা সকাহ পোৱা, ঘা শুকুৱা প্ৰক্ৰিয়াত গতি বৃদ্ধি কৰা আৰু পুনৰ যাতে আঘাত নালাগে সেয়া নিশ্চিত কৰা।
  • কোনো সমস্যা থাকিলে প্ৰথমে আপুনি মণিবন্ধৰ সঞ্চালন কমাব লাগিব বা সীমিত কৰিব লাগিব। ইয়াৰ ফলত মণিবন্ধত পৰা হেঁচাৰ পৰিমাণ বহুখিনি হ্ৰাস পাব। এনে অৱস্থাত মণিবন্ধক প্ৰায় ২৪-৪৮ ঘণ্টা পৰ্যন্ত বিশ্ৰাম দিয়া উচিত।
  • কোনো যন্ত্ৰণা হ’লে সেই স্থানত তেজ চলাচল কম হ’বলৈ দিয়ক আৰু বৰফৰ টুকুৰা লগাই থ’ব পাৰে।
  • আলু সিজাই চকলা-চকলকৈ কাটক। তাৰ পাছত এখন পৰিষ্কাৰ বগা কাপোৰেৰে ক্ষতিগ্ৰস্ত স্থানত গৰম আলুৰ টুকুৰা বান্ধি থওক। গৰম আলুৱে দীৰ্ঘ সময়লৈ গৰম ভাবটো অটুট ৰাখিব আৰু ৰক্ত সঞ্চালন উন্নত কৰিব।
  • সোনকালে সকাহ পাবলৈ কুহুমীয়া গৰম পানীৰে সেক দিলেও বহু উপকাৰ পোৱা যায়।
  • শোৱাৰ সময়ত আঘাতপ্ৰাপ্ত মণিবন্ধ ওপৰলৈ ৰাখিব। তাৰ কাৰণে হাতৰ তলত গাৰু এটা লৈ ল’ব। হৃদযন্ত্ৰতকৈ মণিবন্ধ ওপৰত থাকিব লাগিব। ইয়াৰ ফলত ঘা শুকাওতে সোনকাল হ’ব।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

শিশুৰ যদি গাখীৰ হজম নহয়ঃ

 

শিশুৰ শৰীৰ অত্যন্ত কোমল আৰু সংবেদনশীল। অনেক শিশুৱেই গাখীৰ হজম কৰিব নোৱাৰে। সেয়া মাকৰ গাখীৰেই হওক বা আন গাখীৰেই হওক। যি শিশুৰ পাচন ক্ৰিয়া অতি দুৰ্বল, তেনে শিশুৰ ক্ষেত্ৰত এনে অভিযোগ পোৱা যায়। খং উঠি থকা অৱস্থাত কোনো মাতৃয়ে সন্তানক স্তনপান কৰাব নালাগে। এনে কাৰ্য শিশুটিৰ বাবে ক্ষতিকাৰক। স্তনপান কৰোৱাৰ পূৰ্বে মাতৃগৰাকীয়ে এগিলাছ পানী খাই ল’ব লাগে। তেতিয়া শিশুৰ পেটত গাখীৰ সহজে হজম হয় আৰু বমি- পানী পায়খানা আদি নহয়। একাপ গাখীৰত আধা চকগুটি দি উতলালে গাখীৰখিনি পাতল হৈ পৰে। তেনে গাখীৰ শিশুৰ স্বাস্থ্যৰ পক্ষে উত্তম। এচামুচ চকগুটি নিশা অলপ পানীত তিয়াই থ’ব। পুৱা সেই পানী গাখীৰত মিহলাই খাবলৈ দিলে শিশুৰ পেটফুলা, গেছ আদি ভাল হয়। এটা সৰু ইলাচিৰ দানা গুৰা কৰি গাখীৰত দি উতলালে সেই গাখীৰ ৰুচিকৰ আৰু পাতল হৈ পৰে। ফলত শিশুটিয়ে সেই গাখীৰ খাই ভাল পায় আৰু ভালদৰে হজমো হয়।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

চুলি সবল আৰু উজ্জ্বল কৰি ৰখাৰ পাঁচটা উপায়ঃ

 

দৈনন্দিন ব্যস্ততাৰ মাজত বহুতে স্বাস্থ্যৰ লগতে চুলিৰ যতন ল’বলৈয়ো আহৰি নাপায়। পুৱা শুই উঠাৰ পৰা আৰম্ভ হোৱা দৌৰাদৌৰি, কৰ্মস্থলী-স্কুল-কলেজলৈ যোৱা বাছ ধৰাৰ চিন্তা, প্ৰায়ে জাংকফুড গ্ৰহণ, বন্ধু-বান্ধৱীক লগ কৰা আদি কামৰ মাজত চুলিৰ যতন ল’বলৈ বহুতে পাহৰিও যায়। ইচ্ছা থাকিলেও বহুজনে ব্যস্ততাৰ বাবে চুলিৰ প্ৰয়োজনীয় যতন ল’ব নোৱাৰে। এনে সময়ত বহুতৰে পিতৃ-মাতৃ অথবা ককাক-আইতাকৰ দিনবোৰৰ কথা মনত পেলায়। কাৰণ সেই সময়ত সকলোৰে হাতত অফুৰন্ত সময় থকাৰ বাবে প্ৰায়ে অধিকাংশ লোকে স্বাস্থ্যৰ লগতে কেশ-চুলি আদিৰ সঠিক যতন লৈছিল। কিন্তু সেইবুলিয়ে চুলিৰ যতন নোলোৱাকৈ থাকিব নেকি ? কাৰণ ইয়াৰ সতে এজন ব্যক্তিৰ দৈহিক সৌন্দৰ্য বৰ্তাই ৰখাৰ প্ৰশ্নটোও জড়িত থাকে। দৈহিক সৌন্দৰ্য অথবা পৰিপাটিতাই বহু সময়ত ব্যক্তিৰ ব্যক্তিত্বতো প্ৰভাৱ পেলায়। মন কৰক যে চুলি সুস্থ-সবল কৰি ৰাখিবলৈ অধিক সময়ৰ অথবা অধিক ধন ব্যয়ৰ প্ৰয়োজন নাই। ইচ্ছা থাকিলে আপোনাৰ চুলিক আপুনি কম খৰচতে সুস্থ-সবল অথবা উজ্জ্বল কৰি তুলিব পাৰে। ইয়ে আপোনাৰ ব্যক্তিত্বও সবল কৰিব।

