অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

চুলিৰ সমস্যা:

 

মূৰত চুলি নাইকিয়া হোৱা কিম্বা চুলিয়ে ৰূপোৱালী বৰণ লোৱাৰ বাবে সাধাৰণতে ছেম্পু অথবা তেলকেই দোষ দিয়া দেখা যায় যদিও বজাৰত উপলব্ধ এনেবোৰ সামগ্ৰীৰ চুলিৰ ওপৰত প্ৰভাৱ তেনেই কমকৈ পৰে। দৰাচলতে আমাৰ শৰীৰত কিছুমান বিশেষ কোষ হোৱা অথবা নোহোৱাৰ বাবেহে মানুহ টপা ইহয় অথবা পকা চুলিৰ গৰাকী হয়। আমেৰিকাৰ ইউনিভাৰ্ছিটী অব টেক্সাছ ছাউথৱেষ্টাৰ্ণ মেডিকেল চেন্টাৰৰ গৱেষকৰ এটি দলে কৰা অধ্যয়নৰ আলমত এই কথা প্ৰকাশ কৰিছে। গৱেষকগণৰ মতে, প্ৰ’টিন ক্ৰ’কছ-২০ ছালৰ কোষত সক্ৰিয় হৈ চুলিৰ আধাৰ হিচাপে অভিহিত কৰিব পৰা কোষত পৰিণত হয়। এই কোষে এছ চি এফ প্ৰ’টিন উৎপন্ন কৰে, যি চুলিৰ প্ৰাকৃতিক ৰঙৰ বাবে খুবেই জৰুৰী। অধ্যয়নৰ কালত গৱেষকগণে এন্দুৰৰ ছালৰ কোষৰপৰা এছ চি এফ আঁতৰাই দিয়াত এন্দুৰৰ আটাইবোৰ চুলি বগা হৈ পৰা দেখিবলৈ পোৱা যায়। একেদৰে ক্ৰ’কছ-২০ আঁতৰাই দিয়াত এন্দুৰৰ দেহত নতুন চুলি গজা প্ৰক্ৰিয়াত বিৰাম চিহ্ন পৰাৰ সমান্তৰালকৈ থকাখিনিও সৰি শেষ হয়। এই অধ্যয়নৰ আলমত গৱেষকগণে এতিয়া আশা ব্যক্ত কৰিছে যে যিহেতু চুলি সৰা বা পকাৰ মূল কাৰণ জানিব পৰা হ’ল, এতিয়া ইয়াৰ নিৰাময়ৰ হেতু প্ৰভাৱশালী দৰব উদ্ভাৱন অচিৰেই সম্ভৱ হৈ উঠিব।

 

যক্ষ্মা ৰোগী:

 

অনাগত দুটা দশকত ভাৰতত দৰব প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ আশংকা আছে। এক অনুমান অনুসৰি ২০৪০ বৰ্ষলৈ ভাৰতৰ প্ৰতি দহগৰাকী যক্ষ্মা ৰোগীৰ ভিতৰত এগৰাকী দৰব প্ৰতিৰোধী যক্ষ্মাৰদ্বাৰা আক্ৰান্ত হ’ব। কেৱল ভাৰততেই নহয়, ৰাছিয়া, ফিলিপাইনছ, দক্ষিণ আফ্ৰিকাৰ দৰে দেশতো দৰব প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ আশংকা আছে। শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত এই আশংকা ব্যক্ত কৰিছে আমেৰিকাস্থিত ‘চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন’ৰ গৱেষক ডা: আদিত্য শৰ্মাই। ডা: শৰ্মাৰ মতে, ২০৪০ চনওলৈ ৰুছিয়াৰ এক-তৃতীয়াংশ, ফিলিপাইনছৰ প্ৰতি দহগৰাকীৰ এগৰাকী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতি ২০ গৰাকীৰ এগৰাকী ৰোগী দৰব প্ৰতিৰোধী যক্ষ্মাত ভুগিবলৈ। উল্লেখ্য যে দৰব প্ৰতিৰোধী যক্ষ্মা হ’লে বজাৰত উপলব্ধ দৰবে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ৰোগীগৰাকীৰ ওপৰত। গৱেষক ডা: শৰ্মাৰ মতে এন্টিবায়’টিকৰ ভুল ব্যৱহাৰ তথা আধাতে ৰোগৰ চিকিৎসা বন্ধ কৰি দিয়াৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমান সময়ত এই প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ বাবে সামূহিক চেষ্টাৰ প্ৰয়োজন আহি পৰা বুলিও মত ব্যক্ত কৰে ডা: আদিত্য শৰ্মাই।

