অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

কাহৰ ঔষধঃ-

 

কাহৰ ছিৰাপে কাহৰ প্ৰৱণতা হ্ৰাস কৰে। ইয়াকে ছাপ্ৰেচেণ্ট বুলি কোৱা হয়। কাহৰ কাৰণে সমস্যাৰ সৃষ্টি কৰা কফ আৰু লেলাৱটি বাহিৰলৈ উলিয়াই অনা প্ৰক্ৰিয়াক এক্সপেক্টৰেণ্ট বুলি কোৱা হয়। আপোনাৰ যদি শুকান কাহ হৈছে তেন্তে ছাপ্ৰেচেণ্ট ব্যৱহাৰ কৰিব আৰু লেলাৱটি আৰু কফ ওলোৱা কাহ হ’লে এক্সপেক্টৰেণ্ট ব্যৱহাৰ কৰিব। ভুল দৰবৰ প্ৰয়োগে আপোনাৰ সমস্যা বৃদ্ধি কৰি তুলিব পাৰে। সচৰাচৰ বিজ্ঞাপনত দেখুওৱাৰ দৰে কাহৰ ঔষধে তৎকালীন ফল নিদিয়ে।

পৰিমাণৰ প্ৰতি গুৰুত্বঃ

যিকোনো দৰবেই ন্যূনতম আৱশ্যকীয় মাত্ৰাতে ব্যৱহাৰ কৰিব। দৰবৰ ব্যৱহাৰ সেই মাত্ৰাতে কৰিব, যিমানখিনি প্ৰয়োজন হয়। সঠিক দৰবৰ প্ৰয়োগ যিমান দৰকাৰী, সঠিক মাত্ৰাও সিমানেই দৰকাৰী। দৰবৰ মাত্ৰাধিক প্ৰয়োগ শৰীৰৰ বাবে ক্ষতিকাৰক। মাত্ৰাধিক পৰিমাণত ঔষধ ল’লেই আপোনাৰ ৰোগ সোনকালে ভাল নহয়। বৰঞ্চ ক্ষতিৰ পৰিমাণহে বৃদ্ধি পাব।

এণ্টিবায়’টিকৰ প্ৰয়োগঃ

এণ্টিবায়’টিক আৰু আনবোৰ ঔষধৰ প্ৰয়োগ চিকিৎসকৰ পৰামৰ্শ মতেহে কৰিব। এণ্টিবায়’টিক গুৰুত্বপূৰ্ণ ঔষধ। সম্পূৰ্ণ ক’ৰ্চ গ্ৰহণ নকৰিলে সংক্ৰমণ হোৱাৰ উপৰি হিতে বিপৰীত হোৱাৰো আশংকা থাকে। মনত ৰখা ভাল যে এণ্টিবায়’টিকে ফ্লুৰ দৰে ভাইৰেল ইনফেকচন ভাল নকৰে। ফ্লু হওঁতে যদি আপুনি এণ্টিবায়’টিক ব্যৱহাৰ কৰি আছে, তেন্তে আপোনাৰ কোনো লাভ নহ’ব। ব্ৰংকাইটিছ আৰু ছাইনাছৰ ইনফেকচনৰ দৰে সমস্যাৰ চিকিৎসাৰ বাবে এণ্টিবায়’টিক ভাল উপায়। এণ্টি ডিপ্ৰেছনৰ দৰে আনবোৰ ঔষধ যদি সঠিক সময়ত নিয়মিতভাৱে গ্ৰহণ কৰা নহয়, তেন্তে সেই ঔষধে ফল নিদিব। চিকিৎসকৰ সতে পৰামৰ্শ নকৰাকৈ ঔষধ আৰু ঘৰুৱা পৰিচৰ্যা একেলগে নকৰিব।