কণীৰ সতে চুলিৰ যতনঃ

 

কণী ব্যৱহাৰ কৰি চুলিৰ স্বাস্থ্য অটুট ৰাখিবলৈ চেষ্টা কৰাটো সৰ্বোৎকৃষ্ট উপায় বুলি বিশেষজ্ঞসকলে মতপোষণ কৰে। এনেদৰে চুলিৰ যতন ল’বলৈ আপুনি দুটা কণী এটা পাত্ৰত ভাঙি লওক। পাছত কণীৰ হালধীয়া অংশ (কুহুম) চুলিৰ গুৰিত লগাওক। প্ৰয়োজনীয় ফণীও ব্যৱহাৰ কৰিব পাৰে। এনেদৰে ১৫ মিনিট থকাৰ পাছত শ্বেম্পুৰে মূৰ ধোৱক। পাছত দেখিবলৈ পাব আপোনাৰ চিকমিকনি।

এল’ভেৰা আৰু মৌঃ

চুলি পুনৰ গজাত এল’ভেৰা এক উৎকৃষ্ট দ্ৰব্যৰূপে চিহ্নিত হৈছে। ই এক ভাল কণ্ডিছনাৰো। একেদৰে চুলিৰ চিকমিকনি অথবা উজ্জ্বলতা বৃদ্ধিত মৌ উৎকৃষ্ট দ্ৰব্য। এনেদৰে চুলিৰ যতন ল’বলৈ এটা পাত্ৰত সমপৰিমাণৰ এল’ভেৰা, মৌ আৰু এটা ভাল কণ্ডিছনাৰ মিহলাওক। মিশ্ৰণখিনি চুলিত ভালদৰে ঘঁহি পাঁচৰ পৰা দহ মিনিট অপেক্ষা কৰক। পাছত ভাল শ্বেম্পুৰে মূৰ ধোৱক। অৱশ্যে এলক’হল থকা এলভেৰাৰ জেল অথবা তেনে ধৰণৰ সামগ্ৰীৰ জৰিয়তে চুলিৰ যতন নল’ব। তাৰ পৰিৱৰ্তে এল’ভেৰা গছৰ ৰস অথবা এলক’হল নথকা এল’ভেৰা জেলৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। বজাৰত কিছু বিচাৰিলে এনে ৰূপত এল’ভেৰা পোৱা যায়।

নাৰিকল তেলেৰে চুলিৰ মালিচঃ

নাৰিকলক সবাতোকৈ স্বাস্থ্যসন্মত ফল আখ্যা দিয়া হয়। নাৰিকল তেলে দুৰ্বল অথবা তেনে ধৰণৰ চুলিৰ অৱস্থা ভাল কৰে। কাৰণ নাৰিকল তেলে এনে চুলিক পুষ্টি যোগান ধৰে। চুলিৰ দৈৰ্ঘ আৰু বেধ অনুসৰি নাৰিকল তেল লৈ কিছু সময়ৰ বাবে মালিচ কৰক। মন কৰক যে তেলে চুলিৰ একেবাৰে গুৰিক স্পৰ্শ কৰে। এনে মালিচ অন্ততঃ এবাৰত ৩০ মিনিট সময়ৰ বাবে কৰক। বজাৰত পোৱা সুগন্ধিযুক্ত বিভিন্ন ধৰণৰ তেলৰ পৰিৱৰ্তে নাৰিকল তেল চুলিত ব্যৱহাৰৰ অভ্যাস গঢ়ি তুলিব পাৰে।

তেল-ক্ৰীমেই নহয়, চুলিৰ যতনৰ বাবে ভিটামিনো প্ৰয়োজনঃ

সাধাৰণতে প্ৰায় সকলোৱে চুলিৰ সৌন্দৰ্য চৰ্চা কৰোতে কেৱল বিভিন্ন ধৰণৰ তেল-ক্ৰীম-শ্বেম্পু-কণ্ডিছনাৰ আদি ব্যৱহাৰ কৰে। একেদৰে চুলিৰ বৃদ্ধিৰ বাবেও বজাৰত উপলব্ধ এনে ধৰণৰ সামগ্ৰীয়েই ব্যৱহাৰ কৰা হয়। কিন্তু কেৱল তেল, ক্ৰীম, হেয়াৰ মাস্ক, শ্বেম্পু, কণ্ডিছনাৰ আদিৰে চুলিৰ প্ৰকৃতাৰ্থত যতন লোৱাটো নুবুজায়। প্ৰকৃততে চুলিৰ সঠিক যতনৰ বাবে কেতবোৰ ভিটামিন আৰু খনিজ দ্ৰব্যৰো প্ৰয়োজন হয়। চুলিৰ যতনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভিটামিনকেইবিধ হ’ল-

  • এ ভিটামিনঃ দেহৰ সকলো ধৰণৰ কোষৰ বৃদ্ধিৰ বাবে ‘এ’ ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজন। ‘এ’ ভিটামিনে কেশৰ গুৰি ছালৰ গ্ৰন্থী কোমল কৰে। ইয়াৰ জৰিয়তে চুলি সবল হয়। ‘এ’ ভিটামিনৰ বাবে মিঠা আলু, গাজৰ, পালেং আদি খাব পাৰে। এইসমূহত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়।
  • বি ভিটামিনঃ চুলিৰ বৃদ্ধিৰ বাবে ‘বি’ ভিটামিন অত্যন্ত প্ৰয়োজন। বিশেষকৈ বায়’টিন ‘বি’ ভিটামিন এইক্ষেত্ৰত অপৰিহাৰ্যৰ দৰে হয়। তদুপৰি আন ‘বি’ ভিটামিনসমূহেও দেহত লোহিত ৰক্তকণিকা সৃষ্টিত সহায় কৰে। লোহিত ৰক্তকণিকাসমূহে অক্সিজেন আৰু অন্যান্য পুষ্টিকাৰক দ্ৰব্য কেশৰ গুৰিলৈকো কঢ়িয়াই নিয়ে। ইয়াৰ জৰিয়তে চুলিৰ বৃদ্ধি ঘটে। মাংস, সাগৰীয় খাদ্য, সেউজীয়া শাক-পাচলি, গমজাতীয় খাদ্য আদিত প্ৰচুৰ পৰিমাণে ‘বি’ ভিটামিন পোৱা যায়।
  • চি ভিটামিনঃ ভিটামিন ‘চি’য়ে কলাজেন সৃষ্টি কৰে। ই হৈছে চুলিৰ গঠনৰ বাবে এক প্ৰয়োজনীয় দ্ৰব্য। কলাজেনে খাদ্যবস্তুৰ পৰা লৌহ পদাৰ্থ আহৰণত সহায় কৰে। এই লৌহ পদাৰ্থই চুলিৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মধুৰি, বিভিন্ন ধৰণৰ টেঙাজাতীয় ফল, ষ্ট্ৰ’বেৰী, জালুক আদিত প্ৰচুৰ পৰিমাণে ‘চি’ ভিটামিন পোৱা যায়।
  • ডি ভিটামিনঃ দেহত ‘ডি’ ভিটামিনৰ পৰিমাণ হ্ৰাস পালে চুলি সৰিবলৈ ধৰে। ‘ডি’ ভিটামিনৰ উৎকৃষ্ট উৎস হৈছে সূৰ্যৰ পোহৰ। তদুপৰি ফেটী এচিড, কডলিভাৰ অইল আৰু কেতবোৰ কাঠফুলাতো প্ৰচুৰ পৰিমাণে ‘ডি’ ভিটামিন পোৱা যায়।
  • ই ভিটামিনঃ চুলিৰ বৃদ্ধি অধিক কৰাৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ‘ই’ ভিটামিন। ‘ই’ ভিটামিন এবিধ এণ্টিঅক্সিডেণ্ট। সূৰ্যমুখী ফুলৰ বীজ, বাদাম, পালেং আদিত প্ৰচুৰ পৰিমাণে ‘ই’ ভিটামিন পোৱা যায়।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

ৰন্ধনশালৰ সামগ্ৰীৰে চুলিৰ যতনঃ

 

প্ৰায়ে দেখা যায় যে সৌন্দৰ্য চৰ্চাকাৰীসকলে বজাৰৰ পৰা কিনি অনা বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। চুলিৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো এনে ধৰণৰ ঘটনাই সংঘটিত হয়। যুৱতী মহিলাসকলক বাদ দি পুৰুষেও কেতিয়াবা সৌন্দৰ্য চৰ্চাত অধিক গুৰুত্ব আৰোপ কৰে। সাধাৰণতে যিসকলৰ চুলি সৰিবলৈ ধৰিছে, সেইসকলৰ অধিকাংশই চুলি সৰাটো বন্ধ কৰিবলৈ চুলিৰ যতন লোৱা পৰিলক্ষিত হয়। চুলি সৰাৰ এটা অন্যতম কাৰণ হৈছে বায়ু প্ৰদূষণ বৃদ্ধি পোৱা আৰু বায়ুত মিহলি হৈ থকা ধূলিকণা। প্ৰদূষিত বায়ু আৰু বায়ুত মিহলি হৈ থকা কেতবোৰ ধূলিকণাই চুলিৰ স্বাভাৱিক গুণ ধ্বংস কৰে। যিহেতু নগৰ-মহানগৰ সমূহত বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে, গতিকে বিভিন্ন দৈহিক সমস্যাৰ লগতে চুলি সৰাৰ দৰে সমস্যাত ভোগা লোকৰ সংখ্যাও নিতৌ বৃদ্ধি পাইছে। ইয়াৰে বহুজনে চুলিসৰা ৰোধ কৰিব বিচাৰে। তাৰবাবে বহুতে চিকিৎসকৰো কাষ চাপে। কিন্তু পাকঘৰত ব্যৱহৃত কেতবোৰ সামগ্ৰীৰে চুলি সৰাটো বন্ধ কৰিব পাৰে। একেদৰে এনেবোৰ সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে চুলি বৃদ্ধি আৰু সবলো কৰিব পাৰি।

পিঁয়াজৰ ৰসঃ

শুনিবলৈ আচহুৱা যেন লাগিলেও সম্পূৰ্ণৰূপে সত্য যে পিঁয়াজৰ ৰস নিয়মিতভাৱে ব্যৱহাৰ কৰি চুলি সৰাটো বন্ধ কৰিব পাৰি। লগতে নতুনকৈ চুলি গজাবও পাৰি। ইয়াৰ বাবে কেইটামান পিঁয়াজৰ সতেজ বাকলি এৰুৱাই ৰস চেপি উলিয়াওক। সেই ৰস কপাহৰ কাপোৰেৰে টুকি চুলি ঢাক খোৱাকৈ মূৰত বান্ধি ৰাখক। অন্ততঃ ১৫ মিনিটৰ বাবে কাপোৰখন বান্ধি ৰখাৰ পাছত ভাল শ্বেম্পুৰে মূৰ ধোৱক। পিঁয়াজৰ ৰসে চুলি সৰাটো বন্ধ কৰাৰ কাৰণ হ’ল পিঁয়াজত প্ৰচুৰ পৰিমাণে ছালফাৰ দ্ৰব্য পোৱাটো।

