মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা

স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা কিয়?

 

আমি সকলোৱে জানো যে প্ৰতিকাৰতকৈ প্ৰতিৰোধ বেছি আদৰণীয়।সেই কাৰণেই স্বাস্থ্য পৰীক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন।শাৰীৰিক পৰীক্ষা কৰিলেহে ৰোগৰ আগজাননী পোৱা যায়।আৰু তাক কলিতেই মষিমুৰ কৰাও সম্ভৱ হয়।বিশেষকৈ ৪০ বছৰ পাৰ কৰাৰ পিছত প্ৰতিবছৰে এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে।

এই স্বাস্থ্য পৰীক্ষাত কি কি কৰিব-

 

বহুমুত্ৰ ৰোগৰ সম্ভাৱনা জানিবলৈ প্ৰস্ৰাৱ পৰীক্ষা কৰক।

ৰক্তচাপ পৰীক্ষা কৰাই সেই পৰিমাণ নিৰাপদ সীমাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰক।তেতিয়া হৃৎপিণ্ডত হোৱা আক্ৰমণৰ পৰা শৰীৰটোক নিলগত ৰাখিব পাৰিব।

২৫ বছৰৰ ডেওনা পাৰ হোৱাৰ পিছত প্ৰায় সকলো মহিলাই ছাৰ্ভিকছত হোৱা কেন্সাৰৰ আগজাননী পাবলৈ বছৰত এবাৰ তাৰ পৰীক্ষা কৰিব লাগে।মহিলাসকলে তেওঁলোকৰ স্তনৰ কোনো অংশ গোটা মাৰিছে নেকি,সেই বিষয়ে জানিবলৈ স্তন পৰীক্ষা কৰাই থাকিব লাগে।ইয়াৰ জৰিয়তে স্তন কেন্সাৰৰ আগজাননী পাব।

চকুৰ গ্লুক’মাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ মাজে মাজে চকু পৰীক্ষা কৰিব লাগে।যিবোৰ পৰিয়ালত এনে ৰোগীৰ ইতিহাস আছে তেওঁলোকে পৰীক্ষা কৰাটো বাধ্যতামুলক।যক্ষ্মা বা কেন্সাৰৰ আগজাননী পাবলৈ বুকুৰ সাধাৰণ এক্স-ৰে’ কৰিব লাগে।

শৰীৰৰ ওজন স্বাস্থ্যসন্মত সীমাৰ ভিতৰত আছে নে নাই জানিবলৈ মাজে-সময়ে পৰীক্ষা কৰিব লাগে।

শৰীৰৰ ওজন বাঢ়ি গ’লে ডায়েবেটিছ আৰু হৃদৰোগকে ধৰি বহুতো ৰোগৰ উৎপত্তি হয়।

নিয়মীয়াকৈ দাঁত পৰীক্ষা কৰিব লাগে।বয়স বাঢ়ি যোৱাৰ লগে লগে দাঁতৰ গঠনত প্ৰভাৱ পৰে।দাঁতবোৰ সেৰেঙা হৈ পৰে আৰু তাৰ ফাঁকত আহাৰ সোমাই দাঁতৰ ক্ষতি কৰে।তেনে অৱস্থাত চিকিৎসকসকলে বিশেষ চিকিৎসাৰ জৰিয়তে দাঁতৰ ফাঁকবোৰ নোহোৱা কৰি দিয়ে।

উৎস:জি এন আৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top