 

উচ্চ ৰক্তচাপ প্ৰতিৰোধ:

 

বৰ্তমান যুগৰ মানুহৰ সুস্বাস্থ্যত প্ৰত্যাহ্বান সৃষ্টি কৰা ৰোগসমূহৰ ভিতৰত উচ্চ ৰক্তচাপ অন্যতম। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে মানুহৰ প্ৰায় সকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তুলি জয়যাত্ৰা অব্যাহত ৰাখিছে যদিও উচ্চ ৰক্তচাপ ৰোগবিধে চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰাত এক প্ৰত্যাহ্বান সৃষ্টি কৰাটো পৰিলক্ষিত হৈছে। সাধাৰণতে এই সমস্যাত চল্লিশোৰ্দ্ধ বয়সৰ পুৰুষ-মহিলা উভয়ে আক্ৰান্ত হোৱা দেখা যায় যদিও মহিলাতকৈ পুৰুষ বেছিকৈ আক্ৰান্ত হয়। চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে উচ্চ ৰক্তচাপ ৰোগৰ কাৰণসমূহ উদঘাটন কৰাৰ লগতে ইয়াৰ চিকিৎসা পদ্ধতিও সম্ভৱ কৰি তুলিছে যদিও এই ৰোগবিধক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন কৰিব পৰা হোৱা নাই।

উচ্চ ৰক্তচাপ হৈছে আমাৰ ৰক্তসঞ্চালন তন্ত্ৰত ঘটা বিসংগতিৰ ফলত সৃষ্টি হোৱা এবিধ ৰোগ। আমাৰ হাতৰ মুঠিটোৰ সমান আকাৰৰ হৃদযন্ত্ৰ আৰু আনুষংগিক ৰক্তবাহী নলীসমূহক লৈয়েই মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰ গঠিত হৈছে। শৰীৰৰ বিভিন্ন অংগ-প্ৰতংগলৈ অক্সিজেন আৰু পুষ্টি দ্ৰব্যসমূহ কঢ়িয়াই নিয়া আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ কোষসমূহে উলিয়াই দিয়া অলাগতিয়াল বা বৰ্জনীয় দ্ৰব্যবোৰ কঢ়িয়াই আনি নিষ্কাসন কৰাত সহায় কৰাই হৈছে এই তন্ত্ৰৰ মূল কাম। তেজক মাধ্যম হিচাপে লৈ অৰ্থাৎ তেজ সঞ্চালনৰ জৰিয়তে ৰক্ত সঞ্চালন তন্ত্ৰই এক স্বয়ংক্ৰিয় পদ্ধতিৰে এই কাম সম্পন্ন কৰে। আমাৰ হৃদযন্ত্ৰই পাম্প বা সংকোচন প্ৰসাৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন সিৰা-উপসিৰা আৰু ধমনীয়েদি বিভিন্ন অংগ-প্ৰত্যংগলৈ অহৰহ ৰক্ত সঞ্চালন কৰি থাকে।

হৃদপিণ্ডই এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত মিনিটত ৭০-৮০ বাৰ সংকুচিত হৈ জমা হৈ থকা অক্সিজেনযুক্ত বিশুদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশলৈ সঞ্চালিত কৰে। এই সংকোচন প্ৰক্ৰিয়াত ৰক্তবাহী নলীয়েদি তেজ প্ৰবাহিত হওঁতে ৰক্তবাহী নলীৰ বেৰত চাপৰ সৃষ্টি হয়, অৰ্থাৎ প্ৰতিটো সংকোচন প্ৰক্ৰিয়াত হৃদপিণ্ডৰ ভিতৰত যি চাপ উৎপন্ন হয় তাকেই চিষ্ট’লিক ৰক্তচাপ বুলি কোৱা হয়। এই সংকোচন প্ৰক্ৰিয়াত হৃদপিণ্ডৰ সংযোগী বিভিন্ন ৰক্তবাহী নলীয়েদি তেজ শৰীৰৰ বিভিন্ন অংগলৈ সঞ্চালিত হওঁতে অৰ্থাৎ সৰু সৰু সিৰা-উপসিৰাইদি তেজ বাগৰি যাওঁতে ৰক্তচাপ লাহে লাহে কমি এটা নিৰ্দিষ্ট মানত সিৰা-উপসিৰাইদি প্ৰবাহিত হয়। ইয়াকে ডায়েষ্টলিক ৰক্তচাপ বুলি কোৱা হয়। পোনপটীয়াভাৱে ক’বলৈ হ’লে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত হৃদযন্ত্ৰটো সংকুচিত হওঁতে সৃষ্টি হোৱা চাপক চিষ্ট’লিক ৰক্তচাপ আৰু সংকোচনৰপৰা পূৰ্বৰ অৱস্থাপ্ৰাপ্ত অৱস্থাত সৃষ্টি হোৱা চাপক ডায়েষ্ট’লিক ৰক্তচাপ বুলি কোৱা হয়। ৰক্তচাপ অতি বেছিও ক্ষতিকাৰক, সেয়ে দুয়োবিধকে ৰোগ হিচাপে গণ্য কৰা হয়। মানুহৰ বয়স, লিংগ, মানসিক অৱস্থাৰ ওপৰতো ৰক্তচাপৰ পৰিমাণ নিৰ্ভৰ কৰে যদিও উচ্চ ৰক্তচাপ ৰোগৰ মূল কাৰণটোৱেই হৈছে ৰক্ত সঞ্চালন তন্তৰ বিসংগি। গতিকে আমাৰ ৰক্তচাপ সঠিক অৱস্থাত ৰাখিবলৈ হ’লে ৰক্ত সঞ্চালন তন্ত্ৰৰ সৈতে জড়িত সকলো অংগই সঠিক আৰু সুস্থ অৱস্থাত থকাটো নিতান্তই প্ৰয়োজনীয়।

মানৱ সভ্যতা যিমানে যান্ত্ৰিকতাৰ দিশে আগবাঢ়ি গৈছে, মানুহৰ উচ্চ ৰক্তচাপ ৰোগবিধৰ প্ৰকোপ সিমানেই বাঢ়ি গৈছে। অৰ্থাৎ মানুহে যিমানেই যান্ত্ৰিক যুগৰ সৈতে মিলিবলৈ চেষ্টা কৰিছে, সিমানেই উচ্চ ৰক্তচাপৰ চিকাৰ হ’বলগা হৈছে। ইয়াৰ পৰা আমি বুজিব লাগিব যে যান্ত্ৰিক যুগ আমাৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ বাবে হিতকৰ নহয়।

সেইবাবে চিকিৎসা বিজ্ঞানীসকলে উচ্চ ৰক্তচাপ ৰোগক জীৱনশৈনীজনিত ৰোগ বুলি ক’ব খোজে। বয়সৰ লগে লগে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, চিন্তাধাৰা আদি সঠিকভাৱে গ্ৰহণ নকৰিলে আমাৰ ৰক্তসঞ্চালন তন্ত্ৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ইয়েই উচ্চ ৰক্তচাপ ৰোগৰ কাৰণ হৈ পৰে। দেখা গৈছে যে চল্লিশোৰ্দ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত কিছুমান বিশেষ খাদ্যৰ চৰ্বিভাগ, যেনে- ছাগলীৰ মাংসৰ চৰ্বিভাগ কলেষ্ট’ৰলৰ ৰূপত ৰক্তবাহী নলীত জমা হৈ ৰক্তবাহী নলীবোৰ ঠেক কৰি তোলে আৰু ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে। সাধাৰণতে তেজত কলেষ্টে’ৰল জমা হোৱা প্ৰক্ৰিয়াটো বংশগত আৰু বয়স বৃদ্ধিৰ বাবেই হয় যদিও সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতো তেজত ক্ষতিকাৰক কলেষ্ট’ৰল জমা হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো এক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া যদিওও মানসিক অৱস্থায়ো এই প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায়। কোনো কাৰণত আমাৰ মানসিক অৱস্থা অস্থিৰ হৈ পৰিলে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও অস্থিৰ আৰু দ্ৰুত হৈ পৰে।

অৱশ্যে ক্ষণস্থায়ী মানসিক অস্থিৰতাই বিৰূপ প্ৰভাৱ নেপেলালেও দীৰ্ঘদিনীয়া মানসিক অস্থিৰতাই ৰক্তসঞ্চালন তন্ত্ৰৰ ওপৰত স্বাভাৱিকতে বিৰূপ প্ৰভাৱ পেলায়। বৰ্তমান যুগৰ মানুহে অধিক সুখৰ সন্ধানত যিদৰে অস্থিৰ হৈ পৰিছে, সেই অস্থিৰতাই মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ ক্ষতিসাধন কৰি উচ্চ ৰক্তচাপ ৰোগৰ সৃষ্টি কৰিছে বুলি চিকিৎসা বিজ্ঞানীসকলে মতামত ব্যক্ত কৰিছে। তদুপৰি যিসকলে লোকে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি, যেনে- মদ, ভাং, চিগাৰেট, ধঁপাত, তামোল-পাণ ইত্যাদিৰ প্ৰতি আসক্ত হৈ পৰিছে, সেইসকল লোকৰ ৯৫ শতাংশই উচ্চ ৰক্তচাপৰ চিকাৰ হ’বলগা হৈছে।

মানুহে যিকোনো ৰোগৰে কাৰণ সম্পৰ্কে জানিলে অৰ্থাৎ ৰোগবিধ সম্পৰ্কে মানুহৰ মাজত সচেতনতাৰ সৃষ্টি হ’লেহে ৰোগবিধক প্ৰতিৰোধ কৰিব পৰা যায়। ৰোগ হোৱাৰ পিছত চিকিৎসাৰদ্বাৰা আৰোগ্য লাভ কৰাতকৈ ৰোগত প্ৰতিৰোধ কৰিব পাৰিলেহে বেছি ভাল।

গতিকে উচ্চ ৰক্তচাপ ৰোগবিধৰ কাৰব সম্পৰ্কে ৰোগবিধক প্ৰতিৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। যিহেতু মানুহে সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতে উচ্চ ৰক্তচাপত ভুগিব লগা হয়, গতিকে আমি সঠিক জীৱনশৈলী গ্ৰহণ কৰি উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ব্যাধিক নিশ্চয় প্ৰতিৰোধ কৰিব পাৰো।

সঠিক জীৱনশৈলীনো কি? জীৱনশৈলী বা জীৱন ধাৰণ পদ্ধতি বুলিলে মানুহৰ বসবাস, খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, চিন্তাধাৰা, জিৰণি, আচাৰ-ব্যৱহাৰ ইত্যাদি জীৱনৰ উপাদানসমূহকে বুজোৱা হয় আৰু জীৱনৰ এই উপাদানসমূহ যিভাৱে গ্ৰহণ কৰিলে সুস্বাস্থ্য ৰক্ষা হোৱাৰ লগতে মনুষ্যত্বৰ বিকাশ সম্ভৱ হৈ উঠে, সেইভাৱেহে গ্ৰহণ কৰা উচিত। জীৱন যাত্ৰাত মানৱতা, নৈতিকতা, নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিক অধিক গুৰুত্ব দিলেহে জীৱন সঠিক দিশত আগবাঢ়ে আৰু উচ্চ ৰক্তচাপৰ নিচিনা জীৱনশৈলীজনিত ৰোগক প্ৰতিৰোধ কৰিব পাৰি।

উচ্চ ৰক্তচাপৰ আক্ৰান্ত ব্যক্তিৰ গা বেয়া লগা, মূৰ ঘূৰণি, মূৰৰ বিষ, কাণ বজা, বুকুৰ বিষ, টোপনি কম হোৱা ইত্যাদি লক্ষণে দেখা দিয়ে। অৱশ্যে, কেতিয়াবা উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিৰ এই লক্ষণবোৰ দেখা নিদিবও পাৰে। সেইবাবে উচ্চ ৰক্তচাপক নীৰৱ ঘাতক ৰোগ বুলিও কোৱা হয়। ৰোগৰ লক্ষণসমূহ দেখা নিদিয়াৰ ফলত ৰোগৰ চিকিৎসা পলম হৈ যায় বাবে শৰীৰ অধিক ক্ষতিগ্ৰস্ত হৈ পৰে বা চিকিৎসা গ্ৰহণ নকৰাকৈ মৃত্যুমুখত পৰিবলগা হ’ব পাৰে। সেইবাবে চল্লিশোৰ্দ্ধ ব্যক্তিয়ে অন্তত: ছমাহৰ অন্তৰে অন্তৰে ৰক্তচাপ চেক কৰাটো অত্যন্ত জৰুৰী আৰু উচ্চ ৰক্তচাপ ধৰা পৰিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

খাদ্যপ্ৰাণৰ অভাৱ-আধিক্য:

 

সাধাৰণতে প্ৰাণীদেহৰ স্বাভাৱিক শ্ৰীবৃদ্ধি তথা বিকাশৰ বাবে পৰিমিত ৰূপত প্ৰয়োজন হোৱা আৱশ্যকীয় আহাৰ্য দ্ৰব্যবোৰকে খাদ্যপ্ৰাণ বা ভিটামিন বোলা হয়। জীৱদেহৰ বিপাকীয় কাৰ্যত এই দ্ৰব্যসমূহৰ ভূমিকা অনন্য আৰু অপৰিসীম। উদ্ভিদ আৰু প্ৰাণী উভয়ৰ বাবেই এইবোৰ অত্যাৱশ্যকীয় যদিও উদ্ভিদে নিজৰ প্ৰয়োজন নিজে পূৰাব পাৰে, প্ৰাণীসমূহে কিন্তু এই খাদ্যপ্ৰাণ বা ভিটামিনৰ বাবে উদ্ভিদ আৰু আন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সামান্য পৰিমাণে হ’লেও প্ৰাণীদেহৰ বাবে অত্যাৱশ্যকীয় এই যৌগবোৰৰ যিকোনো এবিধৰে দীৰ্ঘকালীন অভাৱে জীৱদেহত যিদৰে বিভিন্ন অভাৱজনিত ৰোগৰ সৃষ্টি কৰে, সেইদৰে এইবোৰৰ আধিক্য বা মাত্ৰাধিকতাই দেহত নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। সেয়ে এই খাদ্যপ্ৰাণসমূহৰ সুসন্তুলিত বা পৰিমিত ৰূপতহে দেহত উপস্থিতি সুস্বাস্থ্যৰ বাবে সদায় অত্যাৱশ্যকীয়।

দেহত খাদ্যপ্ৰাণ ‘ক’ বা ভিটামিন ‘এ’ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰায় সকলোৱে জানে। এইবিধ উপাদানৰ অভাৱত কুকুৰীকণা, চকুৰ ছানি পৰা, চকুৰ কৰ্ণিয়াত ঘা হোৱা তথা দৃষ্টিহীনতা বা অন্ধত্বকে ধৰি চকুৰ বিভিন্ন মাৰাত্মক ৰোগ হ’ব পাৰে। কিন্তু এই ভিটামিন ‘এ’ৰ মাত্ৰাধিকতাৰ ফলত ভোক নোহোৱা হোৱা(আভোক), বমি বমি ভাব হোৱা, দেহৰ ছাল খহটা হোৱা, চুলি অকালতে পকিবলৈ ধৰা, স্বভাৱ খিংখিঙীয়া হোৱা, খজুৱতি, ৰক্তাল্পতা, যকৃৎ বৃদ্ধি, ওজন হ্ৰাস হোৱা, মগজুৰ চাপজনিত কাৰণত মূৰৰ বিষ হোৱা, গৰ্ভৱতী মাতৃয়ে বিকলাংগ শিশুৰ জন্ম দিয়া আদিকে ধৰি অনেক দৈহিক অথন্তৰ ঘটিব পাৰে।

ভিটামিন ‘বি’ কমপ্লেক্সৰ ভিতৰত পৰা ভিটামিন বি(যাক ‘থাইএমিন’ বোলা হয়)ৰ অভাৱত ‘বেৰিবেৰি’ ৰোগ, ভিটামিন বি অৰ্থাৎ “ৰিব’ফ্লেভিন”ৰ অভাৱত ওঁঠ, মুখ, চকু, জিভাত ঘা, চকুৰ অসুখ, ভিটামিন বি অৰ্থাৎ “পাইৰিড’ক্সিন”ৰ অভাৱত নোম সৰা, দেহৰ ছাল ওখহা, ভিটামিন বি অৰ্থাৎ “ছায়েন’কবালএমিন”ৰ অভাৱত ৰক্তহীনতা, দৈহিক বৃদ্ধিত বিলম্ব, ভিটামিন বি(পেন্টাথিনিক এচিড)ৰ অভাৱত যকৃতৰ ক্ৰিয়াত বিজুতি আদি ঘটাব পাৰে। কিন্তু এই ভিটামিন বি কমপ্লেক্সৰ মাত্ৰাধিকতাৰ ফলত পেপটিক আলছাৰ, জণ্ডিচ, পেটৰ অসুখ, চকুৰ অসুখ, ফোঁহা, খজুৱতি, চকু-মুখ ৰঙা পৰা আদিকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে। ভিটামিন বিৰ অতিৰিক্ত ব্যৱহাৰ বা আধিক্যৰ ফলত পেটৰ ঘা, যকৃতৰ ক্ষতি আৰু স্নায়ুতন্ত্ৰৰো ক্ষতি হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানৰ সমীক্ষাত প্ৰকাশ পাইছে।

ভিটামিন চিৰ অভাৱত ‘স্কাৰ্ভি’ ৰোগ হয়, কিন্তু ইয়াৰ আধিক্যই কিডনী বা বৃক্কৰ ক্ষতি কৰিব পাৰে, গৰ্ভৱতী মাতৃয়ে বেছিকৈ খালে গৰ্ভস্থ শিশু বিকলাংগ হ’ব পাৰে। ভিটামিন ডি(কেলছিফেৰল)ৰ অভাৱত পঁয়ালগা ৰোগ, দাঁত দুৰ্বল আৰু বেৰীয়া হয়। কিন্তু ইয়াৰ আধিক্যৰ ফলত শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়, কিডনীত পাথৰ হ’ব পাৰে, পেটৰ বিষ, মূৰৰ বিষ আদি হ’ব পাৰে।

ভিটামিন ই(অৰ্থাৎ টক’ফেৰল)ৰ অভাৱত প্ৰজনন ক্ষমতা লোপ পায় আৰু দেহৰ পেশী আৰু শৰীৰৰ ক্ষয় সাধন হয়। কিন্তু ইয়াৰ মাত্ৰাধিকতাৰ ফলত বমি ক্বমি ভাৱ হয়, মাংসপেশীবোৰ দুৰ্বল হয়, ক্লান্তিবোধ হয়, মূৰৰ বিষ আৰু দৃষ্টিশক্তিৰ বিজুতি ঘটিব পাৰে। ভিটামিন কে(মেনাদিয়ন)ৰ অভাৱত কটা-ছিঙা হ’লে সহজে তেজ বন্ধ নোহোৱা হোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কিন্তু ইয়াৰ মাত্ৰাধিকতা বা আধিক্যৰ ফলত তেজত ‘বিলিৰুবিন’ নামৰ উপাদনৰ পৰিমাণ বাঢ়ি গৈ জণ্ডিচ ৰোগ হ’ব পাৰে। তদুপৰি ৰক্তাল্পতা, যকৃৎ বা লিভাৰৰ দোষ আদিকে ধৰি স্নায়ুৰ অসুখপৰ্যন্ত হ’ব পাৰে।

সেয়ে আমি খাদ্যপ্ৰাণসমূহৰ সমুচিত মাত্ৰাৰ বাবে সদায় সুষম আহাৰৰ প্ৰতি যত্নপৰ হ’ব লাগে। খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, বিভিন্ন বতৰৰ ফল-মূল আদিকে অগ্ৰাধিকাৰ দিব লাগে। এই ক্ষেত্ৰত আমদানীকৃত ফল-মূলসমূহৰ বিপৰীতে বতৰৰ থলুৱা প্ৰায় সকলো ফল-মূলকে বতৰত গ্ৰহণ কৰিব লাগে। পাৰ্যমানে কৃত্ৰিমভাৱে অত্যাৱশ্যকীয় খাদ্যপ্ৰাণসমূহৰ গ্ৰহণৰ চেষ্টা নকৰি সুষম আহাৰৰ জৰিয়তে এই উপাদানবোৰৰ সমন্বয় ৰক্ষা কৰি চলি আমি নি:সন্দেহে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

 

উৎস-(দৈনিক অসম)

 

 

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top