মৌঃ

মৌৰসত কেৱল ঔষধি গুণেই নাথাকে। মৌৰসত স্বাস্থ্য উপকাৰী আন কেতবোৰ দ্ৰব্যও পোৱা যায়। ইয়াৰ বাবে এটা পাত্ৰত ১ লিটাৰ পানী লৈ তাত ৭৫ মিলিগ্ৰাম মৌৰস মিহলাওক। পাছত এই পানীৰ পৰা একাপকৈ লৈ শ্বেম্পুৰে মূৰ ধোৱক। এনেদৰে সপ্তাহত অন্ততঃ দুবাৰ মূৰ ধোৱক।

আলুৰ ৰসঃ

আলুত প্ৰচুৰ পৰিমাণে এ, বি আৰু চি ভিটামিন পোৱা যায়। সেয়েহে আলুৰ ৰস চুলিৰ বাবে উপকাৰী। আলুৰ ৰস সংগ্ৰহৰ বাবে কেইটামান আলু সৰু সৰুকৈ কাটি ৰস উলিয়াব পাৰে। এনে ৰস মূৰ ধোৱাৰ আগে আগে চুলিৰ গুৰিত ঘঁহক। এনেদৰে ১৫ মিনিট থকাৰ পাছত মূৰ ধোৱক। পাছত ভাল শ্বেম্পুৰে মূৰ ধোৱক।

গাজৰঃ

গাজৰত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন, খনিজ দ্ৰব্য আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়। সেইসমূহে চুলিৰ গুৰি সবল কৰাৰ লগতে নতুনকৈ চুলি গজাত সহায় কৰে। মূৰ ধোৱাৰ পূৰ্বে চুলিৰ গুৰিত গাজৰ খুন্দি লগাওক। ১৫ মিনিটৰ পাছত ভাল শ্বেম্পুৰে মূৰ ধোৱক। এনেদৰে সপ্তাহত দুদিন মূৰ ধুলে পোৱা ফলাফলে আপোনাক আচৰিত কৰি তুলিব পাৰে।

আমলা পাউদাৰঃ

আমলা পাউদাৰ আৰু লাইম জুইচ মিহলাই মূৰ ধোৱাৰ পূৰ্বে চুলিৰ গুৰিত লগাওক। এনে মিশ্ৰণত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ‘চি’ ভিটামিন পোৱা যায়। ফলত চুলিৰ বৃদ্ধি ঘটে আৰু সবল হয়।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

ইমাৰ্জেণ্সী পিল হ’ব নালাগে লাইফ ষ্টাইলঃ

 

ইমাৰ্জেণ্সী কন্ট্ৰাছেপ্টিভ পিল ব্যৱহাৰ কৰাটো আজিৰ যুৱ প্ৰজন্মৰ অধিকাংশই ইয়াক যৌন স্বাধীনতাৰ প্ৰতীক বুলি ভাবে। তেওঁলোকে ভাবে যে এইবোৰ পিলৰ দ্বাৰা তেওঁলোকে অনাৱশ্যক গৰ্ভধাৰণ সহজে ৰোধ কৰিব পাৰে। এটা কথা সত্য যে ইমাৰ্জেণ্সী পিলৰ কাৰণে গৰ্ভধাৰণৰ আশংকাৰ পৰা মুক্তি পোৱা যায়। কিন্তু ইয়াৰ আন এটা দিশ হ’ল যে ইয়াৰ ফলত নৈমিত্তিক যৌন প্ৰবৃত্তিৰ লগতে অনেক প্ৰকৃতিৰ ৰোগৰো বৃদ্ধি হ’বলৈ ধৰিছে। যুৱপ্ৰজন্মই এটা কথা বুজিব লাগিব যে দীৰ্ঘদিন ধৰি এইবোৰ পিল ব্যৱহাৰ কৰিলে ভৱিষ্যতে তেওঁলোকে গৰ্ভধাৰণৰ ক্ষমতাও হেৰুৱাই পেলাব পাৰে। তেওঁলোকে মনত ৰাখিব লাগিব যে ইমাৰ্জেণ্সী পিল সুৰক্ষিত যৌন সম্পৰ্কৰ বিকল্প নহয়। যদিহে কেতিয়াবা অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন হৈছে, তেতিয়াহে এইবোৰ গ্ৰহণ কৰা উচিত। কিন্তু এইবোৰ কেতিয়াও জীৱনশৈলীৰ অংগত পৰিগণিত হ’বলৈ দিয়া অনুচিত।

  • ইমাৰ্জেণ্সী কন্ট্ৰাছেপ্টিভ পিলৰ বিজ্ঞাপনেও ইয়াৰ ব্যৱহাৰক কেন্দ্ৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰে। কিছু বছৰৰ পূৰ্বে ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়াই বিজ্ঞাপন বন্ধ কৰিবলৈ এনে কোম্পানী এটালৈ জাননী জাৰি কৰিছিল।
  • এইবোৰ পিলৰ বিজ্ঞাপনত দাবী কৰা হয় যে ই ৭২ ঘণ্টালৈকে কাৰ্যক্ষম হৈ থাকে। কিন্তু ডাক্তৰৰ মতে পিল সেৱনৰ সময় যিমানে পলম হয়, ইয়াৰ প্ৰভাৱো সিমানে কমি আহে।
  • যিকোনো সম্পৰ্কতে শাৰীৰিক দিশটোৰ লগতে আৱেগিক দিশটোও অতি গুৰুত্বপূৰ্ণ। দীৰ্ঘদিন ধৰি ইমাৰ্জেণ্সী পিল সেৱন কৰাসকলে বিভিন্ন মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
  • সুৰক্ষিত যৌন সম্পৰ্কৰ বাবে উত্তম বিকল্প হ’ল কণ্ডম। কণ্ডম ব্যৱহাৰ কৰিলে আকস্মিক গৰ্ভধাৰণৰ আশংকা নাথাকে, লগতে যৌন সম্পৰ্কৰ সতে জড়িত বিভিন্ন ৰোগৰ পৰাও ৰক্ষা পোৱা যায়।
  • ইমাৰ্জেণ্সী পিলৰ ব্যৱহাৰ কৰিব, অপব্যৱহাৰ নকৰিব। অসুৰক্ষিত যৌন সম্পৰ্কৰ পাছত গৰ্ভধাৰণৰ আশংকাৰ পৰা মুক্তি পাবলৈ ইমাৰ্জেণ্সী পিল হ’ল উত্তম বিকল্প।
  • অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে গৰ্ভধাৰণ আৰু পাছত গৰ্ভপাতৰ যন্ত্ৰণাদায়ক প্ৰক্ৰিয়াৰ পৰা ইমাৰ্জেণ্সী পিলে অনেক সকাহ দিয়ে।
  • অসুৰক্ষিত যৌন সম্পৰ্কৰ পাছত যিমান পাৰি সোনকালে ইমাৰ্জেণ্সী পিল খাব লাগে। সেই ক্ষেত্ৰত কোম্পানীৰ বিজ্ঞাপনক অনুসৰণ কৰি তিনিদিনৰ সীমালৈ অপেক্ষা কৰি থকা উচিত নহয়।
  • এনে পিল ব্যৱহাৰৰ পূৰ্বে চিকিৎসকৰ সহায় লোৱা উচিত। পাৰ্শ্বপ্ৰতিক্ৰিয়াসমূহৰ বিষয়েও জনা ভাল।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

