অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা

বৰষুণৰ বতৰত হ’ব পৰা ৰোগঃ-

 

বৰষুণ বহুতৰে প্ৰিয়। বহুতৰে আকৌ বৰষুণত তিতাৰ চখো আছে। কিন্তু বৰষুণত তিতাৰ ফলত আপুনি বেমাৰত পৰিব পাৰে। বৰষুণত তিতলে কি কি বেমাৰ হোৱাৰ আশংকা থাকে সেই সন্দৰ্ভত এক অৱলোকন-

ছালৰ সংক্ৰমণঃ

বৰষুণত তিতাৰ ফলত আপোনাৰ ছালৰ সংক্ৰমণ হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হ’ল খজুৱতি, ছাল ৰঙা পৰা, ছাল অতি কোমল হৈ যোৱা আৰু বগা দাগ পৰা। এনে লক্ষণ দেখা পালে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ অথবা এণ্টিফাংগাল ঔষধ ব্যৱহাৰ কৰিব লাগে।

চকুৰ সংক্ৰমণঃ

এনে বতৰত চকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰবল। বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণৰ ফলত চকুৰ এটা বিশেষ অংগ পুৰিবলৈ ধৰে আৰু পানী ওলাবলৈ ধৰে। ইয়াৰ উপৰি চকু ৰঙা পৰে। এনে সংক্ৰমণ হ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

কাণৰ বাহিৰৰ অংশত সংক্ৰমণঃ

কাণৰ ভিতৰত অধিক খজুৱতি, কাণৰ বিষ আৰু কাণ বন্ধ হৈ গ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টিবায়’টিক ঔষধ সেৱন কৰিব লাগে।

টাইফয়েডঃ

বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণৰ ফলত বহু দিনলৈ জ্বৰ হৈ থাকিলে টাইফয়েডৰ আশংকা থাকে। অধিক ডায়েৰীয়াৰ সমস্যা, বমি অথবা আভোক হোৱাটো এনে ৰোগৰ লক্ষণ।

হেপাটাইটিছ-ই আৰু হেপাটাইটিছ-এঃ

ভাইৰাছৰ প্ৰভাৱত যকৃতত জ্বলা-পোৰা অনুভৱ কৰা, হালধীয়া পৰা, ভোক নলগা, জ্বৰ, বমি আদি হেপাটাইটিছ-ইৰ লক্ষণ। আনহাতে এইসমূহ লক্ষণৰ উপৰি হেপাটাইটিছ-এৰ এটা লক্ষণ হ’ল অধিক ভাগৰ লগা আৰু ডায়েৰীয়া। সময় থাকোঁতেই চিকিৎসকৰ পৰামৰ্শ লৈ এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।

 

উপকাৰী আহাৰসমূহঃ-

 

(১) ফলৰ ভিতৰত আপেল আৰু নাচপতি উপযোগী। তদুপৰি আঙুৰ, কমলাৰ ৰস আৰু আনাৰস বিশেষভাৱে উপকাৰী।

(২) গাজৰ, ৰঙা আলুৰ লগতে সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে।

(৩) চিকেন চুপ খালে ইনফ্লুয়েঞ্জাৰ পৰা দূৰত থাকিব পাৰি। ই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়ায়।

(৪) ভিটামিন ‘চি’যুক্ত আহাৰ খাব লাগে। ই কাহ-জ্বৰ দূৰ কৰাৰ লগতে শ্বেতৰক্তকণিকা মজবুত কৰে আৰু ইনফেকচন প্ৰতিৰোধ কৰে।

(৫) যথেষ্ট পৰিমাণে পানী খোৱা উচিত। এই পানী কেৱল পানীৰ পৰাই যে পোৱা হয় এনে নহয়। ফলৰ ৰস, চাহ, চুপ আদিৰ যোগেদিও পাব পাৰি। শীতৰ আৰম্ভণি আৰু শেষৰ সময়ছোৱাত ডিহাইড্ৰেচনৰ সমস্যা বেছি দেখা যায়। কাৰণ ঠাণ্ডা অহাৰ লগে লগে মানুহৰ পানী খোৱাৰ প্ৰৱণতা কমি যায়।

(৬) নহৰু দুই-এফোটা ভাতৰ লগত খাব লাগে। ই ইমিউন ছিষ্টেম ভালে ৰখাত সহায় কৰে আৰু বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰে।

(৭) ৰাতিৰ আহাৰ হিচাপে শুকান ৰুটী খাব পাৰি।

এৰি চলিবলগা আহাৰসমূহঃ

(১) বেছি মছলা আৰু তেলযুক্ত আহাৰ পাৰিলে নোখোৱাটোৱে ভাল।

(২) আচাৰ অতি কম পৰিমাণে খাব লাগে।

(৩) এলাৰ্জীৰ ভয় থাকিলে চেনি, ময়দা, গমজাতীয় আহাৰ কম খাব।

(৪) কফি, এলকহল, জাংফুড আদি বেছিকৈ নাখাব।

ঘৰুৱাভাৱে ল’ব পৰা উপায়সমূহঃ

(১) ইনফ্লুয়েঞ্জাৰ সমস্যাত পৰিলে তুলসী আৰু আদাৰ ৰস খালে উপকাৰ পাব পাৰি।

(২) আদাৰ ৰসৰ লগত মৌজোল আৰু মেথিগুটিৰ গুড়ি মিহলাই খাব লাগে।

(৩) মৌজোল আৰু পিঁয়াজৰ ৰস সমপৰিমাণে মিহলাই প্ৰতিদিনে খাব লাগে।

(৪) চাহত আদা মিহলাই খাব পাৰি।

(৫) দিনে অন্ততঃ আঠ ঘণ্টা টোপনিৰ আৱশ্যক। ভাল টোপনি হ’লে শৰীৰে ইনফেকচনৰ সৈতে যুঁজাৰ শক্তি পায়।

বিশেষ কিছুমান টিপছ্ঃ

(১) ডাক্তৰৰ পৰামৰ্শ মতে নিয়মিত ঔষধ খোৱা উচিত।

(২) দিনে অন্ততঃ এটাকৈ ফল খাব লাগে।

(৩) কুহুমীয়া পানীৰে গা ধুব লাগে।

(৪) সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগে।

চিকিৎসকৰ ওচৰলৈ যাবনে ?

(১) কাণ, ডিঙি আৰু মুখৰ কোনো অংশত অসহ্য যন্ত্ৰণা হ’লে

(২) হালধীয়া ৰঙৰ কফ বাহিৰ হ’লে

(৩) শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে

(৪) ৪৮ ঘণ্টাৰ পিছতো যদি শৰীৰৰ তাপমাত্ৰা বেছি থাকে।

 

নাৰীৰ কন্যাকালৰ স্বাস্থ্যজনিত সমস্যাঃ-

 

কন্যা ঋতুমতা হোৱাৰ পৰা বিয়াৰ উপযুক্ত হোৱালৈকে (সাধাৰণতে দহৰ পৰা ওঠৰ বছৰ বয়স) কন্যাকাল বুলি কোৱা হয়। বাঢ়ি অহা দেহাটিক অতিৰিক্ত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। পুষ্টিকৰণৰ ওপৰত গুৰুত্ব দিব লাগে। অতিৰিক্ত প্ৰ’টিন, ভিটামিন আদি খাব লাগে। এনে নকৰিলে কন্যাসকল পুষ্টিহীনতাত ভোগে বাবে নানা পুষ্টিজনিত ৰোগ (যেনে- ডায়েৰীয়া, প্ৰ’টিন এনাৰ্জী মালনিউট্ৰিচন, ৰক্তহীনতা, ভিটামিন-এৰ অভাৱত হোৱা কুকুৰীকণা আৰু চকুৰ দৃষ্টিহীনতা আদি) হোৱা দেখা যায়। এই সময়ছোৱাত ছোৱালীবোৰে সাধাৰণতে অধিকভাৱে ৰক্তহীনতাত ভোগে। ভৱিষ্যতৰ সুস্থ মাতৃ তৈয়াৰ কৰাৰ বাবে এই বয়সৰ কন্যাসকলক আইৰন আৰু ফলিক এচিডযুক্ত আহাৰ খাব দিয়াৰ উপৰি আইৰন আৰু ফলিক এচিড ওপৰঞ্চিভাৱে খাব দিব লাগে। কন্যাসকলৰ মাজত ল’ৰাসকলতকৈ মূত্ৰতন্ত্ৰৰ সংক্ৰমণ অধিক হোৱা দেখা যায়। মূত্ৰতন্ত্ৰৰ সংক্ৰমণ কমাবলৈ কন্যাসন্তানবোৰক চাফ-চিকুণকৈ থাকিব শিকাব লাগে।

যিহেতু ছোৱালীবোৰৰ এই কালছোৱাত মাহেকীয়া আৰম্ভ হয়, সেয়েহে এই কালছোৱাত সিহঁতক চাফ-চিকুণতাৰ বিষয়ে শিকাব লাগে যাতে সিহঁতে জননতন্ত্ৰৰ ৰোগবোৰ প্ৰতিৰোধ কৰিব পাৰে। জননতন্ত্ৰৰ ৰোগ, মাহেকীয়াৰ প্ৰথম দুবছৰ মাহেকীয়া অনিয়মিত হোৱা, মাহেকীয়াত অধিক ৰক্তক্ষৰণ, পেটৰ বিষ, জননতন্ত্ৰৰ টেমুনা আদি এই বয়সত বেছি হয়। বহু ছোৱালীয়ে স্তনৰ ফাইব্ৰ’এডিনোমা নামৰ টেমুনাত ভোগে। এইবোৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ উপযুক্ত চিকিৎসা কৰাব লাগে। মুখত শালমইনা ওলাব আৰম্ভ কৰে। ছালৰ নানা ৰোগ দেখা দিব পাৰে। সেয়েহে নিয়মীয়াকৈ ছাল আৰু চুলিৰ উপযুক্তভাৱে যত্ন লব লাগে। এই বয়সত কন্যাসকলে প্ৰায়ে অসংলগ্ন ব্যৱহাৰ, উদ্বেগ, হতাশ ভাব, খোৱা-বোৱাত অনিয়ম, যৌনবিষয়ক ব্যৱহাৰ, কথা কমকৈ কোৱা, উচ্ছৃংখলতা আদি মানসিক সমস্যাত ভোগা দেখা যায়। পিতৃ-মাতৃ, শিক্ষক আৰু স্বাস্থ্যকৰ্মীসকলে এইবোৰ প্ৰতিৰোধ কৰাত আগভাগ লব লাগে। যিহেতু এই বিষয়ত ইহঁতে যৌন প্ৰক্ৰিয়াৰ বিষয়ে জনা হয় সেয়েহে যৌন প্ৰক্ৰিয়াৰ ভুল প্ৰয়োগে সৃষ্টি কৰিব পৰা অনাকাংক্ষিত গৰ্ভধাৰণ, এইডছ আৰু যৌনৰোগ আদি এই বয়সত অধিক হ’ব পাৰে। সেইবোৰ নোহোৱা কৰিবলৈ ইহঁতক চাফ-চিকুণতা আৰু যৌন প্ৰক্ৰিয়া সম্পৰ্কে শিক্ষা দি স্বাস্থ্য সজাগ কৰা উচিত। এই বয়সত ছাৰ্ভাইকেল কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। এই প্ৰতিৰোধক বেজীৰে ছাৰ্ভাইকেল কৰ্কট সৃষ্টি কৰা এইচ পি ভি নামৰ ভাইৰাছটোৰ বিৰুদ্ধে দেহত এণ্টিবডীৰ সৃষ্টি কৰে। এই এণ্টিবডীয়ে ভাইৰাছটোক দেহত সংক্ৰমণ হোৱাত বাধা দিয়ে। ভাইৰাছটোৱে যেতিয়া ছাৰ্ভিক্সত আক্ৰমণ কৰে তেতিয়া এই এণ্টিবডীয়ে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰি ছাৰ্ভাইকেল কৰ্কট ৰোগ সৃষ্টি কৰাত বাধা দিয়ে।

এই বয়সত ছোৱালীবোৰে সন্মুখীন হোৱা এক সমস্যা হ’ল ডিছমেনোৰিয়া। ডিছমেনোৰিয়াত ভোগা ছোৱালীয়ে ঋতুৰ সময়ত বা ঋতু হোৱাৰ আগে আগে কোনো কাৰণ নথকাকৈ তলপেটত খামুচীয়া ধৰণৰ বিষ অনুভৱ কৰে। বিষৰ কাৰণ বিচাৰি তলপেটৰ এক্স-ৰে, ছন’গ্ৰাফী কৰিলেও একো ধৰা নপৰে। ঋতু আৰম্ভ হোৱাৰ তিনি-চাৰি ঘণ্টামান আগৰে পৰা পাতলীয়া বিষেৰে ই আৰম্ভ হৈ লাহে লাহে বেছিলৈ গৈ প্ৰায় ১২ ঘণ্টামান সময় থাকি যায়। এনে অৱস্থাত বিষৰ উপযুক্ত দৰব পেটত নপৰিলে যুৱতীগৰাকীৰ বমি বা পেট চলাও আৰম্ভ হ’ব পাৰে। কেতিয়াবা বিষৰ মাত্ৰা অত্যধিক হোৱাও দেখা যায়। তেনে অৱস্থাত শীতল ঘামে শৰীৰ ধুৱাই পেলাই শৰীৰ জঠৰ কৰি পেলাবও পাৰে। সেয়েহে বেছি সময়লৈ বাট চাই নাথাকি ঠিক আৰম্ভ হোৱা বা হ’ব বুলি গম পোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বিষনাশক দৰব খোৱাৰ উপৰি চাফ-চিকুণকৈ থাকিব লাগে। সাধাৰণতে বিয়াৰ পাছত অথবা মাতৃ হোৱাৰ পাছতে এই ৰোগ নাইকিয়া হোৱা দেখা যায়। যদি পিছলৈ ভাল নহয় তেন্তে জৰায়ুৰ টিউমাৰ, তলপেটৰ ইনফেকচন, এণ্ডমেট্ৰ’ছিছ বা এডিনোমায়’ছিছ আদিৰ বাবে ডিছমেনোৰিয়া হ’ব পাৰে আৰু উপযুক্ত চিকিৎসা কৰিলে ই ভাল হয়।

উৎসঃ অসমীয়া খবৰ

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top