অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বাৰ্তা

জুয়ে পুৰিলে কি কৰিব?


জুয়ে পোৰা আঘাত এক ভয়াৱহ আঘাত। শতকৰা সত্তৰ ভাগ অগ্নিদগ্ধ হোৱা দুৰ্ঘটনা পাকঘৰতেই সংঘটিত হয় যদিও, আজিকালি সন্ত্ৰাসবাদীৰ আক্ৰমণ, বোমা বিস্ফোৰণ, উৰাজাহাজ আৰু ৰে’লগাড়ীৰ দুৰ্ঘটনা আদি নানা ধৰণৰ দুৰ্যোগতো বহুতো লোক ঘৰৰ বাহিৰত অগ্নিদগ্ধ হোৱা দেখা যায়। এনেদৰে আঘাতপ্ৰাপ্ত ৰোগীক অতি ক্ষিপ্ৰতাৰে প্ৰাথমিক সাহায্য দান কৰি চিকিৎসালয়লৈ স্থানান্তৰ কৰা আৱশ্যক যদিও প্ৰাথমিক সাহায্যৰ বিষয়ে আমাৰ জনসাধাৰণৰ মাজত থকা বহুতো ভ্ৰান্ত ধাৰণাৰ বাবে প্ৰায়েই এইক্ষেত্ৰত উপযুক্ত সাহায্য দিব পৰা নহয়। সেয়েহে আধুনিক বিজ্ঞানসন্মত প্ৰাথমিক সাহায্যৰ এক সম্যক ধাৰণা ইয়াত দিবলৈ চেষ্টা কৰা হৈছে।

এজন মানুহৰ গাত জুই লগা দেখিলে আমাৰ প্ৰথম কৰ্তব্য হ’ব জুইকুৰা নুমুওৱা। জুই লাগিলে মানুহে ভয় খাই দৌৰিবলৈ ধৰে। পিচে দৌৰিলে অক্সিজেন বেছিকৈ পাই জুইকুৰা বেছিকৈহে জ্বলি উঠে। সেয়েহে আপুনি জুই লগা দেখিলেই মানুহজনক ক’ব-‘ৰ’ব, নদৌৰিব, মাটিত পৰি দিয়ক আৰু বাগৰি যাওক’।

এনে কৰিলে সাধাৰণতে অলপ জুই নুমাই যাব। জুই নুনুমালে-জুই নুমাবলৈ পানী ঢালক।

জুই নুমাবলৈ পানী ঢলাৰ সুবিধা বহুতো-

ক) পানী সহজলভ্য: সাধাৰণতে পানী পাকঘৰত থাকেই, য’ত আটাইতকৈ বেছি জুয়ে পোৰা দুৰ্ঘটনা সংঘটিত হয়।

খ) পানী দূৰৰ পৰা ছটিয়াব পাৰি, গতিকে ছটিওৱা মানুহজনৰ গাত জুই লগাৰ সম্ভাৱনা নাই।

গ) পানী পৰাৰ লগে লগে জুইকুৰা নুমাই যায় আৰু ঘাডোখৰো ঠাণ্ডা হয়।

ঘ) জুই নলগা কাপোৰবোৰো পানী পৰি তিতি যোৱা বাবে জুই বিয়পিব নোৱাৰে।

বহুতে জুই নুমাবলৈ কম্বল এখন ঢাকি দিব লাগে বুলি কয়। পিচে ইয়াৰ অসুবিধাবোৰ চাওকচোন-

ক) কম্বলখন বিচাৰোতে সময় লাগিব, কাৰণ কোনেও কম্বল পাকঘৰত নাৰাখে।

খ) কম্বলখন জুই লগা মানুহজনৰ গাত মেৰাবলৈ যাওঁতে নিজৰ গাতে জুই লগাৰ সম্ভাৱনা থাকে।

গ) কম্বলখন মেৰাই দিয়াৰ কিছুসময় পাচতহে জুই নুমাব। এইখিনি সময়তে জুয়ে বহুত দলৈকে পুৰিব।

সেয়েহে, জুই নুমাবলৈ পানী ঢালক, কম্বল বিচাৰি নুফুৰিব।

যদি বন্ধ কোঠাত জুই লাগে জুইৰ ধোঁৱা নাকে-মুখে সোমোৱাৰ সম্ভাৱনা বেছি। তেনে ক্ষেত্ৰত আঘাতপ্ৰাপ্তক মুকলিলৈ লৈ অনা যুগুত। তাৰপাছত-

ক) জুয়ে পোৰা ঘাত পোৰণিৰ উপশম নোহোৱালৈকে কেৱল পানী ঢালক।

ঠাণ্ডা পানীৰ সলনি বৰফ লগোৱা উচিত নহয়। কিয়নো বৰফে তেজবাহী নলীবোৰ সংকোচন কৰি তেজ চলাচলত ব্যাঘাত জন্মায়। পানী ঢালিলে ঘাডোখৰ সোনকালে ঠাণ্ডা হয় আৰু পাচত ঘা সোনকালে শুকাই যায়। যদি হাত বা ভৰিত কমকৈ পোৰে, বাল্টি বা মগত পানী লৈ হাত বা ভৰিৰ পোৰণিৰ উপশম নোহোৱালৈকে জুবুৰিয়াই থৈ দিয়ক। চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ সময়তো ঘাৰ ওপৰত তিতা ডাঠ কাপোৰ এখন লগাই থৈ দিব লাগে।

খ) আধাপোৰা কাপোৰবোৰ খুলি পেলোৱাৰ আৱশ্যক নাই। কিয়নো, এইবোৰ ইতিমধ্যে তাপ পাই বীজাণুমুক্ত হৈছে।

গ) পোৰা ঘাৰ ওপৰত কোনো ধৰণৰ মলম বা প্ৰলেপ নলগাব। এইবোৰ লগালে উত্তাপ ওলাই যাব নোআৰে আৰু বেছি দলৈ অনিষ্ট কৰিব। তদুপৰি অপৰিষ্কাৰ হাতেৰে মলম লগালে সংক্ৰমণৰ ভয়ো নোহোৱা নহয়। বহুতো লোকে জুয়ে পোৰা ঘাত টুথপেষ্ট, আলু পিটিকা, ঘি, চিয়াঁহী আদি লগায়। এইবোৰে ঘাৰ অনিষ্টহে কৰে। এনেধৰণৰ প্ৰলেপ লগোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

ঘ) যদি বমি নকৰে, ৰোগীক পানী খাবলৈ দিব লাগে।

এইখিনি কৰাৰ পাচত ৰোগীক পলম নকৰাকৈ চিকিৎসালয়লৈ পঠিয়াব লাগে।

লিখক: ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, সাদিন।


অ’ভাৰিয়ান ছিষ্ট

 

এই নিবন্ধটিৰ শিৰোনামে হয়তো বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষভাৱে নাৰীসকলৰ মাজত দেখা দিয়া এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বিগত কেইটামান দশকত ভালেখিনি বাঢ়িছে। বিগত শতিকাৰ আশীৰ দশকত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ পঠনৰত থকা অৱস্থাত এইবিধ ৰোগ ইমান বেছি মাত্ৰাত হয় বুলি কোনো এখন পাঠ্যপুথিতে উল্লেখ পোৱা নাছিলো। পাচে সাম্প্ৰতিক অৱস্থাই এনে এক পৰ্য্যায় পাইছেগে যে, সমগ্ৰ বিশ্বতে প্ৰায় ১৫ শতাংশ নাৰী এইবিধ ৰোগত আক্ৰান্ত হয় বুলি পাঠ্যপুথিত উল্লেখ কৰা হৈছে। নানা কাৰকৰ প্ৰভাৱত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে পৰিৱৰ্তিত ধৰণৰ খাদ্যাভাসকে ধৰি ভ্ৰান্ত তথা ত্ৰুটীপূৰ্ণ জীৱন ধাৰণৰ পদ্ধতি আৰু দ্বিতীয়তে ৰোগ নিৰ্ণয়ৰ বাবে আধুনিকতাৰ উন্নত ধৰণৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ। সেয়া যি কি নহওক এষাৰ কথা স্মৰ্তব্য যে, মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ই ‘পলিচিষ্টক অ’ভাৰিয়ান ছিনড্ৰোম’ৰ অংশস্বৰূপ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে বা ডিম্বাশয়ৰ কৰ্কট ৰোগৰ বাহ্যিক প্ৰকাশো ই হ’ব পাৰে। নাৰীৰ শৰীৰৰ বিভিন্ন স্থানত কৰ্কট ৰোগৰ ৩ শতাংশ ডিম্বাশয়ত হয়।

নাৰীৰ প্ৰজনন তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশস্বৰূপ হৈছে ডিম্বাশয় বা অ’ভাৰীদ্বয় যি নেকি পেটৰ নিম্নাংশত থাকে। জন্মৰে পৰাই এইবোৰ অংগ নাৰীৰ শৰীৰত থাকে। কেতবোৰ নিচেই ক্ষুদ্ৰাতিক্ষুদ্ৰ দাগৰ সমষ্টিয়েই হৈছে এই অংগটিৰ গাঁথনি আৰু এইবোৰ প্ৰকৃততে অপৈণত ধৰণৰ ডিম্বকোষ। এগৰাকী ছোৱালীৰ জন্মৰ পাচত ৰজস্বলা হোৱাৰ সময়লৈকে এই ডিম্বকোষবোৰ নিষ্ক্ৰিয় অৱস্থাত থাকে। ছোৱালীগৰাকীয়ে কৈশোৰ অৱস্থা লভাৰ সময়ত মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয় আৰু হেন সময়তে মগজুৰ পিটুইটাৰী গ্ৰন্থিৰ পৰা নি:সৰিত কেতবোৰ হৰম’নৰ প্ৰভাৱত ডিম্বকোষবোৰ সক্ৰিয় হয়। অৰ্থাৎ প্ৰতিটো মাহতে ডিম্বাশয়ৰ পৰা একোটা পৈণত ধৰণৰ ডিম্বকোষ ওলাই আহে। ডিম্বাশয়ৰ যিটো বিশেষ অংশৰ পৰা ডিম্বকোষ নিৰ্গত হয়-সেই অংশটি মাহটোৰ বাকী সময়ছোৱাত সংকুচিত অৱস্থাত থাকে।

সময় বিশেষে ডিম্বাশয়ৰ ফলিকলবোৰৰ সঠিকভাৱে স্ফূৰণ নঘটে বা এনেকি উপযুক্তভাৱে স্বাভাৱিক অৱস্থালৈ আহিবলৈ অসমৰ্থ হয়। স্ফূৰণ ঘটা ফলিকলবোৰৰ পৰা নি:সৰিত হৰম’নো প্ৰজননত ভূমিকা পালন কৰে। এনেদৰে সংগৃহীত ফলিকলবোৰৰ আকৃতি বাঢ়ি ‘কৰ্পাছ লুটিয়াম ছিষ্ট’ গঠিত হয়। কেতিয়াবা মাত্ৰাধিকভাৱে ইয়াৰ পৰিসৰ বৃদ্ধি হোৱা হেতুকে ফলিকুলাৰ ছিষ্ট গঠিত হয়। এই দুয়ো ধৰণৰ ছিষ্ট প্ৰকৃততে মানুহৰ বাবে অপকাৰী নহয় আৰু উপসৰ্গবিহীনৰূপে থাকিব পাৰে। আল্ট্ৰাছাউণ্ড পৰীক্ষাৰ সময়ত সেয়েহে এনেবোৰ ছিষ্ট কেতিয়াবা হঠাতে ধৰা পৰে। দুটা বা তিনিটা ঋতুস্ৰাৱৰ পাচত নিজে নিজে এইবোৰ অদৃশ্য হৈ পৰে।

প্ৰজননক্ষম নাৰীসকলৰ (১৫-৪৫ বছৰ) ভিতৰত  প্ৰায় ১৫ শতাংশ PCOS ৰোগত আক্ৰান্ত হয়। এইসকল নাৰীৰ দেহৰ ভিতৰত হৰম’নঘটিত ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় আৰু ফলত ডিম্বাশয়ত ভালেকেইটা অপৈণত ছিষ্ট বা ফলিকলৰ সৃষ্টি হয়। মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া হৈ পৰে যিটো নেকি কেতিয়াবা পলমকৈ আৰম্ভ হয় আৰু কেতিয়াবা বন্ধ নহয়। এইসকল নাৰী গৰ্ভধাৰণ কৰিবলৈ অক্ষম হয়। পেটৰ আল্ট্ৰাছাউণ্ড পৰীক্ষা কৰিবলৈ দিলে ১২ টা বা ততোধিক ছিষ্ট প্ৰতিটো ডিম্বাশয়ত দেখা দিব পাৰে।

মৌখিক জন্মনিবাৰক পিলৰ সহায়ত এনে ধৰণৰ ছিষ্টৰ চিকিৎসা কৰিব পাৰি আৰু ছটা মাহেকীয়া ঋতুচক্ৰলৈকে এনে দৰব খাবলৈ দিব পাৰি। দৈহিক ওজন চিকিৎসাৰ আৰম্ভণিৰ তুলনাত ১০ শতাংশ টুটিলে ঋতুস্ৰাৱজনিত উপসৰ্গবোৰৰ তীব্ৰতা কমে। বহুমূত্ৰ ৰোগত ব্যৱহৃত মেটফৰ্মিন নামৰ দৰববিধৰো ভূমিকো এই ক্ষেত্ৰত অনস্বীকাৰ্য।

কিছুমান ছিষ্টৰ মাহেকীয়া ঋতুচক্ৰৰ লগত কোনো সম্বন্ধ নাথাকে। এইবোৰৰ ভিতৰত ডাৰ্মইড নামৰ ছিষ্টৰ আকৃতি ভালেখিনি ডাঙৰ হয় আৰু চুলি দাঁত সংলগ্ন হৈ থাকে। আকৌ ছিষ্ট এডেনোমাত পানী বা শ্লেষ্মাজাতীয় তৰল থাকিব পাৰে। শেহোক্তাবিধৰ উপস্থিতি শৰীৰত অনুভূত হোৱাৰ পূৰ্বেই এইবোৰৰ আকৃতি বিয়াগোম হ’ব পাৰে। কৰ্কট ৰোগৰ উৎপত্তিৰ কাৰক এনেবোৰ ছিষ্ট হ’ব পাৰে। জৰায়ুৰ বেৰৰ চৌদিশ আগুৰি থকা এণ্ডোমেট্ৰিয়াম নামৰ প্ৰলেপটিৰ বৃদ্ধি হৈ ডিম্বাশয়ৰ সৈতে সংলগ্ন হয় আৰু টিউমাৰৰ সৃষ্টি হয়। প্ৰতিটো মাহেকীয়া ঋতুচক্ৰৰ লগে লগে ইয়াৰ আকৃতি বাঢ়ে।

বিশেষ কেতবোৰ পৰিস্থিতিসাপেক্ষে অ’ভাৰিয়ান ছিষ্টৰ বাবে দৈহিক উপসৰ্গ অনুভূত হ’ব পাৰে। উদাহৰণস্বৰূপে, ছিষ্টৰ আকৃতি যদিহে ইমানেই ডাঙৰ হয় যে উদৰৰ (পেট) আকৃতি স্ফীত হয় আৰু ওচৰে-পাজৰে থকা অন্যান্য অংগবোৰৰ ওপৰত ই চাপ দিয়ে। ইয়াৰ ফলত তল পেট বিষাবলৈ ধৰে, যৌন মিলনৰ সময়ত বিষ অনুভূত হয় আৰু লগতে সঘনে প্ৰস্ৰাৱ কৰিবলৈ ৰোগী বাহিৰলৈ যোৱাৰ উপৰিও শৌচ কৰাৰ সময়ত বিষ অনুভূত হয়।

কেতিয়াবা ঘটনাৰ ক্ৰমত অ’ভাৰিয়ান ছিষ্ট আৱিষ্কৃত হ’লে নাৰীগৰাকীয়ে গৰ্ভ ধাৰণ কৰিছে নেকি সেই সম্বন্ধে পৰীক্ষা কৰি নি:সন্দেহ হ’ব লাগে। কিয়নো সময়সাপেক্ষে এনে ছিষ্ট গৰ্ভাৱস্থাৰ জটিলতাৰূপেও দেখা দিয়ে। ছিষ্টৰ প্ৰকাৰ নিৰ্ণয়ৰ বাবে আল্ট্ৰাছাউণ্ড পৰীক্ষা আৱশ্যকীয়। আল্ট্ৰাছাউণ্ড, চি টি বা এম আৰ আই পৰীক্ষাৰ পাচত লেপাৰোস্কোপিৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকে স্বচক্ষে প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰি এই সন্দৰ্ভত তেজত কৰিবলগীয়া বা কৰিবলৈ প্ৰয়োজন হোৱা এটা পৰীক্ষা হৈছে- CA 125। এগৰাকী নাৰীৰ স্বাভাৱিক অৱস্থাত ইয়াৰ মানগত মূল্য হয়গৈ তেজৰ প্ৰতি মি:লি:ত ৩৫ একক (সৰ্বোচ্চ)যিসকল নাৰীৰ তেজত এইবিধ দ্ৰব্যৰ মাত্ৰা ইয়াতকৈ বেছি হয়-সেইসকলৰ শৰীৰত অ’ভাৰিয়ান ছিষ্টৰ উপস্থিতিৰ বিষয়ে এই বাবেই অনুসন্ধান চলাব লাগে যে, সময় সাপেক্ষে ই কৰ্কট ৰোগৰ কাৰক হ’ব পাৰে। কোনো কাৰণবশত: পৰীক্ষা-নিৰীক্ষা কৰাৰ সময়ত এগৰাকী নাৰীৰ শৰীৰত অ’ভাৰিয়ান ছিষ্ট ধৰা পৰিলে পৰৱৰ্তী সময়ছোৱাত এনেবোৰ উপসৰ্গৰ উপস্থিতিত চিকিৎসকৰ পৰামৰ্শ একান্তই বাঞ্ছনীয় অতিপাত তীব্ৰ ধৰণৰ পেটৰ বিষ, জ্বৰ, হাত ভৰি চেঁচা পৰি গৈ শৰীৰৰ পৰা ঘাম নিৰ্গমন।

অ’ভাৰিয়ান ছিষ্টৰ আকৃতি ১ চে.মি.ৰ পৰা ১০ চে.মি.লৈকে হ’ব পাৰে। অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা এনেবোৰ পৰিস্থিতিত আহি পৰে-

১) CA 125ৰ মাত্ৰা অত্যাধিকভাৱে বাঢ়ি যায়,

২) ছিষ্টৰ আকৃতি ৫ চে.মি.তকৈ বেছি হয়,

৩) নিকটাত্মীয়সকলৰ ভিতৰত কাৰোবাৰ স্তন বা ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বুৰঞ্জী থাকে। সাধাৰণ ছিষ্টৰ ক্ষেত্ৰত লেপাৰোস্কোপিক পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। কৰ্কট ৰোগৰ উপস্থিতি সম্বন্ধে সন্দেহৰ অৱকাশ থাকিলে উদৰৰ মুকলো অস্ত্ৰোপচাৰ কৰিব লাগে।

ডিম্বাশয়ৰ ছিষ্ট আৰু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকা গৰ্ভাৱস্থা আৰু মাতৃদুগ্ধ প্ৰদান কৰাৰ সময়ত টুটে। OCP আৰু টিউৱেক্টমী অস্ত্ৰোপচাৰ কৰা নাৰীৰ ক্ষেত্ৰতো এই দুটা অৱস্থাত আক্ৰান্ত হোৱাৰ শংকা কম।

লিখক: ডা: মিহিৰ কুমাৰ গোস্বামী, সাদিন।


ঘৰুৱা কাম-বনেও কিন্তু আপোনাক স্বাস্থ্যৱান কৰে


আচৰিত যেন লাগিলেও আপোনাৰ আমনি লগা ঘৰুৱা কাম-বনবোৰেও কিন্তু আপোনাক সুস্থ কৰি ৰাখে। বহুতো মহিলাই জিমলৈ যাবলৈ সময় নাপায় অথবা ঘৰতো ব্যায়াম কৰিবলৈ টান পায়। যিসকল মহিলাই ব্যায়াম কৰি ভাল নাপায়, তেওঁলোকে পিচে ঘৰুৱা কাম-বন কৰিও শৰীৰৰ কেলৰি কমাব পাৰে। আহকচোন কোনবোৰ ঘৰুৱা কামে আপোনাক স্বাস্থ্যৱান কৰি ৰাখে?

ক) নেমুটেঙাৰ গোন্ধযুক্ত স্প্ৰে’ ব্যৱহাৰ কৰক

আইনাৰ আচবাব, খিৰিকীৰ আইনা, খোৱা মেজখনৰ আইনাবোৰ পৰিস্কাৰ কৰিবলৈ নেমুটেঙাৰ গোন্ধযুক্ত স্প্ৰে’ ব্যৱহাৰ কৰক। কিয় জানেনে? এই সুগন্ধিয়ে আপোনাৰ মানসিক চাপ কমায়, খং-ৰাগ, দুশ্চিন্তা, বিষণ্ণতা, ক্লান্তি আঁতৰাই দিব পাৰে।

খ) বাচন-বৰ্তন ধোৱক

ভালকৈ এসাঁজ খোৱাৰ পিচত দ’ম হৈ পৰি থকা বাচন-বৰ্তনবোৰ ধুবলৈনো কাৰ মন যায়। পিচে ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্ছিটিৰ এক গৱেষণাত ধৰা পৰিছে যে যিসকলে প্লেট আদি মনোযোগেৰে ধোৱে তেওঁলোকৰ শতকৰা ২৭ অংশ নাৰ্ভাজনেছ বা মানসিক অস্থিৰতাই হেনো কমি যায়।

গ) প্ৰতি পুৱা বিছনাখন পাৰক

পুৱাতে বিছনাখনৰ কাপোৰ গাৰুবোৰ ছিজিল লগাই সজাই থ’লে বা বিছনাখন পাৰিলে আমাৰ মনৰ মাজত হেনো গোটেই দিনটোতে ভালকৈ কাম-কাজ কৰাৰ বাবে এক তাগিদাৰ সৃষ্টি হয়। বিছনা পৰা কামটোৱে আমাৰ কাৰ্যক্ষমতা বঢ়োৱাৰ উপৰিও আমাৰ টোপনিও ভাল কৰাৰ ক্ষেত্ৰত সহায় কৰে।

ঘ) ঘৰ চিজিল কৰি ৰাখক

এটা ছুইডিছ গৱেষণাত ধৰা পৰিছে যে, ঘৰ-দুৱাৰ চিজিল কৰি ৰখা কামটোত ব্যস্ত থকা লোকসকলৰ হাৰ্ট এটেক (হৃৎপিণ্ড স্তব্ধ হৈ পৰা) আৰু ষ্ট্ৰ’ক (ৰক্তচাপ) হোৱা ৰোগৰ সম্ভাৱনা প্ৰায় শতকৰা ৩০ ভাগ কমি যায়।

ঙ) পাকঘৰ চাফা কৰি ৰাখক

এক গৱেষণাত ধৰা পৰিছে যে যিসকলৰ পাকঘৰ বেছিজিল আৰু বাচন-বৰ্তনবোৰ দ’ম হৈ থাকি জঞ্জালৰ সৃষ্টি কৰে, তেওঁলোকক বেছিকৈ শকত হোৱা দেখা যায়। কাৰণ তেনে বেছিজিল পাকঘৰত থাকি কিবা স্বাস্থ্যকৰ খাদ্য খোৱাৰ বাবে সিদ্ধান্ত ল’বলৈ হেনো কঠিন হৈ পৰে। পাকঘৰটো ধুনীয়াকৈ যদি ৰাখে তেন্তে দেখিব আপোনাৰ ওজন কমি গৈছে।

চ) বাগিচাত কাম কৰক

ফুলনিত ফল আৰু শাকনিবাৰীত শাক-পাচলি উৎপাদন হ’লে আপুনি যে কিমান আনন্দিত হয় তাক আন কোনেনো অনুভৱ কৰিব পাৰিব? বাগিচা অৰ্থাৎ ফুলনি, শাকনিবাৰীত কাম কৰিলে আপোনাৰ দেহৰ কেলৰি যে কমিবই, তাৰ লগতে কমিব আপোনাৰ মনৰ মাজত থকা বিষন্মতা।

ছ) স্বামী-স্ত্ৰী দুয়ো একেলগে ঘৰুৱা কাম কৰক

সাধাৰণতে স্ত্ৰী বা ঘৰৰ ঘৈণীগৰাকীয়েই ঘৰুৱা কাম-বনবোৰ কৰি থাকে। এনে কামবোৰ যদি স্বামীগৰকীয়েও স্ত্ৰীৰ সৈতে ভগাই লয়, তেন্তে দেখা যাব তেওঁলোকৰ দুয়োৰে মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে। তদুপৰি ইয়াৰ ফলত তেওঁলোকৰ বৈবাহিক জীৱনো সুন্দৰ হৈ পৰে। আন কিছুমান ঘৰুৱা কাম-বনতো দেহৰ কেলৰি কমি যায় যেনে- বাথৰুম চাফা কৰা, বজাৰৰ পৰা ঘৰলৈ শাক-পাচলিৰ মোনা কঢ়িয়াই অনা, গাড়ী ধোৱা, ৰন্ধা বঢ়া কৰা, কাপোৰ ইস্ত্ৰি কৰা।

উৎস: সাদিন।

 

চৰ্ম ৰোগ প্ৰতিৰোধৰ ৫ টা উপায়


যিসকলে ছালৰ যত্ন লয়, তেওঁলোকৰ শৰীৰৰ ছাল সুন্দৰ হৈ থাকে। সকলো মানুহৰে দেহৰ ছালবোৰ একে নহয়- কাৰোবাৰ ছাল শুকান, কাৰোবাৰ ছাল আকৌ তেলেতীয়া অথবা কাৰোবাৰ ছাল অধিক স্পৰ্শকাতঁৰ হ’ব পাৰে, সেয়ে বিভিন্ন ধৰণৰ চাল বিভিন্ন বেমাৰে বাহ ল’ব পাৰে। পিচে কেইটামান সাধাৰণ নিয়ম মানি চলিলে আপোনাৰ শৰীৰটো আৱৰি ৰখা ছালখনক নিৰোগী কৰি ৰাখিব পাৰিব। সেই সাধাৰণ নিয়মবোৰ তলত দিয়া হ’ল-

ক) নিয়মিতভাৱে স্নান কৰক:

স্নান কৰিলে বা গা ধূলে আমাৰ দেহটোত জমা হৈ থকা সকলোবোৰ মলি, আৱৰ্জনা আঁতৰি যাব। পাৰিলে কুহুমীয়া পানীৰে স্নান কৰক। পিচে অতি গৰম পানীৰে গা ধোৱাৰ পৰা বিৰত থাকিব।

খ) বেলিৰ পোহৰ বা ৰ’দৰ পৰা আঁতৰত থাকক:

দেখা গৈছে সূৰ্যৰ ৰশ্মি বা বেলিৰ পোহৰে আপোনাৰ ছালখনৰ আটাইতকৈ বেছি ক্ষতি কৰে। সূৰ্য ক্ষতিকাৰক ৰশ্মিবোৰে ছালত শোতোৰা শোতোৰ কৰে। ক’লা দাগ পেলায় আৰু বলিৰেখাৰ সৃষ্টি কৰে। সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিয়ে আনকি ছালৰ কৰ্কট ৰোগকো মাতি আনিব পাৰে। সেয়েহে ঘৰৰ বাহিৰলৈ ওলোৱাৰ পূৰ্বে ‘ছানস্ক্ৰীন’ ব্যৱহাৰ কৰিব। মনত ৰাখিব যে, বাহিৰৰ ৰ’দলৈ ওলোৱাৰ ৩০ মিনিট অথবা ২ ঘন্টা সময়ৰ আগতেই ছালত ‘ছানস্ক্ৰীন’ লোচন সানি ল’ব। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে ৰ’দলৈ নোলাব। তথাপি যদি দীঘলীয়া সময় জুৰি ৰ’দত থাকিব লগা হয়, তেন্তে দীঘল হাত থকা পোছাক পিন্ধি ল’ব।

গ) শালমইনাক প্ৰতিৰোধ কৰক:

যদিহে আপোনাৰ ছালত অলপতে ব্ৰণ বা শালমইনা উঠে তেন্তে দিনে দুবাৰকৈ কুহুমীয়া পানীৰে মুখখন ধুব। তাৰ পিচত বেনজোলি পাৰক্সাইড থকা লোচন ব্যৱহাৰ কৰিব। শুবলৈ যোৱাৰ আগতে মুখৰ মেকআপ বা প্ৰসাধন গুচাবলৈ নাপাহৰে যেন।

ঘ) এনজাইম প্ৰতিৰোধ কৰক:

যদিহে আপুনি এনজাইম ছালৰ ৰোগটোত প্ৰতিৰোধ কৰিব খোজে, তেন্তে আপুনি কোনো ডিটাৰজেন্ট ব্যৱহাৰ নকৰিব। তদুপৰি সুগন্ধি ক্ৰীম অথবা লোচনো ব্যৱহাৰ নকৰিব। নিয়মিতভাৱে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰক।

ঙ) স্বাস্থ্যকৰ খাদ্য খাওক:

স্বাস্থ্যকৰ খাদ্যই কেৱল আনবোৰ ৰোগেই নহয়, ছালৰ ৰোগবোৰকো আতঁৰাই ৰাখে, নিয়মিতভাৱে যথেষ্ট পৰিমাণৰ ফল-মূল, শাক-পাচলি আৰু প্ৰ’টিনযুক্ত খাদ্য খাব। উজ্জ্বল ছালৰ বাবে ভিটামিন ‘চি’ আৰু কম চৰ্বিযুক্ত খাদ্য অতি উপযোগী। আনহাতে ধূমপানকে ধৰি দুশ্চিন্তা কৰা, অত্যাধিক মানসিক চাপেও আপোনাৰ স্বাস্থ্যৰ উপৰিও ছালৰ ওপৰতো কুপ্ৰভাৱ পেলায়।

উৎস: সাদিন।


১১ টা অভ্যাসে বৃক্কটোৰ কিমান ক্ষতি কৰে?


মানৱ শৰীৰত বৃক্ক (কিড্‌নী) হৈছে এটা গুৰুত্বপূৰ্ণ অংগ। কাৰণ বৃক্কই শৰীৰৰ তেজক শোধন কৰে, হৰম’ন উৎপাদন কৰে, খনিজ দ্ৰব্যবোৰক শুহি নিয়ে, ইউৰিন উৎপাদন কৰে, টক্সিন পদাৰ্থবোৰক আঁতৰাই এচিড কমাই থাকে। অথচ অজ্ঞতাৰ বাবে আমি বৃক্কযোৰৰ যত্ন ল’ব নোৱাৰো। চিকিৎসকসকলে কয় যে, আপোনাৰ বৃক্কৰ কাৰ্যক্ষমতা যদি বিশ শতাংশও থাকে তথাপিও তাৰেই শৰীৰৰ প্ৰয়োজনীয় কাম-কাজবোৰ চলাব পাৰি। সেয়েহে আপোনাৰ বৃক্কযোৰৰ ক্ষতি হৈ থাকিলেও বহু বছৰজুৰি সেই বিষয়ে আপুনি গম নাপায়। গতিকে চিকিৎসকসকলে বৃক্কক ‘নীৰৱ ঘাতক’ বোলে। আপুনি আপোনাৰ বৃক্কৰ ক্ষতি হোৱাৰ বিষয়ে আগতীয়াকৈ যিহেতু গম নাপায়, সেয়ে আপোনাৰ কোনবোৰ অভ্যাসে আপোনাৰ বৃক্কযোৰৰ বছৰৰ পাছত বছৰজুৰি কিমান ক্ষতি কৰি আহিছে সেই অভ্যাসবোৰৰ বিষয়ে জানো আহকচোন:

১) জধে-মধে পেইন কিলাৰ খায় নেকি?:

বহুতো লোকে পেট, হাত-ভৰি, পিঠি আদিত সামান্য বিষ হ’লেই বিষ আতঁৰ কৰা বড়ি বা পেইন কিলাৰৰ পিলবোৰ খাই দিয়ে। তেওঁলোকে গম নাপায় যে জধে-মধে খোৱা এই বিষনাশক বড়িবোৰে তেজৰ প্ৰবাহ কমায় আৰু বৃক্কৰ কাম-কাজত বাধা জন্মায়।

২) মদ্যপান:

অতিৰিক্ত মদ্যপানে বৃক্ক আৰু যকৃতৰ ক্ষতিসাধন কৰে, কাৰণ মদ হৈছে এনে এক প্ৰকাৰৰ বিহ, যি বৃক্ক আৰু লিভাৰৰ ওপৰত বহুত বেছি চাপ প্ৰয়োগ কৰে।

৩) প্ৰচুৰ পৰিমাণে পানী খায়নে?:

বৃক্কৰ উল্লেখযোগ্য কাম হ’ল- শৰীৰৰ তেজ শোধন কৰি বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া। ধৰি লওক আপুনি গোটেই দিন ধৰি পানী খোৱা নাই। তেনেস্থলত আপোনাৰ শৰীৰত বিষাক্ত পদাৰ্থবোৰ জমা হৈ থাকি আপোনাৰ শৰীৰটোৰ ভয়ানক ক্ষতি কৰিব। কাৰণ পানী অবিহনে বৃক্কই শৰীৰৰ বিষাক্ত দ্ৰব্যবোৰ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰটোৰ পৰা বাহিৰ কৰিব নোৱাৰিব।

৪) বেছি নিমখ খায় নেকি?:

শৰীৰটোৰ কাম-কাজবোৰ চলাই নিবলৈ নিশ্চয় কিছু পৰিমাণৰ নিমখৰ প্ৰয়োজন হয়। পিচে আপুনি যদি বহুত বেছি পৰিমাণৰ নিমখ গ্ৰহণ কৰে, তেন্তে সেই অতিৰিক্ত নিমখৰ ফলত আপোনাৰ ৰক্তচাপ যে বাঢ়ি যাবই, তদুপৰি সেই উচ্চ ৰক্তচাপে বৃক্কৰ ওপৰত বহুত বেছি চাপ পেলাই বৃক্কযোৰৰ ক্ষতিসাধন কৰিব।

৫) প্ৰাকৃতিক প্ৰয়োজনবোৰত সঁহাৰি দিয়েনে?:

বহুতো লোকে বিশেষকৈ মহিলাসকলে ৰাজহুৱা অনাময় গৃহবোৰ লেতেৰা হৈ থকাৰ ভয়ত প্ৰাকৃতিক প্ৰয়োজনবোৰত সঁহাৰি নিদিয়ে। এনেকৈ দীৰ্ঘ সময়জুৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰখাৰ ফলত বৃক্কৰ ওপৰত চাপ বৃদ্ধি হয়। যদিহে নিয়মিতভাৱে দীৰ্ঘ সময়জুৰি প্ৰস্ৰাৱ বন্ধ কৰি ৰখা যায় তেন্তে বৃক্ক অচল, বৃক্কত পাথৰৰ সৃষ্টি হোৱাৰ উপৰিও আপুনি আন ইন্দ্ৰিয়বোৰৰ ওপৰতো থকা নিয়ন্ত্ৰণবোৰ হেৰুৱাই পেলাব।

৬) অধিক পৰিমাণৰ চেনি খায় নেকি?:

গৱেষণাৰ ফলত জনা গৈছে যে আপুনি যদি অধিক চেনিযুক্ত পানীয় নিয়মিতভাৱে গ্ৰহণ কৰি থাকে তেন্তে আপোনাৰ প্ৰস্ৰাৱত প্ৰ’টিনৰ পৰিমাণ বাঢ়ি যাব। প্ৰস্ৰাৱত প্ৰ’টিন থকাৰ অৰ্থ হ’ল আপোনাৰ বৃক্কই ঠিকমতে কাম-কাজ কৰিব পৰা নাই। আপুনি জানেনে যে আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে-আপোনাৰ প্ৰস্ৰাৱত থকা প্ৰ’টিনেই তাৰ আগজাননী দিছে।

৭) শৰীৰত ভিটামিন আৰু খনিজ দ্ৰব্যৰ হ্ৰাস:

আপোনাৰ বৃক্ক সুস্থ হৈ থাকিবৰ কাৰণে প্ৰচুৰ পৰিমাণে সতেজ ফলমূল আৰু সেউজীয়া শাক-পাচলি খাওক। কাৰণ শৰীৰত ভিটামিন আৰু খনিজ দ্ৰব্যবোৰৰ পৰিমাণ হ্ৰাস পালে, বৃক্কত পাথৰৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পায়। মেগনেছিয়াম আৰু ভিটামিন-বি৬ ৰ পৰিমাণ শৰীৰত সঠিকভাৱে থাকিলে বৃক্কত পাথৰ সৃষ্টি হোৱাৰ আশংকা কমি যায়।

৮) বৰ বেছি মাংস গ্ৰহণ কৰে নেকি?:

অধিক পৰিমাণে প্ৰাণীজাত প্ৰ’টিন অৰ্থাৎ মাংস-বিশেষকৈ ৰঙা মাংস (ৰে’ড মিট্‌-ছাগলী, গৰু, গাহৰিৰ মাংস) খোৱাৰ ফলত বৃক্কৰ ওপৰত বিপাকীয় চাপ বৃদ্ধি পায়। সেয়েহে অধিক পৰিমাণৰ মাংস খালে- আপোনাৰ বৃক্কৰ হতুৱাই বেছি কঠিন বা কষ্টকৰ কাম কৰোৱা হয়- যাৰ ফলত আপোনাত বৃক্কযোৰ অচল হৈ পৰিব।

৯) টোপনি খুব কম নেকি?:

আপোনাৰ টোপনি যদি খুব কম হয়, তেন্তে আপোনাৰ যে বিভিন্ন ৰোগ হয়, সেই বিষয়ে আপুনি ভালকৈয়ে জানে। পিচে জানেনে যে, আপুনি যেতিয়া শুই থাকে, আপোনাৰ বৃক্কযোৰে তাৰ কলাবোৰৰ মেৰামতি কৰি থাকে অথবা তাক পুনৰুদ্ধাৰ কৰাত ব্যস্ত থাকে। সেয়েহে আপোনাৰ টোপনি ভাল হ’লেহে আপোনাৰ বৃক্কযোৰো সুস্থ হৈ থাকিবলৈ সুবিধা পাব।

১০) অধিক পৰিমাণৰ কফি খায় নেকি?:

অধিক পৰিমাণৰ কফি খালে কফিত থকা কেফেইনে ৰক্তচাপ বঢ়াই, বৃক্কৰ ওপৰত অতিৰিক্ত চাপ দিয়ে। তেনেস্থলত বৃক্ক ক্ষতিগ্ৰস্ত হয়।

১১) আপুনি ভোজনৰসিক নেকি?:

বিজ্ঞানীসকলে ঘোষণা কৰিছে যে যিসকল ব্যক্তিয়ে দৈনিক ২২০০ কেলৰিতকৈ অধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰে, তেনে ব্যক্তিসকলৰ বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা ৪২ শতাংশ বৃদ্ধি পায়। দেখা গৈছে- শকত লোকসকলে বহুত বেছি পৰিমাণৰ চেনি, নিমখ আৰু প্ৰ’টিন গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। যিসকলে এনে ধৰণৰ খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংযমী হয়, প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰে, ভালকৈ শুব পাৰে, তেওঁলোকৰ বৃক্ক সুস্থ হৈ থাকিব।

উৎস: সাদিন।


গাঁঠিৰ বিষ? হতাশ নহ’ব

 

বাৰ্ধক্যৰ আগমনৰ আনুষংগিকভাৱে মানৱ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰত বিষ-যন্ত্ৰণা ইত্যাদি নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। ইয়াৰে ভিতৰত আঁঠুৰ বিষ বিশেষভাৱে উল্লেখনীয়। এনে হ’লে সৰহভাগ মানুহেই মালিচ লয় আৰু দৰৱ খায়। কেতবোৰ নিয়ম মানি মালিচ কৰিলে উপসৰ্গটি প্ৰশমিত হয়। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো বিষনাশক দৰব খাব নালাগে। অন্যথা মাৰাত্মক ফলাফলে দেখা দিব পাৰে।

এই কথাষাৰ মই এইবাবেই আৰম্ভণিতে ক’লো যে অষ্টিঅ’ আৰ্থ্ৰাইটিছত আক্ৰান্ত ৰোগীসকলৰ এই বুজন সংখ্যকেই নিজেই দৰব কিনি খাবলৈ আৰম্ভ কৰে। অৰ্থাৎ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। প্ৰতিটো দৰবৰে পাৰ্শ্ব প্ৰতিক্ৰিয়া আছে আৰু ইয়াৰে কেতবোৰ ক’বলৈ গ’লে গুৰুতৰ ধৰণৰ। এনে পাৰ্শ্ব প্ৰতিক্ৰিয়াত আক্ৰান্ত হোৱাৰ মুহুৰ্তত সেইষাৰ ইংৰাজী আপ্তবাক্য ৰোগীজনে হাড়ে-হিমজুৱে উপলব্ধি কৰিবলৈ বাধ্য হয় বুলি মই ভাবো- “The cure is often worse than the disease itself” আঁঠুৰ বিষ যদিহে অত্যন্ত বেছি হয়-ইমানেই বেছি যে, ৰোগীয়ে নিজৰ দৈনন্দিন কাম-কাজ কৰাৰ ক্ষেত্ৰত ভালেখিনি অসুবিধা লাভে, তেনেহ’লে ৰোগীজনক চিকিৎসকে পৰিস্থিতি অনুধাৱন কৰি নিশ্চয়কৈ বিষনাশক দৰব দিবই। এইক্ষেত্ৰত পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ দিশটো সাময়িকভাৱে উলাই কৰিলেও দীৰ্ঘকালীন দৰবৰ ব্যৱহাৰৰ ফলশ্ৰুতিৰূপে নানা উপসৰ্গই দেখা দিব পাৰে। নিৰাপদে আঁঠুৰ বিষৰ উপশমৰ বাবে কেতবোৰ ব্যায়াম কৰা অতি দৰকাৰী।

প্ৰকৃততে আঁঠু হৈছে এটা সন্ধি বা গাঁঠি-য’ত নেকি দুডাল হাড় মিলিত হয়। এই গাঁঠিটোক টানকৈ ধৰি ৰাখে কেতবোৰ মাংসপেশী বা muscle আৰু লিগামেন্ট বা সন্ধিবন্ধনীয়ে। ৰোগীৰ মাংসপেশীবোৰ মজবুত কৰি তোলা অতিকৈ জৰুৰী হৈ পৰে। কাৰণ এই মাংসপেশীবোৰেই হৈছে আঁঠুৰ ছাপ টিং ষ্ট্ৰাকচাৰ অৰ্থাৎ পেশীবোৰে আঁঠুৰ শক্তি প্ৰায় স্বাভাৱিক অৱস্থাত ৰাখে। গতিকে যদিহে পেশীবোৰ দুৰ্বল হয়, তেনেহ’লে ৰোগীৰ আঁঠুৰ নানা সমস্যাই দেখা দিব পাৰে। সেয়েহে এইবোৰ মজবুত কৰাৰ উদ্দেশ্য বিভিন্ন ধৰণৰ ব্যায়াম কৰা দৰকাৰ হৈ পৰে। ৰোগীৰ আঁঠুৰ পেশী মজবুত হ’ল বিষ দূৰ হোৱাৰ উপৰি আঁঠুটোও বেছ মজবুত হৈ পৰে।

এইক্ষেত্ৰত কেতবোৰ যোগাসন কৰিব পাৰি, যিবোৰ নেকি বিজ্ঞানসন্মত বুলি আজিকালি বিশেষজ্ঞসকলেও স্বীকাৰ কৰিছে।

আজি কিছুদিনৰ আগতে ‘আমেৰিকান কলেজ অব্‌ কছমেটোল’জী নামৰ সংস্থাটোৰ নতুন গাইডলাইনখিনি এখন আলোচনীত পঢ়িবলৈ পালো। তাত এনেদৰে উল্লেখ কৰা হৈছে- ‘Staying active and losing weight are amount the best ways of alleviate the osteo arthritis pain’. (অষ্টিঅ’ আথ্ৰাইটিছৰ ফলত হোৱা বিষৰ প্ৰশমনৰ বাবে সৰ্বোত্তম উপায় হ’ল ৰোগীয়ে নিজকে দৈহিকভাৱে সক্ৰিয় কৰি ৰখা আৰু ওজন হ্ৰাস কৰা)। তদুপৰি তাত এনেদৰে পুনৰায় উল্লেখ কৰা হৈছে- ‘আঁঠু আৰু কঁকালৰ অষ্টিঅ’ আথ্ৰাইটিছ ৰোগ চিকিৎসাৰ বাবে ১৯৯৫ চনতে যিখিনি পৰামৰ্শ দিয়া হৈছিল এতিয়া এই নিৰ্দেশিকাখিনিয়ে তাক পুনৰ সংশোধন কৰিবলৈ লোৱা শেহতীয়া গৱেষণাক এক নতুন দৃষ্টিৰে নিৰীক্ষণ কৰিছে। অষ্টিঅ’আথ্ৰাইটিছ হৈছে এনে এক ৰোগ, যিবিধ নেকি সন্ধিত থকা কাৰ্টিলেজৰ ধ্বংসীভৱনৰ ফলত উদ্ভৱ হয়। গতিকে শেহতীয়াভাৱে সংশোধিত পৰামৰ্শৱলীয়ে সন্ধিৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবলৈ ব্যায়াম আৰু ওজন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

গতিকে এটা অনস্বীকাৰ্য যে, যিকোনো আথ্ৰাইটিছ আৰু অষ্টিঅ’ আথ্ৰাইটিছ ৰোগৰ বাবে ব্যায়াম কৰা বৰ দৰকাৰী। ব্যায়ামৰ ফলত মেদবহুলতা হ্ৰাস পোৱাৰ উপৰি অস্থিসন্ধিৰ নমনীয়তা অটুট ৰাখিব পাৰি। লগতে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰি। ৰোগীৰ অস্থিসন্ধি টান হৈ গ’লেও আৰু অস্থিসন্ধিৰ বিষত ৰোগীয়ে অসুবিধা পালেও অস্থিসন্ধি সচল ৰাখিব লাগিব। সেয়েহে নিয়মীয়াকৈ ব্যায়াম কৰা বৰ দৰকাৰ।

ব্যায়াম বুলিলেই ৰোগীয়ে ভয় খাব নালাগে। ব্যায়ামকাৰীসকলে কাহানিও তেনে গুৰু ধৰণৰ ব্যায়াম কৰাৰ দৰকাৰ নাই। লাহে লাহে নিয়ন্ত্ৰিতভাৱে অংগ চালনা কৰিব পাৰিলেই যথেষ্ট। তেনে ব্যায়াম ৰোগীয়ে শুই বা বহিয়েই আৰাম কৰিয়েই কৰিব পাৰিব। বিশেষজ্ঞসকলে এই সন্দৰ্ভত এনেদৰে কৈছে- আনকি অত্যন্ত সৰলতম আৰু আটাইতকৈ উজু ধৰণৰ ব্যায়ামেই ৰোগীৰ বাবে অত্যন্ত উপকাৰী হৈ পৰে। ই ৰোগীৰ গাঁঠি, মাংসপেশী আৰু হাড়বোৰ শক্তিশালী, সক্ৰিয় আৰু স্বাস্থ্যৱান কৰি ৰাখে। এনে ধৰণৰ ব্যায়াম কৰা হেতুকে কষ্ট খাব নালাগে বা ফোপনি নুঠে বা শৰীৰৰ ঘামো নিৰ্গত নহয়।

ৰোগীৰ আঁঠুত যদিহে এনেধৰণৰ বিষৰ উৎপত্তি হয় যে, তেওঁৰ বাবে ব্যায়াম কৰা অসম্ভৱ হৈ পৰে- তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দৰব খাই বিষ কমাব লাগিব আৰু তাৰ পিচতহে ব্যায়াম আৰম্ভ কৰিব লাগিব। প্ৰাৰম্ভিক পৰ্য্যায়ত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয় (ব্যায়াম কৰাৰ ক্ষেত্ৰত)।

ব্যায়াম আৰম্ভ কৰাৰ পিচত নকৈ বিষৰ উৎপত্তি হ’ব পাৰে। ৰোগীৰ শৰীৰৰ অনভ্যস্ততাৰ হেতুকে এনেদৰে বিষাব পাৰে। এনেদৰে বিষৰ উৎপত্তি হ’লেও ব্যায়াম কৰা বন্ধ কৰিব নালাগে। ফলত দেখা যাব যে অনতি পলমে বিষ নিবাৰণ হৈছে।

ব্যায়াম কৰাৰ পূৰ্বে কেতবোৰ সতৰ্কতা অৱলম্বন কৰা দৰকাৰ। এই সন্দৰ্ভত তলত উল্লেখ কৰিলোহঁক-

১) মল-মূত্ৰৰ ৰোগীসকলে অসুখীয়া অৱস্থাত ব্যায়াম কৰিব নালাগে। ব্যায়াম কৰাৰ পূৰ্বে নাক আৰু ডিঙি পৰিষ্কাৰ কৰা ভাল।

২) সদায়েই দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে ব্যায়াম কৰিব লাগে।

৩) ব্যায়ামৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুফেৰা হৈছে-ধৈৰ্য, শৃংখলা, আত্মবিশ্বাস আৰু অধ্যৱসায়। ব্যায়াম কৰিবলৈ আৰম্ভ কৰাৰ পিচৰে পৰাই সুফল লভিবলৈ কেতিয়াও আশা কৰিব নোৱাৰি। নিশ্চয়কৈ কিছু সময়ৰ দৰকাৰ হ’ব।

৪) ব্যায়াম কৰাৰ সময়ত কাহানিও বেলিৰ পোহৰৰ পিনে মুখ কৰি বহিব নালাগে। তদুপৰি শৰীৰটো চেঁচা পৰা হেন অনুভূত হ’লেই ব্যায়াম শেষ কৰিব লাগে, শৰীৰটি কিছু কণ্ডিচন কৰি জিৰাই-মেলি পুনৰ ব্যায়াম কৰা দৰকাৰ।

৫) মুকলি ঠাই বা বতাহ চলাচল কৰা ঘৰতহে ব্যায়াম কৰিব লাগে।

৬) ব্যায়াম কৰাৰ সময়ত বিজুলী পাংখা ব্যৱহাৰ কৰাটো ৰোগীৰ ওপৰত নিৰ্ভৰশীল। মনত ৰখা ভাল যে, গৰমতহে ভাল ব্যায়াম হয়। কিয়নো গৰমত শৰীৰৰ পেশীবোৰ শিথিল হৈ পৰে আৰু ফলত লৰচৰ কৰা উজু হৈ পৰে।

৭) ব্যায়াম কৰাৰ সময়ত কথা পাতি বা কৈ থাকিব নাপায়- মনতে ব্যায়ামৰ বাদে অন্য একো কথা ভাবিব নালাগে। ৰোগীয়ে নিজৰ মন-প্ৰাণ ব্যায়ামতেই নিবদ্ধ কৰিব লাগে।

৮) ব্যায়াম কৰাৰ সময়ত মুখৰ মাংসপেশী, কাণ আৰু চকুৰ ওপৰত যাতে অযথা কোনো চাপ নপৰে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে।

৯) নিতৌ ব্যায়াম কৰিব লাগে- অৱশ্যে অসুখ-বিসুখ বা কিবা অনিবাৰ্য কাৰণবশত যদিহে কোনোবা দিনাখন বাদ যায়, তেনেহ’লে সেইটো সুকীয়া কথা।

১০) যদিহে সঠিকভাৱে ব্যায়াম কৰা যায়, তেনেহ’লে তাৰ সুফল অনতিপলমেই পোৱা যায়।

লিখক: ডা: মিহিৰ কুমাৰ গোস্বামী, সাদিন।


চেৰিব্ৰেল পালচী

 

চেৰিব্ৰেল পালচী আজিৰ দিনত এটা অতিকে সঘনাই শুনিবলৈ পোৱা বিকাৰ। আজিৰ এইটো যেন এটা পৰিচিত শব্দ হৈ পৰিছে। আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগতে হয়তো এইটো শব্দ সঘনাই শুনিবলৈ পোৱা নগৈছিল। কিয় হয় এই চেৰিব্ৰেল পালচী?

চেৰিব্ৰেল মানে মস্তিস্কৰ এনে কিছুমান অংশ যিয়ে মানুহৰ চলন-ফুৰণ, চিন্তাধাৰা, ইচ্ছা-অনিচ্ছা সকলোখিনি নিৰ্ধাৰণ কৰে। যেতিয়া কোনো কাৰণত মস্তিস্কৰ সেই অংশটো পেৰেলাইছিছ বা পক্ষাঘাত আক্ৰান্ত হয়, তেতিয়া তাৰ দ্বাৰা পৰিচালিত সেই সকলোবোৰ কামত বিসংগতি দেখা যায়। এজন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত যেতিয়া চেৰিব্ৰেল এটেক্‌ হয় অথবা ষ্ট্ৰোক হয়, তেতিয়া মানুহজনৰ পূৰ্বৰ চলন-ফুৰণ সলনি হয়। চিন্তাধাৰা বিঘ্নিত হয় আৰু তেওঁ আগৰ দৰে কাৰ্যক্ষম হৈ নাথাকেগৈ। মস্তিস্কৰ কোন অংশকেইটা প্ৰভাৱিত হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰে, শৰীৰৰ কোনকেইটা অংগ পেৰেলাইছিছ অথবা দুৰ্বল তথা অক্ষম হ’ব।

এটা শিশুৰ ক্ষেত্ৰত বিষয়টো অলপ ব্যতিক্ৰম, যিহেতু জীৱনৰ প্ৰাক্‌ক্ষণতে যেতিয়া শিশু এটিৰ চেৰিব্ৰেল পালচী হয়, তেতিয়া শিশুটিৰ কোনো স্বকীয় চলণ-ফুৰণৰ ধৰণ তথা চিন্তাশৈলী নাথাকে। ফলত এইক্ষেত্ৰত অৱনতিৰ প্ৰশ্নটো নাহে। ইয়াত শিশুটিৰ বিকাৰ যিটো সাধাৰণ ধাৰা সেইটোৱে সলনি হৈ যায়।

শিশু এটি জন্মৰ লগে লগে কিছুমান ৰিফ্লেক্স শৰীৰত লৈ আহে, যি শিশুটিক প্ৰয়োজনীয় সাময়িক চলমানত তথা শাৰিৰীক গতি-বিধি প্ৰদান কৰে। যেনে জন্মৰ পাচতে থকা roating & sucking primitive reflex, যিয়ে শিশুটিৰ যেতিয়া মাকৰ স্তন আহি গালত লাগে মুখখন মাকৰ ফালে ঘূৰাই দিয়ে তথা যেতিয়া মাকৰ নিপ্‌ল আহি ওঁঠত লাগে, শিশুটিয়ে নিপ্‌লটো মুখত লৈ চুপি গাখীৰ খাবলৈ শিকে। যিটো সম্ভৱ মাথোঁ Reflex কেইটি থকাৰ বাবে, নহ’লে এটি শিশুৱে জন্মৰ পাচত মাকৰ গাখীৰ খাব নোৱাৰিলেহেঁতেন। তেনে বহুতো ৰিফ্লেক্স থাকে, যি প্ৰতিটো সাধাৰণ শিশুৰ লাহে লাহে শাৰীৰিক বিকাশত সহায় কৰে। ৰিফ্লেক্সসমূহৰ এটা নিৰ্ধাৰিত সময় থাকে, যাৰ ভিতৰত ৰিফ্লেক্সসমূহ দেখা দিয়ে আৰু যেতিয়া এই ৰিফ্লেক্সসমূহ যি কৰ্মৰ বাবে দায়ী, সেই কৰ্ম যেতিয়া শিশুটিয়ে নিজ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পৰা হয়, তেতিয়া ৰিফ্লেক্সসমূহ নোহোৱা হৈ যায়। যাক কোৱা হয় ৰিফ্লেক্স ইনটিগ্ৰেচন। যেতিয়া মস্তিস্কৰ বিকাৰৰ বাবে এই ৰিফ্লেক্সসমূহ সঠিক সময়ত interare হ’ব নোৱাৰে, তেতিয়াই সাধাৰণ এটি শিশুৰ বাবে নৰ্মেল তথা আৱশ্যকীয় এই ৰিফ্লেক্সসমূহ চেৰিব্ৰেল পালচীৰ দ্বাৰা আক্ৰান্ত এটি শিশুৰ বাবে হৈ পৰে শাৰীৰিক উন্নতিৰ বাধাস্বৰূপ। যিমানে এই ৰিফ্লেক্সসমূহ ইনটিগ্ৰেট হওঁতে পলম হয় সিমানে সি শিশুটিক শাৰীৰিক অক্ষমতাৰ দিশে আগুৱাই দিয়ে। গতিকে যিমানে সোনকালে পাৰি এই ৰিফ্লেক্সসমূহ ইনটিগ্ৰেট্‌ কৰাই শিশুটিক এক সাধাৰণ জীৱনশৈলী দিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ বাবে অতিকে প্ৰয়োজনীয় তথা নিৰ্ভৰযোগ্য চিকিৎসা পদ্ধতি হৈছে অকিউপেননেল থেৰাপী।

অসমৰ বাহিৰত বহুলভাৱে ‘অকিউপেচনেল থেৰাপী’ চিকিৎসা এই শিশুসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যদিও তথ্য তথা দক্ষ ব্যক্তিৰ অভাৱত অসমত থকা এনে শিশুসকলৰ অভিভাৱকসকল এই চিকিৎসাৰ বিষয়ে অৱগত নহয়। অকিউপেচনেল থেৰাপীত ডেভলপমেন্টেল থেৰাপী, ৰিফ্লেক্স ইনহিবিচন থেৰাপী, কনচ্‌ট্ৰেনট ই নডিউদচ্‌ মুভমেন্ট থেৰাপী, চেন্‌চেৰী ইনটিগ্ৰেচন থেৰাপী, মিৰ’ৰ থেৰাপী আদিৰ যোগেদি শিশুটিক ব্যৱহাৰিক চিকিৎসা তথা কাৰ্যক্ষমতা প্ৰদান কৰা হয়।

‘চেৰিব্ৰেল পালচী’ শিশু এটিৰ চিকিৎসাৰ ক্ষেত্ৰত সকলোতকৈ প্ৰয়োজনীয় হৈছে খৰতকীয়া হস্তক্ষেপ মানে যিমান পাৰি সৰু অৱস্থাতে আৰু যিমান সোনকালে সম্ভৱ চিকিৎসা আৰম্ভ কৰা, যিমান কম বয়সত শিশুটিৰ চিকিৎসা আৰম্ভ হয়, সিমানেই সুফল কামনা কৰিব পৰা যায়। কিন্তু অভিভাৱকসকলে যেতিয়ালৈকে বুজি পায় তথা অৱগত হয় শিশুটিৰ এই ৰোগৰ বিষয়ে তেতিয়ালৈ বহুত পলম হৈ যোৱা সাধাৰণতে দেখা পোৱা যায়। কোনো কোনো ক্ষেত্ৰত উচিত চিকিৎসাৰ অভাৱতো প্ৰায়ে শিশুটি অক্ষম হৈ পৰা দেখা যায়। তলত এনে কিছুমান লক্ষণৰ বিষয়ে ক’ব বিচৰা হৈছে, যাৰ দ্বাৰা এটি শিশুৰ অনাগত এই ৰোগৰ বিষয়ে অভিভাৱকসকলে আগতেই সাৱধানতা ল’ব পৰা হয়।

চেৰিব্ৰেল পালচী হোৱাৰ কাৰণসমূহ সাধাৰণতে গৰ্ভাৱস্থাৰ সময়ত, জন্মৰ সময়ত নতুবা জন্মৰ পাচত যিকোনো পৰিস্থিতিতে হ’ব পাৰে।

গৰ্ভাৱস্থাত

  • যদি মাতৃগৰাকীৰ থাইৰয়দ গ্লেনড্‌ৰ কোনো ৰোগ থাকে, উচ্চ ৰক্তচাপ থাকে, মধুমেহ ৰোগ থাকে অথবা গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি মানসিক কোনো অচলাৱস্থা থাকে।
  • যদিহে গৰ্ভাৱস্থাৰ সময়ত বসন্ত, জণ্ডিছ তথা আন কোনো সংক্ৰমিত ৰোগ হয়।
  • যদিহে মাতৃগৰাকীৰ গৰ্ভাৱস্থাৰ সময়ত ৰক্তক্ষয় হয়।
  • যদিহে শিশুটিৰ জন্মৰ আগতেই গৰ্ভাশয়ৰ পানী ওলাই যায়।
  • যদিহে খুব দীঘলীয়া প্ৰসৱবেদনা হয়।

জন্মৰ সময়ত

  • যদিহে শিশুটি Premature delivery হয়, অৰ্থাৎ ৩২ সপ্তাহৰ আগতেই শিশুটিৰ জন্ম হয়।
  • যদিহে শিশুটিৰ ওজন অতিমাত্ৰা কম হয়। (ডেৰকিলো বা তাতকৈ কম)।
  • যদিহে জন্মৰ পাচত পলমকৈ কান্দে।
  • যদিহে সাধাৰণ প্ৰক্ৰিয়াৰে জন্ম নহয় মানে শিশুটি যদিহে ওলোটাকৈ গৰ্ভাশয়ত থাকে, যাক কোৱা হয় ব্ৰিচ ডেলিভাৰী, য’ত শিশুটিৰ মূৰটো ওপৰলৈ তথা ভৰি দুখন তললৈ থাকে আৰু যদিহে শিশুটিক ফ’ৰচেপ ডেলিভাৰী কৰোৱা হয়।

জন্মৰ পাচত

  • যদিহে জন্মৰ পাচত অতিৰিক্ত জণ্ডিছ ধৰা পৰে।
  • যদিহে সৃণীৰোগ থাকে।
  • যদিহে অক্সিজেন দিবলগীয়া হয়।
  • যদিহে স্বামজাতীয় ৰোগ তথা নিউমনীয়া থাকে।
  • যদিহে মূৰটো জোখতকৈ সৰু বা ডাঙৰ।
  • যদিহে শিশুটিয়ে গৰ্ভাৱস্থাত থকাৰ সময়ত নিজৰ মল-মূত্ৰ সেৱন কৰে, যাক কোৱা হয় মেক’নিয়াম ইনজেচন্‌।

বংশানুক্ৰমিক কাৰণ

  • যদিহে পৰিয়ালত তথা বংশত আগতে এনে কোনো শিশু জন্ম হৈছে। ডাউনচ্‌ চিনড্ৰম, ‘চেৰিব্ৰেল পালচী আদিৰ দ্বাৰা আক্ৰান্ত আছিল।

এনে উপৰি উক্ত পৰিস্থিতি যদি পৰিলক্ষিত হয়, তেনেহ’লে অভিভাৱকসকল নিজে সাৱধান থকা উচিত তথা অতি সূক্ষ্মভাৱে শিশুটিৰ দৈনন্দিন শাৰীৰিক লক্ষণসমূহ নজৰ দিয়া উচিত। শিশুটিয়ে সাধাৰণ শিশুৰ দৰে চাইছেনে নাই, হাত-ভৰি লৰচৰ কৰিছেনে নাই, মাত শুনিলে সেইফালে চাবলৈ চেষ্টা কৰিছেনে নাই আদি।

উপৰি উক্ত কাৰণসমূহ থাকিলেই যে কোনো শিশুৰ চেৰিব্ৰেল পালচী তথা C-P থাকিব সেইটো আৱশ্যকীয় নহয়, কিন্তু অভিভাৱকসকল সাৱধান থাকিব পাৰে, যাতে যদিহে কোনো ডেভেলপমেন্টেল ডিলে বা বিকাশত পলম হয় অৰ্থাৎ যদিহে শিশুটি আন সাধাৰণ শিশুৰ দৰে তিনি-চাৰি মাহৰ ভিতৰত ডিঙিটো সমানকৈ ধৰি ৰাখিব পৰা নহয়, চাৰি-ছয় মাহৰ ভিতৰত উবুৰি হ’ব নোৱাৰে, ছয়ৰ পৰা আঠমাহৰ ভিতৰত বহিব নোৱাৰে, তেনেহ’লে তাৎক্ষণিকভাৱে অকিউপেচনেল থেৰাপী আৰম্ভ কৰা উচিত। এনে কৰিলে শিশুটিক পিচপৰি নোযোৱাকৈ অতি সাধাৰণভাৱে আন সমবয়সীয়া ল’ৰা ছোৱালীৰ লগত আগুৱাই নিব পৰা যায় তথা অক্ষমতাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

অকিউপেচনেল থেৰাপী চিকিৎসাৰ বিষয়ে জানিবলৈ তথা এই চিকিৎসাৰ বাবে যোগাযোগ কৰিব পাৰে।

লিখক: ডা: সংগীতা শৰ্মা, সাদিন।

 

 

শিশুটিক আত্মবিশ্বাসী কৰি তোলক


আপুনি নিশ্চয় আপোনাৰ শিশুটিক আত্মবিশ্বাসী কৰি গঢ়ি তুলিবলৈ বিচাৰে, কাৰণ আপোনাৰ কাষে-পাঁজৰে থকা এনে বহুত প্ৰাপ্তবয়স্ক ব্যক্তিকো দেখিছে, যিসকলে আত্মবিশ্বাস নথকাৰ কাৰণে হীনমন্যতাত ভুগিব লাগিছে, কিছুমান সৰু-সুৰা কামৰ ক্ষেত্ৰতো তেনে লোকে আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈ লোকচক্ষুত হাঁহিয়াতৰ পাত্ৰ হৈছে। পিচে এনে হীনমন্যতাই মানুহৰ মনৰ মাজত একেদিনাই গঢ় লৈ নুঠে, সৰু কালৰে পৰা ধীৰে ধীৰে এই স্বভাৱটোৱে গঢ় ল’বলৈ আৰম্ভ কৰে। মনৰ মাজত গঢ় ল’ব পৰা হীনমন্যতাক আতঁৰাই আপুনি আপোনাৰ শিশুটিক কেনেধৰণে আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব তাৰে কেইটামান উপায় তলত দিয়া হ’ল:

শিশুটিক হাৰি যাবলৈ দিয়ক

এইটো অতিশয় স্বাভাৱিক যে, কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশু সন্তানটি যাতে কোনো ক্ষেত্ৰত হাৰি নাযায় তাৰ প্ৰতি অনবৰতে সজাগ হৈ থাকে। এইটো সঁচা যে, পঢ়া-শুনা, খেলা-ধূলা, সংগীত আদিৰ ক্ষেত্ৰত বা প্ৰতিযোগিতা কিছুমানত হাৰি গ’লে শিশুটিয়ে মনত বেজাৰ পায়। যদিহে সঁচা অৰ্থত আপুনি শিশুটিৰ আদৰ্শৱান পিতৃ-মাতৃ, তেন্তে শিশুটি হাৰি গ’লেও তাত বৰ গুৰুত্ব দি শিশুটিক মনোকষ্ট নিদিয়ে যেন। সদায় মনত ৰাখিব যে, মানুহে এবাৰ হাৰিলেহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহস গোটাব পাৰে। বিপদত পৰিলে মানুহৰ মানসিক শক্তি বাঢ়ি যায়। সেয়ে কোনোবা পৰিস্থিতি বা প্ৰতিযোগিতাত হাৰি যোৱাৰ পিচত শিশুটিয়ে কন্দা-কটা মন বেয়া কৰি থকা দেখিলে শিশুটিক পুনৰ সেই পৰিস্থিতিৰ মুখামুখি হ’বলৈ উপদেশ দিয়ক, প্ৰেৰণা যোগাওক, পিচৰবাৰ পুনৰ হাৰিলেও তাক নিৰুৎসাহ নকৰিব। দেখিব যে, শিশুটিৰ জিদ্‌, মানসিক শক্তি বাঢ়ি গৈছে আৰু বাৰে বাৰে চেষ্টা কৰাৰ পিচত সি এবাৰ সফল হ’ব পাৰিছে। এনেক্ষেত্ৰত নানা প্ৰাণী আদি যেনে মকৰাৰ উদাহৰণ দিয়ক, কাৰণ মকৰাই বহুবাৰ বিফল হ’লেও বাৰে বাৰে চেষ্টা কৰি জালখন ঠিকমতে লগাবলৈ সক্ষম হয়।

সিদ্ধান্ত ল’বলৈ দিয়ক

আমাৰ দেশত পিতৃ-মাতৃসকলে সন্তানটিক অনবৰতে আৱৰি থাকিবলৈ চেষ্টা কৰে। তেওঁলোকৰ সপোনবোৰ পূৰাবলৈ সন্তানক ব্যৱহাৰ কৰে। সন্তানে কি কৰিব বা কি নকৰিব সেই বিষয়ে তাক নিজাকৈ সিদ্ধান্ত ল’বৰ কাৰণে শিশু সন্তানক অনুপযুক্ত বুলি আগতেই ধাৰণা কৰি লয়। বহুতো ক্ষেত্ৰত পিতৃ-মাতৃয়ে সন্তানে নিবিচৰা সিদ্ধান্তকো সন্তানৰ ওপৰত জাপি দিয়ে। ছবি আঁকি ভাল নোপোৱা শিশুটিক আৰ্ট স্কুললৈ পঠিওৱা, টেনিছ খেলি আনন্দ নোপোৱা শিশুটিকো জোৰকৈ টেনিছ খেলোৱাৰ দৰে কামবোৰ শিশুটিক কৰি থাকিবলৈ দিয়া হয়, যাৰ শেষ পৰিণতি ভাল নহয়। সেয়ে আটাইতকৈ উত্তম হ’ব যদিহে পিতৃ-মাতৃয়ে নিজে নিজৰ মতে সিদ্ধান্ত নলৈ শিশুটিক কি কৰিলে ভাল পাব সেই বিষয়ে তাকেই সিদ্ধান্তটো গ্ৰহণ কৰিবলৈ দিয়ক। তাৰ পৰিণতিত আপোনাৰ সন্তানটিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ মানসিক শক্তি অৰ্জন কৰিব আৰু সিদ্ধান্ত লোৱাৰ পিছত কামটোৰ ফলাফল ভাল কৰিবলৈ সি নিজৰ পিনৰ পৰাই চেষ্ট চলাব।

আনক সহায় কৰিবলৈ অনুপ্ৰেৰণা দিয়ক

বহুক্ষেত্ৰত দেখা যায় সন্তানটিয়ে কিবা কামত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিলেও আপুনি তাত বাধা দিয়ে। আপোনাক কামত সহায় কৰি দিলেহে শিশুটিয়ে নানানটা কথা শিকিব পাৰিব। তদুপৰি আপোনাক ঘৰুৱা কাম অথবা বাগিচাৰ কামত সহায় কৰি থাকিলে শিশুটিৰ মনত আত্মবিশ্বাসো বাঢ়ি যায়। ঘৰখনেই হৈছে শিক্ষাৰ মূল। সেয়ে শিশুটিক বহুত কাম ঘৰতেই শিকাবলৈ চেষ্টা কৰক। এইক্ষেত্ৰত শিশুটিয়ে বহুতো কাম কৰিবলৈ যে শিকিবলৈ তাৰ ফলত শিশুটিৰ মনত প্ৰতিযোগিতাৰ ভাবৰো সৃষ্টি হ’ব। শিকাৰ প্ৰতিও আগ্ৰহ বাঢ়ি যাব, নিজকে গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ধৰি লৈ কামবোৰ মনোযোগেৰে কৰিব। তদুপৰি আজি যদি সি পিতৃ-মাতৃক কাম-কাজত সহায় কৰিবলৈ শিকে, ভৱিষ্যতে সি আনকো সহায় কৰিবলৈ আগবাঢ়ি যাব। আনক সহায় কৰিলে যে আনন্দ পোৱা যায়, সেই কথাও অনুভৱ কৰিবলৈ সক্ষম হ’ব।

প্ৰত্যাহ্বান জনাওক

ঘৰুৱা কাম কৰোতে অথবা খেলা-ধূলা কৰোতেও শিশুটিক প্ৰত্যাহ্বান জনাওক। প্ৰত্যাহ্বান জনালে, চেলেঞ্জ কৰিলে শিশুটিয়ে তাৰ শক্তিৰে কামটো ভালকৈ কৰিবলৈ নতুবা খেলটো আগতকৈ বেছি মনোযোগেৰে খেলিবলৈ চেষ্টা কৰিব। উদাহৰণ স্বৰূপে, কোনে কিমান সোনকালে তিতা বাচন মচিব পাৰে, গাড়ী বা বাইকখনৰ কিমানখিনি ঠাই সোনকালে মচিব পাৰে, বাগিচাত কিমানটা গছপুলি ভালকৈ ৰুব পাৰে, তেনে সৰু-সুৰা কাম কৰোতে শিশুটিক প্ৰত্যাহ্বান জনাব পাৰে। সেইদৰে কেৰম, টেবুল টেনিছ, ক্ৰিকেট আদি খেলতো প্ৰত্যাহ্বান জনালে শিশুটিৰ মনৰ শক্তি বাঢ়ি যায়, মনোযোগ একত্ৰিত কৰিব আৰু জিকি গ’লে নিজৰ ওপৰতো আত্মবিশ্বাস বাঢ়ি গৈ থাকিব। তদুপৰি শিশুটিয়ে যদি কামটো বেছ ভালকৈ কৰিছে যেনে ঘৰত সজোৱা পিতলৰ পুতলা এটা মচি বা ধুই চিক্‌মিকিয়া কৰি তুলিব পাৰিছে, খেলত সফল হ’ব পাৰিছে, তেন্তে তাক কেইবাবাৰো অভিনন্দন জনাওক। দেখিব শিশুটিয়ে উৎসাহিত অনুভৱ কৰিছে, আত্মবিশ্বাস বাঢ়ি গৈছে।

দায়িত্ব ল’বলৈ দিয়ক

কিছুমান ঘৰুৱা সৰু-সুৰা কামৰ দায়িত্ব দিয়ক, যেনে নিজৰ পঢ়া মেজখন পৰিষ্কাৰ কৰা, নিজৰ পোছাক, জোতা, খেল-ধেমালিৰ বস্তু চিজিল লগাই ৰখা কামবোৰ কৰিবলৈ দিয়ক। খেল-ধেমালি কৰোতে নিজৰ সৰু ভনীৰ প্ৰতি চকু দিবলৈ শিকাওক। দোকানৰ পৰা কিবা বস্তু পছন্দ কৰা, ঘৰলৈ অহা চিনাকি পাচলি বেপাৰীৰ পৰা ভাল পাচলি বাছি উলিওৱাৰ ক্ষেত্ৰত শিশুটিকো দায়িত্ব দিব। ভৱিষ্যতে বস্তু কিনাৰ ক্ষেত্ৰত সি সদায় সতৰ্ক হ’ব।

শিশুটিৰ হবি বা চখৰ প্ৰতি উৎসাহ জনাওক

ভিন ভিন শিশুৰ মনত কিছুমান হবি বা চখ থাকে। কোনোৱে ডাক-টিকট সংগ্ৰহ কৰি ভাল পায়, কোনোৱে কিতাপ পঢ়ি অথবা বাগিচাত কাম কৰিও ভাল পায়। শিশুটিক তাৰ হবিৰ প্ৰতি উৎসাহ জনাওক। হবি পালন কৰাত আপুনি নিজেও ডাক-টিকট সংগ্ৰহ কৰি ভাল পায়, কোনোৱে কিতাপ পঢ়ি অথবা বাগিচাত কাম কৰিও ভাল পায়। শিশুটিক তাৰ হবিৰ প্ৰতি উৎসাহ জনাওক। হবি পালন কৰাত আপুনি নিজেও ডাক-টিকট সংগ্ৰহ কৰি, কিতাপ কিনি, বাগিচাৰ কামত সহযোগ কৰি শিশুটিক অনুপ্ৰাণিত কৰক। তেনেক্ষেত্ৰত শিশুটিৰ নিজৰ ওপৰত বিশ্বাস বাঢ়ি যাব।

সন্তানৰ কথা শুনক

আপোনাৰ বাবে অতি সৰু যেন লগা কথাটোও সন্তানটিৰ কাৰণে বেছ গুৰুত্বপূৰ্ণ হ’ব পাৰে। তাৰ সমস্যাটো আপুনি প্ৰথমতে নিজে নুবুজিবও পাৰে। তথাপি আপুনি আপোনাৰ নিজৰ সকলো কাম অথবা নিজৰ সমস্যাবোৰক কিছু সময়ৰ কাৰণে আঁতৰাই ৰাখি শিশুটিয়ে কোৱা কথাবোৰ মনোযোগ দি শুনক। শিশুটিৰ কথবোৰ মনোযোগ দি শুনক। শিশুটিৰ কথাবোৰ কোনোবাই গুৰুত্ব সহকাৰে শুনা যেন দেখিলে শিশুটিৰ মনত আত্মবিশ্বাস বাঢ়ি যাব। তদুপৰি তাৰ কথাবোৰ কেৱল শুনি থাকিলেই নহ’ব, আপুনিও নিজৰ কিছুমান সৰু সমস্যাৰ কথা শিশুটিক জনাওক। যেনে গাড়ীখন চাফা কৰা নহ’ল, দৰকাৰী চিঠিখন বা ই-মেইল দিয়া নহ’ল, পঢ়ি থকা কিতাপখন পঢ়িবলৈ আজি সময় নাপালে অথবা সদায় আপুনি কৰি থকা ব্যায়ামকেইটা কিবা কাৰণত কৰা নহ’ল।

সঁচা কথাটো কৈ দিয়ক

হয়তো আপোনাৰ সন্তানটি কিবা কামত বা বিষয়ত পিচপৰি আছে। তাক কিছুমান সান্তনাসূচক কথা কৈ মন ভাল লগাবলৈ চেষ্টা নকৰাই ভাল। তাৰ সলনি আপুনি সঁচা কথা কওঁক; উদাহৰণস্বৰূপে সি যদি অংক বা গণিতত পিচপৰি আছে তাক ডাবি-ধমকি দিয়াৰ সলনি পুনৰ চেষ্টা কৰিবলৈ চাওক। অনুশীলন কৰিবলৈ দিয়ক। তাক কওঁক যে, সি চেষ্টা কৰিলে তাৰ লগৰীয়াতকৈ গণিতত আগবাঢ়ি যাব পাৰিব। সেইদৰে খেল-ধেমালিৰ ক্ষেত্ৰতো পূৰ্বতকৈ অধিক অনুশীলন কৰিবলৈ উপদেশ দিয়ক। তদুপৰি কোনবোৰ বিষয়ত পিচপৰি আছিল তাকো জনাব। পিচপৰি থকা ছাত্ৰ এজনেও যে, সময়ত লগৰবোৰতকৈ আগবাঢ়ি গৈ বিশ্ববিখ্যাত হ’ব পাৰিছে তাৰ উদাহৰণ দিবলৈ নাপাহৰিব।

শিশুটিক আনৰ সৈতে তুলনা নকৰিব

আপোনাৰ শিশুটিক আনৰ শিশুৰ সৈতে কোনো ক্ষেত্ৰতে তুলনা নকৰিব। তুলনা কৰিলে শিশুটিয়ে মনত কষ্ট পোৱাৰ উপৰি বিদ্ৰোহী হৈ উঠিব, মনৰ মাজত যি হীনমন্যতাৰ এন্ধাৰে ছানি ধৰিব, তাৰ পৰা সি হয়তো ভৱিষ্যতেও মুক্তি নাপাব। আত্মবিশ্বাসো কমি যাব। গতিকে নিজৰ ভালৰ বাবে চেষ্টা কৰিবলৈ কওঁক, কিছুমান লোকে আপোনাৰ শিশুটিতকৈ এসময়ত বেয়া অৱস্থা, পৰিস্থিতিত থকাৰ পিচত কেনেকৈ নিজৰ চেষ্টাৰ বলত শীৰ্ষ স্থানলৈ আহিব পাৰিলে সেই বিষয়েহে তাক জনাবলৈ চেষ্টা কৰক। সময় জ্ঞান থকা, পৰিশ্ৰমী লোকেহে যে উন্নতি কৰে সেইবোৰ উদাহৰণ দি জনাওক।

শিশুটিক পৰিয়ালৰ মাজত গুৰুত্বপূৰ্ণ স্থানত ৰাখক

শিশুটি বয়সত সৰু হ’লেও সি যে পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি তাক বুজিবলৈ দিয়ক। ঘৰুৱা কিছুমান সিদ্ধান্ত যেনে বাগিচাত কি কি ফুল বা শাক-পাচলি লগাব, কোঠা এটাৰ বস্তু, আচ-বাববোৰ কোন স্থানত ৰাখিব, কোঠাৰ ৰংটো কেনে হ’লে ভাল হ’ব, পোছাক পাতি কিনাৰ সময়ত শিশুটিৰো মতামত ল’ব। শিশুটিৰ কিছুমান কথাত একমত হ’ব নোৱাৰিলে তাৰ কাৰণবোৰ সুন্দৰকৈ বুজাই দিয়ক।

উৎস: সাদিন।

 

আয়োডিনক অৱহেলা নকৰিব

 

শৰীৰৰ আয়’ডিন হ্ৰাস পোৱাটো সমগ্ৰ বিশ্বতে এক স্বাস্থ্যগত সমস্যা। আয়’ডিন কমি যোৱা ঘটনাটোক চিকিৎসা বিজ্ঞানত থাইৰয়েড চিনড্ৰম বুলি কোৱা হয়। শৰীৰত আয়’ডিন হ্ৰাস পালে শৰীৰটোৰ ওপৰত কুপ্ৰভাৱ কিছুমান পৰে; শৰীৰত এক ভাগৰুৱা ভাব হয়, চুলিবোৰ ৰুক্ষ হৈ পৰে। অনবৰত টোপনিৰ ভাবে আমনি কৰি থাকে। আয়’ডিনৰ অভাৱ হ’লে শৰীৰটোত কিছুমান লক্ষণে দেখা দিয়ে। তলত সেই লক্ষণবোৰৰ বিষয়ে উল্লেখ কৰা হ’ল:

ক্লান্তি বা অৱসন্নতা

আয়’ডিন কমি গ’লে ৰোগীয়ে শাৰীৰিক ক্লান্তি অনুভৱ কৰে আৰু ৰোগীয়ে কোনো টান কাম, কঠিন পৰিশ্ৰম কৰিব নোৱাৰে।

পেশী টানি ধৰে

আয়’ডিন কমি যোৱাৰ আন এটা লক্ষণ হ’ল পেশীবোৰ টানি ধৰে যাক ক্ৰাম্প হোৱা বুলি কোৱা হয়। পেশী টানি ধৰাৰ ফলত ৰোগীয়ে লৰচৰ কৰোঁতে কষ্ট পায়।

শৰীৰত বিষ হয়

শৰীৰৰ বহুতো স্থানত বিষ অনুভৱ হয়। এনে বিষ নিয়মিতভাৱে দৰব খাই থাকিলেও আৰোগ্য নহয়। কেতিয়াবা এনে বিষ ইমানেই বাঢ়ি যায় যে, ৰোগীৰ সহ্যৰ সীমা পাৰ হৈ যায়।

টোপনিৰ ভাব

ৰোগীৰ মনত অনবৰতে টোপনিৰ ভাব থাকে। এনে অৱস্থাত ৰোগীৰ কৰ্মদক্ষতা নষ্ট হৈ পৰে।

ছালত খজুৱতি হয়

আয়’ডিনৰ অভাৱত ছালত খজুৱতি হয়, ছালখন শুকান হৈ পৰে।

চুলিবোৰ ৰুক্ষ হয়

ৰোগীৰ চুলিবোৰ ৰুক্ষ বা শুকান হৈ পৰে। ৰোগীয়ে চুলিত তেল সানিলেও কিছুসময়ৰ পাচত চুলিবোৰ পুনৰ শুকান হৈ পৰে আৰু চুলি সৰে।

ওজনৰ তাৰতম্য

আয়’ডিনৰ অভাৱত ৰোগীৰ ওজন খুব বাঢ়ি যাব পাৰে। কেতিয়াবা ৰোগীৰ ওজন দ্ৰুত গতিৰে কমিও যায়। ওজনৰ এই বঢ়া-টুটা স্বাস্থ্যৰ বাবে ক্ষতিকৰ।

ভৰি ফুলি উঠে

ৰোগীৰ ভৰি ফুলিব পাৰে, তেনেস্থলত চিকিৎসকৰ কাষ চাপি পৰামৰ্শ লোৱা উচিত।

নাৰীৰ বন্ধ্যাত্ব

নাৰীৰ ক্ষেত্ৰত আয়’ডিনৰ অভাৱ হ’লে নাৰীৰ বন্ধ্যাত্বইও দেখা দিব পাৰে অৰ্থাৎ বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

স্মৃতিশক্তি হ্ৰাস

যদি স্মৃতিশক্তি কমি যায় তেন্তে বুজিব লাগিব যে, শৰীৰত আয়’ডিনৰ অভাৱ ঘটিছে। গতিকে ডেকা বয়সত স্মৃতিশক্তি কমি গ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

আয়’ডিনৰ অভাৱৰ ফলত হোৱা সমস্যাবোৰ

আমাৰ শৰীৰত আয়’ডিনৰ বৰ প্ৰয়োজন আছে। স্বাস্থ্যৱান নিউৰ’লজিকেল আৰু এণ্ডোক্ৰাইনৰ বিকাশৰ ক্ষেত্ৰত আয়’ডিন হৈছে এক জৰুৰী উপাদান। শৰীৰত থাইৰয়েড প্ৰয়োজন হয়। সমীক্ষামতে দেখা গৈছে যে, পৃথিৱীৰ এক তৃতীয়াংশ লোকেই আয়’ডিনৰ অভাৱত ভুগি আছে। আয়’ডিনৰ অভাৱ হ’লে শৰীৰটোত বিভিন্ন সমস্যাই দেখা দিয়ে, সেই সমস্যাবোৰৰ বিষয়ে জানি লওঁ আহকচোন:

  • গয়টাৰ: আয়’ডিনৰ অভাৱ হ’লে থাইৰয়েড হৰম’নৰ উৎপাদনৰ ফলত থাইৰয়েড গ্লেণ্ড বাঢ়ি ডাঙৰ হৈ পৰে যাক গয়টাৰ বোলা হয়। তেনে অৱস্থাত ৰোগীয়ে ঢোক গিলোতে সমস্যা হয়, উশাহ-নিশাহ লোৱাত কষ্ট পায়, কন্ঠবোধ বা কথা কওঁতেও সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ ৰোগীয়ে শুই থকা অৱস্থাত এনে সমস্যাবোৰ দেখা দিয়ে।
  • হাইপ’থাইৰয়ডিজম: শৰীৰত যদি আয়’ডিনৰ মাত্ৰা কমি যায় তেন্তে তাৰ ফলত থাইৰয়েড হৰম’নৰ উৎপাদন ক্ৰিয়াৰ ওপৰত প্ৰভাৱ পৰে, কাৰণ থাইৰয়েড হৰম’ন উৎপাদনৰ ক্ষেত্ৰত আয়’ডিনৰ অতি প্ৰয়োজন হয়। হাইপ’থাইৰয়ডিজমৰ সাধাৰণ লক্ষণবোৰ হৈছে ৰোগীয়ে অতিপাতভাৱে অৱসাদত ভোগে আৰু ঠাণ্ডাৰ প্ৰতি ৰোগীজনৰ সংবেদনশীলতা বৃদ্ধি পায়।
  • গৰ্ভধাৰণৰ ক্ষেত্ৰত জটিলতা: বহুতেই গম নাপায় যে, গৰ্ভধাৰণ আৰু সন্তানক দুগ্ধপান কৰোৱা নাৰীসকলৰ ক্ষেত্ৰত আয়’ডিনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত যদি আয়’ডিনৰ অতিশয় অভাৱ ঘটে তেন্তে গৰ্ভপাত, মৃত সন্তান, অপৰিণত প্ৰসৱ আৰু জন্ম হোৱা সন্তানৰ কিছুমান অস্বাভাৱিক অৱস্থাৰ বলি হয়। আনহাতে, মাতৃগৰাকীয়ে যদি মধ্যমীয়াভাৱেও আয়’ডিনৰ অভাৱত ভোগে তেন্তে সন্তানটিৰ বুদ্ধিমত্তা কম হ’ব পাৰে।
  • বাওনা সন্তানৰ জন্ম: মাতৃগৰাকীয়ে যদি আয়’ডিনৰ অতিশয় অভাৱত ভোগে তেন্তে তেওঁৰ থাইৰয়েড গ্ৰন্থি অকাৰ্যকৰী হৈ পৰে, যাৰ পৰিণতিত তেওঁৰ গৰ্ভজাত সন্তানটি বাওনা হৈ পৰাৰ সম্ভাৱনা থাকে। আমি জানো যে, বাওনাসকলৰ শাৰীৰিক বৃদ্ধি বাধাগ্ৰস্ত হয়, মানসিক প্ৰতিবন্ধকতাই দেখা দিব পাৰে। আনকি সন্তানটি বোবা-কলা হয় আৰু মগজুৰ স্থায়ী ক্ষতি হয়।
  • আংজাইটি: আয়’ডিন আৰু হৰম’নৰ ভাৰসাম্যৰ মাজত সম্পৰ্ক আছে। আয়’ডিনৰ অভাৱত ফলত হৰম’ন ৰিচেপ্টৰ বা গ্ৰাহকৰ কাম-কাজ আৰু যোগাযোগ ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী নহয়, যাৰ ফলত আংজাইটি সমস্যাই দেখা দিয়ে।
  • স্তনত টেমুনা বান্ধিব পাৰে: কানাডাৰ পৰা প্ৰকাশিত ‘কানাডিয়ান জাৰ্নাল অব্‌ চাৰ্জাৰি’ আলোচনীৰ প্ৰবন্ধত উল্লেখ কৰা হৈছে যে, আয়’ডিনৰ অভাৱ আৰু স্তন কেন্সাৰৰ মাজত সম্পৰ্ক আছে। আয়’ডিনৰ পৰিপূৰক গ্ৰহণ কৰাৰ ফলত ফাইব্ৰোচিষ্টিক স্তন ৰোগত ভোগা ৭০ শতাংশ ৰোগীৰ অৱস্থাৰ উন্নতি ঘটিছে। পিচে প্ৰবন্ধটিত এইটোও উল্লেখ কৰা হৈছে যে, এই বিষয়ে আৰু বহুত গৱেষণাৰ প্ৰয়োজন আছে।

আয়’ডিন থকা খাদ্যবোৰ

থাইৰয়েড গ্লেণ্ড বা গ্ৰন্থিৰ কাম-কাজ সঠিকভাৱে ৰখাৰ ক্ষেত্ৰত আমি আমাৰ শৰীৰত প্ৰয়োজনীয় আয়’ডিন নামৰ খনিজ পদাৰ্থবিধৰ অভাৱ হ’বলৈ দিব নালাগে। এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ১৫০ মাইক্ৰ’গ্ৰাম আয়’ডিন গ্ৰহণ কৰা উচিত। কিছুমান খাদ্যৰ জৰিয়তে আমি আমাৰ শৰীৰত আয়’ডিনৰ মাত্ৰা ঠিকে ৰাখিব পাৰো। কোনবোৰ খাদ্যই আয়’ডিনৰ যোগান ধৰে তাৰ তালিকাখন মনোযোগেৰে পঢ়ি চাওঁ আহক-

১) সামুদ্ৰিক শুকান শেলুৱৈ: জানি আচৰিত হ’ব যে, সামুদ্ৰিক শেলুৱৈবোৰ আয়’ডিনৰ ভঁৰাল। ৭ গ্ৰাম সামুদ্ৰিক শুকান শেলুৱৈত ৪,৫০০ মাইক্ৰগ্ৰাম আয়’ডিন থাকে। গতিকে সামুদ্ৰিক শুকান শেলুৱৈ খাদ্য ৰূপে গ্ৰহণ কৰক।

২) হিমালয়ান চল্ট্‌ বা নিমখ: হিমালয়ী নিমখত নিমখতকৈও অধিক বেছি পৰিমাণৰ আয়’ডিন থাকে। আধাগ্ৰাম হিমালয়ী নিমখত ২৫০ গ্ৰাম আয়’ডিন আছে।

৩) মিছামাছ: জানেনে মিছামাছে আপোনাৰ আয়’ডিনৰ দৈনিক চাহিদাৰ ৬৭ শতাংশ পূৰণ কৰিব পাৰে। ১০০ গ্ৰাম মিছামাছে ১০০ গ্ৰাম আয়’ডিনৰ যোগান ধৰিব পাৰে।

৪) আলু: সিজোৱা আলু কেৱল আয়’ডিনেই নাথাকে, তেনে আলুত কেলৰিও কম থাকে। এটা মধ্যমীয় আকাৰৰ সিজোৱা আলুত ৬০ মাইক্ৰ’গ্ৰাম আয়’ডিন থাকে। বহুতেই নাজানে যে, আলুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায় কৰে।

৫) গাখীৰ: সকলোৱে জানে যে, গাখীৰত কেলচিয়াম আৰু প্ৰ’টিন আছে। পিচে একাপ গাখীৰত ৫৬ মাইক্ৰ’গ্ৰাম আয়’ডিনো আছে। আপুনি যদি দৈনিক একাপ গাখীৰ খায় তেন্তে ই আপোনাৰ শৰীৰটোত প্ৰ’টিন, কেলচিয়াম আৰু আয়’ডিনৰ যোগান ধৰিব।

৬) পাওৰুটী (ব্ৰেড): জানেনে ২ শ্লাইছ বা দুখন পাওৰুটীত ৪৫ মাইক্ৰ’গ্ৰাম আয়’ডিন থাকে? সেই আয়’ডিনে আপোনাৰ শৰীৰত থকা আয়’ডিনৰ চাহিদাখিনিৰ ৩০ শতাংশ যোগান ধৰে। পিচে যিহেতু বগা পাওৰুটীবোৰ পৰিশোধিত ময়দাৰে তৈয়াৰ কৰা হয়, সেয়ে এনে বগা পাওৰুটী বা ব্ৰেড বেছি পৰিমাণে নোখোৱাটোৱেই ভাল।

৭) ষ্ট্ৰ’বেৰি: ষ্ট্ৰ’বেৰি ফলবিধত যথেষ্ট আয়’ডিন থাকে। আপুনি যদি এবাটি ষ্ট্ৰ’বেৰি খায় তেন্তে আপোনাৰ শৰীৰটোৱে ১৩ গ্ৰাম পৰিমাণৰ আয়’ডিন পাব।

৮) সিজোৱা কণী: সিজোৱা কণীত থাকে ‘এ’ ভিটামিন, প্ৰ’টিন, কেলচিয়াম আৰু এন্টি-অক্সিডেন্ট। তদুপৰি এটা সিজোৱা কণীত ১২ গ্ৰাম আয়’ডিন থাকে। গতিকে প্ৰতি পুৱা একোটা সিজোৱা কণী খাওক।

৯) দৈ: এবাটি দৈয়ে শৰীৰৰ কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰি জীৱাণুৰ সংক্ৰমণৰ আশংকা কমায়। একাপ দৈত ৯০ মাইক্ৰ’গ্ৰাম আয়’ডিন থাকে। পিচে মিঠা, সুগন্ধি দৈৰ সলনি সাধাৰণ দৈ খোৱাটো উচিত।

সমীক্ষামতে জনা গৈছে যে, পৃথিৱীৰ ৫৪ খন দেশৰেই বাসিন্দাসকলে আয়’ডিনৰ অভাৱত সৃষ্টি হোৱা নানা ৰোগত ভুগি আছে। মানুহৰ ক্ষেত্ৰত দেহৰ বৃদ্ধি বা বাঢ়ন আৰু বিকাশৰ বাবে আয়’ডিন এক প্ৰয়োজনীয় উপাদান-আয়’ডিন হৈছে মাইক্ৰ’নিউট্ৰিয়েন্ট যি এক প্ৰাকৃতিক উপাদান। বৰ্তমান বজাৰত আয়’ডিনযুক্ত নিমখ কিনিবলৈ পোৱা যায়। আয়’ডিনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কেইটিমান তথ্য

  • স্বাভাৱিকতে এজন প্ৰাপ্তবয়স্ক ব্যক্তি শৰীৰৰ গড়ে ১৫০ মাইক্ৰ’গ্ৰাম আয়’ডিনযুক্ত নিমখৰ দৈনিক প্ৰয়োজন হয়।
  • সাধাৰণ লোকৰ তুলনাত গৰ্ভৱতী মহিলাৰ শৰীৰৰ বাবে অতিৰিক্ত আয়’ডিনৰ প্ৰয়োজন হয়। আয়’ডিনৰ অভাৱ মাতৃগৰ্ভৰ শিশু আৰু গৰ্ভৱতী মাতৃৰ বাবে এটা মাৰাত্মক সমস্যা।
  • নিমখত আয়’ডিন আছেনে নাই সেইটো পৰীক্ষাৰ বাবে সা-সঁজুলি কিনিবলৈ পোৱা যায়। এনে সঁজুলিৰ সহায়ত নিমখখিনিত আয়’ডিনৰ উপস্থিতি আৰু কিমান পৰিমাণৰ আয়’ডিন আছে তাক জুখিব পৰা যায়।

গৰ্ভকালীন অৱস্থাত থাইৰয়েড হৰম’ন মাতৃগৰাকীৰ দেহত শতকৰা ৫০ ভাগ বেছিকৈ উৎপন্ন হয়। এই অতিৰিক্ত আয়’ডিন হৰম’নৰ কাৰণে অধিক মাত্ৰাৰ আয়’ডিনৰ প্ৰয়োজন হয়। গৰ্ভধাৰণৰ ১১ সপ্তাহৰ পিচৰ পৰা থাইৰয়েড গ্ৰন্থিয়ে কাম আৰম্ভ কৰে। ১৮ ৰ পৰা ২০ সপ্তাহ পূৰা হ’লে ভ্ৰূণটোৱে তাৰ নিজা থাইৰয়েড হৰম’নৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে। সেই সময়ৰ পৰা শিশুসকলৰ ৩ বছৰ বয়সলৈকে সঠিক মাত্ৰাত আয়’ডিন গ্ৰহণ, মাতৃগৰাকী আৰু শিশু সন্তানটিৰ উভয়ৰে কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰে। ভ্ৰূণটো বাঢ়িবৰ সময়ত মগজু আৰু কলিজাৰ দ্ৰুতগতিৰে বৃদ্ধি হয়। এই সময়খিনিত আয়’ডিনৰ অভাৱ হ’লে অথবা পৰ্যাপ্ত আয়’ডিন নাপালে কেঁচুৱাটিৰ মগজুৰ স্থায়ী ক্ষতি হয়, তাৰ লগতে আয়’ডিনৰ অভাৱজনিত নানাধৰণৰ সমস্যাই দেখা দিব পাৰে। আয়’ডিনৰ অধিক মাত্ৰাত অভাৱ হ’লে গৰ্ভপাত, মৃত সন্তান প্ৰসৱ নতুবা অপৰিণত শিশুৰো জন্ম হ’ব পাৰে। এনে সন্তান বাচি থাকিলেও সেই সন্তানে জন্মগত বিভিন্ন সমস্যাত ভোগে। তাৰ ফলত সন্তানটি বেঙা হয়, ভালকৈ কথা ক’ব নোৱাৰা হয় নতুবা একেবাৰে সম্পূৰ্ণৰূপে বোবা হৈ পৰে। কাণেৰে কমে শুনে অথবা শাৰীৰিক বাঢ়ন বাধাপ্ৰাপ্ত হৈ তেনে সন্তান বাওনা হৈ পৰে।

শিশুৰ মৃত্যু

আয়’ডিনৰ অভাৱগ্ৰস্ত হোৱা শিশুবোৰে আন শিশুৰ তুলনাত অধিক মাত্ৰাত অপুষ্টিজনিত সমস্যাত যে ভোগেই তদুপৰি সিহঁতৰ শৰীৰত ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষমতাও কম থাকে যাৰ পৰিণতিত তেনে শিশু মৃত্যুমুখত পৰে।

২০০৪-২০০৫ চনৰ এক সমীক্ষাত দেখা গৈছে যে, শিশুসকলৰ মাজৰ শতকৰা ৬.২ ভাগ শিশু আৰু মহিলাসকলৰ মাজৰ শতকৰা ১১.৭ ভাগ মহিলাই গয়টাৰ বা গলগণ্ড ৰোগত আক্ৰান্ত হৈছে। ১৯৯৩ চনত এই হাৰ আছিল যথাক্ৰমে শতকৰা ৪৯.৯ ভাগ আৰু ৫৫.৬ ভাগ। ২০০৪-০৫ চনৰ সমীক্ষাত শিশুসকলৰ প্ৰস্ৰাৱৰ প্ৰতি লিটাৰত আয়’ডিন পোৱা গৈছিল। আনহাতে, ১৯৯৯ চনত আয়’ডিনৰ মাত্ৰা আছিল যথাক্ৰমে ৫৪ মাইক্ৰ’গ্ৰাম আৰু ৪৭ মাইক্ৰ’গ্ৰাম। ১৯৯৩ চনৰ সমীক্ষাত পোৱা গৈছিল যে, শিশুসকলৰ ভিতৰত আয়’ডিনৰ অভাৱ আছিল শতকৰা ৭১ ভাগ শিশু আৰু মহিলাসকলৰ ভিতৰত আছিল ৭০.২ ভাগ। দেখা  গৈছে ২০০৫ চনত ইয়াৰ হাৰ কমি গৈ হ’লগৈ যথাক্ৰমে শতকৰা ৩৩.৮ আৰু ৩৮.৬ ভাগ।

এই সমীক্ষাবোৰৰ দ্বাৰা প্ৰতীয়মান হৈছে যে, আমাৰ দেশত আয়’ডিনৰ অভাৱ পূৰণৰ অৰ্থে গৃহীত জাতীয় প্ৰচেষ্টাৰ বাবে লোৱা আঁচনিয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তথাপিও আমাৰ দেশৰ প্ৰায় এক-তৃতীয়াংশ লোকে আয়’ডিনৰ অভাৱৰ ফলত নানা সমস্যাত ভুগিব লাগিছে। ২০০৫ চনৰ সমীক্ষামতে শিশুসকলৰ মাজত শতকৰা ৪ ভাগ শিশুৱে আৰু মহিলাৰ মাজত শতকৰা ৪.৫ ভাগ আয়’ডিনৰ অত্যন্ত অভাৱত ভুগিছে। গতিকে আয়’ডিনৰ এই অভাৱ পূৰণৰ ক্ষেত্ৰত আমি আগতকৈও অধিক সচেতন হ’ব লাগিব।

উৎস: সাদিন।

ষ্ট্ৰোক চিকিৎসাৰ ক্ষেত্ৰত প্ৰতিটো মিনিট মূল্যৱানঃ

 

ভাৰতত ষ্ট্ৰোকত ভোগা ৰোগীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পাইছে। কিন্তু চৰকাৰী হস্পিতালসমূহৰ সৰহভাগতেই ষ্ট্ৰোকৰ চিকিসা ব্যৱস্থাৰ অভাৱ। বেছিভাগ ষ্ট্ৰোক চিকিসা কেন্দ্ৰ আছে উন্নতমানৰ ব্যক্তিগত খণ্ডৰ হস্পিতালত। স্বাভাৱিকতে দুখীয়া মানুহে তেনে হস্পিতালত চিকিসা কৰাব নোৱাৰে। ষ্ট্ৰোকৰ চিকিসা ব্যয়বহুল। তদুপৰি তেনে হস্পিতালসমূহ অৱস্থিত ডাঙৰ চহৰত। গাঁও অঞ্চলৰ ৰোগীক সময়মতে তালৈ নিয়াটোও এটা সমস্যা। ভাৰতত ষ্ট্ৰোকৰ ৰোগীৰ সংখ্যা কিমান তাৰ পৰিসংখ্যা পোৱাটো কঠিন। ব্ৰিটেইনৰ Lancet আলোচনীত প্ৰকাশিত এটা নিবন্ধৰ পৰা জানিব পৰা গৈছে যে ভাৰতত ১৯৯০ চনত ষ্ট্ৰোকৰ বাবে মৃত্যু হোৱা ৰোগীৰ সংখ্যা আছিল ৩.৫১ লাখ, ২০১০ চনত হৈছেগৈ ৬.০৫ লাখ। বৰ্তমান সময়ত এই সংখ্যা কিমান হৈছে জানিব পৰা হোৱা নাই। হাৰ্ট এটেকৰ নিচিনাকৈ ষ্ট্ৰোকৰ বাবে (যাক ব্ৰেইন এটেক বুলিও কোৱা হয়) তৎকালেই ৰোগীৰ মৃত্যু নহয়। বৰং পক্ষাঘাত হৈ দীৰ্ঘদিন ধৰি শাৰীৰিক বৈকল্যত ভুগিবলগীয়া হয়। বিশ্বজুৰি মেলেৰিয়া আৰু এইডছ ৰোগত যিমান ৰোগীৰ মুঠতে মৃত্যু হয়, তাতোকৈ অধিক সংখ্যক মৃত্যু হয় ষ্ট্ৰোকৰ ফলত। প্ৰতি ৬ জন মানুহৰ ভিতৰত এজনৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। ভাৰতত প্ৰতিবছৰে ১.৫ নিযুত লোক ষ্ট্ৰোকত ভোগে।

বেছিভাগ মানুহেই ষ্ট্ৰোকৰ বিপদসূচক সংকেতসমূহ অনুধাৱন কৰিব নোৱাৰে। ষ্ট্ৰোক হ’লে বিষ নহয়। সেয়া এক প্ৰধান সমস্যা। এইবাবেই অন্য লক্ষণসমূহত সাধাৰণতে গুৰুত্ব দিয়া নহয়।

শতকৰা ৮৫ ভাগ ষ্ট্ৰোকৰ কাৰণ হ’ল মগজুলৈ পৰ্যাপ্ত পৰিমাণৰ ৰক্ত সৰবৰাহ বন্ধ হোৱা। ধমনীত সৃষ্টি হোৱা খলমাই মগজুলৈ ৰক্ত সৰবৰাহত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। বাকী ১৫ শতাংশ ষ্ট্ৰোকৰ কাৰণ হ’ল মগজুত হোৱা ৰক্তক্ষৰণ। ইয়াৰ কাৰণ হ’ল মগজুৰ ধমনীৰ অংশ বিদীৰ্ণ হোৱা। এই প্ৰক্ৰিয়াত মগজুৰ কোষত (স্নায়ুকোষ) চাপৰ সৃষ্টি হয়। ফলত কিছুমান কোষ সংকুচিত হয়, কিছুমান কোষৰ ৰক্তসঞ্চালন বাধাগ্ৰস্ত হয়।

যিধৰণৰ ষ্ট্ৰোকেই নহওক কিয়, ইয়াৰ বিপদসূচক সংকেত তাৎক্ষণিক আৰু তীব্ৰ। অৱশ্যে এই ৰোগৰ সংকেতসূচক কেতবোৰ সাধাৰণ লক্ষণো আছে। যেনে- মুখমণ্ডলৰ দৌৰ্বল্য, হাতৰ দৌৰ্বল্য, মুখখন এফালে বেকা হোৱা, কথা কোৱাত অসুবিধা হোৱা ইত্যাদি। এনে লক্ষণ লক্ষ্য কৰিলে তৎকালেই ৰোগীক উপযুক্ত ব্যৱস্থা থকা হস্পিতালত ভৰ্তি কৰাব লাগে। তদুপৰি ভৰিৰ দৌৰ্বল্য, জঠৰতা, সন্তুলনৰ অসুবিধা, ওকালি আৰু পেটৰ বিষ, তীব্ৰ মূৰৰ বিষ আদিৰ ক্ষেত্ৰত অন্য কাৰণ ধৰা নপৰিলে ষ্ট্ৰোকৰ কথা চিন্তা কৰিব লাগে।

ষ্ট্ৰোক ৰোধ কৰাৰ কেতবোৰ প্ৰতিৰোধমূলক ব্যৱস্থা ল’ব পাৰি। কিছু ক্ষেত্ৰত ষ্ট্ৰোকে পৰিয়ালভিত্তিক হয়। গতিকে যিবোৰ পৰিয়ালত ষ্ট্ৰোক অথবা হাৰ্ট এটেক হোৱাৰ উদাহৰণ আছে, তেনে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যিসকলৰ উচ্চ ৰক্তচাপ আছে, তেওঁলোকে নিয়মিতভাৱে ঔষধ খাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে। অত্যধিক নিমখযুক্ত খাদ্য পৰিহাৰ কৰিব। এনে খাদ্যই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। অধিক পৰিমাণে সংপৃক্ত চৰ্বি আৰু ট্ৰেন্সফেট খাদ্যও পৰিহাৰ কৰা উচিত। নিয়মিত ব্যায়াম কৰিব। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব। জীৱনশৈলী পৰিৱৰ্তন কৰিব।

টি পি এৰ উপৰি আন কেতবোৰ নতুন ঔষধৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। তাৰ ভিতৰত এন এ-১ চিকিৎসাৰ বাবে শীঘ্ৰে উপলব্ধ হোৱাৰ পথত। দাবী কৰা হৈছে যে এইবিধ ঔষধে মগজুৰ কোষ ধ্বংস ৰোধ কৰিব পাৰিব।

মনত ৰাখিব, ষ্ট্ৰোক হ’লে প্ৰতিটো মিনিট গুৰুত্বপূৰ্ণ। যিমান সোনকালে পাৰি ৰোগীক উপযুক্ত ব্যৱস্থা কৰা হস্পিতালত ভৰ্তি কৰক। ষ্ট্ৰোক আৰম্ভ হোৱাৰ চাৰে চাৰি ঘণ্টাৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিলে ষ্ট্ৰোক ৰোগীক ৰোগমুক্ত কৰাৰ সম্ভাৱনা থাকে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

 

ৰক্তহীনতা ৰোগঃ

 

ৰক্তহীনতা ৰোগ যকৃত আৰু প্লীহাৰ কাৰ্যকাৰিতাত বিঘ্ন উপস্থিত হ’লে দেহত প্ৰয়োজনীয় ৰক্তৰ অভাৱ হৈ সৃষ্টি হয়। মেলেৰিয়া, পুৰণা আমাশয়, কামলা, অজীৰ্ণ প্ৰভৃতি ৰোগবশতঃ শৰীৰৰ ৰক্ত উৎপত্তিত ব্যাঘাত ঘটিলে এই ৰোগৰ উৎপত্তি হয়। অন্যান্য ৰোগৰ দৰে এই ৰোগটোও শৰীৰত দূষিত পদাৰ্থ সঞ্চিত হৈ উৎপন্ন হয়। দেহত এই দূষিত পদাৰ্থ সঞ্চয়ৰ কাৰণেই যকৃত আৰু প্লীহা আদিৰ ক্ৰিয়া বিকৃত হয়। এই ৰক্তহীনতা ৰোগৰ বাহ্যিক লক্ষণ- শাৰীৰিক দুৰ্বলতা, অজীৰ্ণ, ক্ষুধামান্দ্য, বমি, গাৰ ছালৰ নিষ্প্ৰভতা, চকুৰ পতাৰ ভিতৰৰ ফালৰ নিষ্প্ৰভ ৰং, মূৰ্ছা আৰু শোথ প্ৰভৃতি। এই ৰোগত জিভাৰ ৰং মলিন আৰু বগা হয়। মুখৰ পৰা বাহিৰ কৰিলে জিভা অলপ কঁপে।

চিকিৎসাঃ

পুৱা- সহজ বস্তিক্ৰিয়া আৰু তাৰ লগৰ আসন-মুদ্ৰা আদি। সহজ প্ৰাণায়াম নং ৩, ৮, ৯।

অগ্নিসাৰ ধৌতি নং ১ দহবাৰ, নং ২ চাৰিবাৰ

জলস্নানবিধি নং ১

সহজ অগ্নিসাৰ- ৩০ বাৰ।

দুপৰীয়া- টাববাথ ১০-১৫ মিনিট বা স্নানবিধি নং ১।

গধূলি- জানুশিৰাসন, অগ্নিসাৰ ধৌতি নং ১, ২, সুপ্ত বজ্ৰাসন, সহজ অগ্নিসাৰ ৩০ বাৰ। সহজ বিপৰীতকৰণী ৩ মিনিট। সহজ প্ৰাণায়াম নং ৩, ৭, ৯। ভ্ৰমণ প্ৰাণায়াম। শশাংগ আসন- ২ মিনিট।

ক্ৰমবৰ্ধমান ব্যায়ামবিধি, আতপস্নানবিধি, জলপানবিধি আৰু জলস্নানবিধি যথাযথ পালন কৰিব।

নিয়ম আৰু পথ্যঃ

শৰীৰ সবল নোহোৱালৈকে অতি লঘু কামৰ বাহিৰে কোনো পৰিশ্ৰমৰ কাম নকৰিব। বিশ্ৰামৰ মাত্ৰা বিশেষভাৱে বঢ়াই ল’ব। প্ৰতিদিনে স্নানৰ আগতে বেচ জোৰেৰে গোটেই গাত সৰিয়হৰ তেল মালিচ কৰিব লাগে। যথাসম্ভৱ মুকলি বতাহৰ মাজত দিন কটাব। অতিৰিক্ত বতাহ গাত লাগিলে যাৰ চৰ্দি, কাহ আদি হয়, তেওঁলোকে এনেকুৱা ঠাইত বিশ্ৰাম ল’ব যাতে পোনে পোনে বতাহ গাত নালাগে, অথচ চাৰিওফালে বেচ অবাধ বতাহৰ চলাচল থাকে। ৰাতিও ঘৰৰ দুৱাৰ-খিৰিকী এনেকৈ বন্ধ আৰু খোলা ৰখাৰ ব্যৱস্থা কৰিব যাতে ঘৰত বেচ বতাহ খেলে, অথচ সেই বতাহ গাত নালাগে। লো আৰু খনিজ লৱণেই ৰক্তৰ পুষ্টিৰ উপাদান। সেউজীয়া শাক-পাত আৰু তাৰি-তৰকাৰীৰ মাজত আমাৰ দেহৰ পক্ষে গ্ৰহণযোগ্য লো আৰু খনিজ লৱণ যথেষ্ট পৰিমাণে থাকে। গতিকে বিবিধ শাক আৰু তৰকাৰী হজমশক্তি অনুযায়ী প্ৰতিদিনে গ্ৰহণ কৰিব লাগে। সকলো প্ৰকাৰৰ ফল আৰু গাখীৰ এই ৰোগত বিশেষ প্ৰয়োজনীয়। ইয়াকে মনত ৰাখি পথ্যৰ ব্যৱস্থা কৰিব। দাইলৰ পৰিৱৰ্তে দাইলৰ জোল খাব। যিকোনো ভজা বস্তু, অধিক তেল, ঘিউ, মছলাযুক্ত খাদ্য, মাখন, কণী, মাংস আদি অম্লধৰ্মী খাদ্য বৰ্জন কৰিব। যেতিয়াই শৰীৰে ক্লান্তি বোধ কৰিব তেতিয়া ১০-১৫ মিনিট শৱাসনত বিশ্ৰাম ল’ব।

(উৎসঃ অসমীয়া খবৰ, নন্দিতা দাস)।


তাহানিখনৰ দৰব আৰু আমাৰ স্বাস্থ্যঃ

 

শিৰোনামাটি পঢ়িয়েই যিকোনো সচেতন পঢ়ুৱৈয়ে অনুধাৱন কৰিবলৈ সক্ষম হ’ব যে আইতাৰ দিহা ৰূপে প্ৰচলিত কেতবোৰ পথ্য তথা দৰবৰ প্ৰাসংগিকতা আজিৰ তাৰিখতো চিকিৎসা ক্ষেত্ৰখনত বিদ্যমান। পৰিস্থিতিয়ে এতিয়া এনে এক পৰ্যায়ত উপনীত হৈছে যে অৰ্বাচীন বুলি বিবেচিত প্ৰাচীন দৰব একোটাৰ জৰিয়তে অতীজৰে পৰা প্ৰচলিত স্বাস্থ্য সমস্যা একোটাৰ সামাধানৰ বাট বিচাৰি পোৱা যায়। চিকিৎসা বিজ্ঞানত বিগত ২০১৫ চনত ন’বেল বঁটা বিজয়ী ব্যক্তিগৰাকীৰ এইটো দিশত ভালেখিনি অৱদান আছে আৰু ওপৰৰ কথাখিনিৰ যথাৰ্থতা যেন ইয়েই প্ৰতিপন্ন কৰে। প্ৰকৃতিৰ বুকু উদঙাই তিনিজন বিজ্ঞানীয়ে পৰম্পৰাগত চিকিৎসাৰ বৈজ্ঞানিক সংশ্লেষণৰ জৰিয়তে মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে নতুন দৰবৰ উদ্ভাৱন কৰিছিল। ওপৰঞ্চি হিচাপে ফাইলেৰিয়াছিছ আৰু ৰিভাৰ ব্লাইণ্ডনেছ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো একেষাৰ সত্যই প্ৰযোজ্য।

এই পৰিঘটনাটিৰ পাছতহে যেন ভাৰতীয় চিকিৎসা বিজ্ঞানীসকলৰ চকু মেল খাইছে। আমাৰ দেশৰ অৰণ্যাঞ্চলৰ কথা বাদেই, ঘৰে-বাৰীয়ে এনে কেতবোৰ গছ-লতা-বিৰিখ আছে যিবোৰৰ পৰা বিভিন্ন ধৰণৰ উপাদান আহৰণ কৰি চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। পিছে এইক্ষেত্ৰত পদ্ধতিগত গৱেষণা যেন এতিয়াও সুদূৰ পৰাহত। অৱশ্যে প্ৰাচীন গ্ৰন্থবোৰত এই সন্দৰ্ভত সবিস্তাৰিত বৰ্ণনা পোৱা যায়। চীনদেশৰ সুবিখ্যাত চিকিৎসক আৰু গৱেষক ইউয়বু-টুক ন’বেল বঁটাৰে এইবাবেই সন্মানিত কৰা হৈছিল যে পদ্ধতিগত গৱেষণা তথা সংশ্লেষণৰ জৰিয়তে তেওঁ আৰু সহযোগী বিজ্ঞানীসকলে কেইবাটাও স্বাস্থ্যজনিত সমস্যাত বন-লতা-বিৰিখ ব্যৱহাৰ কৰি আৰোগ্য লাভৰ বাট মুকলি কৰিছিল। এনেধৰণৰ গৱেষণা ভাৰতত প্ৰায় হোৱা নাই বুলিলে সত্যৰ অপলাপ কৰা নহয়। আটিমিছিনিন নামৰ মেলেৰিয়া ৰোগৰ বীজাণু বিধ্বংসী দৰববিধ এইগৰাকী মহিলা বিজ্ঞানীয়ে চীনদেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত প্ৰয়োগ কৰা উদ্ভিদজাত দ্ৰব্যৰ পৰা আহৰণ কৰি আধুনিক এলোপেথীৰ জৰিয়তে ব্যৱহাৰ কৰিছিল। অৱশ্যে বিগত বছৰটিত ন’বেল বঁটা বিজয়ী আন দুজন বিজ্ঞানীৰ অৱদানো এই ক্ষেত্ৰত উলাই কৰিব পৰা বিধৰ নহয়। তেওঁলোক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম কেম্পবেল আৰু জাপানৰ ছাটিছি অমুৰা। এওঁলোকে ফাইলেৰিয়াছিছ আৰু  ৰিভাৰ ব্লাইণ্ডনেছ নামৰ ৰোগ দুবিধ সৃষ্টিকাৰী পেলুবিধ ধ্বংস কৰিবলৈ এভাৰ’মেক’টিন নামৰ এবিধ দৰব ঘাইকৈ মাটিত পোৱা বেক্টেৰিয়াৰ পৰা সংশ্লেষণ কৰি উলিয়াইছে।

এই সন্দৰ্ভত দিল্লী নিবাসী হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপক নটৰাজনৰ মন্তব্য এনেধৰণৰ- ভাৰতত অনুৰূপ ধৰণৰ দৰব উদ্ভাৱনৰ সম্ভাৱনীয়তা যথেষ্টখিনি আছ যদিও ই হৈছে এক দীঘলীয়া পদ্ধতি আৰু এই ক্ষেত্ৰত চৰকাৰকে ধৰি বিভিন্ন অনুষ্ঠানৰ সাহায্যত গঢ়ি উঠা আঁচনিৰ দৰকাৰ হ’ব।

আয়ুৰ্বেদকে ধৰি তাহানিৰ যুগতেবিৰচিত বিভিন্ন্ ধৰণৰ গ্ৰন্থত (এইক্ষেত্ৰত আমাৰ অসমতে আহোমসকলৰ শাসনকালত বিৰচিত হস্তীবিদ্যাৰ্ণৱৰ বিষয়ে উল্লিখিব পাৰি) নানা ধৰণৰ পথ্য তথা দৰবৰ বিষয়ে উল্লেখ পোৱা যায় যদিও আধুনিক বিজ্ঞানৰ দৃষ্টিভংগীৰে চালে এইবোৰৰ সামগ্ৰিক গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ আছে। সম্পূৰ্ণভাৱে এইবোৰ ভ্ৰান্ত ধাৰণাৰ ভিত্তিত ৰচিত বুলিও ক’ব নোৱাৰি। মাথোঁ বৈজ্ঞানিকভাৱে চালি-জাৰি চাই সঠিক তথ্যখিনি উদ্ঘাটন কৰাটো যুগৰ আহ্বান বুলিব লাগিব।

ইউ যু টু আৰু তেওঁৰ সহযোগীসকলে খ্ৰীঃ পূঃ ৪ৰ্থ শতিকাতে ৰচিত চীনা গ্ৰন্থবোৰ কষ্টসহকাৰে বিচাৰি উলিয়াই খুটি-নাটি অধ্যয়ন কৰিছিল। মিঠা স্বাদযুক্ত ৱৰ্মউড নামৰ শস্যবিধত আৰ্টিমিছিনিনৰ উপস্থিতিৰ বিষয়ে এনে গ্ৰন্থত উল্লেখ আছে। ছুইডেনৰ বিখ্যাত ন’বেল বঁটা প্ৰদানকাৰী সমিতিখনৰ ৱেবছাইটত এনেদৰে উল্লেখ কৰা হৈছে- ‘চীনদেশৰ মেলেৰিয়া অধ্যুষিত অঞ্চলবোৰত থকা জীৱ-জন্তুবোৰৰ ওপৰত তেনে স্থানবোৰত সহজলভ্য বিভিন্ন ধৰণৰ গছ-লতা-বিৰিখ পৰীক্ষামূলকভাৱে ব্যাপক নিৰিখত প্ৰয়োগ কৰি ‘আৰ্টিমিছিয়া এনুৱা’ নামৰ উদ্ভিদবিধৰ সম্ভেদ লভা হৈছিল যাক নেকি মেলেৰিয়া নাশকৰূপে সৰ্ব্বোৎকৃষ্ট বুলি বিবেচনা কৰা হৈছিল’। পিছে গৱেষণাৰ ফলাফলৰ ক্ষেত্ৰত ভালেখিনি বিসংগতি ধৰা হেতুকে বিজ্ঞানী ইউ যু টুৱে প্ৰাচীন গ্ৰন্থবিলাক তন্ন তন্নকৈ খুঁচৰি সবিস্তাৰিত অধ্যয়ন কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ‘আৰ্টিমিছিন এনুৱা’ৰ পৰা সঠিক দ্ৰব্যৰ সম্ভেদ লভিছিল।

এইক্ষেত্ৰত অৱশ্য এষাৰ কথা উল্লিখিব লাগিব যে শেহতীয়াভাৱে ভাৰত চৰকাৰে গ্ৰহণ কৰা আয়ুষ আয়ুৰ্বেদ, ইউনানী, সিদ্ধ আৰু হোমিঅপেথী) শীৰ্ষক উদ্যমফেৰাই নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সংশ্লিষ্ট বিভাগটিক ইতিমধ্যে মন্ত্ৰণালয়ৰ পৰ্যায়লৈ উন্নীত কৰা হৈছে। তদুপৰি বিভাগটিৰ বাৰ্ষিক বাজেট ১২১৪ কোটি টকালৈকে বৰ্ধিত কৰা হৈছে। এই মন্ত্ৰণালয়ৰ এজন শীৰ্ষস্থানীয় বিষয়াৰ বক্তব্য এনেধৰণৰ- গৱেষণামূলক সমীক্ষা আৰু নিৰীক্ষণজনিত তথ্য আহৰণৰ জৰিয়তে হোমিঅ’পেথিক তথা আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত ব্যৱহৃত দৰববোৰৰ উপযোগিতাৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ প্ৰয়াস কৰা হ’ব। তদুপৰি তেওঁ এষাৰ অতি প্ৰাসংগিক কথা উল্লেখ কৰি কয় যে যদিও চৰকাৰে এনেবোৰ দৰবৰ ব্যৱহাৰৰ পৃষ্ঠপোষকতা কৰিছে তথাপি বিজ্ঞানভিত্তিক প্ৰমাণ তাকৰীয়া হোৱা হেতুকে ৰাইজৰ মাজত গ্ৰহণযোগ্যতা তুলনামূলকভাৱে কম। সেয়েহে বৈজ্ঞানিক সমীক্ষা আৰু গৱেষণাৰ জৰিয়তে এনেবোৰ পদ্ধতি যে প্ৰকৃততে স্বাস্থ্যৰ বাবে উপকাৰী সেই কথা প্ৰতিপন্ন কৰি জনগণৰ মাজত গ্ৰহণযোগ্যতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে।

চৰকাৰী সূত্ৰৰ তথ্য অনুযায়ী ভাৰতত মেলেৰিয়া ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ২০১৩ চনত আছিল ৮.৮ লাখ আৰু তাৰ পৰৱৰ্তী বছৰটোত এয়া বাঢ়ি হ’লগৈ ১০.৭ লাখ। আশানুৰূপভাৱে এই দুটা বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা আছিল ক্ৰমে ৪৮০ আৰু ৫৩৩ জন। যদিও আৰ্টিমিছিনৰ আধাৰত প্ৰদান কৰা যৌথ চিকিৎসাৰ (এ চি টি) জৰিয়তে এই ৰোগৰ আক্ৰমণৰ তীব্ৰতা সমগ্ৰ বিশ্বতে টুটিছে তথাপি আমাৰ দেশত এক নতুন চিন্তাৰ উদয় হৈছে। ভাৰতৰ পূৰ্ব সীমান্তত থকা তথা আমাৰ অসমৰ সৈতে তিক্ত-মধুৰ সম্পৰ্কযুক্ত দেশ ম্যানমাৰৰ (পূৰ্বৰ ব্ৰহ্মদেশ) কেতবোৰ অঞ্চলত দৰব প্ৰতিৰোধী মেলেৰিয়া ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বাঢ়িছে আৰু শংকা কৰা হৈছে যে এনে ৰোগীৰ সংখ্যা আমাৰ ৰাজ্যতো ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। চিকিৎসা বিজ্ঞান সম্বন্ধীয় সুবিখ্যাত আলোচনী লেনছেটত এই সম্বন্ধে এটা গৱেষণামূলক নিবন্ধ ইতিমধ্যে প্ৰকাশ পাইছে।

শেহতীয়াভাৱে পৰিলক্ষিত হোৱা এটা নৱতম পৰিঘটনা হৈছে যে মেলেৰিয়াৰ বাদে অন্য কেতবোৰ মহৰ জৰিয়তে বাহিত হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰচৰ বিভিন্ন অঞ্চলত বাঢ়িছে। সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে ডেংগু বা ডেংগি, চিকুণগুণীয়া আৰু এনকেফেলাইটিছ। ইয়াৰ উপৰি দেখা গৈছে যে বেক্টেৰিয়া আৰু পৰজীৱীৰ দ্বাৰা বিস্তাৰিত নানা ধৰণৰ ৰোগত সাধাৰণতে প্ৰয়োগ কৰা বীজাণু বিধ্বংসী দৰববোৰে কাম নকৰাৰ ফলত বীজাণুবোৰে প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিছে।

পিছে চিন্তনীয় বিষয়টি হৈছে যে এনেবোৰ পৰিঘটনা প্ৰত্যক্ষ কৰাৰ পাছতো বৰ্তমান সমস্যাবহুলৰূপে পৰিগণিত হোৱা এনেবোৰ ৰোগৰ ওপৰত বিশদভাৱে গৱেষণা হোৱা নাই আৰু ইয়াৰ পৰিৱৰ্তে এনে কেতবোৰ ৰোগৰ ওপৰতহে বহুল গৱেষণা হৈছে, যিবোৰ নেকি ভ্ৰান্ত ধৰণৰ জীৱন ধাৰণৰ শৈলীৰ বাবে হয় আৰু যিবোৰ গ্লেমাৰযুক্ত বুলি পৰিগণিত হৈছে। এনেবোৰ ৰোগৰ ভিতৰত উল্লেখনীয় হৈছে উচ্চ ৰক্তচাপ, বহুমূত্ৰ আৰু কলিজাৰ নানা ৰোগ।

বিষয়টোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কেইগৰাকীমান বিশেষজ্ঞৰ মতানুযায়ী প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰা দৰবৰ সহায়ত চিকিৎসা কৰি আৰোগ্য লভাৰ পাছত দেখা যায় যে চিকিৎসা পদ্ধতি তুলনামূলভাৱে কম খৰচী। তেওঁলোকে উদাহৰণস্বৰূপে আঙুলিয়াই দিয়ে যে নিমগছ আৰু ইয়াৰ বাকলিৰ চিকিৎসাৰ ক্ষেত্ৰত ভালেখিনি প্ৰয়োগ আছে যদিও এতিয়ালৈকে এইক্ষেত্ৰত উল্লেখনীয় ধৰণৰ তেনে কোনো গৱেষণা কৰা হোৱা নাই।

বিশেষজ্ঞসকলৰ মতে, এনেবোৰ দৰবৰ আন এক সুবিধা হৈছে যে এলোপেথিক দৰবৰ তুলনাত পাৰ্শ্বক্ৰিয়া তেনেই কম। গতিকে কেতবোৰ মাল্টি নেচনেল কোম্পানীয়ে ব্যৱসায়িক ভিত্তিত এনেবোৰ দৰবৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছেই।

 

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

জলস্নান বিধিঃ

পৃথিৱীৰ সৰ্বপ্ৰাচীন গ্ৰন্থ বেদৰ পৰা পানীৰ উপকাৰিতা সম্বন্ধীয় দুই-এটা মন্ত্ৰৰ আমি উল্লেখ কৰিলো

আপ ইদ্ধা, উ ভেষজোৰাপো অমীব চাতনীঃ।

আপঃ সৰ্বস্য ভেষজোস্তাস্তে কৃন্বন্তু ভেষজম॥

- ঋগ্বেদ, ১০ ১৩ ৭৬

- পানীয়েই ঔষধ, পানীয়ে ব্যাধি নাশ কৰি দেহক প্ৰাণৱান কৰি ৰাখে। পানী সকলো ৰোগৰ মহৌষধ। এই মহোপকাৰী পানীয়ে তোমাৰ ৰোগো আৰোগ্য কৰক।

অপ্ সুন্তৰমৃতং অপ্ সু ভেষজম অপামত প্ৰশস্তয়ে।

- ঋগ্বেদ ১/২৩/১৯

- পানী অমৃতৰূপী প্ৰাণেৰে পৰিপূৰ্ণ, ই দেহক ৰক্ষা কৰে। পানীৰ ৰোগ আৰোগ্য কৰাৰ বিশেষ ক্ষমতা আছে। পানীৰ এই মহিমাৰ কথা সদায় মনত ৰাখিবা।

পানীৰ এই আৰোগ্যকাৰী গুণ সম্বন্ধে প্ৰাচীন কালতে ঋষিসকলে বিশেষভাৱেই সচেতন আছিল। এই কাৰণেই তেওঁলোকে যুৱক-যুৱতী, বুঢ়া-বুঢ়ী সকলোকে তিনিবাৰ স্নানৰ ব্যৱস্থা কৰি দিছে।

গ্ৰীষ্মপ্ৰধান দেশত তিনিবাৰ স্নান উপকাৰী, শীতপ্ৰধান দেশৰ অধিবাসীৰ পক্ষে ৩ বাৰৰ পৰিৱৰ্তে দুইবাৰ স্নান প্ৰশস্ত। ৰোগীসকলৰ উপযোগী বিভিন্ন স্নান পদ্ধতি তলত উল্লিখিত হ’ল-

অৱগাহন স্নানঃ

অৱগহন স্নানেই আটাইতকৈ উপকাৰী স্নান। বোৱতী নৈৰ পানীয়েই স্নানৰ পক্ষে প্ৰশস্ত। নদীৰ অভাৱত পুখুৰীত স্নান কৰিব। প্ৰথমে কেইলোটামান পানীৰে তালু ভালদৰে ভিজাই দিয়ক আৰু চকুত পানী মাৰিব। তাৰ পাছত নাভি পৰ্যন্ত ডুবাই পানীত নামি ৫-১০ মিনিট বা ১০-১৫ মিনিট থিয় হৈ থাকিব আৰু হাতেৰে মাজে মাজে নাভিদেশ ঘঁহি থাকিব। তাৰ পাছত কেইমিনিটমান সাতুৰি আৰু কেইটামান ডুব মাৰি অৱগাহন স্নান সমাপ্ত কৰিব।

জলপাত্ৰত স্নানঃ

যাৰ অৱগাহন স্নানৰ সুবিধা নাই তেওঁলোকে জলপাত্ৰত স্নানৰ ব্যৱস্থা কৰিব। জলপাত্ৰটো এনেকুৱা আকাৰৰ হ’ব লাগে- যাৰ মাজত আৰামেৰে ভৰি ডুবাই বহিব পাৰি। এই জলপাত্ৰত এনেকুৱা পৰিমাণৰ পানী ৰাখিব যাতে বহিলে নাভি পৰ্যন্ত পানীত ডুব যায়।

জলপাত্ৰত বহি তালু প্ৰদেশ কেইবাৰমান ভিজাই চকু-মুখত কেইবাৰমান পানী ছটিয়াই ৫-১০ মিনিট বা ১০-২০ মিনিট এইদৰে বহি থাকিব। ৰোগ বিশেষে আধাঘণ্টাও টাবত বহিব লাগে। তাৰ পাছত ঠাণ্ডা পানী গোটেই গাটে ঢালি টাব বাথ সমাপন কৰিব।

শীতকালত অথবা শীতপ্ৰধান ঠাইত ঠাণ্ডা পানীৰ লগত এনেকুৱা পৰিমাণৰ গৰম পানী মিহলাব- যাতে এই পানী শৰীৰৰ উত্তাপতকৈ দুই-এক ডিগ্ৰী তলত থাকে। অৰ্থাৎ ঠাণ্ডা পানীও এনেকুৱা হোৱা উচিত- যি স্নানৰ পক্ষে অত্যধিক পীড়দায়ক বা অত্যধিক শীতল নহয়।

যোগীসকলৰ এই টাব বাথ প্ৰণালী জলচিকিৎসকসকলৰ টাব বাথ প্ৰণালীতকৈ বেছি সুফলদায়ক।

কোৱা বাহুল্য যে গৰম পানীৰে স্নান সদায়েই অপকাৰী। নতুন চৰ্দি ৰোগত বা একপ্ৰকাৰ বাত ৰোগত দুই-এক দিন মাত্ৰ সামান্য গৰম পানীৰে গা ধোৱাৰ আৱশ্যক হয়। ইয়াৰ বাহিৰে অন্য কোনো ৰোগ বা অন্য কোনো অৱস্থাতেই গৰম পানীৰে গা ধোৱা হিতকাৰী নহয়। গৰম পানীৰে গা ধুলে দেহৰ স্নায়ু, গ্ৰন্থি, পেশী আদি সকলোবোৰ দুৰ্বল হৈ স্বাস্থ্যৰ অৱনতি ঘটায়।

যাৰ ঠাণ্ডা পানী সহ্য হয় তেওঁলোকে জাৰ-জহ আদি সকলো ঋতুতে ঠাণ্ডা পানীৰে গা ধুব। শীতকালত প্ৰয়োজনবোধ কৰিলে ৰোগী-অৰোগী সকলোৱেই পুৱা জলপাত্ৰত অৰ্ধস্নানৰ সময়ত বুকুত গেঞ্জী বা চোলা ৰাখিও অৰ্ধস্নান কৰিব পাৰে।

জলপাত্ৰত অৰ্ধস্নানঃ

জাৰ নালাগিবৰ কাৰণে এটা চুৱেটাৰ পিন্ধি লওক। এতিয়া টাবত বহক আৰু টাবত সিমানখিনিলৈ পানী ঢালিব যাতে আপোনাৰ যৌন অংগলৈহে মাত্ৰ পানীৰ তলত থাকে। এই অৱস্থাত বহি থাকি অৱস্থা অনুসাৰে উদৰৰ ব্যায়াম আৰু সহজ প্ৰাণায়াম আদি কৰিব পাৰে। পানী যদি অত্যধিক ঠাণ্ডা, লগত অলপ গৰম পানীও ঢালি ল’ব পাৰে।

সাধাৰণ স্নানঃ

যাৰ অৱগাহন স্নান বা জলপাত্ৰত স্নান কৰাৰ সুবিধা নাই, তেওঁলোকে সাধাৰণ স্নান কৰিব। প্ৰথমতে ২-৩ লোটা পানী ঢালি মূৰটো ভালদৰে ধুই ল’ব। তাৰ পাছত নাভি আৰু বস্তি প্ৰদেশত দুই-এক মিনিট পানী ঢালিব, তাৰ পাছত নাভিৰ পাছফালে আধা মিনিট পানী ঢালিব। শেষত মূৰ আৰু গাৰ অন্যান্য অংগত পানী ঢালি, গা ঘঁহি-পিহি স্নান সমাপন কৰিব।

অৰ্ধস্নানঃ

সাধাৰণ স্নানৰ নিয়ম অনুসাৰে প্ৰথমতে মূৰটো ভালকৈ ধুই শৰীৰৰ নিম্নাংশত পানী ঢালিব। এই অৰ্ধস্নানত শৰীৰৰ মাজভাগত পানী ঢালিব নালাগে। ভিজা গামোচাৰে বুকু, পিঠি আৰু উত্তৰপ্ৰদেশ মচি পেলাব লাগে। এনেকুৱা অৰ্ধস্নানত বুকু আৰু শৰীৰৰ আন ঠাইত ঠাণ্ডা লগাৰ ভয় নাথাকে।

বস্তি প্ৰদেশ দেহৰ স্নায়ুমণ্ডলীৰ প্ৰধান কেন্দ্ৰ। এই স্নায়ুমণ্ডলী সতেজ আৰু সবল হৈ থাকিলে দেহত জীৱনীশক্তি অটুট থাকে। প্ৰতিদিনে স্নানৰ সময়ত নাভি প্ৰদেশত এনেকৈ ঠাণ্ডা পানী ঢালিলে অথবা বহু সময় নাভি প্ৰদেশ পানীত ডুবাই ৰাখিলে বস্তি প্ৰদেশৰ স্নায়ুগ্ৰন্থি প্ৰভৃতি সবল হয় আৰু ই দ্ৰুত স্বাস্থ্যোন্নতি বিধানত সহায় কৰে। গতিকে ৰোগী-অৰোগী সকলোৰে পক্ষেই এইদৰে স্নানবিধি পালন কৰা হিতকৰ।

(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।


নিঃসন্তানৰ বাবে বৰদানস্বৰূপ- কমাৰ্চিয়েল ছাৰোগেচীঃ

 

‘বাজী গাহৰি’ শুনি ভাল নলগা শব্দ এটা। ক’লা, চাপৰ, নোদোকা মোৰ চকুৰ আগত এনেও আপচু ৰূপত দেখা দিয়া এই জন্তুবিধ বাজী হ’লেনো কেনেকুৱা দেখিব ? এতিয়াতকৈ বেছি আপচু হৈ পৰিব নেকি নে অলপমান সুগঢ়ি হৈ পৰিব ? কিন্তু তথাপিও দেখোন কিছুসময়ৰ আগতে দেখা পোৱা নিপোটল মানুহগৰাকীৰ অৱয়ৱৰ সৈতে কোনোমতেই খাপ নাখাব। গালে-মুখে হাত বুলাই মোক মৰম কৰি যোৱা মানুহজনীক মাহীয়ে বাৰু কিয় বাজী গাহৰি বুলি ক’লে শুনি আচৰিত হৈছিলো। মাহীক তাৰ কাৰণ সুধি গম পাইছিলো যে মানুহগৰাকী নিঃসন্তান আছিল আৰু সেয়ে ওচৰ-চুবুৰীয়াই তেওঁক এই অভিধা দিছিল। ইকাণ-সিকাণকৈ এই নাম হয়তো তেওঁৰ কাণতো পৰিছিল। কিন্তু তেওঁ নিৰুপায় হৈ নিজৰ অসামৰ্থ্যতাক ভাগ্যৰ লিখন বুলি মানি নীৰৱে এনে তিৰষ্কাৰ সহি গৈছিল।

সেয়া আছিল প্ৰায় দুই দশকৰো অধিক পুৰণি এটি অসম্পূৰ্ণ কাহিনী। কিন্তু এইটো বৰ্তমানৰ এটি সফল কাহিনী। কাহিনীৰ নায়িকা মোৰ এগৰাকী চিনা জনা মহিলা। হাতত একো একোটাকৈ প্ৰতিষ্ঠিত কেৰিয়াৰ লৈ মানুহগৰাকীৰ আৰু স্বামীজনৰে সৈতে এক সুখী বৈবাহিক জীৱন। কিন্তু বিয়াৰ সাতোটাকৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোক বঞ্চিত হৈ আছিল পিতৃত্ব আৰু মাতৃত্ব লাভৰ পৰম আনন্দকণৰ পৰা। তেওঁৰ নিজৰ আৰু স্বামীৰ পক্ষৰ সকলোৰে লগতে স্বামীও আধুনিক তথা উদাৰ মনৰ হোৱাৰ বাবে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। কিন্তু অসুবিধা হৈছিল সমাজখনক লৈ আৰু অন্তৰত উথলি থকা মমতাকণক লৈ। তেওঁৰো খুব মন যায় কলিগবোৰৰ দৰে মেটাৰনিটী লিভ ল’বলৈ, বজাৰৰ পৰা বেবী ডাইপাৰ, বেবী ফুড, বেবী চেনিটেৰী প্ৰডাক্টবোৰ কিনিবলৈ। তেওঁৰো মন যায় কোনো কণমানিৰ পানীলগা জ্বৰ বা পেটৰ অসুখত ৰাতি টোপনি ক্ষতি কৰি পুৱা কাৰোবাক মাতৃত্বৰ গৰ্ব মিহলি আক্ষেপ দেখুৱাবলৈ। তেওঁ বুজি পায় এগৰাকী নাৰীৰ বাবে মাতৃত্ব চৰম সাৰ্থকতা নহলেও ই ব্যক্তিত্বৰ এক পূৰ্ণতা। এই পূৰ্ণতাৰে তেওঁ সপোন দেখিছিল। নিজৰ কিছুমান শাৰীৰিক জটিলতাৰ বাবে এই সপোন সফল কৰিব পৰা নাছিল। কিন্তু তেওঁৰ একান্ত ইচ্ছা আৰু অদমনীয় আকাংক্ষা পূৰ কৰাৰ এক পন্থা বিচাৰি পাইছিল আৰু তাৰেই সপোন বাস্তৱায়িত কৰিছিল। এই পন্থাটো আছিল কমাৰ্চিয়েল ছাৰোগেচী সহজ অৰ্থত গৰ্ভভাৰা দিয়া প্ৰক্ৰিয়াত কোনো শাৰীৰিক অক্ষমতা হেতু নিঃসন্তান হৈ থকা দম্পত্তীৰ শুক্ৰ আৰু ডিম্ব আন এগৰাকীৰ গৰ্ভত স্থাপন কৰি সন্তানটোৰ জন্ম পৰ্যন্ত গৰ্ভটো ভাৰাত লোৱা হয়। অৰ্থৰ বিনিময়ত নিজৰ গৰ্ভভাৰা দিয়া এই মহিলাগৰাকীকে ছাৰোগেট মাদাৰ বুলি কোৱা হয় যিগৰাকীয়ে জন্মদানৰ পাছত নিজকে এই প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই আনে।

কমাৰ্চিয়েল ছাৰোগেচী এইগৰাকী মহিলাৰ দৰে নিঃসন্তানসকলৰ বাবে বৰদানস্বৰূপ। সন্তান লাভৰ সকলো প্ৰাকৃতিক বা বিজ্ঞানসন্মত পন্থাৰ অসফলতাৰ পাছত ই হৈছে দম্পতীসকলৰ বাবে চৰম পন্থা আৰু ভাৰতত ই বৈধ। কিছুসংখ্যক দুখীয়া শ্ৰেণীৰ মহিলাই ইয়াক উপাৰ্জনৰ পথ হিচাপেও নিৰ্বাচন কৰি লৈছে। যদিও ছাৰোগেট মাদাৰৰ অৰ্হতাৰ বাবে কিছুমান স্বাস্থ্যজনিত অৰ্হতা থাকে আৰু এক মোটা অংকৰ অৰ্থৰ বিনিময়ত ইচ্ছুকসকলে এই পন্থাৰে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে। কিন্তু পন্থাটোৰ এই বৈধতা আৰু শিথিলতাৰ বাবে শ্বাহৰুখ খান, আমীৰ খানৰ উপৰি তুষাৰ কাপুৰৰ দৰে অবিবাহিত তাৰকায়েও পিতৃত্ব অৰ্জন কৰিব পাৰিছে। যিটো একপ্ৰকাৰ বিলাসিতাৰ প্ৰতীক বা এক ষ্টেটাছ ছিম্বল। সেয়ে ২০১৬ চনৰ আগষ্ট মাহত কেবিনেট পাছ কৰা ইণ্ডিয়ান ছাৰোগেচী বিলত আৰোপিত হৈছে এনে কিছু চৰ্ত যাতে কোনো ব্যক্তি বা দম্পতীয়ে তাৰ বিনাহকে ব্যৱহাৰ কৰিব নোৱাৰে।

  • ছাৰোগেচী সেইসকল দম্পতীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব যাৰ বিয়াৰ পাঁচোটা বছৰৰ পাছতো কোনো সন্তান নাই।
  • সমলিংগৰ সম্পতীসকল ইয়াৰ বাবে বিবেচিত নহ’ব।
  • যিসকলে ইতিমধ্য সন্তানৰ মুখ দেখিছে বা আন কোনো শিশু তুলি লৈছে তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব নোৱাৰিব।
  • কোনো অবিবাহিত পুৰুষ বা মহিলাই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব।
  • লিভিং টুগেদাৰত থকাসকল ইয়াৰ পৰা বঞ্চিত হ’ব।
  • যিকোনো বিদেশী বা প্ৰবাসী ভাৰতীয়ই ভাৰতৰ পৰা ছাৰোগেট মাদাৰ ল’ব নোৱাৰিব।
  • পৰিয়ালৰ কোনো নিকট আত্মীয়কহে ছাৰোগেট হিচাপে লব পাৰি।
  • শেষত কোনো বিবাহ বিচ্ছেদিতই প্ৰথম পক্ষৰ ফালৰ সন্তানৰ বৰ্তমানত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব।

(উৎসঃ অসমীয়া খবৰ, ৰুবী বৰদলৈ)।

স্কাৰলেটিনা জ্বৰৰ চিকিৎসাৰ আদি কথাঃ

 

স্কাৰলেটিনা জ্বৰৰ নাম হয়তো আপোনালোকে শুনাই নাই- এয়ানো কি নতুন জ্বৰ ওলাল বুলি হয়তো আপুনি ভাবিছে। বৰ্তমান আধুনিক চিকৎসাৰ দ্বাৰা যিকোনো জ্বৰৰ কাৰণ নিৰ্ণয় কৰি চিকিৎসা কৰিব পৰাৰ সুব্যৱস্থা আছে। অথচ অতীতত জ্বৰ হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নাছিল বাবে নাইবা কোনো ফলদায়ক ঔষধ নথকা বাবে হেজাৰ হেজাৰ মানুহৰ অকল জ্বৰতেই মৃত্যু হৈছিল। প্ৰকৃতিৰ পৰিৱেশ তথা নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা যাৰ উন্নত আছিল তেনে লোক জ্বৰৰ কবলৰ পৰা নিজে নিজে আৰোগ্য হৈছিল। শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ মৃত্যুৰ হাৰ আছিল যথেষ্ট। এই স্কাৰলেটিনা জ্বৰৰ বিষয়ে লিখাৰ আগেয়ে এটি কেছ হিষ্ট্ৰী উল্লেখ কৰা হ’ল।

এনিৰ বয়স মাত্ৰ দহ বছৰ। হঠাৎ ভয়ানক জ্বৰ- গোটেই শৰীৰত অসহ্য বিষ-যন্ত্ৰণা। এদিন-দুদিনৰ পাছত গোটেই শৰীৰ ভৰি গ’ল ৰঙা বৰণৰ চকলা-চকল ফুচকিৰে। ইয়াৰ দুই-তিনিদিনৰ পাছত এনীৰ দুই ভনীয়েকৰো একেই অৱস্থাই হ’ল। সেই সময়ৰ চিকিৎসকে নিজস্ব জ্ঞানেৰে এনে জ্বৰত চিকিৎসা কৰে- তেনেদৰে চিকিৎসা আৰম্ভ কৰিলে। এনিৰ দুয়ো ভনীয়েক ভাল হ’ল যদিও এনিয়ে চিৰদিনলৈ চকু মুদিলে। এনিৰ মৃত্যুৰ আঠ বছৰৰ পিছত আন এজন ভায়েকো একে ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। এনি আৰু তাৰ ভায়েকৰ পিতৃ আৰু আন কোনো নহয় বিখ্যাত বৈজ্ঞানিক চাৰ্লচ ডাৰউইন। এয়া আছিল ১৮৫১ চনৰ ঘটনা।

মেডিকেলৰ ইতিহাস গৱেষণা অধ্যয়ন কৰিলে দেখা যায় যে খ্ৰীষ্টৰ এথেন্স চহৰৰ হেজাৰ হেজাৰ শিশুৰ এই জ্বৰতে মৃত্যু হৈছিল। সেই সময়ৰ ইতিহাসবিদ তথা পণ্ডিত থুচিডাইচ আৰু প্ৰখ্যাত চিকিৎসক হিপো ক্ৰতাচৰ বিভিন্ন লেখাত এই জ্বৰৰ বিৱৰণ পোৱা যায়। সোতৰ শতিকাৰ শেষভাগত ইংৰাজ চিকিৎসক টমাচ চিডেনহামে এই জ্বৰৰ নাম দিছিল স্কাৰলেটিনা। Scarlatina A barbarous term, apparently of British Origin, Which has superseded the original and more classical name Rasalki or Searlet Fever. বহুতো পণ্ডিতৰ মতে স্কাৰলেটিনা শব্দটো  ফৰাচী শব্দ এচকালাত শব্দৰ পৰা লোৱা। চিডেনহামৰ মৃত্যুৰ চাৰি বছৰ পাছত ১৬৬৩ চনত চিডেনহামৰ লিখিত এখন গ্ৰন্থ প্ৰকাশ হয়। এই গ্ৰন্থত স্কাৰলেটিনা সম্পৰ্কে সম্পূৰ্ণ এটি অধ্যায় আছে। এই অধ্যায়ত স্কাৰলেটিনা জ্বৰৰ লক্ষণ-ঔষধৰ পৰামৰ্শও দিয়া আছে। কিন্তু এই ৰোগৰ ভয়াৱহতা সম্পৰ্কে বিশেষ উল্লেখ নাই। ৰোগীক সামান্য কিছুমান নীতি-নিয়ম পালন কৰাৰ পৰামৰ্শ উল্লেখ কৰিছে- ঘৰৰ বাহিৰলৈ যাবলৈ মানা কৰা, মাদক দ্ৰব্য, প্ৰাণীজ আহাৰ গ্ৰহণ নকৰিবলৈ ইত্যাদি।

সোতৰ দশকৰ পাছত স্কাৰলেটিনা নামৰ সলনি স্কাৰলেটফিভাৰ ৰখা হৈছিল। ৰোগীৰ শৰীৰ ৰঙা চকলা পৰা বাবেই হয়তো স্কাৰলেট শব্দটো ব্যৱহাৰ কৰা হৈছিল। ইয়াক পাছত ইউৰোপ-আমেৰিকা যুক্তৰাষ্ট্ৰত এই জ্বৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। ফলত হেজাৰ হেজাৰ লোক মৃত্যুমুখত পৰিছিল। ১৮২০-১৮৮০ চনলৈ কম-বেছি পৰিমাণে গোটেই পৃথিৱীজুৰি এই জ্বৰে তাণ্ডৱৰ সৃষ্টি কৰিছিল। সেই সময়ত যোগাযোগ ব্যৱস্থা উন্নত নাছিল বা লিখিত পুথি সকলো ঠাইতে পোৱা নগৈছিল বাবে কোনে কি চিকিৎসা কেনেদৰে কৰিছিল সেই তথ্য মজুত নাছিল। কাৰণ দহ দশকত পাৰস্য দেশৰ ৰসায়নবিদ দাৰ্শনিক মহম্মদ ইবন জাকাৰিয়া আলৰাজিয়ে বসন্ত আৰু হামৰগুটিৰ পাৰ্থক্য কৰিছিল। সেই সময়ত লগতে স্কাৰলেট জ্বৰৰ গুটিৰো চিনাক্ত কৰি পৃথক কৰিছিল। অৰ্থাৎ দহ দশকতে স্কাৰলেট জ্বৰৰ এটি ধাৰণা পোৱা গৈছিল।

আমেৰিকান চিকিৎসক উইলিয়াম ভগলাচে এই ৰোগ সম্পৰ্কে যথেষ্ট অধ্যয়ন কৰি ফলদায়ক চিকিৎসা তথা ঔষধ সম্পৰ্কে নতুন পোহৰৰ পথ দেখুৱাইছিল। এতিয়াও এই জ্বৰ হয় কিন্তু আগৰ দৰে অসহায় হৈ হেজাৰ হেজাৰ লোকৰ মৃত্যু নহয়। এই ৰোগ দুখীয়া দেশ আৰু গৰীৱ লোকৰ মাজত বেছিকৈ হোৱা দেখা যায়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ সনাতন ডেকা)।

 

ভিটামিন ‘এ’ৰ অভাৱত হোৱা শিশুৰ দৃষ্টিহীনতাঃ

 

ভিটামিন ‘এ’ সাধাৰণতে দৃষ্টিশক্তি অটুট ৰখা, শৰীৰৰ টিছ্যুৰ গঠন আৰু ছাল ৰক্ষাৰ কাম কৰে। ১ৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ মাজত ভিটামিন ‘এ’ৰ অভাৱ অধিক হোৱা দেখা যায়। শিশুসকলৰ দৃষ্টিশক্তি সুন্দৰভাৱে থাকিবলৈ ভিটামিন ‘এ’ অতি আৱশ্যক। ভিটামিন ‘এ’ৰ অভাৱত সৰহসংখ্যক শিশু স্থায়ীভাৱে দৃষ্টিহীন হোৱা দেখা যায়। ভাৰতবৰ্ষত প্ৰতি বছৰে ৩০,০০০ শিশুৱে ভিটামিন ‘এ’ৰ অভাৱত দৃষ্টিশক্তি হেৰুৱায়। চকুৰ দৃষ্টিশক্তি হেৰুওৱাৰ উপৰি ভিটামিন ‘এ’ৰ অভাৱ হ’লে শিশুসকলৰ ছাল শোতোৰা পৰা, চুলি সৰা, অনবৰতে আমনি লাগি থকা, দাঁত আৰু আলুৰ গঠন বেয়া হোৱা, ভোক নলগা হোৱা, শৰীৰৰ বৃদ্ধি বাধাগ্ৰস্ত হোৱা, খাদ্যতন্ত্ৰ আৰু শ্বাসতন্ত্ৰৰ সংক্ৰমণ আদিও দেখা যায়।

সাধাৰণতে ভিটামিন ‘এ’ৰ অভাৱৰ ফলত শিশুবোৰ হঠাতে অন্ধ হৈ নাযায়। কুকুৰীকণা বা ৰাতি দেখা নোপোৱাটো ভিটামিন ‘এ’ৰ অভাৱৰ প্ৰথম লক্ষণ। কুকুৰীকণা শিশুৱে কম পোহৰ বা আন্ধাৰত একোৱেই দেখা নাপায়। লাহে লাহে এওঁলোকৰ চকুৰ বগা অংশ শুকাই যায় আৰু উজ্জ্বলতা-চিকমিকনি নোহোৱা হয়। শেষত কৰ্ণিয়াৰ ঘা হৈ কৰ্ণিয়া অস্বচ্ছ হ’লে স্থায়ীভাৱে অন্ধত্ব নামি আহে।

ভিটামিন ‘এ’ৰ অভাৱ প্ৰথম অৱস্থাতে নিৰ্ণয় কৰিব পাৰিলে বেছি পৰিমাণত ভিটামিন ‘এ’ সমৃদ্ধ খাদ্য খুৱাই এই অভাৱ দূৰ কৰিব পৰা যায়।শিশুসকলৰ কুকুৰীকণা অথবা চকুৰ বগা অংশ শুকাই গৈ চকুৰ উজ্জ্বলতা-চিকমিকনি নোহোৱা হোৱা আদি লক্ষণে দেখা দিলে লগে লগে চিকিৎসকক দেখুওৱা উচিত। সময়ত উপযুক্ত চিকিৎসা নকৰিলে ইয়াৰে পৰা স্থায়ী অন্ধত্ব হ’বগৈ পাৰে। শিশু এটাৰ ভিটামিন ‘এ’ৰ অভাৱ থিৰাং হোৱাৰ লগে লগে, ছমাহ বয়সৰ তলৰ শিশুক ৫০,০০০ আই ইউ, ছমাহৰ পৰা ১২ মাহ বয়সৰ শিশুক ১ লাখ আই ইউ আৰু ১২ মাহ বয়সৰ অধিক শিশুক ২ লাখ আই ইউ পৰিমাণৰ ভিটামিন ‘এ’ মুখেৰে খাব দিয়া হয়। পিছদিনা এনে ডোজৰ ভিটামিন ‘এ’ আৰু ছয় সপ্তাহ পাছত পুনৰ এক ডোজৰ ভিটামিন ‘এ’ মুখেৰে খাবলৈ দিয়া হয়। যদিহে শিশুটোৱে মুখেৰে ভিটামিন ‘এ’ খাবলৈ অপাৰগ হয় অথবা খালেই বমি কৰে তেন্তে Water soluble ভিটামিন ‘এ’ৰ বেজী দিব পাৰি। ইয়াৰ উপৰি ভিটামিন ‘এ’ৰ অভাৱত Xerophthalmia হ’লে চকুটো পেডেৰে ঢাকি ৰাখিলে চকু কমকৈ শুকোৱা আৰু কৰ্ণিয়াৰ ঘা হ’লে এণ্টিবায়’টিক চকুৰ দৰব দিব লাগে। কৰ্ণিয়াৰ ঘা হৈ কৰ্ণিয়া অস্বচ্ছ হৈ স্থায়ীভাৱে অন্ধত্ব নামি আহিলে কৰ্ণিয়া ট্ৰেন্সপ্লেণ্ট কৰিবলগীয়া হয়।

শিশুসকলৰ মাজত ভিটামিন ‘এ’ৰ অভাৱ প্ৰতিৰোধ কৰিবলৈ শিশুসকলক ভিটামিন ‘এ’ সমৃদ্ধ আহাৰ গ্ৰহণ কৰিব দিয়া উচিত। লিভাৰ, কণী, মাছৰ তেল, মাংস, গাখীৰ, মাখন আদিত যথেষ্ট পৰিমাণৰ ভিটামিন ‘এ’ থাকে। সেউজীয়া পাতৰ শাক-পাচলি, ধনীয়া, ফল-মূল, গাজৰ, অমিতা, আম আদিতো ভিটামিন ‘এ’ প্ৰচুৰ পৰিমাণত থাকে। নেচনেল ইনষ্টিটিউট অব্ নিউট্ৰিছন, হায়দৰাবাদে কৰা গৱেষণাৰ মতে ১ৰ পৰা ৫ বছৰ বয়সৰ শিশুক প্ৰতি ছয় মাহৰ অন্তৰে অন্তৰে ২ লাখ আই ইউ ভিটামিন এৰ চিৰাপ খুৱালে ভিটামিন ‘এ’ৰ অভাৱ কিছু পৰিমাণে কমে। প্ৰতি ছয় মাহৰ অন্তৰে অন্তৰে ২ লাখ আই ইউ ভিটামি ‘এ’ চিৰাক খুৱালে এই ভিটামিন যকৃতত জমা হৈ থাকে। পিছৰবাৰ খুওৱালৈকে শিশুটিক প্ৰয়োজনীয় ভিটামিন ‘এ’ শৰীৰে তাৰ পৰা পায়। ভাৰতবৰ্ষত ভিটামি ‘এ’ৰ অভাৱত হোৱা অন্ধতা ৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় ভিটামিন ‘এ’ প্ৰফাইলেক্সিক প্ৰগ্ৰেম অনুসৰি ১ৰ পৰা ৫ বছৰ বয়সৰ শিশুক প্ৰতি ছয় মাহৰ অন্তৰে অন্তৰে দুই লাখ আই ইউ ভিটামিন ‘এ’ৰ চিৰাপ খুওৱা হৈছিল। বৰ্তমান ভাৰতবৰ্ষত কেৱল তিনিবছৰ বয়সৰ তলৰ শিশুকহে ভিটামিন ‘এ’ৰ চিৰাপ অতিৰিক্তভাৱে খুওৱা হয়। আজিকালি শিশুৰ ৯ মাহ বয়সত মিজিলচ ভেকচিন দিয়াৰ সময়ত ১ লাখ আই ইউ ভিটামিন ‘এ’ৰ চিৰাপ আৰু ১৫ৰ পৰা ১৮ মাহৰ ভিতৰত ২ লাখ আই ইউ ভিটামিন ‘এ’ৰ চিৰাপ মুখেৰে খুওৱা হয়। মাতৃ দুগ্ধ নোখোৱা শিশুক অতিৰিক্তভাৱে ২৪ মাহ, ৩০ মাহ আৰু ৩৬ মাহ বয়সত ২ লাখ আই ইউ ভিটামিন ‘এ’ৰ চিৰাপ মুখেৰে খুওৱা হয়। গৰ্ভৱতী মহিলা আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃক ভিটামিন ‘এ’ সমৃদ্ধ পুষ্টিকৰ আহাৰ অধিক গ্ৰহণ কৰিব দিয়াৰ উপৰি অতিৰিক্তভাৱে ভিটামিন ‘এ’ৰ খোৰাক দিব লাগে। ইয়াৰ ফলত গৰ্ভস্থ শিশুটো অথবা মাতৃদুগ্ধ পান কৰা শিশুবোৰে মাকৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ‘এ’ পাব পাৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

 

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক