অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

ঔষধ অভাৰড'জ হ’লে-


যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঔষধ খাওঁ। কিন্তু এই ঔষধৰ মাত্রা যদি অধিক হয়। অর্থাৎ চিকিৎসা বিজ্ঞানৰ ভাষাত যাক বোলা হয়। “অভাৰড’জ তেনেহ’লে ৰোগ ভাল পোৱাতকৈ ইয়াৰ পৰিণতি বেয়াহে হ’ব।  সেয়ে ঔষধ সেৱন কৰাৰ ক্ষেত্ৰত সতর্কতাৰ প্রয়োজন।

  • টেবলেট বা চিৰাপ যিকোনো ঔষধ ৰোগীৰ পৰা দূৰৈত ৰাখক। বিশেষকৈ শিশুসকলৰ পৰা ঔষধ সাৱধানে ৰখাই ভাল।
  • অধিক অসুস্থ অৱস্থাত বা বয়সিয়াল লোকক নিজে ঔষধ গ্রহণ কৰিবলৈ দিব নালাগে।
  • ঔষধৰ পৰিমাণ কম বেছি হ’লে আতংকিত নহ’ব। প্রথমে ডাক্তৰৰ পৰামৰ্শ লওক। এনে সময়ত কোনো বিশেষ ব্যক্তিৰ কথা শুনি ব্যৱস্থা গ্রহণ  নকৰিব। যদি চিকিৎসালয়ত ভর্তি কৰাবলগীয়া হয়, অৱশ্যেই ঔষধকেইটি লগত লৈ যাব।
  • সদায় ঔষধত লিখা নাম ভালকৈ পঢ়িব লাগে। এটা-দুটা আখৰ পঢ়িয়ে ঔষধটো ফালি ৰোগীক খুৱাই নিদিব। কিয়নো বহু ঔষধ একে নাম যেন লাগিলেও কিন্তু পাছলৈ সম্পূর্ণ নাম পঢ়িলে বেলেগ পোৱা যায়।

 

পিয়াঁজৰ বনৌষধি গুণ-


আমি নিতৌ খোৱা শাক-পাচলিৰ লগত অপৰিহার্য পিয়াঁজৰ ব্যৱহাৰ পৃথিৱীৰ প্রায় সকলো দেশতে হয়। পিয়াঁজত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, আয়ৰন, ভিটামিন ‘এ’, ‘বি’ আৰু “চি” থাকে। পিয়াজ আমাৰ খাদ্যত অপৰিহার্য হোৱাৰ বাবেই ইয়াৰ মূলাও বাঢ়ি আহিছে। পিয়াঁজ খালে শৰীৰত বল-শক্তি বাঢ়ে। পিত্তনাশক। ৰঙা পিয়াজ আৰু বগা পিয়াঁজ দুয়োবিধৰে খাদ্যমূল্য যথেষ্ট বেছি। পিয়াঁজ খালে হজম শক্তি বৃদ্ধি হয়। প্ৰস্ৰাৱৰ জ্বলা-পোৰা ভাল হয় আৰু অন্যান্য বহু সমস্যা দূৰ কৰে।

পিয়াঁজৰ ঔষধি গুণবোৰ

কুকুৰীকণা অসুখত

পিয়াঁজৰ শাহখিনি পানীত উতলাই চাহৰ দৰে খালে কুকুৰীকণা গুচে। অন্য এটা ব্যৱহাৰ হ’ল— পিয়াঁজৰ ৰস ১০ গ্রাম উলিয়াই তাত অকণমান নিমখ দিব লাগে। মিশ্রণখিনিৰ পৰা মাত্র দুই টোপাল চকুৰ কোণত দিব লাগে। এই মিশ্রণখিনিত মৌজোল কেইটোপালমান দি চকুত দুই টোপাল দিলে দৃষ্টিশক্তি বাঢ়ে।

টোপনি নহা বা নিদ্ৰাহীনতাত

পিয়াঁজৰ ৰস এবাৰকৈ দুচামুচ পৰিমাণে ৰাতি শোৱাৰ আগে আগে এসপ্তাহ খালেই এই সমস্যা দূৰ হয়। পিয়াঁজৰ ৰস এচামুচত অলপমান চেনি দি খালেও টোপনি নহা মানুহৰ টোপনি আহে।

চকুত ছানি পৰা ৰোগত

পিয়াঁজৰ ৰস ১০ মিলিগ্রাম, আদাৰ ৰস ১০ মিলিগ্রাম, ১০ মিলিগ্রাম নেমুৰ ৰস আৰু ৫০ মিলিগ্রাম মৌজোল লওক। এই সকলো মিহলাই ইয়াৰ পৰা দুটোপালকৈ ছানি পৰা চকুত দিয়ক নিয়মিতভাৱে। এই মিশ্ৰণটো আয়ুর্বেদিক আশ্ৰমত প্রস্তুত কৰি দিব। নেত্রজ্যোতি নামেৰে বিক্ৰী কৰা হয়।

এজমা বা হাপানি অসুখত

পিয়াঁজৰ ২০ বা ৩০ গ্রাম শাহ (Pulp) প্রতিদিনে পুৱা আৰু আবেলি খালে হাপানিৰ টান কমি যায় উশাহ-নিশাহৰ সমস্যা কমি যায়।

বদহজম হ’লে

পিয়াঁজৰ ৰস এচামুচ বা এটুকুৰা কেঁচা পিয়াঁজ ভাতৰ লগত প্রতিদিনে খোৱাৰ অভ্যাস কৰক। এই সমস্যা দূৰ হ’ব।

ৰক্ত পৰা বন্ধ কৰিবলৈ

২০/৩০ মিলিগ্রাম পিয়াঁজৰ ৰস দিনে ২/৩ বাৰ খাব লাগে। পিয়াজৰ বগাবিধ ব্যৱহাৰ কৰিলে অতি কম সময়ৰ ভিতৰতে তেজ বন্ধ হয়।

পেট ফুলিলে

২০ মিলিগ্রাম পিয়াঁজৰ ৰসত ১০ মিলিগ্রাম হিং, এক গ্রাম জালুকৰ গুড়ি মিহলাই তাত অকণমান ক’লা নিমখ মিহলাই দিনটোত ২/৩ বাৰ খাব লাগে। পেট ফুলা কমি যাব আৰু গেষ্ট্ৰিকৰ সমস্যাও গুচিব।

পাইলছ বা অৰ্শ বেমাৰত

দুটা পিয়াঁজ থেতেলিয়াই পেষ্ট কৰি গুহ্যদ্বাৰত বিষ হোৱা ঠাইত সানিব লাগে ফিটকিৰিৰ গুড়ি অলপ লৈ গৰম পানীত মিহলাই সহ্য কৰিব পৰা গৰম পানীৰে গুহ্যদ্বাৰ ধুলে পাইল্‌ছ বা অৰ্শৰ সমস্ত বিষ, খজুৱতি, ৰক্ত, ৰক্ত পৰা বন্ধ হয়।

লিখকদ্বয়- শ্ৰুতি জৈন,উপেন দত্ত

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top