গৰ্ভনিৰোধক ঔষধঃ

গৰ্ভনিৰোধক ঔষধবোৰ সেৱন কৰাৰ দিনৰ পৰাই কাম কৰিবলৈ আৰম্ভ নকৰে। এসপ্তাহৰ পাছত বা বহুক্ষেত্ৰত এমাহ পৰ্যন্ত একেৰাহে ব্যৱহাৰ কৰাৰ পাছতহে প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। সেয়ে গৰ্ভনিৰোধক গ্ৰহণ কৰাৰ প্ৰথম দিনাৰ পৰাই নিৰাপদ হোৱা বুলি ভবাটো ভুল হ’ব। একেৰাহে তিনিমাহ সেৱন কৰাৰ পাছতহে এনে ঔষধে সম্পূৰ্ণৰূপে কাম কৰিবলৈ ধৰে। একেৰাহে দুদিন বা তাৰ বেছিদিনলৈ ঔষধ সেৱন কৰিবলৈ পাহৰিলে ইয়াৰ প্ৰভাৱ হ্ৰাস পাব পাৰে।

 

তপা হোৱাৰ পৰা বাচিবলৈ হেয়াৰ গ্ৰাফ্‌টিং-

 

যিসকল লোকৰ চুলি দ্ৰুতগতিৰে সৰি সৰি তপা হৈ পৰিছে, তেওঁলোকৰ বাবে আশা কঢ়িয়াই আনিব পৰা এটা শব্দ হৈছে ‘হেয়াৰ গ্ৰাফ্‌টিং’। হেয়াৰ গ্ৰাফ্‌টিঙক হেয়াৰ ট্ৰেন্সপ্লেণ্টেছন বুলিও কোৱা হয়। আজিৰ দিনত লক্ষাধিক মানুহে এই টেকনিকৰ দ্বাৰা লাভান্বিত হৈছে। তপা হোৱাৰ দৰে অস্বস্তিকৰ সমস্যাৰ পৰা ৰেহাই পাইছে। সৰা চুলি পুনৰ গজোৱাৰ ক্ষেত্ৰত এই টেকনিক অতিশয় উপযোগী হিচাপে চিহ্নিত হৈছে। বলিউদৰ ছুপাৰ ষ্টাৰ ছলমান খান বা ইংলণ্ডৰ তাৰকা ফুটবলাৰ ৱেইন ৰুণী আদিয়েও হেয়াৰ গ্ৰাফ্‌টিঙৰ দ্বাৰা সুফল লাভ কৰিবলৈ সক্ষম হৈছে।

চুলিৰ সমস্যা আৰু পৰিচৰ্যাঃ

জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ ফলত আজিকালি মানুহৰ চুলি দ্ৰুতগতিৰে সৰিবলৈ লৈছে। মানসিক চাপ বৃদ্ধি আৰু প্ৰদূষণযুক্ত পৰিৱেশো ইয়াৰ অন্যতম কাৰণ। এটা বয়সত স্বাভাৱিকভাৱেই পুৰুষ আৰু মহিলাৰ চুলি সৰিবলৈ আৰম্ভ কৰে। কিন্তু আজিকালি চুলি সৰাৰ পৰিমাণ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। চুলিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যৰো আজিকালি অভাৱ ঘটিছে। ফলত অতি কম বয়সৰে পৰাই বহুতে চুলি সৰাৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে।

চুলি প্ৰচুৰ পৰিমাণে সৰিবলৈ আৰম্ভ কৰা মানুহৰ মানসিক চাপ অধিক বৃদ্ধি পায়। কিয়নো মানুহে কেতিয়াও তপা হ’ব নিবিচাৰে। কাৰণ তপা মানুহক বুঢ়া যেন লগা বুলি আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা আছে। ইয়াৰ উপৰি চুলি নাথাকিলে মানুহজনৰ সৌন্দৰ্যও বহু পৰিমাণে লাঘৱ হয়। সেয়ে ডেকা যেন পৰিলক্ষিত হ’বলৈ আৰু তপা মূৰৰ বাবে অস্বস্তিৰ মাজত দিন কটোৱাৰ পৰা হাত সাৰিবলৈ আধুনিক টেকনিক হেয়াৰ গ্ৰাফ্‌টিঙৰ সহায় ল’ব পাৰে। অস্ত্ৰোপচাৰৰ জৰিয়তে নকল চুলি লগোৱাৰ দিন এতিয়া গ’ল। চুলি সৰাও এতিয়া বেমাৰ হৈ থকা নাই। ইয়াৰ পৰা হাত সৰাৰ উপায়ো খৰচী নহয়। কিন্তু আপুনি আগতে জানিব লাগিব যে এই টেকনিক কিমান সুৰক্ষিত।

হেয়াৰ গ্ৰাফ্‌টিং কি ?

ফ’লিকিউলাৰ মাইক্ৰ’ হেয়াৰ গ্ৰাফ্‌টিং টেকনিকক হেয়াৰ ট্ৰেন্সপ্লেণ্টৰ সবাতোকৈ উন্নত টেকনিক বুলি কোৱা হয়। এই টেকনিকৰ জৰিয়তে মানুহৰ মূৰত আজীৱন থকা চুলিৰ গুৰিক মাইক্ৰ’ ছাৰ্জাৰীৰে প্ৰত্যাৰোপণ কৰা হয়। বেয়া অৱস্থাতো মানুহৰ শৰীৰত ৮-১০ হেজাৰ এনে চুলি থাকে যিবোৰ প্ৰত্যাৰোপণ কৰিব পাৰি। এই ক্ৰিয়াত ৰোগী সম্পূৰ্ণ সজ্ঞানে থাকে আৰু তেওঁ কোনো যন্ত্ৰণা অনুভৱ নকৰে। এই টেকনিকৰ জৰিয়তে ব্যক্তিজনৰ ইচ্ছা অনুসৰি চুলিবোৰ গ্ৰাফ্‌ট কৰা হয়। পাছত সেইধৰণে চুলি গজিবলৈ আৰম্ভ কৰে। তপা লোকসকলে এই টেকনিকৰ দ্বাৰা লাভান্বিত হ’ব পাৰে। আনকি হেয়াৰ গ্ৰাফ্‌টিঙৰ সহায়ত মূৰৰ চুলিৰ উপৰি দাড়ি, গোঁফ বা চেলাউৰি আদিও পুনৰ গজাই ল’ব পাৰি।

পাৰ্শ্বপ্ৰতিক্ৰিয়াঃ

অৱশ্যে হেয়াৰ গ্ৰাফ্‌টিঙৰ পাছত কেতবোৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াও হ’ব পাৰে। এই টেকনিকৰ জৰিয়তে হেয়াৰ ট্ৰেন্সপ্লেণ্ট কৰোৱাৰ পাছত একৰ পৰা তিনি সপ্তাহৰ ভিতৰত এই পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখা যায়।

  • মূৰত যন্ত্ৰণা অনুভৱ।
  • চকুৰ কাষৰ স্থানবোৰত ঘা লগা।
  • উঁফি হোৱা।
  • মূৰৰ আশে-পাশে সংবেদনশীলতাৰ অভাৱ।
  • ট্ৰেন্সপ্লেণ্ট কৰা ঠাইখিনিত খজুলী হোৱা।

 

শালমনৰ পৰা বাচিবলৈঃ

 

সকলো সৌন্দৰ্য সচেতন পুৰুষ-মহিলাৰ বাবে অতিশয় অস্বস্তিকৰ পৰিস্থিতি হ’ল মুখত শালমন হোৱা। বিশেষকৈ বয়ঃসন্ধি কালত মুখৰ শালমনে কিশোৰ-কিশোৰীক বাৰুকৈয়ে অস্বস্তিত পেলায়। শালমনৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে বিভিন্ন প্ৰকাৰৰ দামী দামী কচমেটিক্‌ছ ব্যৱহাৰ কৰে। কিন্তু কেতবোৰ ঘৰুৱা উপায়েৰেও এই সমস্যাৰ পৰা ৰেহাই পাব পাৰি। মুখৰ শালমন হোৱা ঠাইত চন্দনৰ পেষ্ট লগালে শালমন নোহোৱা হয়। চন্দনৰ পেষ্ট নিয়মিতভাৱে সানিলে কিছুদিনৰ ভিতৰতে শালমনৰ বাবে হোৱা দাগো নোহোৱা হৈ পৰে। নিমপাত পানীত সিজাই তাৰ ভাপ লগালেও শালমন লাহে লাহে দূৰ হ’বলৈ ধৰে। জাঁইফল আৰু গাখীৰৰ পেষ্ট তৈয়াৰ কৰি মুখত সানিলেও শালমনৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰি নেমু, বিলাহীৰ ৰস বা কেঁচা অমিতা ঘঁহিলেও উপকাৰ পোৱা যায়। অজৱাইনৰ পাউডাৰ দৈত মিহলাই মুখত সানিলে শালমনৰ পৰা ৰেহাই পাব, লগতে মুখৰ ছালো উজ্জ্বল হ’ব।

 

মিঠাৰে দাঁত বেয়া নহয়ঃ

 

দাঁত ক্ষয় হোৱাৰ ভয়ত এতিয়াৰে পৰা কোনেও মিঠা আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব নালাগে। শেহতীয়া এক গৱেষণা অনুযায়ী মিঠা খাদ্য খালে দাঁত ক্ষয় কৰা ক্ষতিকাৰক বেক্টেৰিয়াৰ স্তৰ কমিহে যায়। এই বেক্টেৰিয়া সচৰাচৰ দাঁতৰ খোলাত জমা হৈ থাকে আৰু দাঁতৰ গুৰি দুৰ্বল কৰি তোলে। গৱেষণাৰ অন্তত প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মিঠা খালে ক্ষতিকাৰক বেক্টেৰিয়া লেলাৱটিৰ সতে পেটলৈ সোমাই যায় আৰু পাছত শৰীৰৰ পৰা ওলাই যায়। জাৰ্মানীৰ অ’ৰ্গেনোবেলেঞ্চ জি এম বি এইচ্ নামৰ কোম্পানীটোৱে শিশুৰ কথা মনত ৰাখি ‘দ্য বইল্ড ছুইট্‌ছ’ নামৰ এবিধ মিঠাই তৈয়াৰ কৰিছে। ইয়াৰ দ্বাৰা শৈশৱত দাঁত নষ্ট হোৱাৰ পৰা ৰক্ষা পাব পাৰি। এইবিধ মিঠাই চাৰি-পাঁচ বছৰীয়া শিশুৰ বাবে তৈয়াৰ কৰা হৈছে। মানুহৰ মুখত থকা সবাতোকৈ ক্ষতিকাৰক বেক্টেৰিয়া হ’ল ষ্ট্ৰেপ্ট’ক’কাছ মিউণ্ট্‌ছ। এইবিধ বেক্টেৰিয়াই খাদ্যবস্তুত মজুত থকা শৰ্কৰাত বাস কৰে। এই বেক্টেৰিয়াই শৰ্কৰাক অম্ললৈ ৰূপান্তৰিত কৰে, যাৰ ফলত দাঁত লাহে লাহে নষ্ট হ’বলৈ আৰম্ভ কৰে।

 

শৰীৰৰ ঘা যদি নুশুকায়ঃ

 

আপোনাৰ শৰীৰত কেতিয়াবা কিবা প্ৰকাৰে ঘা হ’ব পাৰে। সেই ঘা যদি গভাৰ হয় তেন্তে শুকাবলৈ বহু সময় লয়। তেনেকৈ ঘা নুশুকালে ই ভয়ানক ৰূপ ল’ব পাৰে। অৱশ্যে চিকিৎসকৰ কাষলৈ নোযোৱাকৈ আপুনি ঘৰতে গভীৰ ক্ষত বা ঘা শুকুৱাব পাৰে।

  • কমলা খালে ঘা সোনকালে শুকায়।
  • নিয়মিতভাৱে আঙুৰ খালেও ঘা শীঘ্ৰে শুকায়।
  • গাজৰ সিজাই পিটিকি লৈ সেইখিনি ঘা লগা ঠাইত সানিব। ঘা সোনকালে শুকাব।
  • হালধি পিচি লৈ ঘিউ বা তেল মিহলাই গৰম কৰিব লাগে। তাৰপাছত সেইখিনি কপাহেৰে ক্ষতস্থানত সদায় বান্ধিলে ঘা সোনকালে শুকাব।
  • অলপ মৌ লগাই কাপোৰেৰে ঘা টুকুৰা বান্ধি থ’লেও সোনকালে শুকায়।
  • তুলসীৰ শুকান পাত পিচি লৈ শুঙিলেও ঘা শুকায়।
  • ঘা হ’লে প্ৰথমে শীতল পানীত এখন কাপোৰ তিয়াই লৈ ঘা টুকুৰাত বান্ধি থ’ব।
  • এবাটি পানীত এচামুচ দেশী ঘিউ দি গৰম কৰক। কপাহ এটুকুৰা সেই পানীত তিয়াই ঘাৰ ওপৰত পানীখিনি চেপি চেপি পেলাব। তাৰ ওপৰত এখন পান দি কাপোৰেৰে বান্ধি কিছুসময় থৈ দিলেও ঘা শুকাব।
  • এভাগ নহৰুৰ ৰস আৰু দুভাগ পানী মিহলাই তাত কপাহ তিয়াই ঘাত লগালেও সোনকালে সুফল পাব।

 

কাৰ কিমান ঘাম ওলায়ঃ-

 

গৰমৰ দিনবোৰৰ অন্যতম সমস্যা হ’ল মানুহৰ গাৰ গোন্ধ। বহু মানুহৰ গাৰ গোন্ধই আনক অশান্তি দিয়ে। সেইদৰে সংশ্লিষ্ট ব্যক্তিজনেও অস্বস্তিত ভোগে। যিহেতু গাৰ দুৰ্গন্ধৰ সতে ঘামৰ পোনপটীয়া সম্পৰ্ক, সেয়ে কেনে অৱস্থাত কাৰ কিমান ঘাম ওলায়, সেই কথাও জনা উচিত।

  • এজন ব্যক্তিৰ গাৰ পৰা কিমান ঘাম ওলায়, সেয়া তেওঁৰ স্বোৱেট গ্লেণ্ড বা ঘাম এৰি দিয়া গ্ৰন্থিবোৰ কিমান সক্ৰিয়, তাৰ ওপৰত নিৰ্ভৰ কৰে।
  • কিন্তু দেখা গৈছে যে এগৰাকী সুস্থ মহিলাৰ তুলনাত এজন সুস্থ পুৰুষৰ গাৰ ঘাম বেছিকৈ ওলায়।
  • পুৰুষ আৰু মহিলাৰ ঘাম গ্ৰন্থি সমপৰিমাণে সক্ৰিয় হৈ থাকে। তথাপি মহিলাৰ ঘাম ওলোৱাৰ পৰিমাণ কম।
  • এজন সুস্থ ব্যক্তিৰ ব্যায়াম কৰাৰ সময়ত ঘাম বেছিকৈ ওলায়। কিন্তু সেই সময়ত তেওঁৰ শৰীৰৰ তাপমান কম থাকে। আনহাতে, মেদ বহুলতাৰ স্বীকাৰ হোৱা ব্যক্তি এজনে যদি সমপৰিমাণৰ পৰিশ্ৰম কৰে, তেন্তে তেওঁৰ শৰীৰৰ তাপমান বাঢ়ি যায় আৰু ঘামো বেছিকৈ ওলায়।
  • স্বাভাৱিক ওজনৰ মানুহৰ তুলনাত মেদবহুল লোকৰ ঘাম সচৰাচৰ বেছিকৈ ওলায়। কাৰণ তেওঁলোকৰ শৰীৰৰ চৰ্বিয়ে উত্তাপ বৰ্ধকৰ দৰে কাম কৰে। ইয়াৰ ফলত শৰীৰৰ প্ৰকৃত তাপমান বাঢ়ি যায়।

অত্যধিক ঘাম বা হাইপাৰথাৰ্মিয়াঃ

কিছুমান মানুহৰ অতিপাত ঘাম ওলায়। ই স্বাভাৱিক প্ৰক্ৰিয়া আৰু ইয়াকে হাইপাৰথাৰ্মিয়া বুলি কোৱা হয়। এই সমস্যাত জৰ্জৰিত মানুহৰ হাতৰ তলুৱা, ভৰি, পিঠি আৰু মুখমণ্ডল সদায় ঘামত তিতি থাকে। আনহাতে শীতকালতো তেওঁলোকে এনে সমস্যাৰ পৰা ৰেহাই নাপাব পাৰে। যদিহে এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ততালিকে চিকিৎসাৰ বিকল্প জানিবলৈ ঘৰুৱা ডাক্তৰৰ স’তে পৰামৰ্শ কৰক।

(উৎসঃ দৈনিক অগ্ৰদূত)।

2.80952380952
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top