পাইলছ্‌ৰ হোমিঅ’ চিকিৎসাঃ

 

পাইলছ্‌ৰ ক্ষেত্ৰত হোমিঅ’পেথী অতি কাৰ্যকৰী। ৰোগীয়ে যদি দুই-তিনি মাহলৈ একেলেথাৰিয়ে হোমিঅ’পেথী চিকিৎসা কৰায়, তেন্তে সম্পূৰ্ণৰূপে নিৰাময় হোৱাৰ সম্ভাৱনা থাকে। হোমিঅ’পেথীৰ মতে পাইলছ্‌ৰ মাত্ৰ ১০ শতাংশ ক্ষেত্ৰতহে ছাৰ্জাৰীৰ প্ৰয়োজন হয়। বাকী অৱস্থাত ঔষধৰ দ্বাৰাই নিৰাময় কৰিব পাৰি। পাইলছ্‌ৰ স্থিতি অনুযায়ী নিম্নলিখিত ঔষধবোৰ হোমিঅ’ চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব পাৰি-

  • যদি পাইলছ্‌ৰ পৰা তেজ নোলায়। এনে পাইলছ্‌ ভিতৰতো হ’ব পাৰে আৰু বাহিৰতো হ’ব পাৰে। এনে পৰিস্থিতিত উল্লেখিত ঔষধবোৰৰ যিকোনো এবিধ ঔষধ চাৰিটাকৈ দিনে তিনিবাৰ খাব পাৰে। ঔষধবোৰ হ’ল- এণ্টিম ক্ৰুড ৩০ (Antim Crude), এস্কুলাছ ৩০ (), এল’ছ ৩০ (Aloes)।
  • যদি পাইলছ্‌ৰ পৰা তেজ ওলায়। ঔষধ- হেমেমেলিছ ৩০ (Hamamelis), মিলেফলিয়াম ৩০ (Millefolium), ফছফ’ৰাছ ৩০ (Phosphorous)।
  • যদি পাইলছ্‌ৰ যন্ত্ৰণা অতি বেছি। ঔষধ- ৰেটেনিয়া ৩০ (Ratanhia), পেক’নিয়া ৩০ (Peconia)।
  • গৰ্ভাৱস্থাত যদি পাইলছ্‌ থাকে। ঔষধ- ক’লিন ছ’নিয়া (Colin Sonia), পাল্‌ছেটিলা (Pulsatilla), ছেপিয়া (Sepia)।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

আমি নিজেই নিজক আৰোগ্য কৰিব পাৰোঁনে ?

 

আমাৰ প্ৰত্যেকৰে বাবে নিশ্চিতভাৱে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আমি বাৰু নিজেই নিজক শাৰীৰিক তথা মানসিকভাৱে আৰোগ্য কৰি তুলিব পাৰোঁনে ? এই প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ হ’ব নিশ্চিতভাৱে পাৰোঁ। এই কথাষাৰ মই কোৱা কথা নহয়। বিশেষজ্ঞসকলে গৱেষণাৰ জৰিয়তে ইতিমধ্যে ইয়াৰ সত্যতাৰ প্ৰমাণ কৰিছে। চিকিৎসা বিজ্ঞানে এতিয়া কৈছে যে আমাৰ শৰীৰৰ যিবোৰ বেমাৰ-আজাৰ হয়, সেইবোৰ হৈছে চাইকোছোমেটিক। অসমীয়াত ক’বলৈ হ’লে মনোদৈহিক। চাইকোছোমেটিক বা মনোদৈহিক শব্দটোৰ ভিতৰত দুটা শব্দ সোমাই আছ। যদি আমি ইংৰাজী চাইকোছোমেটিক শব্দটোলৈ চাওঁ, তেনেহ’লে ইয়াত চেইকো আৰু ছোমাতা এই দুটা শব্দ আছে। চাইকো শব্দটোৰ অৰ্থ হৈছে মন সম্পৰ্কীয় আৰু ছোমাতা মানে হৈছে শৰীৰ। গতিকে চাইকোছোমেটিক বুলি কোৱাৰ লগে লগে তেনে বেমাৰৰ কথা কোৱা হৈছে- য’ত মনে শৰীৰটো প্ৰভাৱিত কৰে। আমি জানো যে আমাৰ মন আৰু শৰীৰ ইটো সিটোৰ লগত সংলগ্ন বা এটাই আনটোক প্ৰভাৱিত কৰে। সেইবাবে আমাৰ মানসিক অৱস্থা যদি ঠিকে নাথাকে বা ঋণাত্মক আবেগৰ ফলত মনটো অস্থিৰ হৈ থাকে, তেনেহ’লে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰত পৰিবলৈ আৰম্ভ কৰে আৰু সেইদৰে শৰীৰ যদি ঠিকে নাথাকে, তাৰো প্ৰভাৱ আমাৰ মনৰ ওপৰত পৰে। কিন্তু মনটোৱে যিহেতু আমাৰ শৰীৰটো পৰিচালনা কৰি থাকে, গতিকে মন আৰু শৰীৰৰ যিকোনো এটা বেমাৰ আৰোগ্য কৰি তোলাৰ ক্ষেত্ৰত মনটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষজ্ঞসকলে উল্লেখ কৰা মতে আমাৰ শৰীৰটো এনেদৰে নিৰ্মিত যে ইয়াৰ নিজেই নিজক আৰোগ্য কৰি তুলিব পৰা ক্ষমতা আছে। মনটোৰ যোগেদি আমি সৃষ্টি কৰা চিন্তা, অনুভৱ, বিশ্বাস, স্থিৰতা আদিয়ে এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰে, য’ত শৰীৰে নিজে নিজক আৰোগ্য কৰি তুলিব পাৰে।

মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মনৰ যোগেদি আমি কিদৰে আমাৰ শৰীৰটো প্ৰভাৱিত কৰিব পাৰোঁ, তাৰ ওপৰত ইতিমধ্যে বহু গৱেষণা হৈছে। আমেৰিকান গৱেষক ড জো ডিস্পেঞ্জাই তেওঁৰ বহুপঠিত গ্ৰন্থ ‘ইউ আৰ দ্য প্লেচিবো- মেকিং ইয়ৰ মাইণ্ড মেটাৰ’ শীৰ্ষক কিতাপখনত উল্লেখ কৰা মন-শৰীৰ সম্পৰ্কীয় এটা গৱেষণাৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ। কিতাপখনত উল্লেখ কৰা অনুসৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী এলিয়া ক্ৰাম আৰু এলেন লাঙাৰে এই সম্পৰ্কত ৮৪ গৰাকী হোটেলত কাম কৰা মহিলাক লৈ ২০০৭ চনত এটা গৱেষণা চলাইছিল। গৱেষণাৰ আৰম্ভণিতে কোনোগৰাকী মহিলাই এইটো জনা নাছিল যে তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কৰ্মৰ যোগেদিয়ে সুস্বাস্থ্যৰ বাবে বিশেষজ্ঞৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া প্ৰতিদিনে কৰিব লগা ব্যায়ামৰ (৩০ মিনিট) তুলনাত অধিক সময় ব্যায়াম কৰি আছিল। আনকি মহিলাসকলৰ ভিতৰত ৬৭ শতাংশই গৱেষকক এইবুলি জনাইছিল যে তেওঁলোকে নিয়মিতভাৱে ব্যায়াম নকৰে আৰু ৭ শতাংশই কৈছিল তেওঁলোকে দিনটোত কোনোধৰণৰ ব্যায়ামেই নকৰে। ব্যায়াম কৰা-নকৰাক লৈ এইখিনি প্ৰাথমিক তথ্য সংগ্ৰহ কৰাৰ পিছত গৱেষকে মহিলা কৰ্মচাৰীৰ দলটোক দুটা ভাগত বিভক্ত কৰিছিল। গৱেষকদ্বয়ে প্ৰথম দলটোক এই কথাটো সুন্দৰভাৱে বুজাই দিছিল, কিদৰে তেওঁলোকে তেওঁলোকৰ কামৰ যোগেদিয়ে সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ ব্যায়াম কৰি আছিল। কিন্তু দ্বিতীয় দলটোক গৱেষকে এই বিষয়ক কোনোধৰণৰ কথা কোৱা নাছিল। উল্লেখ্য, দ্বিতীয় দলটোৱে বেলেগ এখন হোটেলত কাম কৰিছিল বাবে প্ৰথম দলটোৰ মহিলাসকলৰ পৰা এই বিষয়ে জনাৰ কোনো উপায় নাছিল। গৱেষকে দুয়োটা দলকে এইদৰে ভাগ কৰি দিয়াৰ এমাহ পিছত ইয়াৰ এটা আমোদজনক ফলাফল দেখিবলৈ পোৱা গৈছিল। দেখা গৈছিল গৱেষকদ্বয়ে যিটো দলক এই তথ্যটো দিছিল যে তেওঁলোকে নিজৰ দৈনন্দিন কৰ্মৰ যোগেদি প্ৰতিদিনে ইতিমধ্যে পৰ্যাপ্ত পৰিমাণৰ ব্যায়াম কৰি আছে, সেইটো দলৰ সদস্যসকলৰ গড়ে দুই পাউণ্ডকৈ ওজন কমিছিল, শৰীৰৰ চৰ্বিৰ মাত্ৰা কমি আহিছিল, ৰক্তচাপৰ পৰিমাণ গড়ে দহ পইণ্টকৈ কমিছিল। উল্লেখ্য, ইয়াৰ বাবে হোটেলত কাম কৰা মহিলাৰ দলটোৱে তেওঁলোকৰ দৈনন্দিন কামৰ বাহিৰে কোনোধৰণৰ অতিৰিক্ত ব্যায়াম কৰা নাছিল বা কোনোধৰণে তেওঁলোকৰ খোৱা-বোৱাৰ অভ্যাস সলনি কৰা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে আনখন হোটেলৰ আনটো দলৰ সদস্যসকলেও সম্পূৰ্ণৰূপে সমপৰিমাণৰ কাম কৰি আছিল যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰায় কোনোধৰণৰ পৰিৱৰ্তন দেখা পোৱা নগ’ল।

উক্ত গৱেষণাটোত দুয়োটা দলৰ মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিয় এনে পাৰ্থক্য দেখিবলৈ পোৱা গৈছে, তাৰ কাৰণ নিশ্চয় আপোনাৰ মনত স্পষ্ট হৈ পৰিছে। হয়, যিটো দলৰ মহিলাসকলক গৱেষকে আগতীয়াকৈ ব্যায়াম সম্পৰ্কীয় তথ্য যোগান ধৰিছিল, সেই তথ্যৰ ওপৰত ভিত্তি কৰি দলটোৰ মহিলাসকলে মনত নিজৰ বিশ্বাস, চিন্তা, অনুভৱ তথা দৃষ্টিভংগীৰ সলনি কৰি পেলাইছিল। নিশ্চিতভাৱে তেওঁলোকে লাভ কৰা তথ্যৰ ভিত্তিত চেতন অথবা অৱচেতন মনত তেওঁলোকে এইধৰণে বিশ্বাস, চিন্তা, অনুভৱ তথা ধাৰণা কৰিবলৈ লৈছিল যে নিজৰ কামৰ যোগেদি তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ ব্যায়াম কৰি আছে আৰু কৰ্মৰ যোগেদি কৰা সেই ব্যায়ামে তেওঁলোকক শাৰীৰিক লাভ প্ৰদান কৰিছে। গতিকে এই দলটোৰ ক্ষেত্ৰত আমি স্পষ্ট ৰূপত দেখিবলৈ পাইছোঁ যে কিদৰে তেওঁলোকৰ মনত বিশ্বাস, চিন্তা আদিৰ সলনি হোৱাৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছিল, যিটো আনটো দলৰ ক্ষেত্ৰত হোৱা নাছিল। কাৰণ তেওঁলোকে তেনে বিশ্বাস, চিন্তা তথা দৃষ্টিভংগীৰ মনত সৃষ্টিয়ে কৰা নাছিল। গতিকে এই গৱেষণাটোৱে আমাক এইটো বুজি পোৱাত নিশ্চয় সহায় কৰিছে, কিদৰে আমি মনৰ যোগেদি শৰীৰটো প্ৰভাৱিত কৰিব পাৰোঁ। আমাৰ শৰীৰৰ প্ৰতিটো বেমাৰ-আজাৰৰ ক্ষেত্ৰত এই কথাটোৱে প্ৰযোজ্য। মই এইটো একেবাৰে ক’বলৈ বিচৰা নাই যে মনৰ যোগেদি আমি কোনোদিনেই নিজক কোনোধৰণৰ বেমাৰ নোহোৱাকৈ ৰাখিব পাৰোঁ (এইক্ষেত্ৰত মই নিশ্চিত নহয় যদিও সেয়া অসম্ভৱ নহয় বুলি ভাবোঁ) বা বেমাৰ হ’লেও ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ কেৱল মনৰ যোগেদিয়ে বেমাৰ ভাল কৰিব পাৰোঁ। কেৱল মই এইটো ক’বলৈ বিচাৰিছোঁ যে যিকোনো এটা বেমাৰক লৈ আমাৰ মনত থকা ঋণাত্মক বিশ্বাস, চিন্তা আদিৰ যদি সলনি কৰিব পাৰোঁ, তেনেহ’লে সময়তকৈ আগতে ঔষধে আমাক আৰোগ্য কৰি তুলিব।

আমাৰ মনে বা চিন্তা, বিশ্বাস আদিয়ে কিদৰে আমাৰ শৰীৰৰ বেমাৰ-আজাৰবোৰ প্ৰভাৱিত কৰে, সেইটো চাবলৈ মই ড জো ডিস্পেঞ্জাৰে একেখন কিতাপতে উল্লেখ কৰা আন এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। ৰাইট নামৰ ব্যক্তি এজন কেণ্সাৰৰ একেবাৰে শেষ পৰ্যায়ত গৈ উপনীত হৈছিল। তেওঁৰ যি কেণ্সাৰ হৈছিল, তাক কোৱা হয় লিম্ফোমা বুলি। লিম্ফোমা হৈছে ৰক্তকণিকাত সৃষ্টি হোৱা টিউমাৰৰ সমষ্টি। তেওঁৰ কেণ্সাৰ যিহেতু শেষৰ পৰ্যায় পাইছিলগৈ, সেয়ে কোনোধৰণৰ ঔষধে কাম কৰা নাছিল। ব্যক্তিজন সম্পূৰ্ণৰূপে শয্যাগত হৈ পৰিছিল। তেওঁৰ ডাক্তৰ ফিলিপ ৱেষ্টে যদিও তেওঁ জীয়াই থকাৰ আশা বাদ দিছিল কিন্তু ৰাইটে দিয়া নাছিল। ৰাইট কেলিফৰ্নিয়াৰ লং বীচ্চ নামৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁ যেতিয়া কথাটো গম পাইছিল যে এই হাস্পতালখন দেশৰ দহখন হাস্পতাল আৰু ৰিছাৰ্চ চেণ্টাৰৰ ভিতৰত এখন, য’ত পৰীক্ষামূলকভাৱে তেওঁৰ কেণ্সাৰ বেমাৰৰ উপযোগী ক্ৰেবিঅ’জেন নামৰ ঘোঁৰাৰ তেজৰ পৰা নিৰ্মিত এবিধ ঔষধৰ গুণগত মান নিৰীক্ষণৰ প্ৰক্ৰিয়া চলি আছে তেতিয়া তেওঁ উৎসাহিত হৈ পৰিছিল। ৰাইটে ডাক্তৰ ৱেষ্টক নেৰানেপেৰাকৈ ধৰিছিল যাতে ডাক্তৰ ৱেষ্টে তেওঁক নতুন ঔষধবিধেৰে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে। উল্লেখ্য, ৰাইটৰ কাৰ্যতঃ ঔষধবিধৰ পৰীক্ষাৰ অংশ হ’ব পৰাকৈও যোগ্যতা নাছিল, কাৰণ তাৰবাবে ৰোগীজনৰ অন্ততঃ তিনিমাহ জীয়াই থকাৰ সম্ভাৱনা থাকিব লাগে, যিটো ৰাইটৰ নাছিল। সেইবাবে ডাক্তৰ ৱেষ্টে কোনোপধ্যে মান্তি হোৱা নাছিল যদিও অৱশেষত তেওঁ মান্তি হ’বলৈ বাধ্য হৈছিল আৰু তেওঁ ৰাইটক ক্ৰেবিঅ’জেনৰ এটা বেজী প্ৰদান কৰিছিল। উল্লেখ্য, শুকুৰবাৰে তেওঁক বেজীটো প্ৰদান কৰা হৈছিল আৰু সোমবাৰে ৰাইট খোজকাঢ়ি ঘূৰি ফুৰিব পৰা এটা অৱস্থালৈ আহিছিল, নাৰ্ছসকলক তেওঁ কৌতুক ক’বলৈ আৰম্ভ কৰিছিল, তেওঁলোকৰ লগত হাঁহিছিল। ৰাইট এজন নতুন মানুহ হৈ পৰিছিল। মই উল্লেখ কৰিছোঁ যে লিম্ফোমা হৈছে ৰক্ত কণিকাত সৃষ্টি হোৱা কিছুমান টিউমাৰৰ সমষ্টি। আৰম্ভণিতে ৰাইটৰ কিছুমান টিউমাৰৰ আকাৰ কমলাসদৃশ হৈ পৰিছিল, কিন্তু বেজীটো প্ৰদান কৰাৰ তিনিদিনৰ ভিতৰত ৰাইটৰ টিউমাৰৰ আকাৰ আধা হৈ পৰিছিল। দহ দিনৰ ভিতৰত ৰাইট সম্পূৰ্ণ সুস্থ হৈ পৰিছিল আৰু তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছিল।

ইয়াৰ দুমাহ পিছত সংবাদ মাধ্যমত এটা খবৰ ওলাইছিল যে ক্ৰেবিঅ’জেন নামৰ ঔষধবিধৰ সহায়েৰে দহজন ব্যক্তিৰ ওপৰত পৰীক্ষা চলাই ব্যৰ্থ হৈছিল। ঔষধবিধে যিধৰণে কাম কৰিব বুলি ভবা হৈছিল, সেইধৰণে মুঠেই কাম নকৰে। ৰাইটে এই খবৰটো লাভ কৰাৰ লগে লগে ঔষধবিধৰ প্ৰতি থকা পূৰ্বৰ ধাৰণা সলনি হৈ পৰিছিল। তেওঁ ভাবিবলৈ লৈছিল যে সেইবিধ এক মূল্যহীন ঔষধ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো আছিল যে ঔষধটোৰ প্ৰতি ৰাইটৰ ধাৰণা তথা চিন্তাৰ সলনি হোৱাৰ লগে লগে টিউমাৰ আকৌ বাঢ়ি আহিবলৈ আৰম্ভ কৰিছিল। তেতিয়া ডাক্তৰ ৱেষ্টে ৰাইটক বাতৰি কাকতৰ খবৰক বিশ্বাস নকৰিবলৈ কৈছিল আৰু লগতে কৈছিল যে তেওঁক যি ক্ৰেবিঅ’জেন বেজী দিয়া হৈছিল, সেয়া বেয়া বেট্ ছৰ অংশ আছিল। এক নতুন, সম্পূৰ্ণ সংশোধিত, দুগুণ শক্তিশালী বিশেষভাৱে প্ৰস্তুত কৰা ক্ৰেবিঅ’জেন বৰ্তমান চিকিৎসালয়খনলৈ অহাৰ পথত আৰু আহি পোৱাৰ লগে লগে ৰাইটক সেয়া প্ৰদান কৰা হ’ব। ভাল হোৱাৰ আশাত ৰাইট পুনৰ উৎসাহিত হৈ পৰিছিল। কিন্তু এইবাৰ ডাক্তৰ ৰাইটে যি কৰিছিল আৰু ইয়াৰ ফলত যি ফলাফল হৈছিল, সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ। কিছুদিনৰ পিছত তেওঁ ৰাইটক এটা বেজী দিছিল কিন্তু সেই বেজীটোত কোনো ঔষধ নাছিল, আছিল কেৱল ‘ডিষ্টিলড্ ৱাটাৰ’। ডাক্তৰ ৱেষ্টে এনে কৰাৰ মূলতে আছিল যে ৰাইটে হেৰুৱাব লগা একো নাছিল। সকলোকে আচৰিত কৰি এইবাৰ ৰাইটৰ টিউমাৰ সম্পূৰ্ণ নোহোৱা হৈ পৰিছিল। তেওঁ খুব আনন্দ মনেৰে ঘৰলৈ উভতি গৈছিল আৰু শৰীৰত টিউমাৰহীনভাৱে দুমাহ সুন্দৰভাৱে কটাইছিল। কিন্তু ঠিক তেনেতে ‘আমেৰিকান মেডিকেল এছচিয়েশ্বনে’ ঘোষণা কৰিছিল যে ক্ৰেবিঅ’জেন এক মূল্যহীন দৰব। এই ঘোষণাটো ৰাইটে শুনাৰ লগে লগে তেওঁ শেষবাৰৰ বাবে ভাগি পৰিছিল- নিজৰ সুস্বাস্থ্যৰ সম্ভাৱনা সম্পৰ্কে থকা তেওঁৰ বিশ্বাস নাইকিয়া হৈ পৰিছিল। আশাহীনভাৱে তেওঁ পুনৰ চিকিৎসালয়লৈ ঘূৰি আহিছিল আৰু ইয়াৰ ঠিক দুদিন পিছত ৰাইটৰ মৃত্যু হৈছিল। এইখিনি কোৱাৰ পিছত মোৰ ক’বলগীয়া কেৱল এইটোৱে যে আপোনালোকে ‘এইবোৰ কথা পঢ়িবলৈ ভাল, বাস্তৱত ইয়াৰ সত্যতা বিচাৰি পোৱা টান’ বুলি কথাখিনি উলাই কৰিব নে মনৰ শক্তি (চিন্তা, বিশ্বাস, ধাৰণা, অনুভৱ আদি) প্ৰয়োগ কৰি নিজকে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি তুলিবলৈ অনুপ্ৰাণিত হ’ব- সেই সিদ্ধান্ত আপোনালোকৰ।

(উৎসঃ আমাৰ অসম, পলাশ কলিতা, ফোনঃ ৯৮৫৪৯-৮৪৭২২)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক